অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ভাৰতীয় লোক-সংগীত

ভাৰতৰ বিপুল সাংস্কৃতিক বৈচিত্ৰ্যৰ বাবেই ভাৰতীয় লোক-সংগীত বৈচিত্ৰ্যপূৰ্ণ। এই বিশাল ৰাষ্ট্ৰখনৰ বিভিন্ন অঞ্চলত, বিভিন্ন ভাষা আৰু উপভাষাত নিজা নিজা লোক-সংগীত গোৱা হয় আৰু প্ৰব্ৰজনৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তলৈ ভাৰতীয় লোক-সংগীতে প্ৰসাৰ লাভ কৰিছে।

হালনাগাদ: ১৮ ছেপ্তেম্বৰ ২০২৬ ৬২৩ শব্দ · ৩ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

ভাৰতৰ বিপুল সাংস্কৃতিক বৈচিত্ৰ্যৰ বাবেই ভাৰতীয় লোক-সংগীত বৈচিত্ৰ্যপূৰ্ণ। এই বিশাল ৰাষ্ট্ৰখনৰ বিভিন্ন অঞ্চলত, বিভিন্ন ভাষা আৰু উপভাষাত নিজা নিজা লোক-সংগীত গোৱা হয় আৰু প্ৰব্ৰজনৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তলৈ ভাৰতীয় লোক-সংগীতে প্ৰসাৰ লাভ কৰিছে।

তামাং চেল

তামাং চেল হৈছে তামাং জনগোষ্ঠীৰ পাৰম্পৰিক লোক-সংগীত। এই সংগীত ঘাইকৈ নেপালৰ তামাং লোকসকলে গোৱা নেপালী লোকগীতৰ এক ধাৰা। নেপাল, ভাৰত আৰু বিশ্বৰ বিভিন্ন ঠাইত সিঁচৰিত নেপালীভাষী সম্প্ৰদায়ৰ মাজত এই গীত ব্যাপকভাৱে জনপ্ৰিয়। তামাং চেল' লোকসংগীতৰ সৈতে সাধাৰণতে তামাং পাৰম্পৰিক বাদ্যযন্ত্ৰ বজোৱা হয়। তেনে কিছুমান পাৰম্পৰিক তামাং বাদ্যযন্ত্ৰ হৈছে ডাম্ফু, মাদল আৰু টুংনা। চেল' গীত অতি আকৰ্ষণীয় আৰু জীৱন্ত ভাবে ধীৰ লয়ত সুৰ লগাই গোৱা হয়। সাধাৰণতে জীৱনৰ প্ৰেম, দুখ আৰু কাহিনী প্ৰকাশ কৰিবলৈ এই লোকসংগীত গোৱা হয়।১

ভাৱগীতি

ভাৱগীতি (Bhavageethe) শব্দটোৰ আক্ষৰিক অৰ্থত হৈছে ‘আৱেগিক কবিতা’। ই হৈছে অভিব্যক্তিবাদী কবিতা আৰু লঘু সংগীতৰ এক প্ৰকাৰ। উৎকৃষ্ট কাব্যিক উপাদান থকা আৱেগিক কবিতা এটা যেতিয়া গীতত পৰিণত হয়, তেতিয়া ইয়াক "ভাৱগীত" বুলি জনা যায়। এই ধাৰাত গোৱা কবিতাৰ বেছিভাগেই প্ৰেম, প্ৰকৃতি, দৰ্শনৰ দৰে বিষয়ৰ সৈতে জড়িত আৰু ধাৰাটো নিজেই গজলৰ পৰা বিশেষ পৃথক নহয় যদিও গজলবোৰ এক নিৰ্দিষ্ট বৈশিষ্টত বান্ধ খাই থাকে। এই ধাৰাটো কৰ্ণাটক আৰু মহাৰাষ্ট্ৰকে আদি কৰি ভাৰতৰ বহু ঠাইত যথেষ্ট জনপ্ৰিয়।

ভাংৰা আৰু গিদ্ধা

ভাংৰা (পাঞ্জাবী: ਭੰਗੜਾ) হৈছে পঞ্জাবৰ এক নৃত্য সংযুক্ত লোক-সংগীত। পঞ্জাবত ভাংৰা সংগীতৰ ওপৰিও ভাংৰা বা ভাংড়া নামৰ এক প্ৰকাৰৰ পৰম্পৰাগত লোক নৃত্যও পৰিবেশন কৰা হয়। এই নৃত্যৰ উৎপত্তি পঞ্জাৱৰ ছিয়ালকোট অঞ্চলত হৈছিল।২ ভাংৰা নৃত্য শস্য চপোৱাৰ বতৰত কৰা হয়। ভাংৰা নৃত্য বিশেষকৈ বসন্তকালীন বৈশাখী উৎসৱৰ সৈতে সম্পৰ্কিত।৩

