নাচিম বানু (Naseem Banu; ৪ জুলাই ১৯১৯- ১৮ জুন ২০০২) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী আছিল। ‘সৌন্দৰ্যৰ ৰাণী’ অভিধা পোৱা নাচিমক ‘প্ৰথম ভাৰতীয় মহিলা চুপাৰষ্টাৰ' বুলি গণ্য কৰা হয়।১ ১৯৩০ৰ দশকৰ মাজভাগৰ পৰা আৰম্ভ হোৱা তেওঁৰ অভিনয় জীৱন ১৯৫০ৰ দশকৰ মাজভাগলৈ অব্যাহত আছিল। তেওঁৰ প্ৰথম ছবি ছোহৰাব মোডীৰ খুন কা খুন (১৯৩৫)। ছোহৰাবৰ মিনাৰ্ভা মোভীটোনত নাচিমে কেইবা বছৰ ধৰি অভিনয় কৰিছিল। তেওঁৰ এখন গুৰুত্বপূৰ্ণ ছবি ছোহৰাব মোডী পৰিচালিত পুকাৰ (১৯৩৯); য’ত তেওঁ সম্ৰাজ্ঞী নুৰ জাহানৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল। তেওঁৰ চলচ্চিত্ৰৰ বিজ্ঞাপনৰ যোগেদি তেওঁ ‘পৰী চেহৰা’ উপনাম পাইছিল।২ তেওঁ অভিনেত্ৰী চায়ৰা বানুৰ মাক আৰু অভিনেতা দিলীপ কুমাৰৰ শাহুৱেক।৩
কৰ্মজীৱন
নাচিম মুম্বাইলৈ আহে আৰু ছোহৰাব মোডীৰ সৈতে চুক্তিত আবদ্ধ হয়। খুন কা খুন (১৯৩৫) ছবিৰ যোগে নাচিমৰ কৰ্মজীৱনৰ আৰম্ভণি হয়। ইয়াৰ পিছত ছোহৰাব মোডীৰ মিনাৰ্ভা মোভীটোনৰ বেনাৰত তেওঁ বহু কেইখন ছবিত কাম কৰে। তালাক (১৯৩৭), মিঠা জহৰ আৰু বাসন্তীৰ (১৯৩৮) পিছত পুকাৰত (১৯৩৯)সম্ৰাজ্ঞী নুৰ জাহানৰ চৰিত্ৰত অভিনয় কৰাৰ সুযোগ পায়। পুকাৰ ছবিৰ বাবে নিজকে প্ৰস্তুত কৰিবলৈ তেওঁ প্ৰতিদিনে ঘোঁৰাত আৰোহন কৰা আৰু গীত গোৱা শিকিবলগীয়া হৈছিল। নিৰ্মাণ হওঁতে এবছতকৈ অধিক সময় লগা ছবিখনে নাচিমক বিশিষ্ট অভিনেত্ৰী ৰূপে প্ৰতিষ্ঠা কৰিছিল।৪৫ ‘বিউটি কুইন’ আৰু ‘পৰী চেহৰা’ অভিধাৰে ছবিখনৰ বিজ্ঞাপনত তেওঁৰ সৌন্দৰ্যৰ প্ৰচাৰ চলাইছিল।৩
পুকাৰৰ মুক্তিৰ পাছত তেওঁৰ চাহিদা বৃদ্ধি পাইছিল আৰু বিভিন্ন ষ্টুডিঅ’ৰ পৰা তেওঁ আমন্ত্ৰণ পাইছিল। কিন্তু ছোহৰাব মোডীয়ে তেওঁক চুক্তিৰ পৰা মুক্ত কৰি দিব নিবিচাৰিলে। যাৰ বাবে দুয়োৰো মাজৰ সম্পৰ্কটো অসহজ হৈ পৰিল। মিনাৰ্ভা মোভীটোনৰ শীশ মহলত (১৯৫০) বিনা গহনা আৰু সাধাৰণ শাৰীৰে তেওঁৰ অভিনয় প্ৰতিভাৰ প্ৰকাশ ঘটিছিল। মিনাৰ্ভাৰ পিছত তেওঁ চাৰ্কো আৰু তাৰ পিছত ফিল্মীস্তানত যোগদান কৰে, য’ত তেওঁ অশোক কুমাৰৰ সৈতে চল চল ৰে নজোৱানত অভিনয় কৰিছিল।১
এহচান-উল-হকক বিয়া কৰোৱাৰ পিছত দম্পত্তিহালে তাজমহল পিকচাৰ্ছৰ আৰম্ভণি কৰে আৰু ইয়াৰ বেনাৰত উজালা (১৯৪২),বেগম (১৯৪৫),মুলাকাত (১৯৪৭),চান্দনী ৰাত (১৯৪৯) আৰু অজীৱ লড়কী (১৯৪২) নিৰ্মাণ কৰে। ইয়াৰ শেষৰ দুখনৰ পৰিচালক তেওঁৰ স্বামী এহচান। তেওঁৰ একচন আৰু ফেণ্টাচী ছবি চিন্দাবাদ জাহাজী (১৯৫২) আৰু বাগীক (১৯৫৩) দৰ্শকে গ্ৰহণ নকৰিলে। তেওঁ মিনাৰ্ভাৰ নৌশেৰৱানে আদিল ছবিত এটি সৰু চৰিত্ৰত অভিনয় কৰাৰ পিছত অভিনয় জীৱনৰ সামৰণি মাৰে।৫
তথ্যসূত্ৰ
- ↑ Pandya, Haresh. (4 September 2002). Naseem Banu First female superstar of Indian Cinema. Guardian News and Media Limited
- ↑ Khubchandani, Lata. They called her Pari Chehra Naseem. rediff.com. Rediff.com
- ↑ Kaur, Devinder Bir. (21 June 2002). Original Beauty Queen of Hindi films. The Tribune. The Tribune, Chandigarh
- ↑ Malik, Saeed. Naseem Bano. cineplot.com. Cineplot.com
- ↑ Tilak Rishi. (2012). Bless You Bollywood!: A Tribute to Hindi Cinema on Completing 100 Years. Trafford Publishing. পৃ. 168–. ISBN 978-1-4669-3963-9
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাচিম বানু” প্ৰবন্ধৰ সংশোধন ৩৩৫৭৩৩ (২৫ অক্টোবৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।