ভাৰতৰ প্ৰধানমন্ত্ৰী
১৭ প্ৰবন্ধ
-
নৰেন্দ্ৰ মোদী
নৰেন্দ্ৰ দামোদৰদাস মোদী (Narendra Damodardas Modi, জন্ম: ১৭ ছেপ্তেম্বৰ, ১৯৫০) বা চমুকৈ নৰেন্দ্ৰ মোদী হৈছে ভাৰতবৰ্ষৰ ১৫তম আৰু বৰ্তমানৰ প্ৰধানমন্ত্ৰী। তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ এজন জ্যেষ্ঠ নেতা। ২০০১ৰ পৰা ২০১৪ চনলৈকে সুদীৰ্ঘ ১৩ বছৰ ধৰি তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰীৰ পদত আছিল।
-
জৱাহৰলাল নেহৰু
জৱাহৰলাল নেহৰু (Jawaharlal Nehru; ১৪ নৱেম্বৰ ১৮৮৯ - ২৭ মে' ১৯৬৪) স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল। তেওঁ প্ৰধানমন্ত্ৰী পদত একেৰাহে ১৭ বছৰলৈ কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ এগৰাকী প্ৰখ্যাত লেখক তথা ৰাজনীতিবিদ আছিল। ১৯৫৫ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ সৰ্ব্বোচ্চ সন্মান ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰে।
-
ইন্দিৰা গান্ধী
ইন্দিৰা গান্ধী (Indira Gandhi; ১৯১৭–১৯৮৪) ভাৰত প্ৰথম মহিলা প্ৰধানমন্ত্ৰী, জৱাহৰলাল নেহৰুৰ কন্যা আছিল। তেওঁ লালবাহাদুৰ শাস্ত্ৰী মন্ত্ৰী সভাৰ তথ্য আৰু অনাতাঁৰ মন্ত্ৰী হিচাপে কাৰ্য নিৰ্বাহ কৰিছিল। মহাত্মা গান্ধীৰ আঁচনি ক্ৰমে চৰ্খা সংঘ প্ৰতিষ্ঠাতা আছিল আৰু চৈধ্য বছৰ বয়সত বানৰ সেনা সংগঠন কৰে।
-
ভাৰতৰ প্ৰধানমন্ত্ৰী
ভাৰতবৰ্ষত দেশখনৰ প্ৰকৃত কাৰ্যবাহী শাসকজনেই হ’ল প্ৰধানমন্ত্ৰী। সংসদৰ সংখ্যাগৰিষ্ঠ দলৰ নেতাজনক ৰাষ্ট্ৰপতিয়ে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে। একে সময়তে প্ৰধানমন্ত্ৰীজন মন্ত্ৰী পৰিষদ, লোকসভা আৰু শাসনাধিষ্ট দলৰো নেতা হয়। প্ৰধানমন্ত্ৰী হ’বলৈ প্ৰথমে তেখেত সাংসদ হ’ব লাগিব।
-
ৰাজীৱ গান্ধী
ৰাজীৱ ৰত্ন গান্ধী (Rajiv Gandhi ভাৰতবৰ্ষৰ ষষ্ঠ প্ৰধানমন্ত্ৰী আছিল (১৯৮৪–১৯৮৯)। তেওঁৰ মাতৃ ইন্দিৰা গান্ধীৰ হত্যাৰ পাছত (৩১ অক্টোবৰ, ১৯৮৪) তেওঁৱেই প্ৰধানমন্ত্ৰীৰ পদৰ দায়িত্ব গ্ৰহণ কৰিছিল। তেওঁ মাত্ৰ ৪০ বছৰ বয়সতে প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হয়।
-
অটল বিহাৰী বাজপায়ী
