নিলয় দত্ত (Nilay Dutta; সম্পূৰ্ণ নাম: নিলয়ানন্দ দত্ত) অসমৰ এগৰাকী বিশিষ্ট আইনবিদ, মানৱাধিকাৰ কৰ্মী, জাতীয়তাবাদী গণ সংগ্ৰামী, আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ক্ৰিকেট আম্পায়াৰ, ক্ৰীড়া সংগঠক আৰু সুলেখক আছিল। ১২৩ ২০২১ চনৰ ১৯ ছেপ্টেম্বৰ তাৰিখে কৰ্ণাটকৰ বেংগালুৰুৰ সমীপৰ কুৰ্গ নামৰ ঠাইত তেওঁৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। মৃত্যু পৰ্য্যন্ত তেওঁ অৰুণাচল প্ৰদেশৰ মহাবিধক্তা হিচাপে কাৰ্যনিৰ্বাহৰত আছিল।৪ পূৰ্বতে তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ এগৰাকী জ্যেষ্ঠ অধিবক্তা আছিল।৫
জন্ম আৰু শিক্ষাজীৱন
নিলয় দত্তৰ জন্ম হৈছিল ১৯৫৩ চনৰ ১৬ ডিচেম্বৰ তাৰিখে বৰ্তমান কামৰূপ (মহানগৰ) জিলাৰ গুৱাহাটী মহানগৰীৰ উজানবজাৰ অঞ্চলত। তেওঁৰ পিতৃ আছিল ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱী, শিক্ষাবিদ, দাৰ্শনিক, অধ্যাপক ভৱানন্দ দত্ত আৰু মাতৃ আছিল বিশিষ্ট শিক্ষাবিদ-সাহিত্যিক ড॰ নীলিমা দত্ত।১ গুৱাহাটীৰে জালুকবাৰীত ডাঙৰ-দীঘল হোৱা৬ আৰু সৰুতে পিতৃহাৰা হোৱা নিলয় দত্তই গুৱাহাটীৰ ডনবস্ক' স্কুলৰ পৰা ৰাজ্যৰ ভিতৰতে ষষ্ঠ স্থান লাভ কৰি মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়।৭ ইয়াৰ পিছত তেওঁ কটন বিশ্ববিদ্যালয়ৰ পৰা পুনৰ ৰাজ্যৰ ভিতৰত চতুৰ্থ স্থান লাভ কৰি প্ৰি-ইউনিভাৰ্ছিটি পৰীক্ষাত উত্তীৰ্ণ হৈ স্নাতক পৰ্য্যায়ৰ শিক্ষাৰ বাবে দিল্লীৰ ছেইণ্ট ষ্টিফেনছ কলেজত অৰ্থনীতি বিষয়ত নামভৰ্তি কৰে।৭
ছেইণ্ট ষ্টিফেনছ মহাবিদ্যালয়ত অধ্যয়নৰত অৱস্থাতে তেওঁ সাম্যবাদী ভাৱাদৰ্শৰ প্ৰতি আকৃষ্ট হৈ নক্সালবাদী আন্দোলনত যোগ দিয়ে।১৩৬ 'মাৰ্ক্সবাদৰ আদৰ্শ এটা ঘৰত আছিলেই' বুলি উল্লেখ কৰা নিলয় দত্তই তেওঁ পিতৃ ভৱানন্দ দত্তই লাভ কৰা স্বৰ্ণ পদক পাৰ্টী কাৰ্যালয়ত জমা দিছিল।৬ নক্সাল আন্দোলনত জড়িত হৈ তেওঁ ৰঙিয়াৰপৰা লখিমপুৰ পৰ্য্যন্ত আঞ্চলিক সমিতিৰ সম্পাদকৰ পদত আছিল। পৰৱৰ্তী সময়ত এই অপৰাধত তেওঁ লখিমপুৰ জিলাৰ ধলপুৰত আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰ হৈছিল। ইয়াৰ পিছত আৰক্ষীয়ে গহপুৰ থানালৈ লৈ অহা নিলয় দত্ত প্ৰায় এবছৰ কাল কাৰাৰুদ্ধ হৈ আছিল।৬
ছেইণ্ট ষ্টিফেনছ কলেজ এৰি অহাৰ পিছত কাৰাগাৰৰ পৰা মুকলি হৈ তেওঁ কটন মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগত ভৰ্তি হৈ ১৯৭৫ চনত সন্মান সহ প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি স্নাতক ডিগ্ৰী লাভ কৰে।৭ স্নাতক শিক্ষাৰ পিছত তেওঁ স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্ত্তি কৰে যদিও এজন অধ্যাপকৰ সৈতে হোৱা বিতণ্ডাৰ বাবে সেয়া আধৰুৱা অৱস্থাতে সাং কৰে।