ৰসায়নবিদ
৩১ প্ৰবন্ধ
-
আইজাক নিউটন
ছাৰ আইজাক নিউটন (২৫ ডিচেম্বৰ ১৬৪২ – ২০ মাৰ্চ ১৭২৬/২৭) আছিল এগৰাকী ইংৰাজ বহুবিশাৰদ ( Polymath), আৰু তেখেত এগৰাকী গণিতজ্ঞ, পদাৰ্থবিদ, জ্যোতিৰ্বিজ্ঞানী, অপৰসায়নবিদ (alchemist), ধৰ্মতাত্ত্বিক, আৰু লেখক হিচাপে অৱদান আগবঢ়াই গৈছে।
-
মেৰী কুৰী
মেৰী স্ক্লডভ্স্কা-কুৰী (Maria Salomea Skłodowska-Curie, চমুকৈ মেৰী কুৰী বা মেডাম কুৰী) পোলেণ্ডৰ এগৰাকী পদাৰ্থবিদ তথা ৰসায়নবিদ। জীৱনৰ বেছিভাগ সময় ফ্ৰান্সত কৰ্মৰত এইগৰাকী মহিলা তেজস্ক্ৰিয়তা বিষয়ক অগ্ৰগামী গৱেষণাৰ বাবে বিখ্যাত।
-
আলফ্ৰেড ন'বেল
আলফ্ৰেড বাৰ্ণাড ন'বেল (Alfred Bernhard Nobel; ২১ অক্টোবৰ ১৮৩৩ – ১০ ডিচেম্বৰ ১৮৯৬) এজন চুইডিছ ৰসায়নবিদ, অভিযন্তা, উদ্ভাৱক আৰু অস্ত্ৰ উৎপাদনকাৰী আছিল। তেখেতে ডিনামাইটৰ উদ্ভাৱন কৰিছিল। ন'বেলে ব'ফ'ৰ্ছ নামৰ লো আৰু তীখা কাৰখানটো কিনি লৈ তাক টোপ আৰু আন অস্ত্ৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানলৈ ৰূপান্তৰ কৰিছিল।
-
চি এন আৰ ৰাও
চিন্তামণি নাগেশা ৰামচন্দ্ৰ ৰাও (চি. এন. আৰ. ৰাও হিচাপে প্ৰখ্যাত; Chintamani Nagesa Ramachandra Rao; ಚಿಂತಾಮಣಿ ನಾಗೇಶ ರಾಮಚಂದ್ರ ರಾಯ; জন্ম: ৩০ জুন ১৯৩৪) হৈছে এজন বিখ্যাত ভাৰতীয় ৰসায়নবিজ্ঞানী। তেওঁ মুখ্যতঃ কঠিন-অৱস্থা আৰ গাঁথনিক ৰসায়ন (structural chemistry) বিষয়ত কৰ্মৰত।
-
মাইকেল ফেৰাডে
মাইকেল ফেৰাডে (Michael Faraday) (২২ ছেপ্তেম্বৰ, ১৭৯১ - ২৫ আগষ্ট, ১৮৬৭) এজন প্ৰখ্যাত ব্ৰিটিছ বিজ্ঞানী। তেওঁক প্ৰধানকৈ বিদ্যুত চুম্বকত্ব আৰু বিদ্যুত ৰসায়নৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে জনা যায়। তেওঁৰ প্ৰধান আৱিষ্কাৰ সমূহ হ'ল বিদ্যুত চুম্বকীয় আৱেশ, দ্বিচুম্বকত্ব(Diamagnetism),আৰু বিদ্যুত বিশ্লেষণ।
-
লুই পেষ্ট'ৰ
লুই পেষ্ট'ৰ (Louis Pasteur) (,; ডিচেম্বৰ ২৭, ১৮২২ – ছেপ্তেম্বৰ ২৮, ১৮৯৫) এজন ফৰাচী ৰসায়নবিদ আৰু অণুজীৱবিদ। তেওঁ প্ৰতিষেধকৰ তত্ত্ব, কিণ্বন (microbial fermentation) আৰু পেষ্টুৰাইজেচন (pasteurization)ৰ উদ্ভাৱনৰ বাবে বিখ্যাত।
-
প্ৰফুল্ল চন্দ্ৰ ৰায়
আচাৰ্য ছাৰ প্ৰফুল্ল চন্দ্ৰ ৰায় ( ২ আগষ্ট ১৮৬১ – ১৬ জুন ১৯৪৪) এগৰাকী ভাৰতীয় ৰসায়ন বিজ্ঞানী, শিক্ষাবিদ, ইতিহাসবিদ, উদ্যোগপতি আৰু জনহিতৈষী ব্যক্তি আছিল।
-
অসীমা চেটাৰ্জী
