ভাৰতৰ ইতিহাসবিদ
১৪ প্ৰবন্ধ
-
অমলেন্দু গুহ
ড॰ অমলেন্দু গুহ (জন্ম ৩০ জানুৱাৰী ১৯২৪- ৭ মে' ২০১৫) অসমৰ এগৰাকী বাওঁপন্থী মতাদৰ্শৰ খ্যাতনামা ইতিহাসবিদ, সমাজবিদ, কবি আৰু সাহিত্যিক পেঞ্চনাৰ আছিল। তেওঁ দৰং কলেজৰ অৰ্থনীতি বিভাগৰ অধ্যাপক আছিল আৰু দিল্লীৰ ইণ্ডিয়ান স্কুল অব্ ইণ্টাৰনেচনেল ষ্টাডিজৰ পৰা পিএইচ.ডি ডিগ্ৰী লাভ কৰিছিল।
-
ৰমিলা থাপাৰ
ৰমিলা থাপাৰ (Romila Thapar; জন্ম: ৩০ নৱেম্বৰ, ১৯৩১) হ'ল এগৰাকী ভাৰতীয় ইতিহাসবিদ। তেওঁৰ অধ্যয়নৰ মুখ্য ক্ষেত্ৰ হৈছে প্ৰাচীন ভাৰতৰ ইতিহাস, য'ত তেওঁ আগৰেপৰা প্ৰতিষ্ঠিত। থাপাৰ নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাচীন ইতিহাস বিভাগৰ অধ্যাপক, এমিৰিটা।
-
পদ্মনাথ ভট্টাচাৰ্য বিদ্যাবিনোদ
পদ্মনাথ ভট্টাচাৰ্য বিদ্যাবিনোদ (১৮৬৮-১৯৩৮) এজন ভাৰতীয় ইতিহাসবিদ৷ তেওঁৰ জন্ম চিলেটত (এতিয়াৰ বাংলাদেশত)৷ তেওঁ ঘাইকৈ প্ৰাচীন কামৰূপৰ বিষয়ে গৱেষণা কৰিছিল৷ তেওঁ অসমৰ এজন আগশাৰীৰ সংস্কৃত পণ্ডিত হোৱাৰ লগতে কামৰূপ অনুসন্ধান সমিতিৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য আছিল৷ তেওঁ কটন কলেজত অধ্যাপনা কৰিছিল৷ তেওঁৰ…
-
প্ৰফুল্ল মহন্ত
ড০ প্ৰফুল্ল মহন্ত (Prafulla Mahanta ১৯৪১-২০২২) অসম, ভাৰতৰ এগৰাকী লেখক, চিন্তাবিদ, ইতিহাসকাৰ, ঔপন্যাসিক, সমাজ বিজ্ঞানী, আৰু অধ্যাপক। অসমৰ জাতীয় সত্তা, মধ্যবিত্ত আৰু জনজাতীয় শ্ৰেণীৰ ইতিহাস আৰু বাস্তৱতা সম্বন্ধে বিস্তৃত আলোচনাৰ লগতে কিছুসংখ্যক গৱেষণামূলক গ্ৰন্থও তেখেতে লিখি থৈ গৈছে৷ ১৯৬০ চনত…
-
হৰপ্ৰসাদ শাস্ত্ৰী
হৰপ্ৰসাদ শাস্ত্ৰী (ইংৰাজী: Hara Prasad Shastri, বাংলা: হব়প্ৰসাদ শাস্ত্ৰী; ৬ ডিচেম্বৰ ১৮৫৩ – ১৭ নৱেম্বৰ ১৯৩১) আছিল এগৰাকী ভাৰতীয় শিক্ষাবিদ, সংস্কৃত পণ্ডিত, সংৰক্ষণবিদ আৰু বাংলা সাহিত্যৰ ইতিহাসবিদ। বাংলা সাহিত্যৰ আদিম জ্ঞাত উদাহৰণ চৰ্যাপদ আৱিষ্কাৰ কৰাৰ বাবে তেওঁ বেছিকৈ পৰিচিত।
-
উমা চক্ৰৱৰ্তী
উমা চক্ৰৱৰ্তী(Uma Chakravarti, (জন্ম-২০ আগষ্ট, ১৯৪১)) হৈছে এগৰাকী ভাৰতীয় ইতিহাসবিদ আৰু চলচ্চিত্ৰ-নিৰ্মাতা৷ ১৯৮০ৰ দশকৰ পৰাই উমা চক্ৰৱৰ্তীয়ে ভাৰতীয় ইতিহাস সম্বন্ধে লিখিবলৈ লয়৷ তেখেতে লিংগ, জাতি আৰু সামাজিক শ্ৰেণীক আধাৰ হিচাপে লৈ বেছিভাগ লেখা লিখিবলৈ আৰম্ভ কৰে৷ তেখেতে সাতখনকৈ গ্ৰন্থ প্ৰকাশ কৰে৷…
-
গোৱিন্দ চন্দ্ৰ পাণ্ডে