৬ ইয়াৰ পিছতে তেওঁ কিছুদিনৰ বাবে নিউ বেংক অৱ ইণ্ডিয়াত কাম কৰে, আৰু পিছলৈ অসম কো-অপাৰেটিভ এপেক্স বেংকৰ পাণবজাৰ শাখাত সহকাৰী প্ৰবন্ধক হিচাপে যোগদান কৰে।৭ এই সময়ছোৱাতে তেওঁ গুৱাহাটীৰ চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান দখল কৰি আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে।৭
কৰ্মজীৱন
আইনজীৱী আৰু মানৱাধিকাৰ কৰ্মী হিচাপে
নিলয় দত্তই ১৯৮৩ চনৰ মাৰ্চ মাহত গুৱাহাটী উচ্চ ন্যায়ালয়ত ওকালতি আৰম্ভ কৰে।৬ ১৯৯৯ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰা জ্যেষ্ঠ অধিবক্তালৈ উন্নীত হোৱা নিলয় দত্তই ২০০১-২০০২ চনৰ সময়ছোৱাত অসমৰ অতিৰিক্ত মহাধিবক্তা২৫ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পিছত ২০০৪ চনৰ পৰা ২০০৬ চনলৈ নগালেণ্ডৰ মহাধিবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। পিছত ২০০৮-২০১২ চনৰ কালছোৱাত তেওঁ অৰুণাচল প্ৰদেশৰ মহাধিবক্তা নিযুক্ত হয়। ২০১৬ চনত তেওঁ দ্বিতীয়টো কাৰ্যকালৰ বাবে অৰুণাচল প্ৰদেশৰ মহাধিবক্তা নিযুক্ত হৈ আমৃত্যু সেই পদত কাৰ্যনিৰ্বাহ কৰিছিল।৬৭
কেৱল আইনজীৱী হিচাপেই নহয়, মানৱাধিকাৰ কৰ্মী হিচাপেও নিলয় দত্ত সক্ৰিয় আছিল। অসমত মানৱ অধিকাৰ সংগ্ৰাম সমিতি গঠনত আগভাগ লোৱাৰ অপৰাধত তেওঁ ১৯৯২ চনত হিতেশ্বৰ শইকীয়া নেতৃত্বাধীন অসম চৰকাৰৰ কাৰ্য্যকালত ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ হৈছিল।৬৫ ১৯৯০-ৰ দশকত অসমত সংঘটিত অপাৰেশ্যন বজৰং আৰু অপাৰেশ্যন ৰাইন'ৰ সময়ত সামৰিক বাহিনীৰ দ্বাৰা অসমত হোৱা ব্যাপক হাৰৰ মানৱ অধিকাৰ উলংঘনৰ বিষয়সমূহ ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰক্ষেপ কৰাত তেওঁ বিশেষ ভূমিকা গ্ৰহণ কৰিছিল।১ সেই উদ্দেশ্যেৰে তেওঁ দিল্লীত সংবাদ মেল অনুষ্ঠিত কৰি উত্থাপন কৰিছিল। স্মৰ্তব্য যে, উক্ত সংবাদ মেলৰ পিছতে তেওঁক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত কাৰাৰুদ্ধ কৰা হৈছিল।১
উল্লেখনীয় যে, মাজতে কিছুদিনৰ বাবে তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ত ওকালতি আৰম্ভ কৰিছিল যদিও অসমৰ প্ৰতি থকা মোহৰ বাবে সেয়া চমু কৰি পুনৰ গুৱাহাটী উচ্চ ন্যায়ালয়লৈ প্ৰত্যাৱৰ্তন কৰিছিল।৮ উচ্চতম ন্যায়ালয়ত কৰ্মৰত কালতে নিলয় দত্তই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা তেহেলকা কাণ্ডৰ ন্যায়িক গোচৰত তদানীন্তন প্ৰতিৰক্ষা মন্ত্ৰী জৰ্জ ফাৰ্নাণ্ডেজৰ হৈ ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰিছিল।৬
ক্ৰীড়া সংগঠক হিচাপে