অসীমা চেটাৰ্জী (২৩ ছেপ্টেম্বৰ ১৯১৭ – ২২ নৱেম্বৰ ২০০৬) এগৰাকী ভাৰতীয় জৈৱ ৰসায়ন বিজ্ঞানী। তেওঁ জৈৱ ৰসায়ন আৰু উদ্ভিদ ৰসায়নৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে জনাজাত। তেওঁ বিশেষকৈ ভিংকা এলকালয়ডৰ ওপৰত কৰা গৱেষণাৰ বাবে বিখ্যাত।
-
আকিৰা য়শ্বিন'
আকিৰা য়শ্বিন এগৰাকী জাপানী ৰসায়নবিদ। তেওঁ বৰ্তমান আছাহি কাছেই সংগঠনৰ সদস্য আৰু মেইজ' বিশ্ববিদ্যালয়ৰ অধ্যাপক। তেওঁ লিথিয়াম আয়ন বেটেৰীৰ উদ্ভাৱক। এই বেটেৰী বৰ্তমান ম'বাইল ফোন, নোটবুক, লেপটপ, গাড়ী ইত্যাদি সকলোতে ব্যৱহাৰ কৰা হয়। তেওঁ জন বেনিষ্টাৰ গুডএনাফ আৰু এম.
-
উপেন্দ্ৰনাথ ব্ৰহ্মচাৰী
ৰায় বাহাদুৰ ছাৰ উপেন্দ্ৰনাথ ব্ৰহ্মচাৰী (Sir Upendranath Brahmachari; ১৯ ডিচেম্বৰ ১৮৭৩ – ৬ ফেব্ৰুৱাৰী ১৯৪৬) আছিল এগৰাকী বিজ্ঞানী, অধ্যাপক আৰু ভাৰতৰ চিকিৎসা ক্ষেত্ৰৰ এগৰাকী স্মৰণীয় চিকিৎসক।
-
জিন-পিয়েৰী চাওভেজ
জিন-পিয়েৰী চাওভেজ (Jean-Pierre Sauvage) (জন্ম: ২১ অক্টোবৰ, ১৯৪৪) এজন ফ্ৰেন্স ক'অৰ্ডিনেচন ৰসায়ন বিজ্ঞানী। তেওঁ ষ্ট্ৰাছবাৰ্গ বিশ্ববিদ্যালয়ত অধ্যাপনা কৰে। তেওঁ এজন অতিআণৱিক ৰসায়ন বিশেষজ্ঞ।
-
জেমছ ফ্ৰাছাৰ ষ্টদদাৰ্ট
ছাৰ জেমছ ফ্ৰাছাৰ ষ্টদদাৰ্ট (Sir James Fraser Stoddart) (জন্ম: ২৪ মে, ১৯৪২ তেওঁ অতিআণৱিক ৰসায়ন আৰু নেন'প্ৰযুক্তি ক্ষেত্ৰত বহুতো অৱদান আগবঢ়াইছে। তেওঁ আণৱিক ব'ৰ'মীন ৰিং, কেটেনেন আৰু আণৱিক চিনাক্তকৰণত ৰোটেক্সেনৰ ব্যৱহাৰ আৰু ইয়াৰ আণৱিক চেল্ফএচেম্বলি আদিৰ দৰে অতি উপযোগী যান্ত্ৰীকভাৱে সংযুক্ত আণৱিক…
-
জে’মচ্ ৱাট
জে’মচ্ ৱাট (JAMES WATT.) হৈছে এগৰাকী বৈজ্ঞানিক।
-
ইনামুল হক
ইনামুল হক (ইংৰাজী: Inamul Haque) অসমৰ এগৰাকী প্ৰসিদ্ধ ৰসায়ন বিজ্ঞানী৷ অসমৰ কটন মহাবিদ্যালয়, শিৱসাগৰ মহাবিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত তেওঁ শিক্ষকতা কৰিছিল৷ ১৯৬৮ চনত তেওঁ লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা স্পেকট্ৰ’স্কপি বিষয়ত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰে৷
-
এম. ষ্টেনলী হুইটটিনগাম
মাইকেল ষ্টেনলী হুইটটিনগাম এগৰাকী ইংৰাজ ৰসায়নবিদ। তেওঁ ষ্টেট ইউনিভাৰ্চিটি অফ নিউয়ৰ্কৰ অধীনত বিনগামটন বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু মেটেৰীয়েল ৰিচাৰ্ছ আৰু মেটেৰীয়েল চাইন্স আৰু প্ৰকৌশল প্ৰগ্ৰেমৰ দুয়ো প্ৰতিষ্ঠানৰ নিৰ্দেশক। তেওঁ লিথিয়াম আয়ন বেটেৰীৰ উন্নতি সাধনৰ বাবে বিশেষ ভাবে জনাজাত।
