পাঞ্জাবী চলচ্চিত্ৰৰ অভিনেত্ৰী
১৪ প্ৰবন্ধ
-
মাহী গিল
ৰিম্পি কৌৰ "মাহী" গিল (ਮਾਹੀ ਗਿੱਲ) (জন্ম: ১৯ ডিচেম্বৰ ১৯৭৫), হিন্দী আৰু পঞ্জাবী চলচ্চিত্ৰ উদ্যোগত কৰ্মৰত, এগৰাকী ভাৰতীয় অভিনেত্ৰী। অনুৰাগ কাশ্যপৰ দ্বাৰা পৰিচালিত,হিন্দী ছবি দেৱ. ডি ত পাৰোৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ অধিক পৰিচিত।
-
দিব্যা দত্ত
দিব্যা দত্ত ( Divya Dutta; জন্ম: ২৫ ছেপ্টেম্বৰ ১৯৭৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী। মূলতঃ হিন্দী আৰু পাঞ্জাবী চিনেমাত অভিনয় কৰি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু ফিল্মফেয়াৰ অ’টিটি (OTT) বঁটাকে ধৰি বিভিন্ন প্ৰশংসা লাভ কৰিছে।
-
মুখতাৰ বেগম
মুখতাৰ বেগম (Mukhtar Begum; ১২ জুলাই ১৯০১- ২৫ ফেব্ৰুৱাৰী ১৯৮২) এগৰাকী পাকিস্তানী শাস্ত্ৰীয়, গজল গায়িকা আৰু অভিনেত্ৰী আছিল। ছবি আৰু ৰেডিঅ'ত গীত গাই তেওঁ সংগীতৰ ৰাণী নামেৰে পৰিচিতি পাইছিল।
-
ডলী আহলুৱালিয়া
ডলী আহলুৱালিয়া ( Dolly Ahluwalia) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু সাজ-পোছাক ডিজাইনাৰ। ২০০১ চনত তেওঁ সাজ-পোছাকৰ ডিজাইনৰ বাবে সংগীত নাটক একাডেমী বঁটা আৰু লগতে তিনিটা ফিল্মফেয়াৰ আৰু তিনিটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে।
-
আশা পোছলে
ছাবিৰা বেগম ( Asha Posley; উৰ্দু: آشا پوسلے; ১৯২৭ – ২৫ মাৰ্চ ১৯৯৮) পাকিস্তানী ছবিৰ প্ৰথম নায়িকা আছিল।তেওঁ আশা পোছলে নামেৰে অধিক পৰিচিত আছিল।
-
খুছবু গ্ৰেৱাল
খুছবু গ্ৰেৱাল এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী আৰু অভিনেত্ৰী। তেওঁ খুছবু কোছাৰ নামেৰেও পৰিচিত। B4Uত ভিজে হিচাপে কেৰিয়াৰ আৰম্ভ কৰাৰ পিছত অভিনেত্ৰী হিচাপে পাঞ্জাবী আৰু হিন্দী ছবিত জড়িত হয়। ৰাজ: দ্য মিষ্ট্ৰী কন্টিনিউজৰ দৰে হিন্দী ছবি আৰু কেৰী অন জাটা আদি পাঞ্জাবী ছবিত অভিনয় কৰিছে।
-
জেছমিন বাজৱা
জেচমিন বাজৱা (Jasmin Bajwa) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁ প্ৰধানকৈ পঞ্জাবী চলচ্চিত্ৰত অভিনয় কৰে। বাজৱাই পঞ্জাবী ৱেব ধাৰাবাহিক য়াৰ জিগ্ৰী কাছুতী ডিগ্ৰীত অভিনয়েৰে অভিনয় জগতত আত্মপ্ৰকাশ কৰে আৰু ছুৰমাত অভিনয়েৰে হিন্দী চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে।
-
তানিয়া (অভিনেত্ৰী)
তানিয়া (Tania; জন্ম: ৬ মে' ১৯৯৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ পঞ্জাবী চলচ্চিত্ৰত কৰা কামৰ বাবে বেছিকৈ পৰিচিত। তেওঁ দুটা ব্ৰিটিছ এছিয়া টিভি বঁটাৰ বাবে মনোনীত হৈছিল আৰু কিছমত (২০১৮) ছবিত অভিনয় কৰাৰ বাবে "শ্ৰেষ্ঠ পাৰ্শ্ব অভিনেত্ৰী"ৰ বঁটা লাভ কৰিছিল।
-
বলজিন্দৰ কৌৰ
বলজিন্দৰ কৌৰ (Baljinder Kaur) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ হাৰিয়ানৱী, হিন্দী আৰু তামিল ছবিত অভিনয় কৰিছে।
-
বিব্বো (অভিনেত্ৰী)
বিব্বো (Bibbo; জন্ম: ইছৰত চুলতানা; ১৯০৬-১৯৭২) ভাৰত আৰু পাকিস্তান উভয় দেশত কাম কৰা এগৰাকী সংগীত পৰিচালক, কণ্ঠশিল্পী আৰু অভিনেত্ৰী আছিল। দেশ বিভাজনৰ সময়ত পাকিস্তানলৈ গুছি যোৱাৰ পূৰ্বে তেওঁ ১৯৩৩-ৰ পৰা ১৯৪৭-লৈ ভাৰতীয় চলচ্চিত্ৰত কাম কৰিছিল।
-
বিমী
বিমী Vimi; ১৯৪৩
-
সুনন্দা শৰ্মা
সুনন্দা শৰ্মা (Sunanda Sharma; জন্ম: ৩০ জানুৱাৰী ১৯৯২) শৰ্মাই সজ্জন সিং ৰংৰুট নামৰ ছবিখনত সহ-অভিনেতা দিলজিৎ দোচাঞ্ঝ আৰু যোগৰাজ সিঙৰ বিপৰীতে অভিনয়েৰে তেওঁৰ অভিনয় জীৱনৰ আৰম্ভণি কৰিছিল। সুনন্দাই "তেৰে নাল নাচনা" শীৰ্ষক গীতটিত কণ্ঠদানেৰে বলীউডত পদাৰ্পণ কৰিছিল।
-
ৰাজেশ্বৰী সচদেৱ
ৰাজেশ্বৰী সচদেৱ (; জন্ম: ১৪ এপ্ৰিল ১৯৭৪) শ্যাম বেনেগালৰ ছবি চৰ্দাৰী বেগমত (১৯৯৬) অভিনয় কৰি পৰিচিত এগৰাকী ভাৰতীয় অভিনেত্ৰী, যাৰ বাবে তেওঁ ১৯৯৭ চনত শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
-
ৰেহানা
ৰেহানা অঞ্জুমান চৌধুৰী ( Rehana Anjuman Choudhary; ১০ মাৰ্চ ১৯৩১ – ২৩ এপ্ৰিল ২০১৩), বা চমুকৈ ৰেহানা এগৰাকী চলচ্চিত্ৰ অভিনেত্ৰী আছিল। তেওঁ মূলতঃ ভাৰতীয় আৰু পাকিস্তানী চলচ্চিত্ৰত কাম কৰিছিল। তেওঁক "দ্য কুইন অফ চাৰ্ম" আৰু "দ্য ডান্সিং ডেমচেল অফ বম্বে" নামেৰেও জনা যায়।