পঞ্জাব মহিলাৰ নৃত্যক গিদ্ধা (পাঞ্জাবী: ਗਿੱਧਾ) নামেৰে জনা যায়। গিদ্ধা হৈছে ভাৰত আৰু পাকিস্তানৰ পঞ্জাব অঞ্চলত প্ৰচলিত মহিলাসকলৰ এক জনপ্ৰিয় লোক নৃত্য।

লাৱনী

লাৱনী হৈছে ভাৰতৰ মহাৰাষ্ট্ৰৰ এক জনপ্ৰিয় লোকগীত আৰু নৃত্যৰ ধাৰা।৪ ই হৈছে এক পাৰম্পৰিক গান আৰু নৃত্যৰ সংমিশ্ৰণ, যি বিশেষকৈ ঢ’ল্কি নামৰ এক বিশেষ বাদ্যৰ লগত পৰিৱেশন কৰা হয়। লাৱনী ইয়াৰ শক্তিশালী ছন্দৰ বাবে উল্লেখযোগ্য। মাৰাঠী লোক-থিয়েটাৰ বিকাশত লাৱনীৰ যথেষ্ট অৱদান আছে।৫

চুফী ফক ৰক

চুফী ফক ৰক হৈছে আধুনিক হাৰ্ড ৰক আৰু চুফী কবিতাৰ সৈতে পৰম্পৰাগত লোকসংগীতৰ উপাদানসমূহ সন্নিবিষ্ট কৰি সৃষ্টি কৰা এক মিশ্ৰিত সংগীতৰ ধাৰা। পাকিস্তানত জুনুনৰ দৰে বেণ্ডে ইয়াৰ পথ প্ৰদৰ্শক হোৱাৰ বিপৰীতে বিশেষকৈ উত্তৰ ভাৰতত ই অতি জনপ্ৰিয় হৈ পৰিছিল। ২০০৫ চনত ৰাব্বি শ্বাৰগিলে "বুল্লা কি জানা" নামৰ চুফী ৰক গীত এটা মুকলি কৰে, যিটো ভাৰত আৰু পাকিস্তানত জনপ্ৰিয় হৈছিল। অতি শেহতীয়াকৈ ২০১৬ চনৰ ছবি “এই দিল হায় মুছকিল”ৰ চুফী ফক ৰক গীত "বুল্লেয়া"ই বহু জনপ্ৰিয়তা লাভ কৰিছে।

দাণ্ডিয়া

দাণ্ডিয়া হৈছে পশ্চিম ভাৰতত বিশেষকৈ নৱৰাত্ৰিৰ সময়ত জনপ্ৰিয় হৈ পৰাৰ লগতে বিশ্বজুৰি পপ সংগীতৰ লগতো সংযুক্ত হৈ পৰা এক প্ৰকাৰৰ নৃত্য সংলগ্ন লোক-সংগীত। ভাৰতৰ গুজৰাট, ৰাজস্থান আদি ৰাজ্যত নৱৰাত্ৰি উৎসৱত এই সংগীতৰ লগতে দাণ্ডিয়া নৃত্যও পৰিবেশন কৰা হয়।৬৭

ঝুমুৰ আৰু ডোমকচ

ঝুমুৰ আৰু ডোমকচ হৈছে নাগপুৰী লোক-সংগীত। এই লোক-সংগীত আৰু লোক-নৃত্যত ব্যৱহৃত বাদ্যযন্ত্ৰসমূহ হ’ল ঢোল, মাদল, বাঁহী, নাগাৰা, ঢাক, চেহনাই, কৰতাল, নৰশিঙা ইত্যাদি।৮৯

পাণ্ডৱনী

পাণ্ডৱনী হৈছে মধ্য ভাৰতৰ ছত্তীসগঢ় ৰাজ্য আৰু ইয়াৰ কাষৰীয়া অঞ্চল মধ্য প্ৰদেশ, ওড়িশা আৰু অন্ধ্ৰপ্ৰদেশত বিশেষভাৱে জনপ্ৰিয় এবিধ লোক-সংগীত আৰু লোকনাট্য।১০