-
এলেক্সি একিম'ভ
এলেক্সি একিম'ভ (Alexey Ekimov, Алексей Екимов; জন্ম: ১৯৪৫) এগৰাকী ৰাছিয়ান কঠিন অৱস্থা পদাৰ্থবিজ্ঞানী আৰু নেন'পদাৰ্থ গৱেষণাৰ অগ্ৰণী বিজ্ঞানী। ১৯৮১ চনত তেওঁ ভাভিলভ ষ্টেট অপটিকেল ইনষ্টিটিউটত গৱেষণা কৰি থকাৰ সময়তে কোৱাণ্টাম ডট নামেৰে জনাজাত অৰ্ধপৰিবাহী নেন'স্ফটিক আৱিষ্কাৰ কৰে।
-
ফ্ৰেণ্ডলিব ফাৰ্ডিনাণ্ড ৰংগ
ফ্ৰেণ্ডলিব ফাৰ্ডিনাণ্ড ৰংগ (৮ ফেব্ৰুৱাৰী ১৭৯৪ - ২৫ মাৰ্চ ১৮৬৭) এগৰাকী জাৰ্মান বিশ্লেষণ ৰসায়ন বিজ্ঞানী। তেওঁ চকুৰ পিউপিলৰ বিস্তাৰণ চিনাক্ত কৰিছিল। ইয়াৰ লগতে তেওঁ বেলাডনা গছৰ ৰসৰ কাৰ্য, চাহ আৰু কফিত থকা কেফাইনৰ চিনাক্ত আৰু প্ৰবালৰ পৰা প্ৰথম এনিলিন ব্লু নামৰ নীলা ৰঞ্জক পদাৰ্থ নিষ্কাশন কৰিছিল।
-
বিনয় কুমাৰ শইকীয়া
ড॰ বিনয় কুমাৰ শইকীয়া (Binoy Kumar Saikia) এগৰাকী ভাৰতীয় বিজ্ঞানী। তেওঁ বৰ্তমান অসমৰ যোৰহাটত অৱস্থিত উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানৰ কয়লা ৰসায়ন বিভাগৰ জ্যেষ্ঠ বিজ্ঞানী।
-
মুঞ্জী বাৱেণ্ডি
মুঞ্জী বাৱেণ্ডি (Moungi Bawendi, منجي الباوندي; জন্ম: ১৫ মাৰ্চ ১৯৬১) এগৰাকী আমেৰিকান–টিউনিছিয়ান–ফৰাচী ৰসায়নবিদ। বৰ্তমান তেওঁ মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন'লজিৰ লেষ্টাৰ উল্ফ আসনৰ অধ্যাপক। তেওঁ ঘাইকৈ উচ্চমানৰ কোৱাণ্টাম ডটৰ ৰাসায়নিক উৎপাদনৰ অগ্ৰগতিৰ বাবে জনাজাত।
-
যমুনা কৃষ্ণণ
যমুনা কৃষ্ণণ (জন্ম: ২৫ মে' ১৯৭৪) এগৰাকী ভাৰতীয় অজৈৱ ৰসায়নবিজ্ঞানী। তেওঁ ২০১৪ চনৰ আগষ্ট মাহৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগো বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক পদত অধিষ্ঠিত হৈ আছে।
-
আলবেৰুণী
আবু ৰায়হান আল-বিৰুনি বা আবু ৰায়হান মহম্মদ ইবনে আহমদ আলবিৰুণী (৯৭৩–১০৪৮), সাধাৰণতে আলবেৰুণী নামেৰে জনাজাত, ইছলামিক সোণালী যুগৰ এজন খোৱাৰেজমিয়ান ইৰাণী পণ্ডিত আৰু বহুবিদ্যাবিশাৰদ আছিল।
-
জন ডেল্টন
জন ডেল্টন (John Dalton) হৈছে এজন ইংৰাজ ৰসায়নবিদ, পদাৰ্থবিজ্ঞানী আৰু বতৰ বিজ্ঞানী। তেওঁ ৰসায়ন বিজ্ঞানত পাৰমাণৱিক তত্ত্বৰ পৰিচয় দিয়াৰ বাবে, আৰু ৰঙৰ অন্ধত্বৰ ওপৰত তেওঁৰ গৱেষণাৰ বাবে সৰ্বাধিক জনাজাত।