অটল বিহাৰী বাজপেয়ী (अटल बिहारी वाजपायी; Atal Bihari Vajpayee; জন্ম ২৫ ডিচেম্বৰ ১৯২৪) স্বাধীন ভাৰতৰ ১০ম প্ৰধানমন্ত্ৰী। তেখেত মুঠ তিনিবাৰৰ বাবে, পোনপ্ৰথমবাৰ ১৯৯৬ চনত মাত্ৰ ১৩ দিনৰ বাবে (১৬ মে' ১৯৯৬-১ জুন ১৯৯৬), তাৰপাছত ১৯৯৮ - ১৯৯৯ চনত ১৩ মাহৰ বাবে (১৯ মাৰ্চ ১৯৯৮, দ্বাদশ লোকসভা) আৰু চুড়ান্তভাৱে ১৯৯৯…
-
মনমোহন সিং
ড॰ মনমোহন সিং (ਮਨਮੋਹਨ ਸਿੰਘ;; জন্ম ২৬ চেপ্তেম্বৰ ১৯৩২ আৰু মৃত্যু ২৬ ডিচেম্বৰ ২০২৪) ভাৰতৰ ত্ৰয়োদশ প্ৰধানমন্ত্ৰী। অৰ্থনীতিবিদ ড॰ সিং জৱাহৰলাল নেহৰুৰ পাছতে একেলেথাৰিয়ে দুবাৰ কাৰ্যনিৰ্বাহ কৰা প্ৰথম শিখ প্ৰধানমন্ত্ৰী। মনমোহন সিঙৰ জন্ম হৈছিল গহত (বৰ্তমান পাকিস্তানৰ পঞ্জাৱত)।
-
মোৰাৰজী দেশাই
মোৰাৰজী দেশাই (Morarji Desai, জন্ম:১৮৯৬ - মৃত্যু:১৯৯৫) ভাৰতৰ চতুৰ্থ প্ৰধানমন্ত্ৰী আছিল। তেওঁ ১৯৭৭চনৰ ২৪ মাৰ্চৰ দিনা প্ৰতিষ্ঠা হোৱা নতুন চৰকাৰখনৰ প্ৰধানমন্ত্ৰী হিচাপে ৰাষ্ট্ৰপতি ভৱনৰ অশোক হলৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শপত গ্ৰহণ কৰে।
-
লালবাহাদুৰ শাস্ত্ৰী
লালবাহাদুৰ শাস্ত্ৰী (Lal Bahadur Shastri) (১৯০৪-১৯৬৬) কঠোৰ শ্ৰম, কৰ্তব্যনিষ্ঠা, অসীম অধ্যৱসায়ৰ মাজেৰে নিজক প্ৰতিষ্ঠা কৰি যোৱা এইজন ব্যক্তিয়েই ভাৰতৰ দ্বিতীয় প্ৰধানমন্ত্ৰী হিচাপে শাসন ভাৰ গ্ৰহণ কৰিছিল।
-
পি ভি নৰসিংহ ৰাও
পামুলাপাৰ্তি ভেংকট নৰসিংহ ৰাও (Pamulaparti Venkata Narasimha Rao, তেলেগু: పాములపర్తి వేంకట నరసింహ రావు, ২৮ জুন ১৯২১ – ২৩ ডিচেম্বৰ ২০০৪), আইনজীৱী আৰু ৰাজনীতিবিদ, ১৯৯১-ৰ পৰা ১৯৯৬-লৈকে ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল। ৰাও চৰকাৰে ভাৰতৰ এক গুৰুত্বপূৰ্ণ অৰ্থনৈতিক সংস্কাৰৰ বাবে পদক্ষেপ লয়।
-
চৌধুৰী চৰণ সিং
চৌধুৰী চৰণ সিং (Chaudhary Charan Singh, ২৩ ডিচেম্বৰ ১৯০২ – ২৯ মে' ১৯৮৭) এজন ভাৰতীয় ৰাজনীতিবিদ আৰু স্বাধীনতা সংগ্ৰামী আছিল। তেওঁ ভাৰতৰ পঞ্চম প্ৰধানমন্ত্ৰী আৰু উত্তৰ প্ৰদেশৰ পঞ্চম মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
ভি পি সিং