বাউল

বাউল হৈছে চুফীবাদ, আধ্যাত্মিকতা আদি মতাদৰ্শৰ প্ৰচাৰৰ বাবে বাউল সাধক পৰিবেশন কৰা লোকসংগীত। বাংলাদেশ আৰু পশ্চিমবংগ, ত্ৰিপুৰা, অসমৰ বৰাক উপত্যকা আৰু মেঘালয়ৰ বাউল সাধকে বাউল সংগীত পৰিবেশন কৰে।

ভাটিয়ালী

ভাটিয়ালী সংগীতৰ সংস্কৃতি মূলতঃ পূৰ্বৰ বংগত দেখা পোৱা যায়।

বিহু

বিহুগীত হৈছে অসমত অসমীয়া নৱবৰ্ষ, কৃষকৰ দৈনন্দিন জীৱন, প্ৰেম আদি বিষয়ৰ ওপৰত আধাৰিত লোক-সংগীত আৰু লোক-নৃত্য। এই গীতসমূহত ঢোল, ম'হৰ শিঙৰ পেঁপা, টকা, গগনা আদি বাদ্যযন্ত্ৰ সংগত কৰা হয়।

গাৰ্বা

নৱৰাত্ৰিৰ সময়ত হিন্দু দেৱ-দেৱীৰ সন্মানত গাৰ্বা ("গীত") পৰিবেশন হয়। এই সংগীতৰ যোগেদি কৃষ্ণ, হনুমান, ৰাম আদি দেৱতাৰ আৰাধনা কৰা হয়।

ডল্লু কুনিতা

ডল্লু কুনিতা হৈছে এক প্ৰকাৰৰ দলীয় নৃত্য। এই নৃত্যত ব্যৱহৃত ডল্লু নামৰ এবিধ ততবাদ্যৰ নামেৰে নৃত্যবিধৰ নামকৰণ কৰা হৈছে। উত্তৰ কৰ্ণাটক অঞ্চলৰ কুৰুবা সম্প্ৰদায়ৰ পুৰুষসকলে এই নৃত্য পৰিবেশন কৰে।

কোলাটা/কোলাটম

কোলাটা/কোলাটম হৈছে অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক আৰু তামিলনাডু ৰাজ্যৰ পৰম্পৰাগত লোকনৃত্য।১১

বীৰগছে

বীৰগছে হৈছে কৰ্ণাটক ৰাজ্যত প্ৰচলিত এক লোক-নৃত্য। হিন্দু পৌৰাণিক কাহিনীৰ আধাৰত এই নৃত্যৰ পৰিবেশন কৰা হয়। মহীশূৰত অনুষ্ঠিত হোৱা দশেৰা মহোৎসৱৰ শোভাযাত্ৰাত প্ৰদৰ্শিত১২ নৃত্যসমূহৰ ভিতৰত বীৰগছে অন্যতম।

নাটুপুৰা পাটু

নাটুপুৰা পাটু হৈছে এক প্ৰকাৰৰ তামিল লোক-সংগীত। ইয়াক গ্ৰামথিছাই (গাঁৱৰ লোকসংগীত) আৰু গনা (নগৰৰ লোকসংগীত) নামেৰে বিভক্ত কৰা হৈছে।

তথ্যসূত্ৰ

  1. ↑ Performing Arts, Songs of the Tamang People
  2. ↑ Bhangra – dance
  3. ↑ doi-org.wikipedialibrary.idm.oclc.org/10.1093/gm
  4. ↑ Thielemann, Selina. (2000). The Music of South Asia. A. P. H. Publishing Corp. পৃ. 521. ISBN 978-81-7648-057-4
  5. ↑ The Encyclopaedia Of Indian Literature (Volume Two) (Devraj To Jyoti), Volume 2 By Amaresh Datta,p 1304
  6. ↑ Education, International Society for Music. (1984). ISME Yearbook. B. Schott's Söhne. পৃ. 118
  7. ↑ (2002). Khyāta: itihāsa, kalā, evaṃ saṃskr̥ti kī śodha patrikā. Marubhūmi Śodha Saṃsthāna. পৃ. 240
  8. ↑ Out of the Dark. democratic world.in
  9. ↑ talk on nagpuri folk music at ignca. daily Pioneer.com
  10. ↑ Ministry of Tribal affairs felicitates Smt. Teejan Bai
  11. ↑ Kolattam Definition & Meaning - Merriam-Webster
  12. ↑ Google. www.google.com

সম্পৰ্কিত শ্ৰেণী

লোক-সংস্কৃতিভাৰতৰ সংস্কৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতীয় লোক-সংগীত” প্ৰবন্ধৰ সংশোধন ৬৩৬১০৭ (১৮ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।