অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অতুলানন্দ গোস্বামী

অতুলানন্দ গোস্বামী (Atulananda Goswami) (জন্ম: ১৯৩৫; মৃত্যু: ২৭ জুলাই, ২০২২) অসমীয়া সাহিত্য জগতৰ এজন গল্পকাৰ, ঔপন্যাসিক আৰু অনুবাদক। 'চেনেহ জৰীৰ গাঁথি' শীৰ্ষক গল্প-সংকলনখনৰ বাবে ২০০৬ বৰ্ষত তেওঁক সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হৈছিল।

হালনাগাদ: ১ মাৰ্চ ২০২৪ ১৬৩ শব্দ · ১ মিনিট সংগৃহীত ৯২
সংশোধনৰ পৰামৰ্শ

অতুলানন্দ গোস্বামী (Atulananda Goswami) (জন্ম: ১৯৩৫; মৃত্যু: ২৭ জুলাই, ২০২২) অসমীয়া সাহিত্য জগতৰ এজন গল্পকাৰ, ঔপন্যাসিক আৰু অনুবাদক। 'চেনেহ জৰীৰ গাঁথি' শীৰ্ষক গল্প-সংকলনখনৰ বাবে ২০০৬ বৰ্ষত তেওঁক সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হৈছিল। তেখেতে ৰচনা কৰা 'নামঘৰীয়া' নামৰ এখন উপন্যাস ডী ডী অসমই ধাৰাবাহিক ৰূপে প্ৰচাৰ কৰিছিল।১ অনুবাদক হিচাপে প্ৰধানকৈ অসমীয়া ভাষাৰ পৰা ইংৰাজী, বঙালী, ওড়িয়া আৰু সেই ভাষাসমূহৰ পৰা অসমীয়ালৈ ভাঙনি কৰিছিল। ইয়াৰ উপৰিও তেখেত কামৰূপ অনুসন্ধান সমিতিৰ সম্পাদকৰ পদত অধিষ্ঠিত আছিল।১

সাহিত্যিক অৱদান

  • হামদৈ পুলৰ জোন (১৯৬৬)
  • গল্প (১৯৬৭)
  • চেনেহ জৰীৰ গাঁথি (২০০৫)
  • ৰাজপাট (১৯৭৬)
  • পলাতক (১৯৮৩)
  • আশ্ৰয় (১৯৯৩)
  • নামঘৰীয়া (১৯৮৯)
  • নিগ্ৰো কাপল ইন ছাৰ্চ অৱ শিৱ (১৯৯৪, ইংৰাজী গল্প-সংকলন)

অনূদিত গ্ৰন্থ

  • গুডবাই মিঃ ছিপছ (মূল: জেমছ হিল্ম)
  • পিতা-পুত্ৰ (মূল: টি. এছ. পিল্লাই)
  • শ্বেতপদ্মা আৰু বনহংসী (মূল: প্ৰাণবন্ধু কৰ আৰু মনোজ কুমাৰ)
  • একৈছটা বঙালী গল্প
  • বংকিমচন্দ্ৰৰ নিৰ্বাচিত প্ৰবন্ধ

সম্পাদিত গ্ৰন্থ

  • কৃষ্ণ ভূঞাৰ গল্প-সমগ্ৰ

বঁটা আৰু সন্মান

‘নামঘৰীয়া’ উপন্যাসখনৰ বাবে অসম সাহিত্য সভাৰ ‘অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা’ আৰু ‘কুমাৰ কিশোৰ সোঁৱৰণী বঁটা’ লাভ কৰে। ‘বলিয়া হাতী’ নামৰ গল্পৰ বাবে তেখেতে ১৯৯২ চনত ‘কথা’ বঁটা লাভ কৰে।২ 'চেনেহ জৰীৰ গাঁথি' ৰ বাবে ২০০৬ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে। তেখেতক ২০১৩ চনৰ অসম উপত্যকা সাহিত্য বঁটা প্ৰদান কৰা হয়।৩ তেখেতৰ নামঘৰীয়া নামৰ উপন্যাসখন ’নেচনেল বুক ট্ৰাষ্ট’ৰ উদ্যোগত ১২টাতকৈ অধিক ভাষালৈ অনূদিত হৈছে৷ ইয়াৰে নেপালী ভাষাত অনূদিত কিতাপখনে সাহিত্য একাডেমীৰ অনুবাদ বঁটা লাভ কৰে৷৪

দেহাৱসান

২০২২ চনৰ ২৭ জুলাই তাৰিখে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত অতুলানন্দ গোস্বামীয়ে শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৭ বছৰ।৫

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ I. Vi Rāmakr̥ṣṇan. (1 January 2005). Indian Short Stories: (1900-2000). Sahitya Akademi. পৃ. 225–. ISBN 978-81-260-1091-2
  2. ↑ বিশ্বকোষ, অসম সাহিত্য সভা, চতুৰ্থ খণ্ড, ১ম প্ৰকাশ, ২০০৩
  3. ↑ (১ জানুৱাৰী ২০১৪). অতুলানন্দ গোস্বামীলৈ অসম উপত্যকা সাহিত্য বঁটা
  4. ↑ সাহিত্যিক অতুলানন্দ গোস্বামীৰ বিয়োগ, অগ্ৰদূত, ২৮ জুলাই, ২০২২
  5. ↑ Time, Pratidin. Assam: Erudite Litterateur Atulananda Goswami Passes Away. Pratidin Time

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া গল্পকাৰঅসমীয়া ঔপন্যাসিকঅসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ীঅসম উপত্যকা সাহিত্য বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অতুলানন্দ গোস্বামী” প্ৰবন্ধৰ সংশোধন ৪০৮৯৩২ (১ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।