নিলয় দত্ত এগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট আম্পায়াৰ আছিল।২ ১৯৯০ চনৰ ৫ ডিচেম্বৰ তাৰিখে পুনেত অনুষ্ঠিত ভাৰত আৰু শ্ৰীলংকাৰ ক্ৰিকেট দল দুটাৰ মাজত অনুষ্ঠিত এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচখনত তেওঁ আম্পায়াৰৰ দায়িত্ব বহন কৰিছিল।৯ সুৰেণ ৰাম ফুকনৰ পিছত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচত আম্পায়াৰিং কৰা তেওঁ মাত্ৰ দ্বিতীয়গৰাকী অসমীয়া।৫ আনহাতে ১৯৯৪ চনত গুৱাহাটীত অনুষ্ঠিত নিউজিলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচত দত্তই টিভি আম্পায়াৰৰ দায়িত্ব পালন কৰিছিল।৬ অৱশ্যে, শাৰীৰিক অসুস্থতাজনিত জটিলতাৰ বাবে পিছলৈ তেওঁ আম্পায়াৰৰ দায়িত্বৰ পৰা অব্যাহতি লয়।
১৯৯৪-১৯৯৬ চনৰ কালছোৱাত গুৱাহাটী ক্ৰীড়া সন্থাৰ সভাপতিৰ পদত কাৰ্যনিৰ্বাহ কৰা নিলয় দত্তই অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্বনৰ ক্লাৱ লাইচেঞ্চিং এপেলেট ট্ৰিবিউনেলৰ উপাধ্যক্ষৰূপেও দায়িত্ব পালন কৰিছিল। ২০১৬-২০১৯ বৰ্ষত অসম ক্ৰিকেট সন্থাৰ উপ-সভাপতিৰূপে কাৰ্যনিৰ্বাহ কৰা দত্তই ২০১৮ চনত ৮ ছেপ্টেম্বৰৰ পৰা ২০১৯ চনৰ ১২ জানুৱাৰী পৰ্যন্ত সেই সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব পালন কৰিছিল।২১০
আইনজ্ঞ হিচাপে
২০১৩ চনত ভাৰতৰ উচ্চতম ন্যায়ালয়ে ভাৰতীয় ক্ৰিকেট কনট্ৰ'ল ব'ৰ্ডৰ দ্বাৰা পৰিচালিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) প্ৰতিযোগিতাত সংঘটিত স্পট-ফিক্সিং আৰু বে'টিং (জুৱা) কেলেংকাৰীৰ তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ মুকুল মুদগলৰ নেতৃত্বত গঠন কৰি দিয়া তিনিজনীয়া বিশেষজ্ঞ কমিটিৰ এগৰাকী সদস্য আছিল নিলয় দত্ত। কমিটিৰ তৃতীয়জন সদস্য আছিল ভাৰতৰ অতিৰিক্ত মহাধিবক্তা এল নাগেশ্বৰ ৰাও।১০১১১
২০১৯ চনত কেন্দ্ৰীয় চৰকাৰে অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰীকৰণৰ পদক্ষেপ হিচাপে পৰামৰ্শাৱলী প্ৰস্তুত কৰিবলৈ প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত গঠন কৰা ১০ জনীয়া উচ্চ-ক্ষমতাসম্পন্ন সমিতিখনৰ অন্যতম সদস্য আছিল নিলয় দত্ত।৭ তদুপৰি অসম ৰাজ্যিক আইন আয়োগৰ সদস্য হিচাপেও সেৱা আগবঢ়োৱা অসম চৰকাৰে গঠন কৰা আন কেইবাখনো আয়োগৰ সদস্য হিচাপেও দায়বদ্ধতাৰে দায়িত্ব পালন কৰিছিল।২৬
২০২০ চনৰ জানুৱাৰী মাহ পৰ্যন্ত নিলয় দত্তই অসম, নগালেণ্ড, মিজোৰাম, অৰুণাচল প্ৰদেশ আৰু ছিক্কিম বাৰ কাউন্সিলৰ অধ্যক্ষ হিচাপে দায়িত্ব পালন কৰিছিল।৫ গুৱাহাটী হাইক'ৰ্ট বাৰ এছ'চিয়েছনৰ প্ৰাক্তন সভাপতি দত্ত সদৌ অসম উকিল সন্থাৰ উপদেষ্টাৰ পদতো অধিষ্ঠিত হৈছিল।২
মৃত্যু
