অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পদুমী গাজলু

পদুমী গাজলু (Padumi Gajlu) হৈছে অসম, ভাৰতৰ এগৰাকী সাহিত্যিক, শিক্ষয়িত্ৰী, কবি আৰু চিত্ৰশিল্পী। বোকাখাতৰ এটি শ্ৰমিক পৰিয়ালত জন্মগ্ৰহণ কৰা পদুমী গাজলুৱে পৰৱৰ্তী সময়ত কলিকতাৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ শান্তিনিকেতনৰ পৰা বাতিক শিল্পত প্ৰশিক্ষণ লৈছিল আৰু এনে প্ৰশিক্ষণ গ্ৰহণ কৰা তেখেতেই আছিল চাহ…

হালনাগাদ: ১৯ আগষ্ট ২০২৬ ৬১৯ শব্দ · ৩ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

পদুমী গাজলু (Padumi Gajlu) হৈছে অসম, ভাৰতৰ এগৰাকী সাহিত্যিক, শিক্ষয়িত্ৰী, কবি আৰু চিত্ৰশিল্পী। বোকাখাতৰ এটি শ্ৰমিক পৰিয়ালত জন্মগ্ৰহণ কৰা পদুমী গাজলুৱে পৰৱৰ্তী সময়ত কলিকতাৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ শান্তিনিকেতনৰ পৰা বাতিক শিল্পত১ প্ৰশিক্ষণ লৈছিল আৰু এনে প্ৰশিক্ষণ গ্ৰহণ কৰা তেখেতেই আছিল চাহ জনগোষ্ঠীৰ প্ৰথমগৰাকী মহিলা।২ তেখেত চাহ জনগোষ্ঠীৰ প্ৰথমগৰাকী চিত্ৰশিল্পী।৩১ শিক্ষকতাৰ লগতে সাহিত্য-চৰ্চাতো সমপৰিমাণে মনোনিৱেশ কৰা পদুমী গাজুলুৱে 'সেউজীয়া সোণ', 'কাঁচা ঘামেৰ ভিজা আঁচেল' আদিৰ দৰে প্ৰবন্ধ-সংকলন লিখি উলিওৱাৰ লগতে 'কাঁশীফুল', 'নৱোদয়'ৰ দৰে একুৰিমান গ্ৰন্থৰ সম্পাদনা কৰিছে। অসমৰ বিভিন্ন কাকত-আলোচনীত তেখেতৰ দ্বাৰা লিখিত প্ৰায় শতাধিক প্ৰবন্ধ প্ৰকাশিত হৈছে। অসমৰ ভাষা-সাহিত্য আৰু বিশেষকৈ চাহ-জনগোষ্ঠীক নিজৰ অৱদানেৰে সমৃদ্ধ কৰাৰ বাবে গাজলুক সাহিত্যিক পেঞ্চনাৰ হিচাপে স্বীকৃতি দিয়াৰ লগতে এপিপিএল টাটা আইকন বঁটাৰ দৰে একাধিক বঁটা-সন্মানেৰে সন্মানীত কৰা হৈছে। পদুমী গাজলু হৈছে চাহ-জনগোষ্ঠীৰ প্ৰথমগৰাকী সাহিত্যিক পেঞ্চনাৰ।৩

জন্ম আৰু শিক্ষা

১৯৫২ চনত বোকাখাতৰ বৰচাপৰি চাহ বাগিচাত পদুমী হাজলুৰ জন্ম হৈছিল। তেখেতৰ জন্ম হৈছিল এটা শ্ৰমিকৰ পৰিয়ালত। পিতৃৰ নাম আছিল আদিৰাম গাজলু।১ মাতৃৰ নাম আছিল নিৰজা গাজলু।৩ ১৯৬৯ চনত সদৌ অসম ভিত্তিত আয়োজন কৰা 'মহাত্মা গান্ধী' শীৰ্ষক ৰচনা প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰে।২ বিদ্যালয়ত পঢ়ি থকাৰ পৰাই গাজলু সাহিত্য আৰু সংস্কৃতিৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল।

