পাকিস্তানৰ চলচ্চিত্ৰ অভিনেত্ৰী
১২ প্ৰবন্ধ
-
নুৰ জাহান
নুৰ জাহান (Noor Jehan; জন্ম নাম: আল্লাহ ৱাচাই; ২১ চেপ্তেম্বৰ ১৯২৬–২৩ ডিচেম্বৰ ২০০০) এগৰাকী পাকিস্তানী নেপথ্য কণ্ঠশিল্পী তথা অভিনেত্ৰী আছিল। তেওঁৰ কৰ্মজীৱনৰ আৰম্ভণি হৈছিল ব্ৰিটিছ ভাৰতত। ১৯৪৭ চনত দেশ বিভাজনৰ সময়ত তেওঁ পাকিস্তানলৈ গুছি গৈছিল।
-
খুৰশীদ বানো
খুৰশীদ বানো (Khursheed Bano; ১৪ এপ্ৰিল ১৯১৪-১৮ এপ্ৰিল ২০০১) এগৰাকী অভিনেত্ৰী আৰু কণ্ঠশিল্পী আছিল। ১৯৩১ চনত তেওঁ নিৰ্বাক চলচ্চিত্ৰৰে কৰ্মজীৱনৰ পাতনি মেলি একে বছৰৰ ভিতৰত সবাক চলচ্চিত্ৰত জড়িত হৈছিল।
-
পেচেন্চ কুপাৰ
পেচেন্চ কুপাৰ (Patience Cooper; ১৯০৫–১৯৯৩) ভাৰতত জন্মগ্ৰহণ কৰা এগৰাকী পাকিস্তানী চলচ্চিত্ৰ অভিনেত্ৰী আছিল। কলকাতাৰ ইংগ-ভাৰতীয় সম্প্ৰদায়ৰ কুপাৰে নিৰ্বাক আৰু সবাক দুয়োবিধ চলচ্চিত্ৰতে সফলতাৰে অভিনয় কৰি গৈছে। তেওঁ বলীউডৰ প্ৰথমাৱস্থাৰ এগৰাকী তাৰকা শিল্পী আছিল।
-
বিব্বো (অভিনেত্ৰী)
বিব্বো (Bibbo; জন্ম: ইছৰত চুলতানা; ১৯০৬-১৯৭২) ভাৰত আৰু পাকিস্তান উভয় দেশত কাম কৰা এগৰাকী সংগীত পৰিচালক, কণ্ঠশিল্পী আৰু অভিনেত্ৰী আছিল। দেশ বিভাজনৰ সময়ত পাকিস্তানলৈ গুছি যোৱাৰ পূৰ্বে তেওঁ ১৯৩৩-ৰ পৰা ১৯৪৭-লৈ ভাৰতীয় চলচ্চিত্ৰত কাম কৰিছিল।
-
ছাবিহা খানুম
ছাবিহা খানুম (উৰ্দু: خانم; জন্ম নাম মুখতাৰ বেগম; ১৬ অক্টোবৰ ১৯৩৫ – ১৩ জুন ২০২০) আছিল এগৰাকী পাকিস্তানী চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁক পাকিস্তানী চলচ্চিত্ৰৰ প্ৰথম মহিলা বুলিও কোৱা হয় আৰু ১৯৫০ আৰু ১৯৬০ দশকত পাকিস্তানী চলচ্চিত্ৰ জগতত তেওঁ অভিনয়ৰ বাবে বিশেষভাৱে পৰিচিত আছিল।
-
ছামিয়া মুমতাজ
ছামিয়া মুমতাজ (উৰ্দু: سمیعہ ممتاز; জন্ম ৫ আগষ্ট ১৯৭০, কৰাচী) এগৰাকী পাকিস্তানী চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী। তেওঁ কেইবাখনো জনপ্ৰিয় টেলিভিছন নাটকত অভিনয় কৰিছে। তেওঁৰ প্ৰাপ্ত সন্মানসমূহৰ ভিতৰত এটা হাম বঁটা লাভ আৰু লাক্স ষ্টাইল বঁটাত কেইবাটাও মনোনয়ন অন্তৰ্ভুক্ত।
-
নায়াৰ চুলতানা
