কৰতাল প্ৰায় ৮ ইঞ্চি দীঘল গুৰি বাঁহ এপাব ফালি চাৰিডোখৰ কৰি তাৰে কৰতাল ভাগৰপৰা দুয়ো মূৰে ক্ৰমে সৰুকৈ চাঁচি লোৱা হয়। দুয়োখন হাতত দুপাতকৈ এই বাঁহ কেইচটাই লৈ কৌশলেৰে কলাপূৰ্ণভাৱে বাঁহ কেইচটাই পৰস্পৰে আঘাত কৰাকৈ হাত দুখন মেলি আৰু জপাই কৰতাল বজাব পাৰি। সাধাৰণতে ভক্তিমূলক গীত পদ, দিহানাম আদিৰ সৈতে কৰতাল সংগত কৰা দোখা যায়।১
তথ্যসূত্ৰ
- ↑ ধৰ্মেশ্বৰ বৰুৱা. (২০০৫). অসমৰ বাদ্যৰ প্ৰস্তুত প্ৰণালী আৰু ব্যৱহাৰ. বাণী মন্দিৰ. পৃ. ৫০
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৰতাল” প্ৰবন্ধৰ সংশোধন ২৫৮১৩৪ (৭ জানুৱাৰী ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।