-
ডেভিদ বেকাৰ
ডেভিড বেকাৰ (David Baker; জন্ম: ৬ অক্টোবৰ, ১৯৬২) এজন আমেৰিকীয় জৈৱ ৰসায়নবিদ আৰু গণনামূলক জীৱবিজ্ঞানী৷ তেওঁ প্ৰটিনৰ ডিজাইন আৰু ইয়াৰ ত্ৰিমাত্ৰিক গঠনৰ ভৱিষ্যদ্বাণী কৰা পদ্ধতিটোৰ পথ প্ৰদৰ্শক।
-
তু ইউইউ
তু ইউইউ (; জন্মঃ ৩০ ডিচেম্বৰ ১৯৩০) এগৰাকী চীনা চিকিৎসা বিজ্ঞানী, চিকিৎসা ৰসায়নবিদ আৰু প্ৰশিক্ষক। তেওঁ আৰ্টেমীচিনিন( Artemisinin বা Qinghaosu) আৰু ডাইহাইড্ৰআৰ্টেমীচিনিন (Dihydroartemisinin) আৱিষ্কাৰৰ বাবে আটাইতকৈ বেছি জনপ্ৰিয়।
-
মিহিৰ কান্তি চৌধুৰী
মিহিৰ কান্তি চৌধুৰী (জন্ম: ১৯৪৭) এজন ভাৰতীয় অজৈৱ ৰসায়নবিদ তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ ভূতপূৰ্ব উপাচাৰ্য।তেওঁ ডাই হাইড্ৰজেনৰ যৌগ সংশ্লেষণ আৰু ধাতু আৰু অধাতুৰ ফ্লৰিন যৌগৰ অধ্যয়নৰ বাবে জনাজাত। তেওঁ বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ আৰু ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ নিৰ্বাচিত ফেল'।
-
হেনৰী কেভেণ্ডিছ
হেনৰী কেভেণ্ডিছ( HENRAY CAVENDISH) হৈছে একাধাৰে বিজ্ঞানী, দাৰ্শনিক, ৰসায়নবিদ, আৰু পদাৰ্থবিজ্ঞানী।
-
ডিমিট্ৰী মেণ্ডেলিভ
ডিমিট্ৰী ইভানোভিচ মেণ্ডেলিভ (Дми́трий Ива́нович Менделе́ев; ৮ ফেব্ৰুৱাৰী ১৮৩৪ – ২ ফেব্ৰুৱাৰী ১৯০৭) আছিল এজন ৰাছিয়ান ৰসায়নবিদ, যিজনে পৰ্যাবৃত্ত তালিকা বা মৌলসমূহৰ পৰ্যায়বদ্ধ সূচীৰ আধুনিক ৰূপ প্ৰস্তুত কৰিছিল।
-
পলি লুইজ আৰ্নল্ড
পলি লুইজ আৰ্নল্ড ( Poly Louise Arnold; জন্ম: ২৪ জুলাই ১৯৭২) এগৰাকী ব্ৰিটিছ ৰসায়নবিদ যি লৰেন্স বাৰ্কলে নেচনেল লেবৰেটৰীৰ ৰাসায়নিক বিজ্ঞান বিভাগৰ পৰিচালক আৰু বাৰ্কলেৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞানৰ অধ্যাপিকা।
-
মিচিয়ো চুজিমুৰা
মিচিয়ো চুজিমুৰা (Michiyo Tsujimura, 辻村みちよ, ১৭ ছেপ্টেম্বৰ ১৮৮৮ – ১ জুন ১৯৬৯) এগৰাকী জাপানী কৃষি বিজ্ঞানী আৰু জৈৱ ৰসায়নবিদ আছিল। তেওঁৰ গৱেষণাই সেউজীয়া চাহৰ উপাদানসমূহৰ ওপৰত গুৰুত্ব দিছিল। কৃষিক্ষেত্ৰত ডক্টৰেট ডিগ্ৰী লাভ কৰা তেওঁ জাপানৰ প্ৰথম গৰাকী মহিলা আছিল।
-
সীমা ভাটনাগৰ
সীমা ভাটনাগৰ (Seema Bhatnagar; জন্ম: সীমা শ্ৰীবাস্তৱ) হৈছে এগৰাকী ভাৰতীয় বিজ্ঞানী। তেখেতে প্ৰধানকৈ কেন্সাৰবিৰোধী ঔষধ আৱিষ্কাৰৰ ক্ষেত্ৰত কাম কৰি আছে।