অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

বিৰিয়ানি

বিৰিয়ানি হৈছে দক্ষিণ এছিয়াৰ মুছলমান সম্প্ৰদায়ৰ মাজত উৎপত্তি হোৱা চাওলৰ এটি ব্যঞ্জন। ইয়াক ভাৰতীয় মছলা, ভাত আৰু কোনো প্ৰকাৰৰ মাংস (যেনে মুৰ্গী, ছাগলী, গৰু, ভেড়া ছাগলী), মাছ বা মিছা মাছেৰে তৈয়াৰ কৰা হয়। লগতে কণী, আলু আদিও ব্যৱহাৰ কৰিব পৰা যায়।

হালনাগাদ: ২৪ এপ্ৰিল ২০২৬ ৩৮৮ শব্দ · ২ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ
ভাৰতৰ ষ্টাম্পত বিৰিয়ানি
ভাৰতৰ ষ্টাম্পত বিৰিয়ানিছবি: India Post, Government of India · GODL-India

বিৰিয়ানি হৈছে দক্ষিণ এছিয়াৰ মুছলমান সম্প্ৰদায়ৰ মাজত উৎপত্তি হোৱা চাওলৰ এটি ব্যঞ্জন। ইয়াক ভাৰতীয় মছলা, ভাত আৰু কোনো প্ৰকাৰৰ মাংস (যেনে মুৰ্গী, ছাগলী, গৰু, ভেড়া ছাগলী), মাছ বা মিছা মাছেৰে তৈয়াৰ কৰা হয়। লগতে কণী, আলু (পাচলি) আদিও ব্যৱহাৰ কৰিব পৰা যায়।১

দক্ষিণ এছিয়াত জনপ্ৰিয় হোৱাৰ উপৰিও, এই ব্যঞ্জন আন আন ঠাইতো খোৱা হয়, যেনে ইৰাক,২ ম্যানমাৰ, ইণ্ডোনেছিয়া, মালয়েছিয়া, ছিংগাপুৰ, মৰিচিয়াছ আদি। ভাৰতত অনলাইন খাদ্য মগোৱা এপ, যেনে জমাট', স্বিগি আদিত বিৰিয়ানি আতাইতকৈ অধিক ক্ৰয় কৰা ব্যঞ্জন।৩৪

ব্যুৎপত্তি

কোনো কোনোৱে দাবী কৰে যে বিৰিয়ানি শব্দটো আহিছে ফাৰ্চী শব্দ বিৰিঞ্জৰ পৰা, যাৰ অৰ্থ ভাত।৫৬ কিন্তু আনৰ মতে, ইয়াৰ উৎস ফাৰ্চী বিৰয়ান বা বেৰিয়ান, যাৰ অৰ্থ ভজা বা পুৰা।৭৮ ইয়াৰ উৎস ফাৰ্চী বেৰেষ্টানো হ'ব পাৰে, যাৰ অৰ্থ পিঁয়াজ পুৰা, কাৰণ বিৰিয়ানিত প্ৰায় ভজা পিঁয়াজ ব্যৱহাৰ কৰা হয়, মাংস আৰু ভাতৰ লগত, অলপ মচলাৰ উপৰিও। ফাৰ্চী ভাৰতৰ কেইবাটাও মধ্যকালীন মুছলমান ৰাজ্যৰ আনুষ্ঠানিক ভাষা আছিল।৯১০

সামগ্ৰী

বিৰিয়ানিত ব্যৱহৃত সামগ্ৰী স্থানভেদে সলনি হয়। ভাতৰ লগত মাংস বা মাছ (মুৰ্গী, ছাগলী, গৰু, ভেড়া ছাগলী, মাছ বা মিছা মাছ) মুখ্য সামগ্ৰী।১১ দক্ষিণ এছিয়াৰ আন অনেক ব্যঞ্জনৰ দৰেই, অনেকে নিজ ইচ্ছা মতে বিভিন্ন শাক-পাচলিও যোগ কৰে। বতৰ চাই মাকৈও ব্যৱহাৰ কৰিব পৰা যায়। নৱৰতন বিৰিয়ানি অলপ মিঠা হয়, আৰু তাত কাজু, কিচিমিচ, ফল আদি দিয়া হয়।১২

