অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মেহতাব (অভিনেত্ৰী)

মেহতাব ( Mehtab; ১৯১৩-১৯৯৭) এগৰাকী হিন্দী, উৰ্দু চলচ্চিত্ৰৰ এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল। ১৯২৮ চনৰ পৰা ১৯৬৯ চনলৈ তেওঁ চলচ্চিত্ৰ জগতত সক্ৰিয় হৈ আছিল। গুজৰাটৰ শশীনত জন্মগ্ৰহণ কৰা অভিনেত্ৰীগৰাকীৰ জন্মৰ নাম আছিল নাজমা।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ২৮১ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

মেহতাব ( Mehtab; ১৯১৩-১৯৯৭) এগৰাকী হিন্দী ভাষা, উৰ্দু ভাষা চলচ্চিত্ৰৰ এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল। ১৯২৮ চনৰ পৰা ১৯৬৯ চনলৈ তেওঁ চলচ্চিত্ৰ জগতত সক্ৰিয় হৈ আছিল।১ গুজৰাটৰ শশীনত জন্মগ্ৰহণ কৰা অভিনেত্ৰীগৰাকীৰ জন্মৰ নাম আছিল নাজমা। তেওঁৰ পিতৃ নবাব ছিদি ইব্ৰাহিম মহম্মদ ইয়াকুত খান তৃতীয় গুজৰাট ৰাজ্যৰ চুৰাটৰ ওচৰৰ শচীনৰ নবাব আছিল।২ ১৯২০ চনৰ শেষৰ ফালে ছেকেণ্ড ৱাইফ (১৯২৮),ইন্দিৰা বি এ (১৯২৯) আৰু জয়ন্ত (১৯২৯) আদি ছবিত সৰু সৰু চৰিত্ৰত অভিনয় কৰি কৰ্মজীৱনৰ পাতনি মেলে। বীৰ কুনালত (১৯৩২) তেওঁ আশ্ৰফ খানৰ বিপৰীতে মুখ্য চৰিত্ৰত অভিনয় কৰাৰ পূৰ্বে কেইখনমান ছবিত চৰিত্ৰ-শিল্পী ৰূপে কৰে। প্ৰায় এটা দশক মূলতঃ একচনমুখী চৰিত্ৰত অভিনয় কৰাৰ পিছত কিদাৰ শৰ্মাৰ পৰিচালনাত নিৰ্মিত চিত্ৰলেখা (১৯৪১) ছবিখনেৰে তেওঁ বিশিষ্ট স্থান লাভ কৰিবলৈ সক্ষম হয়।

তেওঁৰ আৰম্ভণিৰ সহ-শিল্পী আশ্ৰফ খানৰ সৈতে বিবাহপাশত আবদ্ধ হয়; যাৰ সৈতে তেওঁৰ এটি পুত্ৰ সন্তান জন্ম হয়। পিছলৈ তেওঁলোকৰ বিবাহ বিচ্ছেদ হয় আৰু ১৯৪৬ চনত তেওঁ ছোহৰাব মোডীক বিয়া কৰায়। মোদীয়ে তেওঁক ঐতিহাসিক ছবি ঝান্সী কি ৰাণীৰ (১৯৫৩) মূল চৰিত্ৰৰ বাবে বাচনি কৰে। কিন্তু দৰ্শনীয় দৃশ্য আৰু আড়ম্বৰপূৰ্ণ চেট থকাৰ পিছতো বক্স অফিচত ছবিখনে মুখ থেকেচা খায়।৩ মোডীৰ সময় বড়া বলৱানত (১৯৬৯) চৰিত্ৰ-শিল্পী হিচাপে অভিনয় কৰাৰ বাদে ১৯৫৩ চনৰ পিছত তেওঁ অভিনয় এৰি দিয়ে। ১৯৯৭ চনৰ ১০ এপ্ৰিলত মুম্বাইত তেওঁৰ মৃত্যু হয়।

