শান্তি স্বৰূপ ভাটনাগৰ বঁটা (Shanti Swarup Bhatnagar Prize for Science and Technology, SSB) আছিল ভাৰতবৰ্ষত বাৰ্ষিকভাৱে বিজ্ঞানৰ বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা বিজ্ঞানীক বৈজ্ঞানিক তথা উদ্যোগিক অনুসন্ধান পৰিষদ (Council of Scientific and Industrial Research, CSIR)-এ প্ৰদান কৰি এক সন্মানীয় বঁটা। আন্তঃবিভাগীয় বিজ্ঞান (Interdisciplinarity science)-ত অৱদানৰ বাবে ভাৰতত আগবঢ়োৱা বঁটাসমূহৰ ভিতৰত এই বঁটাই আটাইতকৈ মৰ্য্যদাপূৰ্ণ বঁটা বুলি গণ্য কৰা হৈছিল।১ এই বঁটা বৈজ্ঞানিক তথা উদ্যোগিক অনুসন্ধান পৰিষদৰ প্ৰতিষ্ঠাপক সঞ্চালক শান্তি স্বৰূপ ভাটনাগৰ (Shanti Swaroop Bhatnagar)-ৰ স্মৃতিত প্ৰতিবছৰে প্ৰদান কৰা হৈছিল।২ এই বঁটা পোনপ্ৰথমবাৰৰ বাবে ১৯৫৮ চনত প্ৰদান কৰা হৈছিল। আৰু অন্তিমবাৰ প্ৰদান কৰা হয় ২০২২ বৰ্ষৰ বাবে।৩
বঁটাসমূহ
এই বঁটা বিজ্ঞানৰ মুলতঃ সাতটা বিষয়ত দিয়া হৈছিল আৰু প্ৰতিবাৰে প্ৰতিটো বিষয়ত সৰ্বাধিক দুজনক বঁটা প্ৰদান কৰা হৈছিল-
- জীৱবিজ্ঞান (Biological Sciences)
- ৰসায়ন বিজ্ঞান (Chemical Sciences)
- ভূ, বায়ুমণ্ডল, মহাসাগৰ আৰু গ্ৰহগতি বিজ্ঞান (Earth, Atmosphere, Ocean and Planetary Sciences)
- অভিযান্ত্ৰিক বিজ্ঞান (Engineering Sciences)
- গণিত (Mathematical Sciences)
- চিকিৎসা বিজ্ঞান (Medical Sciences)
- পদাৰ্থ বিজ্ঞান (Physical Sciences)
বঁটা বিতৰণ
পৰম্পৰাগতভাৱে এই বঁটা প্ৰাপকসকলৰ নাম প্ৰতিবছৰে CSIR প্ৰতিষ্ঠা দিৱস ২৬ ছেপ্টেম্বৰত ঘোষণা কৰা হয়। এই বঁটা ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰে।৪ অন্তিমবাৰৰ বাবে ২০২২ বৰ্ষৰ বাবে বঁটা ঘোষণা প্ৰায় এবছৰ পলম হৈ যোৱাত সেই তাৰিখটোৰ পৰম্পৰা ৰক্ষা হোৱা নাছিল।৫
বঁটা লাভ কৰা অসমীয়া বিজ্ঞানী
| নাম | বৰ্ষ | বিভাগ | কৰ্মস্থান |
|---|---|---|---|
| মিহিৰ কান্তি চৌধুৰী৬ | ১৯৮৯ | ৰসায়ন বিজ্ঞান | উপাচাৰ্য, তেজপুৰ বিশ্ববিদ্যালয়,অসম |
| জিতেন্দ্ৰনাথ গোস্বামী৭ | ১৯৯৪ | ভূ, বায়ুমণ্ডল, মহাসাগৰ আৰু গ্ৰহগতি বিজ্ঞান | Physical Research Laboratory, আহমেদাবাদ |
| ভূপেন্দ্ৰ নাথ গোস্বামী৮ | ১৯৯৫ | ভূ, বায়ুমণ্ডল, মহাসাগৰ আৰু গ্ৰহগতি বিজ্ঞান | ইণ্ডিয়ান ইন্সিটিউট অব ট্ৰপিকেল মেটিয়োৰলজি, পুনে |
| প্ৰশান্ত গোস্বামী৯ | ২০০১ | ভূ, বায়ুমণ্ডল, মহাসাগৰ আৰু গ্ৰহগতি বিজ্ঞান | CSIR-Fourth Paradigm Institute (CSIR-Centre for Mathematical Modelling & Computer Simulation), বেংগালুৰু |
| বিনয় কুমাৰ শইকীয়া১০ | ২০২১ | ভূ, বায়ুমণ্ডল, মহাসাগৰ আৰু গ্ৰহগতি বিজ্ঞান | উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান, যোৰহাট |
বাহ্যিক সংযোগ
- Awardees for the period 1958 − 1998
- Awardees for 2000
- Awardees for 2002
- Awardees for 2003
- Awardees for 2004 and 2005
- Awardees for 2006
- Awardees for 2007 and 2008
- Awardees for 2009 and 2010
- Awardees for 2011
- Awardees for 2012
- Awardees for 2013
- Awardees for 2014
তথ্যসূত্ৰ
- ↑ Press Trust of India. (27 September 2000). 10 scientists nominated for Bhatnagar Awards. Indian Express
- ↑ From the awarding body Council of Scientific and Industrial Research (CSIR)
- ↑ ThePrint. (25 September 2023). No cash prizes with govt’s new science honour ‘Vigyan Puraskar’ — ‘why do scientists need cash prize’. ThePrint
- ↑ ssbprize.gov.in
- ↑ (11 September 2023). After a year’s hold-up, Centre announces top national science prize for young talent. The Indian Express
- ↑ ssbprize.gov.in/Content/Detail.aspx?AID=430
- ↑ ssbprize.gov.in/Content/Detail.aspx?AID=467
- ↑ ssbprize.gov.in/Content/Detail.aspx?AID=466
- ↑ ssbprize.gov.in/Content/Detail.aspx?AID=468
- ↑ Desk, Sentinel Digital. (2021-09-26). After 20 Years Assamese Scientist Receives Shanti Swarup Bhatnagar Award - Sentinelassam
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শান্তি স্বৰূপ ভাটনাগৰ বঁটা” প্ৰবন্ধৰ সংশোধন ৬২৯১০৩ (১৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।