অসম সৌৰভ বঁটা বিজয়ী
৮ প্ৰবন্ধ
-
হিমা দাস
হিমা দাস অসমৰ ধিং গাঁৱৰ ভাৰতীয় ট্ৰেক-এণ্ড-ফিল্ড দৌৰবিদ, যি মূলতঃ ৪০০ মিটাৰ স্প্ৰিণ্টত খ্যাত। ২০১৮ চনত তেওঁ এছিয়ান গেমছত ৰূপৰ পদক লাভ কৰাৰ লগতে বিশ্ব পৰ্যায়তো পদক অৰ্জন কৰি ভাৰতীয় এথলেটিক্সত বিশেষ স্থান অধিকাৰ কৰে।
-
নীলপৱন বৰুৱা
নীলপৱন বৰুৱা (Neel Pawan Baruah) (১ জুন, ১৯৩৬ - ২৮ অক্টোবৰ, ২০২২ ) অসমৰ এগৰাকী খ্যাতনামা চিত্ৰশিল্পী। ২০২১ চনত তেওঁক অসম চৰকাৰে ‘অসম সৌৰভ’ বঁটা প্ৰদান কৰে।
-
নয়নমণি শইকীয়া
নয়নমণি শইকীয়া (Nayanmoni Saikia; জন্ম: ২১ ছেপ্টেম্বৰ ১৯৮৮) এগৰাকী ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ল'ন বল খেলুৱৈ। তেওঁ বৰ্তমানলৈকে কমনৱেলথ গেমছৰ তিনিটা সংস্কৰণত ভাৰতক প্ৰতিনিধিত্ব কৰিছে।
-
এলভিছ আলী হাজৰিকা
এলভিছ আলী হাজৰিকা (Elvis Ali Hazarika) ভাৰতৰ এগৰাকী প্ৰাক্তন ৰাষ্ট্ৰীয় পৰ্যায়ৰ অসমীয়া সাঁতোৰবিদ। আঢ়ৈ বছৰ বয়সতে সাঁতুৰিবলৈ আৰম্ভ কৰা হাজৰিকাই ৪ বছৰ বয়সত গুৱাহাটীৰ দীঘলীপুখুৰী সাঁতুৰি পাৰ হৈছিল।
-
কমলেন্দু দেৱ ক্ৰোৰী
কমলেন্দু দেৱ ক্ৰোৰী (Kamalendu Deb Krori, জন্ম ২১ জানুৱাৰী ১৯৩০) এজন ভাৰতীয় তাত্ত্বিক পদাৰ্থবিজ্ঞানী আৰু কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ। তেওঁ ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত সাধাৰণ আপেক্ষিকতাবাদৰ ওপৰত গৱেষণাৰ পথ প্ৰদৰ্শন কৰিছিল৷ তেওঁৰ তত্ত্বাৱধানত ১৬জন গৱেষকে পিএইচডি ডিগ্ৰী লাভ কৰিছে।
-
গিলবাৰ্টছন চাংমা
গিলবাৰ্টছন চাংমা অসমৰ এগৰাকী প্ৰসিদ্ধ ফুটবল খেলুৱৈ।
-
বিনয় কুমাৰ শইকীয়া
ড॰ বিনয় কুমাৰ শইকীয়া (Binoy Kumar Saikia) এগৰাকী ভাৰতীয় বিজ্ঞানী। তেওঁ বৰ্তমান অসমৰ যোৰহাটত অৱস্থিত উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানৰ কয়লা ৰসায়ন বিভাগৰ জ্যেষ্ঠ বিজ্ঞানী।
-
দীপক চান্দ জৈন
দীপক চান্দ জৈন বৰ্তমান মাৰ্কেটিঙৰ ইনছেড অধ্যাপক (ইংৰাজী: INSEAD Chaired Professor)। তেওঁ ২০১১ চনৰ মে' মাহৰ পৰা ২০১৩ চনৰ মাৰ্চ মাহলৈ ইনছেডৰ গুৰু (ডীন- dean) হিচাপে কৰ্মৰত আছিল।