গোৱিন্দ প্ৰসাদ পাণ্ডে (Govind Chandra Pande; জন্ম: ৩০ জুলাই, ১৯২৩ – ২১ মে’, ২০১১) এগৰাকী প্ৰতিষ্ঠিত ভাৰতীয় পণ্ডিত, দাৰ্শনিক আৰু বুৰঞ্জীবিদ। তেওঁৰ সৃষ্টিশীল সাহিত্য সম্ভাৰে বৈদিক আৰু বৌদ্ধ যুগক প্ৰতিনিধিত্ব কৰে।
-
ইৰফান হবিব
ইৰফান হবিব এজন ভাৰতীয় বুৰঞ্জীবিদ, ভাৰতীয় পৌৰাণিক আৰু মধ্যযুগীয় ইতিহাসৰ ওপৰত তেওঁৰ দখল আছে তথা এই বিষয়ত অৱদান আগবঢ়াই আহিছে। তেওঁ হিন্দুত্ব আৰু ইছলামী মৌলবাদৰ বিৰুদ্ধে তেওঁৰ শক্তিশালী স্থিতিৰ বাবে জনাজাত।
-
কমলা সাংকৃত্যায়ন
কমলা সাংকৃত্যায়ন (Kamala Sankrityayan; ১৫ আগষ্ট ১৯৩০ – ২৫ অক্টোবৰ ২০০৯) আছিল বিংশ শতিকাৰ এগৰাকী ভাৰতীয় সাহিত্যিক, সম্পাদিকা আৰু হিন্দী তথা নেপালী সাহিত্যৰ পণ্ডিত। তেওঁ প্ৰখ্যাত বুৰঞ্জীবিদ ৰাহুল সাংকৃত্যায়নৰ পত্নী আছিল।
-
টেৰেছা আলবুকাৰ্ক
টেৰেছা আলবুকাৰ্ক (নী ম'ৰায়েছ; ১৯৩০ – জুন ২০১৭) এগৰাকী ভাৰতীয় ইতিহাসবিদ আছিল। তেওঁ গোৱান প্ৰবাসী সমাজ আৰু বোম্বেৰ ঔপনিৱেশিক ইতিহাস বিষয়ত বিশেষজ্ঞতা অৰ্জন কৰিছিল।
-
নিৰোদ কুমাৰ বৰুৱা
ড° নিৰোদ কুমাৰ বৰুৱা এগৰাকী অসমীয়া ইতিহাসবিদ। বিগত শতিকাৰ তথা গোপীনাথ বৰদলৈৰ সময়ৰ অসমৰ ইতিহাস অধ্যয়নৰ ক্ষেত্ৰত তেখেত এজন লেখত ল’বলগীয়া ব্যক্তি। ১৯৩৬ চনত অসমৰ নগাঁৱত জন্মগ্ৰহণ কৰা বৰুৱাই কটন কলেজ আৰু বেনাৰস হিন্দু বিশ্ব বিদ্যালয়ত অধ্যয়ন কৰিছিল।
-
পাপিয়া ঘোষ
পাপিয়া ঘোষ (Papiya Ghosh) এগৰাকী দক্ষিণ এছিয়াৰ ইতিহাসৰ ইতিহাসবিদ আৰু ভাৰতৰ পাটনা বিশ্ববিদ্যালয় অধ্যাপক আছিল। ২০০৬ চনৰ ৩ ডিচেম্বৰত তেওঁক বৃদ্ধ গৃহ সহায়িকা মালতী দেৱীৰ সৈতে হত্যা কৰি থোৱা অৱস্থাত পোৱা গৈছিল, এই ঘটনা মূলতঃ চুৰিৰ চেষ্টাৰ ফলত হৈছিল। ঘোষ জাতিগতভাৱে এগৰাকী বাঙালী।
-
সঞ্জীৱ সান্যাল
সঞ্জীৱ সান্যাল (Sanjeev Sanyal) এজন ভাৰতীয় অৰ্থনীতিবিদ, লেখক আৰু জনপ্ৰিয় ইতিহাসবিদ। তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদৰ সদস্য, আৰু ২০১৭ চনৰ পৰা আৰম্ভ হোৱা ভাৰতৰ অৰ্থনৈতিক জৰীপৰ ছটা সংস্কৰণ প্ৰস্তুত কৰাত তেখেতে সহায় কৰিছে।
-
সাজ আগৰৱাল
সাজ আগৰৱাল (জন্ম: ১৯৬১) এগৰাকী পুনে স্থিত ভাৰতীয়-ইংৰাজী লেখিকা, জীৱনীকাৰ, মৌখিক ইতিহাসবিদ, স্বতন্ত্ৰ গৱেষক আৰু শিল্পী। সিন্ধী হিন্দুসকলৰ সংস্কৃতি, ঐতিহ্য আৰু ভাৰত বিভাজনৰ অভিজ্ঞতা নথিভুক্ত কৰাৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত। তেওঁৰ লিখনী আৰু শিল্পকলাত ব্যংগ আৰু বিদ্ৰূপাত্মক শৈলীৰ প্ৰাধান্য দেখা যায়।