কৰ্মজীৱন

১৯৭৬ চনত স্নাতক চূড়ান্ত বৰ্ষৰ শিক্ষাগ্ৰহণ কৰি থকাৰ কালতেই পদুমী গাজলুৱে কলিকতাৰ বিশ্বভাৰতী শান্তি নিকেতনত১ ৰূপাংকৰ কলাৰ দুবছৰীয়া পাঠ্যক্ৰম সফলতাৰে শেষ কৰিছিল। এনে পাঠ্যক্ৰম গ্ৰহণ কৰা আৰু শেষ কৰা পদুমী গাজলুৱেই হৈছে চাহ জনগোষ্ঠীৰ প্ৰথমগৰাকী মহিলা। ১৯৮১ চনত গাজলুৱে বোকাখাতৰ ৰজাবাৰী হাইস্কুলত 'ক্ৰাফট্ ডিজাইন'২ বিষয়ৰ শিক্ষয়িত্ৰী হিচাপে কৰ্ম-জীৱনৰ পাতনি মেলিছিল। একেটা সময়তে তেখেতে শিল্প-সাহিত্যৰ চৰ্চাও অব্যাহত ৰাখে।

চিত্ৰশিল্পী হিচাপে

শান্তিনিকেতনৰ পৰা শিক্ষালাভ কৰি অসমলৈ উভতি অহা পদুমী গাজলুয়ে অসমৰ চাহ জনগোষ্ঠীৰ পৰা অনেক সমল সংগ্ৰহ কৰে। ইয়াৰ লগতে অসমৰ চাহ জনগোষ্ঠীৰ শিল্প-সংস্কৃতিৰ গৱেষণাও কৰিছিল। তেখেতে বেণু মিশ্ৰ, পুলক গগৈ আদি বিশিষ্ট অসমীয়া চিত্ৰশিল্পীৰ দিক্-দৰ্শন আৰু অনুপ্ৰেৰণা লাভ কৰে আৰু বাতিক চিত্ৰত চাহ জনগোষ্ঠীৰ পৰম্পৰাগত আৰ্হি বা ডিজাইনবোৰক তুলি ধৰিবৰ প্ৰয়াস কৰে। বিদ্যালয়ত শিক্ষকতা কৰি থকাৰ লগতে পদুমী গাজলুৱে চাহ জনগোষ্ঠীৰ কিশোৰ-কিশোৰী আৰু মহিলাসকলক সংগঠিত কৰি ক্ৰাফট ডিজাইন, বাটিক আৰ্ট, আল্পনা ডিজাইন আদি শিকায়।১

সাহিত্যিক জীৱন

১৯৭০ চনৰ পৰাই পদুমী গাজলুৱে অসমৰ ভিন্ন কাকতত লেখা-মেলা কৰিবলৈ আৰম্ভ কৰিছিল। তেখেতে কবিতা, প্ৰবন্ধ আদিৰে সাহিত্য-চৰ্চাৰ পাতনি মেলে। ৰাজ্যৰ বিভিন্ন কাকত-আলোচনী, স্মৃতিগ্ৰন্থত তেখেতে লিখা শতাধিক প্ৰবন্ধ-ৰচনা আৰু কবিতা প্ৰকাশিত হৈছে। পদুমী গাজলুৰ এই লেখাসমূহ দৈনিক জনমভূমি, নীলাচল, অসম বাণী, আজিৰ অসম, অগ্ৰদূত আদি অসমীয়া কাকতত প্ৰকাশিত হৈছিল। মৃত্যুৰ পূৰ্বৱতী সময়ছোৱাত তেখেতে শিৰীষ আমাৰ কথা নামৰ আলোচনী এখন প্ৰকাশৰ প্ৰস্তুতি চলাই আছিল।২

পদুমী গাজলুৰ কেইখনমান প্ৰবন্ধ-সংকলন হৈছে: 'সেউজীয়া সোণ', 'কাঁচা ঘামেৰ ভিজা আঁচেল' আদি।

আনহাতে তেখেতে সম্পাদনা কৰা কেইখনমান গ্ৰন্থ হৈছে: (স্ব আৰু যুটীয়াভাৱে): 'কাঁশীফুল', 'নৱোদয়', 'চান্দনী', 'বিবিধা', 'কৰম' আদি। তেখেতে প্ৰায় দুকুৰি গ্ৰন্থ আৰু স্মৃতিগ্ৰন্থ সম্পাদনা কৰিছে।২

অন্যান্য

পদুমী গাজলু প্ৰসাৰ ভাৰতীৰ সৈতেও জড়িত হৈছিল। প্ৰসাৰ ভাৰতীত তেখেতৰ কথিকা প্ৰচাৰ হৈছিল। ২ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা প্ৰচাৰিত হোৱা চাহ বনুৱাৰ অনুষ্ঠানত তেখেতৰ চাহ বনুৱা শ্ৰমিকৰ জীৱন ধাৰা৩ শীৰ্ষক এই কথিকাখন প্ৰচাৰিত হৈছিল।

