প্ৰণৱ বৰুৱা (Pranob Boruah, ১৯৩৫-২০০২ চন ) হৈছে এগৰাকী অসমীয়া চিত্ৰকলাৰ এক বৰ্ণাঢ্য ব্যক্তি। তেওঁ শিল্প সাধনাত পশ্চাত্য শিল্প কলাৰ দীৰ্ঘ ইতিহাসৰ প্ৰেৰণা সৰ্বাধিক।১
জন্ম
প্ৰণৱ বৰুৱাৰ ১৯৩৫ চনত জন্ম হৈছিল।
শিক্ষা
তেওঁ মুম্বাইৰ জে জে স্কুল অফ আৰ্টত শিক্ষা কলা অধ্যয়ন কৰিছিল।
কৰ্মজীৱন
প্ৰণৱ বৰুৱা নগাঁৱতে থাকি নিজস্ব এক চিত্ৰশৈলী উদ্ভাৱন চেষ্টা কৰাৰ লগতে নতুন প্ৰজন্মৰ প্ৰতিশ্ৰুতপূৰ্ণ শিল্পীসকলৰ বাবে শিক্ষা চৰ্চাৰ এটা পৰিৱেশ গঢ়ি তুলিছিল।
শিল্পকৃতি
- ১৯৭৯ চনত প্ৰণৱ বৰুৱা কলিকতা একাডেমী অফ ফাইন আটৰ্ছত চিত্ৰকলাৰ প্ৰদৰ্শনী কৰিছিল।
- ১৯৮১ চনত নতুন দিল্লীৰ ললিত কলা একাডেমীত আৰু চিত্ৰকলাৰ প্ৰদৰ্শনী কৰিছিল।
- ১৯৯০ চনত ত্ৰিবেণী কলা সংগমত চিত্ৰকলাৰ প্ৰদৰ্শনী কৰিছিল।
চিত্ৰশিল্পৰ বিষয়বস্ত
প্ৰণয় বৰুৱাৰ চিত্ৰশিল্পসমূহ অন্যতম প্ৰিয় থীম নৰ-নাৰীৰ সম্পৰ্ক যদিও খ্ৰীষ্ট, কৃষ্ণ, গণেশ আদিৰ দৰে চিন্ত কিছুমানক লৈয়ো তেওঁ স্মৰণীয় চিত্ৰ প্ৰস্তত কৰিছিল।
সন্মান
২০০০ চনত প্ৰণয় বৰুৱা বিষ্ণুপ্ৰসাদ ৰাভা বঁটা লাভ কৰে৷
মৃত্যু
২০০২ চনত প্ৰণয় বৰুৱাই মৃত্যু বৰণ কৰে।
তথ্যসূত্ৰ
- ↑ শোণিত বিজয় দাস অৰু মুনিন বায়ন. (প্ৰথম সংস্কৰণ: ২০০৬). কথা বৰেণ্য ১০০. পৃ. ২৮২
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰণৱ বৰুৱা” প্ৰবন্ধৰ সংশোধন ২৯৭৩৪৯ (১৫ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।