কেইবাবিধো মছলা ব্যৱহাৰ কৰিব পৰা যায়, যেনে চফ, ঘিউ, জাঁইফল, মুষল, জালুক, লং, ইলাইচি, তেজপাত, আদা, পিঁয়াজ, বিলাহী, জলকীয়া, নহৰু আদি।১৩১৪১৫ দামী বিৰিয়ানিত কেসৰো থাকিব পাৰে।১৬

সাধাৰণতে ভাতৰ লগত বিৰিয়ানিত মুৰ্গী বা ছাগলীৰ মাংস থাকে। কিছু বিশেষ প্ৰকাৰৰ বিৰিয়ানিত গৰু বা সাগৰীয় খাদ্যও থাকিব পাৰে। বিৰিয়ানি দৈ, চাটনী, ৰাইতা, কোৰ্মা, জোল বা টেঙা বেঙেনা, সুজোৱা কণী বাৰ চালাদৰ লগতো খোৱা হয়।

প্ৰকাৰ

দক্ষিণ এছিয়াত কেইবাপ্ৰকাৰৰ বিৰিয়ানি পোৱা যায়। প্ৰত্যেক প্ৰকাৰৰ নাম সাধাৰণতে উৎপত্তিৰ স্থানৰ নামত ৰখা হৈছে। যেনে সিন্ধৰ বিৰিয়ানি হ'ল সিন্ধি বিৰিয়ানি আৰু হায়দৰাবাদৰ বিৰিয়ানি হ'ল হায়দৰাবাদী বিৰিয়ানি। কোনো কোনো প্ৰকাৰৰ নাম বিক্ৰী হোৱা দোকানৰ নাম: যেনে ঢাকা চহৰৰ হাজী বিৰিয়ানি, হাজী নান্না বিৰিয়ানি আৰু ফখৰুদ্দীন বিৰিয়ানি,১৭১৮১৯ কৰাচীৰ ষ্টুডেণ্টছ বিৰিয়ানি, বাণ্ড্ৰাৰ লাকি বিৰিয়ানি আৰু মুম্বাইৰ কলাবা বিৰিয়ানি।২০ তামিল নাডুত অম্বুৰ বিৰিয়ানি জনপ্ৰিয়।২১ হায়দৰাবাদৰ কল্যাণী বিৰিয়ানি গাৰু বা ম'হৰ মাংসৰে তৈয়াৰ কৰা হয়।২২ চেট্টিনাড বিৰিয়ানি ছাগলীৰ টেঙা মাংসৰে তৈয়াৰ কৰা হয়।২৩

দিল্লী, হায়দৰাবাদী, মুৰাদাবাদী, ঢাকাইয়া, বহৰি, মেমনি, কলিকতা, সিন্ধী, শ্ৰীলংকান, থালাচেৰী আদি ভাৰতীয় উপ-মহাদেশৰ বিখ্যাত বিৰিয়ানি। ম্যানমাৰত ডানপাউক বা ডানবাউক নামেৰে জনা বিৰিয়ানি বিখ্যাত।২৪ আফগানিস্তানত বিৰিয়ান নামেৰে ই জনপ্ৰিয়। ইণ্ডনেছিয়াত বিখ্যাত নাচি কেবুলি। নাচি বিৰিয়ানি মালয়েছিয়া আৰু চিংগাপুৰত জনপ্ৰিয়। নাচিং বিৰিংয়ি ফিলিপাইন্সত জনপ্ৰিয়। দক্ষিণ আফ্ৰিকা, থাইলেণ্ড আদিতো বিৰিয়ানিৰ নিজা নিজা প্ৰকাৰ পোৱা যায়। বিখ্যাত।