পদুমী গাজলু অসম সাহিত্য সভা, চাহ জনগোষ্ঠী সাহিত্য সভা, লেখিকা সমাৰোহ সমিতি, প্ৰয়াস অধ্যয়ন চক্ৰ আদি একাধিক অনুষ্ঠানৰ লগত জড়িত হৈছিল।৩

১৯৯৬-৯৭ চনত তেখেতক অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সমিতিলৈ বিশেষভাৱে আমন্ত্ৰিত কৰি সন্মানীয় সদস্য হিচাপে মনোনীত কৰা হৈছিল।৩

ব্যক্তিগত জীৱন

পদুমী গাজলুৱে শ্ৰমিক নেতা ৰুকলাল কুৰ্মীৰ সৈতে যুগ্ম জীৱন আৰম্ভ কৰে। পৰৱৰ্তী সময়ত তেওঁলোক দুটি সন্তানৰ অভিভাৱক হয়।১

বঁটা-বাহন

পদুমী গাজলুৱে বিভিন্ন সময়ত লাভ কৰা বঁটা আৰু সন্মানসমূহ হৈছে:

(১) ৰাজ্যিক মহিলা সংহতি বঁটা, ১৯৭৫ চনত।

(২) এপিপিএল টাটা আইকন বঁটা

(৩) সাহিত্যিক পেঞ্চনাৰ (চাহ জনগোষ্ঠীৰ প্ৰথমগৰাকী সাহিত্য পেঞ্চনাৰ)

(৪) অসম সাহিত্য সভাৰ সেউজী প্ৰকাশ

(৫) অসম প্ৰকাশন পৰিষদৰ সেউজ গ্ৰন্থমেলা

(৬) প্ৰাগ প্ৰেৰণা বঁটা-২০২২

(৭) মেঘালয়ৰ নিউজ প্লাচ চেনেলৰ পৰা জীৱনজোৰা সাধনাৰ বঁটা

(৮) ৰিটি একাডেমীৰ পৰা জীৱনজোৰা সাধনাৰ বঁটা

(৯) অনুপ্ৰেৰণাৰদ্বাৰা জীৱনজোৰা সাধনাৰ বঁটা২

(১০) মেঘৰাজ কৰ্মকাৰ আৰু দেউৰাম তাছা বঁটা, ২০০০ চনত

(১১) দেউৰাম তাছা স্মাৰক বঁটা, ২০২২ চনত। (২০২২ চনৰ ১৮ জুলাইত২ বঁটা গ্ৰহণ কৰাৰ কথা আছিল)

মৃত্যু

২০২২ চনৰ ১৪ জুলাইত১ পদুমী গাজলুৱে উচ্চৰক্তচাপজনিত অসুস্থতাৰ সৈতে যুঁজি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত শেষনিশ্বাস ত্যাগ কৰে।২ মৃত্যুৰ কিছুদিন আগতে অসুস্থতাৰ বাবে তেখেতক এইখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। বোকাখাতৰ লতাবাৰী ৰাজহুৱা শ্মশানত তেখেতৰ শেষকৃত্য সম্পন্ন কৰা হয়।

তথ্যসূত্ৰ

  1. ↑ (Jul 15, 2022). চাহ জনগোষ্ঠীৰ একমাত্ৰ বাতিক চিত্ৰ শিল্পী, সাহিত্যিক পেঞ্চনাৰ, শিক্ষয়িত্ৰী পদুমী গাজলুৰ মৃত্যু. অসমীয়া প্ৰতিদিন
  2. ↑ (১৬ জুলাই ২০২২). বিশিষ্ট শিল্পী, সাহিত্যিক পদুমী গাজলুৰ বিয়োগ. দৈনিক অসম. পৃ. ১ আৰু ৬
  3. ↑ (১৬ জুলাই, ২০২২). চাহ জনগোষ্ঠীৰ প্ৰথম সাহিত্যিক পেঞ্চনাৰ, শিক্ষয়িত্ৰী পদুমী গাজলুৰ মৃত্যু. দৈনিক জনমভূমি. পৃ. ৩,৭

সম্পৰ্কিত শ্ৰেণী

অসমীয়া সাহিত্যিকচিত্ৰশিল্পীকবিপ্ৰবন্ধকাৰচাহ জনগোষ্ঠীৰ ব্যক্তিঅসমৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পদুমী গাজলু” প্ৰবন্ধৰ সংশোধন ৬২৯৩০১ (১৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।