অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দেৱিকা ৰাণী

দেৱিকা ৰাণী (Devika Rani; দেবিকা ৰাণী; জন্ম: ৩০ মাৰ্চ, ১৯০৮ – মৃত্যু: ৯ মাৰ্চ, ১৯৯৪); ভাৰতীয় চলচ্চিত্ৰৰ এগৰাকী অভিনেত্ৰী আৰু প্ৰথম দাদা চাহেব ফাল্কে বঁটা বিজয়িনী। তেওঁক ভাৰতীয় চিনেমা জগতৰ ‘ফাৰ্ষ্ট লেডী’ (প্ৰথম মহিলা) বুলি কোৱা হয়।

হালনাগাদ: ১৫ আগষ্ট ২০২৬ ২২৭ শব্দ · ১ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

দেৱিকা ৰাণী (Devika Rani; দেবিকা ৰাণী; জন্ম: ৩০ মাৰ্চ, ১৯০৮ – মৃত্যু: ৯ মাৰ্চ, ১৯৯৪);১ ভাৰতীয় চলচ্চিত্ৰৰ এগৰাকী অভিনেত্ৰী আৰু প্ৰথম দাদাচাহেব ফাল্কে বঁটা বিজয়িনী। তেওঁক ভাৰতীয় চিনেমা জগতৰ ‘ফাৰ্ষ্ট লেডী’ (প্ৰথম মহিলা) বুলি কোৱা হয়। ১৯২৯ চনত মুক্তিপ্ৰাপ্ত ‘প্ৰপঞ্চ পাস’ নামৰ ছবিখনৰ জৰিয়তে দেৱিকা ৰাণীয়ে অভিনয় জীৱনৰ পাতনি মেলিছিল। ছবিখনত তেওঁ কষ্টিউম ডিজাইনাৰ আৰু জুনিয়ৰ আৰ্টিষ্ট হিচাপে কাম কৰিছিল। ১৯৩৩ চনত মুক্তিপ্ৰাপ্ত ‘কৰ্মা’ নামৰ ছবিখনত তেওঁ প্ৰথম বাৰৰ বাবে নায়িকা হিচাপে অভিনয় কৰে। দেৱিকাৰ অভিনয়ৰ দক্ষতা আৰু ব্যক্তিত্বই তেতিয়াৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তিৰ দৃষ্টি আকৰ্ষণ কৰিছিল আৰু তেওঁ জৱাহৰলাল নেহৰু আৰু সৰোজিনী নাইডুৰ দৰে ব্যক্তিৰ প্ৰশংসা লাভ কৰিছিল।২

পৰিয়াল

দেৱিকাৰ পিতৃ এছ. এম. চৌধৰী বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ সম্পৰ্কীয় আছিল। ৩ এছ. এম. চৌধৰী ইংৰাজ সৈন্য বাহিনীৰ চিকিৎসক আছিল আৰু পিছলৈ মাদ্ৰাজৰ চাৰ্জন জেনেৰেলো হৈছিল।৪৫৬

শিক্ষা আৰু কৰ্মজীৱন

দেৱিকা ৰাণীয়ে ৯ বছৰ বয়সত ইংলেণ্ডৰ আৱাসিক বিদ্যালয়ত থাকি পঢ়িছিল। পিছলৈ লণ্ডনৰ ৰয়েল একাডেমী অৱ ড্ৰেমেটিক আৰ্টচ্ আৰু ৰয়েল একাডেমী অৱ মিউজিক ইনষ্টিটিউটত অধ্যয়ন কৰিছিল। ৭৮ শিক্ষা সমাপ্ত কৰি তেওঁ ১৯২৮ চনত লণ্ডনৰ এটি টেক্সটাইল ডিজাইনিং ষ্টুডিঅ’ত চাকৰিত সোমায়। ৯ তালৈ ছবি এখনৰ কামত যাওঁতে চলচ্চিত্ৰ নিৰ্মাতা হিমাংশু ৰায়ে তেওঁক লগ পায়। হিমাংশু ৰায়ে ১৯২৯ চনত ‘প্ৰপঞ্চ পাস’ নিৰ্মাণ কৰিছিল।

চলচ্চিত্ৰত অশোক কুমাৰৰ সৈতে অভিনীত এক মুহূৰ্ত]]

বিবাহিত জীৱন

‘প্ৰপঞ্চ পাস’ নিৰ্মাণৰ পাছতেই হিমাংশু ৰায়ৰ সৈতে দেৱিকাৰ বিবাহ হয়। ১৯৩৩ চনত তেওঁলোক ভাৰতলৈ ঘূৰি আহি ‘কৰ্মা’ নিৰ্মাণ কৰে। দেৱিকা ৰাণীৰ সফলতাৰ আঁৰৰ মানুহজন আছিল হিমাংশু ৰায়।২ ১৯৪০ চনত হিমাংশু ৰায়ৰ মৃত্যু হয়। ১৯৪৫ চনত ৰুচ চিত্ৰশিল্পী স্বেতোস্লাভ ৰ’ৰিকৰ সৈতে দেৱিকা ৰাণী বিবাহপাশত আবদ্ধ হয়। ১০

অভিনীত কেইখনমান ছবি

বৰ্ষচলচ্চিত্ৰচৰিত্ৰটোকা
১৯৪৩হমাৰী বাত
১৯৪১অঞ্জানইন্দিৰা
১৯৩৭সাবিত্ৰীসাবিত্ৰী
১৯৩৭ইজ্জত
১৯৩৬অছুৎ কন্যাকস্তুৰী
১৯৩৬জন্মভূমি
১৯৩৬জীৱন নইয়ালতা

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Varma, Madhulika. (26 March 1994). Obituary: Devika Rani. The Independent
  2. ↑ দেবীকাৰাণী, হেমলতা ৰাভা দাসৰ প্ৰবন্ধ, অসমীয়া খবৰ, ১৭ ফেব্ৰুৱাৰী, ২০০২
  3. ↑ Manjapra 2014, পৃ. 258
  4. ↑ B-town women who dared!. The Hindustan Times
  5. ↑ Erik 1980, পৃ. 93
  6. ↑ Devika Rani. Press Information Bureau. পৃ. 1
  7. ↑ Erik 1980, পৃ. 93
  8. ↑ Devika Rani Roerich. Roerich & DevikaRani Roerich Estate Board, Government of Karnataka
  9. ↑ Ghosh 1995, পৃ. 28–29
  10. ↑ Saran 2014, পৃ. 27

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীদাদাচাহেব ফাল্কে বঁটা বিজয়ীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীপদ্মশ্ৰী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দেৱিকা ৰাণী” প্ৰবন্ধৰ সংশোধন ৬২৭৩০৮ (১৫ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।