উৰ্দু চলচ্চিত্ৰৰ অভিনেত্ৰী
১৮ প্ৰবন্ধ
-
মেহতাব (অভিনেত্ৰী)
মেহতাব ( Mehtab; ১৯১৩-১৯৯৭) এগৰাকী হিন্দী, উৰ্দু চলচ্চিত্ৰৰ এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল। ১৯২৮ চনৰ পৰা ১৯৬৯ চনলৈ তেওঁ চলচ্চিত্ৰ জগতত সক্ৰিয় হৈ আছিল। গুজৰাটৰ শশীনত জন্মগ্ৰহণ কৰা অভিনেত্ৰীগৰাকীৰ জন্মৰ নাম আছিল নাজমা।
-
দিব্যা দত্ত
দিব্যা দত্ত ( Divya Dutta; জন্ম: ২৫ ছেপ্টেম্বৰ ১৯৭৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী। মূলতঃ হিন্দী আৰু পাঞ্জাবী চিনেমাত অভিনয় কৰি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু ফিল্মফেয়াৰ অ’টিটি (OTT) বঁটাকে ধৰি বিভিন্ন প্ৰশংসা লাভ কৰিছে।
-
মুখতাৰ বেগম
মুখতাৰ বেগম (Mukhtar Begum; ১২ জুলাই ১৯০১- ২৫ ফেব্ৰুৱাৰী ১৯৮২) এগৰাকী পাকিস্তানী শাস্ত্ৰীয়, গজল গায়িকা আৰু অভিনেত্ৰী আছিল। ছবি আৰু ৰেডিঅ'ত গীত গাই তেওঁ সংগীতৰ ৰাণী নামেৰে পৰিচিতি পাইছিল।
-
ৰোচন আৰা বেগম
ৰোচন আৰা বেগম ( Roshan Ara Begum; ১৯১৭- ৬ ডিচেম্বৰ ১৯৮২) এগৰাকী পাকিস্তানী শাস্ত্ৰীয় সঙ্গীতৰ কণ্ঠশিল্পী আছিল। আব্দুল হক খানৰ জীয়ৰী হিচাপে তেওঁৰ সম্পৰ্কীয় ভাতৃ আব্দুল কৰিম খানৰ যোগেদি পৰা শাস্ত্ৰীয় সঙ্গীতৰ কিৰানা ঘৰানাৰ সৈতে সংযোগ আছিল।
-
চৰ্দাৰ আখতাৰ
চৰ্দাৰ আখতাৰ (Sardar Akhtar; ১৯১৫–১৯৮৬) হিন্দী আৰু উৰ্দু ছবিত কাম কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ উৰ্দু ৰংগমঞ্চত অভিনয় জীৱন আৰম্ভ কৰিছিল। তেওঁৰ প্ৰাৰম্ভিক ছবিসমূহ সৰোজ মুভীটনৰ দ্বাৰা নিৰ্মিত, য'ত তেওঁ সৰহভাগ ষ্টাণ্ট (একচন) ভূমিকা কৰিছিল।
-
আশা পোছলে
ছাবিৰা বেগম ( Asha Posley; উৰ্দু: آشا پوسلے; ১৯২৭ – ২৫ মাৰ্চ ১৯৯৮) পাকিস্তানী ছবিৰ প্ৰথম নায়িকা আছিল।তেওঁ আশা পোছলে নামেৰে অধিক পৰিচিত আছিল।
-
বিব্বো (অভিনেত্ৰী)
বিব্বো (Bibbo; জন্ম: ইছৰত চুলতানা; ১৯০৬-১৯৭২) ভাৰত আৰু পাকিস্তান উভয় দেশত কাম কৰা এগৰাকী সংগীত পৰিচালক, কণ্ঠশিল্পী আৰু অভিনেত্ৰী আছিল। দেশ বিভাজনৰ সময়ত পাকিস্তানলৈ গুছি যোৱাৰ পূৰ্বে তেওঁ ১৯৩৩-ৰ পৰা ১৯৪৭-লৈ ভাৰতীয় চলচ্চিত্ৰত কাম কৰিছিল।
-
শাকিলা
শাকিলা (জন্ম:বাদশ্বাহ বেগম; (Shakila; ১ জানুৱাৰী ১৯৩৫ – ২০ ছেপ্টেম্বৰ ২০১৭) আছিল এগৰাকী ভাৰতীয় অভিনেত্ৰী। গুৰু দত্তৰ ছবি আৰ পাৰ (১৯৫৪) আৰু চি.আই.ডি.ত (১৯৫৬) অভিনয় কৰাৰ বাবে তেওঁক জনা যায়।
-
হিনা শ্বাহীন
হিনা শ্বাহীন (জন্ম ১৩ ফেব্ৰুৱাৰী ১৯৭১) হৈছে এক পাকিস্তানি টেলিভিছন, চলচ্চিত্ৰ অভিনেত্ৰী আৰু মঞ্চ অভিনেত্ৰী।
-
ছামিয়া মুমতাজ
ছামিয়া মুমতাজ (উৰ্দু: سمیعہ ممتاز; জন্ম ৫ আগষ্ট ১৯৭০, কৰাচী) এগৰাকী পাকিস্তানী চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী। তেওঁ কেইবাখনো জনপ্ৰিয় টেলিভিছন নাটকত অভিনয় কৰিছে। তেওঁৰ প্ৰাপ্ত সন্মানসমূহৰ ভিতৰত এটা হাম বঁটা লাভ আৰু লাক্স ষ্টাইল বঁটাত কেইবাটাও মনোনয়ন অন্তৰ্ভুক্ত।