কৰ্মজীৱন

ডব্লিউ এম খানৰ সৈতে মেহতাবে তেওঁৰ প্ৰাৰম্ভিক ছবি কমাল-ই-শ্বামশ্বিৰত (১৯৩০) অভিনয় কৰে। ছবিখন তেওঁৰ মাকৰ এক্সেলচিয়াৰ ফিল্ম কোম্পানীয়ে প্ৰযোজনা কৰিছিল।২ এই সময়ছোৱাৰ তেওঁৰ আন আন ছবিসমূহৰ ভিতৰত আছে হামাৰা হিন্দুস্তান (১৯৩০), এইখন এখন নিৰ্বাক ছবি, য'ত ৰুবি মায়াৰ্ছ, জাল মাৰ্চেণ্ট আৰু মজহৰ খানে অভিনয় কৰিছিল। তেওঁ সাৰদা ফিল্ম কোম্পানীৰ প্ৰযোজনাত, বিভিন্ন পৰিচালকৰ নিৰ্দেশনাত বহু কেইখনত ছবিত অভিনয় কৰে, মূলতঃ একচন ভূমিকাত।অৱশেষত ১৯৩২ চনত তেওঁ ইণ্ডিয়ান আৰ্ট প্ৰডাকচনৰ বেনাৰত বীৰ কুনাল ছবিত আশ্ৰফ খানৰ বিপৰীতে নায়িকাৰ ভূমিকাত অভিনয় কৰে। এইজন অভিনেতা আশ্ৰফ খানৰ সৈতে তেওঁৰ বিয়া হৈছিল আৰু বিবাহ বিচ্ছেদো হৈছিল।২ ইয়াৰ পিছত তেওঁ ভিন্ন ভিন্ন বেনাৰত অভিনয় কৰি যায়, যাৰ ভিতৰত আছে চন্দুলাল শাহৰ ৰঞ্জিত মোভীটোনৰ জয়ন্ত দেশাই পৰিচালিত আৰু বিলিমোৰিয়া অভিনীত ভোলা শিকা (১৯৩৩); বাবুভাই জানী পৰিচালিত আৰু নবীন চন্দ্ৰ অভিনীত ৰণচণ্ডী। লগতে তেওঁ ১৯৩৭ চনত জদ্দানবায়ে পৰিচালনা কৰা মোতী কা হাৰ আৰু জীৱন স্বপ্না নামৰ দুখন ছবিতো অভিনয় কৰে।৪

ব্যক্তিগত জীৱন

মুছলমান মেহতাবে ১৯৪৬ চনৰ ২৮ এপ্ৰিলত পাৰ্চী ছোহৰাব মোদীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৫ মেহতাবৰ মতে এই বিবাহত মোডীৰ পৰিয়ালৰ অনুমোদন নাছিল।১ এইখন মেহতাবৰ দ্বিতীয়খন বিবাহ আছিল। লগতে আছিল পূৰ্বৰ স্বামী আশ্ৰফ খানৰ ফালৰ পৰা আঠ বছৰীয়া পুত্ৰ সন্তান ইছমাইল। মোডীৰ সৈতে বিয়াত বহিবলৈ তেওঁৰ চৰ্ত আছিল যে পুত্ৰ ইছমাইল তেওঁলোকৰ লগত থাকিব। মোদীয়ে তেওঁৰ প্ৰাক্তন স্বামীৰ সৈতে ইছমাইলৰ বিষয়ে কথা পাতিছিল আৰু সেইমতে ল’ৰাটো মেহতাবৰ সৈতে থাকিল। ৪৬ বছৰীয়া মোডী মেহতাবতকৈ বিশ বছৰে ডাঙৰ আছিল আৰু নাচিম বানুৰ সৈতে তেওঁৰ সম্পৰ্ক শেষ কৰিছিলহে মাত্ৰ।৬ মেহতাব আৰু মোদীৰ যুগ্মজীৱনৰ চিহ্ন স্বৰূপে মেহেল্লী নামৰ এটা সন্তান আছিল; যাক তেওঁলোকে পাৰ্চী হিচাপে ডাঙৰ-দীঘল কৰিছিল। ১৯৮৪ চনৰ ২৮ জানুৱাৰীত, ৮৫ বছৰ বয়সত ছোহৰাব মোদীৰ মৃত্যু হয়। ১৯৯৭ চনৰ ১০ এপ্ৰিলত মহাৰাষ্ট্ৰৰ মুম্বাইত মেহতাবৰ মৃত্যু হয় আৰু তেওঁক মুম্বাইৰ মেৰিন লাইনৰ বড়া কবৰস্তান সমাধিস্থ কৰা হয়।২

তথ্যসূত্ৰ

  1. ↑ Yesteryear actress Mehtab remembers her husband Sohrab Modi. cineplot.com. Cineplot.com
  2. ↑ Mehtab-biography. cinegems.in. Cinegems.in
  3. ↑ B D Garga. (1 December 2005). Art Of Cinema. Penguin Books Limited. পৃ. 57–. ISBN 978-81-8475-431-5
  4. ↑ Person Detail-Mehtab. citwf.com. Alan Goble
  5. ↑ Founders-Sohrab Modi. Film and TV Guild India
  6. ↑ D. P. Mishra; India. Ministry of Information and Broadcasting. Publications Division. (1 September 2006). Great masters of Indian cinema: the Dadasaheb Phalke Award winners. Publications Division, Ministry of Information and Broadcasting, Govt. of India. ISBN 978-81-230-1361-9

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীউৰ্দু চলচ্চিত্ৰৰ অভিনেত্ৰীভাৰতৰ নিৰ্বাক চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেহতাব (অভিনেত্ৰী)” প্ৰবন্ধৰ সংশোধন ৩৮২৬৯৯ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।