নায়াৰ চুলতানা (জন্ম নাম তায়েবা বানো; ১৯৩৭ – ২৭ অক্টোবৰ ১৯৯২), মালকা-ই-জজবাত (আৱেগৰ ৰাণী) আৰু কুইন অৱ ইমোশ্বনছ নামে জনাজাত, আছিল এগৰাকী পাকিস্তানী চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ ১৯৫০ আৰু ১৯৬০ দশকত ললিউডৰ অগ্ৰগণ্য পৰ্দা অভিনেত্ৰীসকলৰ অন্যতম হিচাপে পৰিগণিত হৈছিল।
-
নিঘাত চুলতানা
নিঘাত চুলতানা আছিল এগৰাকী পাকিস্তানী অভিনেত্ৰী। তেওঁ উৰ্দু আৰু পঞ্জাবী দুয়োটা ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছিল আৰু চান মাহী, উমৰ মাৰভী, সাত লাখ, ইনছাফ, ইনছান বদলতা হ্যায়, নীন্দ, দিল মেৰা ধড়কন তেৰী, আফসানা জিন্দেগী কা আৰু কভি আলবিদা না কেহনা চলচ্চিত্ৰসমূহত অভিনয়ৰ বাবে পৰিচিত আছিল।
-
নূৰ বুখাৰী
নূৰ বুখাৰী (نُور بُخاری; জন্ম ৩ জুলাই ১৯৮২) এগৰাকী পাকিস্তানী প্ৰাক্তন অভিনেত্ৰী, পৰিচালক, মডেল আৰু টেলিভিছন সঞ্চালিকা। তেওঁ কেইবাটাও টেলিভিছন অনুষ্ঠান, চলচ্চিত্ৰ আৰু বিজ্ঞাপনত অভিনয় কৰিছে। নিজৰ চলচ্চিত্ৰ কেৰিয়াৰত তেওঁ ৪৪খন উৰ্দু চলচ্চিত্ৰ আৰু ২০খন পঞ্জাবী চলচ্চিত্ৰত অভিনয় কৰিছিল।
-
মীনা শোৰী
মীনা শোৰী ( Meena Shorey; ১৩ চেপ্তেম্বৰ ১৯২৬- ৩ চেপ্তেম্বৰ ১৯৮৯) হিন্দী-উৰ্দু আৰু পঞ্জাবী ভাষাৰ চলচ্চিত্ৰ অভিনেত্ৰী। পৰ্দাত তেওঁৰ নাম মীনা যদিও প্ৰকৃত নাম হ’ল- খুৰচিদ জাহান। চোহৰাব মোডীৰ ছিকন্দৰ ছবিত পাৰ্শ্ব চৰিত্ৰত অভিনয়ৰ ষোগে তেওঁ চলচ্চিত্ৰ জগতত প্ৰবেশ কৰে।
-
শাবানা
আফ্ৰোজা চুলতানা ৰত্না (মঞ্চনাম শাবানা নামেৰে পৰিচিত) এগৰাকী বাংলাদেশী চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ মুঠ দহটা বাংলাদেশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। জননী (১৯৭৭), সখী তুমি কাৰ (১৯৮০), দুই পইছাৰ আলতা (১৯৮২), নাজমা (১৯৮৩), ভাত দে (১৯৮৪), অপেক্ষা (১৯৮৭), ৰঙা ভাবি (১৯৮৯), মৰণেৰ পৰে (১৯৯০) আৰু অচেনা…
-
ৰাগনী
ৰাগনী (জন্ম: শ্বামছাদ বেগম; ২২ অক্টোবৰ ১৯২৪ – ২৭ ফেব্ৰুৱাৰী ২০০৭) এগৰাকী পাকিস্তানী চলচ্চিত্ৰ অভিনেত্ৰী আছিল। তেওঁ উৰ্দু আৰু পঞ্জাবী ভাষাৰ ছবিত অভিনয় কৰিছিল আৰু ১৯৪০ৰ দশকত নিজৰ সময়ৰ সৰ্বাধিক দৰমহা পোৱা অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম আছিল।