-
নিঘাত চুলতানা
নিঘাত চুলতানা আছিল এগৰাকী পাকিস্তানী অভিনেত্ৰী। তেওঁ উৰ্দু আৰু পঞ্জাবী দুয়োটা ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছিল আৰু চান মাহী, উমৰ মাৰভী, সাত লাখ, ইনছাফ, ইনছান বদলতা হ্যায়, নীন্দ, দিল মেৰা ধড়কন তেৰী, আফসানা জিন্দেগী কা আৰু কভি আলবিদা না কেহনা চলচ্চিত্ৰসমূহত অভিনয়ৰ বাবে পৰিচিত আছিল।
-
নূৰ বুখাৰী
নূৰ বুখাৰী (نُور بُخاری; জন্ম ৩ জুলাই ১৯৮২) এগৰাকী পাকিস্তানী প্ৰাক্তন অভিনেত্ৰী, পৰিচালক, মডেল আৰু টেলিভিছন সঞ্চালিকা। তেওঁ কেইবাটাও টেলিভিছন অনুষ্ঠান, চলচ্চিত্ৰ আৰু বিজ্ঞাপনত অভিনয় কৰিছে। নিজৰ চলচ্চিত্ৰ কেৰিয়াৰত তেওঁ ৪৪খন উৰ্দু চলচ্চিত্ৰ আৰু ২০খন পঞ্জাবী চলচ্চিত্ৰত অভিনয় কৰিছিল।
-
বেগম খুৰ্ছিদ মিৰ্জা
বেগম খুৰ্ছিদ মিৰ্জা ( Begum Khurshid Mirza; ৪ মাৰ্চ ১৯১৮ – ৮ ফেব্ৰুৱাৰী ১৯৮৯), এগৰাকী পাকিস্তানী টেলিভিছন আৰু চলচ্চিত্ৰ অভিনেত্ৰী, যাৰ কৰ্মজীৱন ভাৰত বিভাজনৰ পূৰ্বৰ পৰা ১৯৮০ চনলৈকে ব্যপ্ত। তেওঁক পৰ্দাৰ নাম ৰেণুকা দেৱী বুলিও জনা যায়।
-
মুমতাজ শান্তি
মুমতাজ শান্তি ( Mumtaz Shanti; ২৮ মে' ১৯২৬ – ১৯ অক্টোবৰ ১৯৮৯) ভাৰত বিভাজনৰ পূৰ্বৰ ভাৰতীয় চলচ্চিত্ৰ এগৰাকী অভিনেত্ৰী আছিল। ১৯৪০ দশক আৰু লগতে ১৯৫০ দশকৰ আগচোৱাত বলীউডী ছবিত কাম কৰি বিভাজনৰ পিছত পাকিস্তানলৈ গুচি যায় আৰু মনোৰঞ্জন জগতৰ পৰা সন্যাস লয়।
-
শাবানা
আফ্ৰোজা চুলতানা ৰত্না (মঞ্চনাম শাবানা নামেৰে পৰিচিত) এগৰাকী বাংলাদেশী চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ মুঠ দহটা বাংলাদেশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। জননী (১৯৭৭), সখী তুমি কাৰ (১৯৮০), দুই পইছাৰ আলতা (১৯৮২), নাজমা (১৯৮৩), ভাত দে (১৯৮৪), অপেক্ষা (১৯৮৭), ৰঙা ভাবি (১৯৮৯), মৰণেৰ পৰে (১৯৯০) আৰু অচেনা…
-
ৰাগনী
ৰাগনী (জন্ম: শ্বামছাদ বেগম; ২২ অক্টোবৰ ১৯২৪ – ২৭ ফেব্ৰুৱাৰী ২০০৭) এগৰাকী পাকিস্তানী চলচ্চিত্ৰ অভিনেত্ৰী আছিল। তেওঁ উৰ্দু আৰু পঞ্জাবী ভাষাৰ ছবিত অভিনয় কৰিছিল আৰু ১৯৪০ৰ দশকত নিজৰ সময়ৰ সৰ্বাধিক দৰমহা পোৱা অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম আছিল।
-
ৰাণী বেগম
ৰাণী বেগম (رانی بیگم; ৮ ডিচেম্বৰ ১৯৪৬ – ২৭ মে' ১৯৯৩) আছিল এগৰাকী পাকিস্তানী চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী। ১৯৬০ দশকৰ শেষৰফালে তেওঁ ৱাহিদ মুৰাদেৰ সৈতে সফল জুটি হিচাপে খ্যাতি লাভ কৰে।
-
ৰেহানা
ৰেহানা অঞ্জুমান চৌধুৰী ( Rehana Anjuman Choudhary; ১০ মাৰ্চ ১৯৩১ – ২৩ এপ্ৰিল ২০১৩), বা চমুকৈ ৰেহানা এগৰাকী চলচ্চিত্ৰ অভিনেত্ৰী আছিল। তেওঁ মূলতঃ ভাৰতীয় আৰু পাকিস্তানী চলচ্চিত্ৰত কাম কৰিছিল। তেওঁক "দ্য কুইন অফ চাৰ্ম" আৰু "দ্য ডান্সিং ডেমচেল অফ বম্বে" নামেৰেও জনা যায়।