১৯৭০ বৰ্ষৰ চলচ্চিত্ৰ
৭ প্ৰবন্ধ
-
বৰুৱাৰ সংসাৰ
বৰুৱাৰ সংসাৰ ১৯৭০ চনৰ ২ অক্টোবৰৰ দিনা মুক্তি পোৱা নিপ বৰুৱা পৰিচালিত এখন অসমীয়া কথাছবি। ৰাজজ্যোতি চিনে আৰ্টৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছিল মনোৰঞ্জন আগৰৱালা, দেৱৰঞ্জন আগৰৱালা আৰু নিভা বৰুৱাই।
-
অপৰাজেয় (চলচ্চিত্ৰ)
অপৰাজেয় (Aparajeyo) ১৯৭০ চন ৬ মে'ত মুক্তিপ্ৰাপ্ত সমান্তৰাল ধাৰা বা কলাত্মক ধাৰাৰ প্ৰভাৱপুষ্ট প্ৰথম অসমীয়া চলচ্চিত্ৰ। ছবিখন ক'লা-বগাকৈ নিৰ্মাণ কৰা হৈছিল। ফণী তালুকদাৰৰ 'মোৰে মলুৱা' শীৰ্ষক অঁনাতাৰ নাটক এখনৰ আধাৰত অতুল বৰদলৈয়ে চিত্ৰনাট্য ৰচনা কৰা ছবিখন 'চতুৰঙ্গ' নামত চাৰিজন পৰিচালকে পৰিচালনা কৰিছিল।
-
অমৰ প্ৰেম
অমৰ প্ৰেম (Amar Prem) শক্তি সামন্তৰ দ্বাৰা পৰিচালিত এখন ভাৰতীয় ৰোমাণ্টিক ড্ৰামা চলচ্চিত্ৰ। ১৯৭২ চনৰ ২৮ জানুৱাৰীত চলচ্চিত্ৰখনে মুক্তি লাভ কৰে। চলচ্চিত্ৰখন ১৯৭০ চনত মুক্তিপ্ৰাপ্ত অৰবিন্দ মুখাৰ্জীৰ দ্বাৰা পৰিচালিত নিশি পদ্ম শীৰ্ষক বঙালী চিনেমাখনৰ পুনৰ্নিমাণ।
-
সংস্কাৰ (১৯৭০ চলচ্চিত্ৰ)
সংস্কাৰ ( Samskara; ইংৰাজী শিৰোনাম: Funeral Rites) ইউ আৰ অনন্তমূৰ্তি ৰচিত উপন্যাসৰ আধাৰত নিৰ্মিত আৰু ১৯৭০ চনত মুক্তিপ্ৰাপ্ত এখন কানাড়া ভাষাৰ চলচ্চিত্ৰ। ছবিখনৰ পৰিচালক আৰু প্ৰযোজক পাট্টাভিৰাম ৰেড্ডী। এই ছবিখনক কানাড়া ভাষাৰ সমান্তৰাল চলচ্চিত্ৰ আন্দোলনৰ পথ প্ৰদৰ্শক হিচাপে গণ্য কৰা হয়।
-
হীৰ ৰাঞ্জা (১৯৭০ চলচ্চিত্ৰ)
হীৰ ৰাঞ্জা (Heer Raanjha) চেতন আনন্দৰ পৰিচালিত আৰু তেওঁৰ পুত্ৰ কেতন আনন্দ প্ৰযোজিত ১৯৭০ চনত নিৰ্মিত এখন ভাৰতীয় হিন্দী ভাষাৰ ৰোমান্টিক সংগীতমধুৰ চলচ্চিত্ৰ।
-
আলী বাবা ৪০ ডংগালু
আলী বাবা ৪০ ডংগালু (Ali Baba 40 Dongalu; অনু. আলি বাবা আৰু ৪০টা চোৰ) বি. বিট্টলাচাৰ্য পৰিচালিত, ১৯৭০ চনৰ এখন তেলেগু ভাষাৰ ফেণ্টাচী ছচবাল্কাৰ ছবি। ইয়াত এন টি ৰামা ৰাও আৰু জয়ললিতা মুখ্য ভূমিকাত অভিনয় কৰিছে। সংগীত ৰচনা ঘন্টাশালৰ। শ্ৰী গৌতম পিকচাৰ্ছৰ বেনাৰত ছবিখন এন ৰামব্ৰহ্মমে প্ৰযোজনা কৰিছে।
-
চেতনা (১৯৭০ চলচ্চিত্ৰ)
চেতনা ( Chetna ) ১৯৭০ চনত নিৰ্মিত বলীউডৰ এখন নাট্যধৰ্মী ছবি, পৰিচালক আছিল বি.আৰ. ইছাৰা। অভিনয় কৰিছে শত্ৰুঘ্ন সিনহা, অনিল ধৱন আৰু ৰেহানা চুলতানে। ছবিখনৰ কাহিনী বেশ্যাৰ পুনৰ্বাসনৰ বিষয়টোক কেন্দ্ৰ কৰি ৰচনা কৰা হৈছে। অভিনেত্ৰী ৰেহানা চুলতানৰ সাহসিক দৃশ্যৰ বাবে চেতনা অধিক বিখ্যাত।