বিশ্বনাথ প্ৰতাপ সিং (২৫ জুন ১৯৩১ - ২৭ নৱেম্বৰ ২০০৮), সংক্ষিপ্ত ৰূপত ভি পি সিং, এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আছিল, যি ১৯৮৯ চনৰ পৰা ১৯৯০ চনলৈ ভাৰতৰ ৭ম প্ৰধানমন্ত্ৰী আছিল আৰু মান্দাৰ ৪১তম ৰাজা বাহাদুৰ। তেওঁ ভাৰতৰ একমাত্ৰ প্ৰধানমন্ত্ৰী যিয়ে পূৰ্বতে ৰজাৰ পদত অধিষ্ঠিত আছিল।
-
চন্দ্ৰ শেখৰ
চন্দ্ৰ শেখৰ সিং (১৭ এপ্ৰিল ১৯২৭ – ৮ জুলাই ২০০৭) এজন ভাৰতীয় ৰাজনীতবিদ আৰু দেশৰ অষ্টম প্ৰধান মন্ত্ৰী আছিল। কোনোধৰণৰ চৰকাৰী বিভাগ নচলোৱাকৈ দেশৰ প্ৰধান মন্ত্ৰী হোৱা তেওঁ ভাৰতৰ একমাত্ৰ ৰাজনীতিবিদ। তেওঁৰ দ্বাৰা শাসিত চৰকাৰখনক "পুতলা" অথবা "দুৰ্ভগীয়া" বুলি অভিহিত কৰা হৈছিল।
-
এইচ ডি দেৱেগৌড়া
এইচ ডি দেৱেগৌড়া (Haradanahalli Doddegowda Deve Gowda; জন্ম: ১৮ মে' ১৯৩৩) এজন ভাৰতীয় ৰাজনৈতিক নেতা। তেখেতে ভাৰতৰ একাদশ প্ৰধানমন্ত্ৰী (১ জুন ১৯৯৬ – ২১ এপ্ৰিল ১৯৯৭) আছিল। তেখেত ইয়াৰ আগতে ১৯৯৪ৰ পৰা ১৯৯৬লৈ কৰ্ণাটকৰ চতুৰ্দশ মুখ্যমন্ত্ৰী আছিল।
-
ইন্দৰ কুমাৰ গুজৰাল
ইন্দৰ কুমাৰ গুজৰাল (৪ ডিচেম্বৰ ১৯১৯ – ৩০ নৱেম্বৰ ২০১২) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেতা আৰু ভাৰতৰ দ্বাদশ প্ৰধানমন্ত্ৰী। তেওঁ ১৯৯৭ চনৰ এপ্ৰিল মাহৰ পৰা ১৯৯৮ চনৰ মাৰ্চ মাহলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত আছিল। ইযাৰ আগতে তেওঁ ভাৰতৰ বিত্তমন্ত্ৰী আৰু বিদেশ মন্ত্ৰীৰ পদটো অধিষ্ঠিত আছিল।
-
গুলজাৰিলাল নন্দা
গুলজাৰিলাল নন্দা (Gulzarilal Nanda; ৪ জুলাই ১৮৯৮ – ১৫ জানুৱাৰী ১৯৯৮) আছিল ভাৰতৰ এগৰাকী ৰাজনৈতিক নেতা তথা অৰ্থনীতিবিদ। ১৯৬৪ চনত জৱাহৰলাল নেহৰু আৰু ১৯৬৬ চনত লালবাহাদুৰ শাস্ত্ৰীৰ মৃত্যুৰ বাবে তেখেত দুবাৰকৈ ভাৰতৰ ভাৰপ্ৰাপ্ত প্ৰধানমন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল।
-
ভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকা
ভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাত ১৫ আগষ্ট, ১৯৪৭ তাৰিখে ভাৰত স্বাধীন হোৱাৰ দিনাৰে পৰা বৰ্তমানলৈ দেশৰ প্ৰধানমন্ত্ৰীৰ আসন অলংকৃত কৰা ব্যক্তিসকলৰ নাম সন্নিবিষ্ট কৰা হৈছে। বৰ্তমানলৈ ভাৰতত মুঠ তেৰখন লোকসভা গঠন কৰা হৈছে আৰু চৈধ্যগৰাকী ব্যক্তিয়ে প্ৰধানমন্ত্ৰীৰ বাব পাইছে।