তথ্যসূত্ৰ

  1. ↑ Bhandari, Kabir Singh. (21 April 2020). The curious case of potato in Kolkata biryani and how the British fed us a lie. হিন্দুস্তান টাইমছ
  2. ↑ Wallis, Bruce. (12 April 2017). Eat My Words: A taste of Iraqi Kurdistan. Duluth News Tribune
  3. ↑ Daniyal, Shoaib. Biryani is India's most popular dish – so why does the BJP hate it so much?. Scroll.in
  4. ↑ Tandon, Suneera. (16 December 2020). Jubilant FoodWorks forays into biryani business with 'Ekdum'. mint
  5. ↑ Karan, Pratibha. (2009). Biryani. Random House India. পৃ. 1–12, 45. ISBN 978-81-8400-254-6
  6. ↑ Definition of 'biryani'. Oxford Dictionary
  7. ↑ Vishal, Anoothi. (14 May 2011). When rice met meat. Business Standard
  8. ↑ Cannon, Garland Hampton; Kaye, Alan S. (2001). The Persian Contributions to the English Language: An Historical Dictionary. Otto Harrassowitz Verlag. পৃ. 71. ISBN 978-3-44704-503-2
  9. ↑ Naqvī, Ṣādiq; Rao, V. Kishan; Satyanarayana, A. (2005). A thousand laurels—Dr. Sadiq Naqvi: studies on medieval India with special reference to Deccan. Felicitation Committee, Dept. of History & Dept. of Ancient Indian History, Culture & Archaeology, Osmania University. পৃ. 97
  10. ↑ de Laet, Siegfried J. (1994). History of Humanity: From the seventh to the sixteenth century. UNESCO. পৃ. 734. ISBN 978-9-23102-813-7
  11. ↑ Makhijani 2017-06-22T10:00:00-04:00, Pooja. A Beginner's Guide to Biryani, the Ultimate Rice Dish. Saveur
  12. ↑ (9 September 2016). प्राइम टाइम: क्या-क्या अलग करेंगे बिरयानी से?. NDTV
  13. ↑ Brown, Ruth. (17 August 2011). The Melting Pot – A Local Prep Kitchen Incubates Portland's Next Generation of Food Businesses. Willamette Week
  14. ↑ Brown, Ruth. (17 August 2011). The Melting Pot – A Local Prep Kitchen Incubates Portland's Next Generation of Food Businesses. Willamette Week
  15. ↑ Makhijani 2017-06-22T10:00:00-04:00, Pooja. A Beginner's Guide to Biryani, the Ultimate Rice Dish. Saveur
  16. ↑ Brown, Ruth. (17 August 2011). The Melting Pot – A Local Prep Kitchen Incubates Portland's Next Generation of Food Businesses. Willamette Week
  17. ↑ Isam, Mohammad. The king of rice dishes. ESPN Cricinfo
  18. ↑ Isam, Mohammad. The king of rice dishes. ESPN Cricinfo
  19. ↑ Bipul, Hassan. (28 March 2016). Dhaka's biryani can be UNESCO world heritage, says food critic Matt Preston. Bdnews24.com
  20. ↑ (9 September 2016). प्राइम टाइम: क्या-क्या अलग करेंगे बिरयानी से?. NDTV
  21. ↑ (3 February 2017). Easy chicken Biriyani Recipe. Viralvidos.com
  22. ↑ Balachandran, Mohit. (24 August 2015). The Other Hyderabadi Biryani With a 300-Year-Old Past. NDTV
  23. ↑ Nath, Parshathy J. (23 June 2016). All the way from Karaikudi. The Hindu
  24. ↑ (2015-03-20). Biryani trade takes on a new flavour. The Myanmar Times

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিৰিয়ানি” প্ৰবন্ধৰ সংশোধন ৬০২৫৪৪ (২৪ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।