২০২১ চনৰ ১৮ ছেপ্টেম্বৰ তাৰিখে দক্ষিণ ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ কুৰ্গ নামৰ পৰ্যটনস্থলত নিজৰ আত্মীয়সকলৰ সৈতে ৪৬ তম বিবাহ বাৰ্ষিকী উদযাপনৰ নিশাই নিলয় দত্ত হৃদৰোগত আক্ৰান্ত হয়। ১৯ ছেপ্টেম্বৰৰ পুৱতি প্ৰায় ২.৩০ বজাত তেওঁৰ মৃত্যু হয়।১২১৩১৪১৫ মৃত্যুৰ সময়ত তেওঁ এগৰাকী পুত্ৰ, এগৰাকী কন্যা আৰু পত্নী তথা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ প্ৰাক্তন উপাধ্যক্ষ বিজু চৌধুৰী দত্তক এৰি গৈছে।
তথ্যসূত্ৰ
- ↑ (২০ ছেপ্টেম্বৰ, ২০২১). বিশিষ্ট আইনজীৱী, ক্ৰীড়া সংগঠক নিলয়ানন্দ দত্তৰ মৃত্যু. দৈনিক জনমভূমি. পৃ. ১ আৰু ৮
- ↑ (২০ ছেপ্টেম্বৰ, ২০২১). বিশিষ্ট আইনবিদ, ক্ৰীড়া সংগঠক নিলয় দত্ত আৰু নাই. জি এল পাব্লিকেছনছ প্ৰাইভেট লিমিটেড. পৃ. ১ আৰু ৮
- ↑ (২০ ছেপ্টেম্বৰ, ২০২১). বিশিষ্ট আইনজ্ঞ, মানৱ অধিকাৰ কৰ্মী নিলয় দত্তৰ পৰলোক. পৃ. ১ আৰু ৬
- ↑ Mukut Das. (19 September, 2021). Arunachal Pradesh advocate general Nilay Dutta dies of heart attack. Times of India- TNN
- ↑ (20 September, 2021). Lawyer, sprots administrator Nilay Dutta passes away. Assam Tribune E-paper. পৃ. 1 & 2
- ↑ (২০ ছেপ্টেম্বৰ, ২০২১). বেংগালুৰুত বিবাহ বাৰ্ষিকী উদযাপনৰ পাছতে আকস্মিক মৃত্যু বিশিষ্ট আইনজীৱীৰ,নিলয় দত্তৰ দেহাৱসান. দৈনিক অসম. পৃ. ১ আৰু ২
- ↑ (২০ ছেপ্টেম্বৰ, ২০২১). বিবাহ বাৰ্ষিকী উদযাপনৰ পুৱতি নিশা আকস্মিক বিয়োগ প্ৰথিতযশা আইনজ্ঞ নিলয় দত্তৰ. নিয়মীয়া বাৰ্তা- প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড. পৃ. ১ আৰু ১৩
- ↑ Dissenting IPL probe panel member Nilay Dutta denies cover-up allegations. The Times of India
- ↑ Nilay Dutta. ESPN Cricinfo
- ↑ www.dnaindia.com/sport/report-bihar-cricket-asso
- ↑ (1 September 2014). Supreme Court asks Mudgal committee to complete probe within two months. The Indian Express
- ↑ PTI. (19 September, 2021). Arunachal advocate general Nilay Dutta dies of heart attack at 68. Hindustan Times
- ↑ Digital Desk. (19 September, 2021). Senior Advocate Nilay Dutta passes away. News Live TV- Pride East Entertainment Pvt Ltd
- ↑ (19 September, 2021). Arunachal Advocate General Nilay Dutta Dies at 68. Nagaland Post
- ↑ (19 September, 2021). Advocate General of Arunachal Pradesh Nilay Dutta passes away. NE Now News
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিলয় দত্ত” প্ৰবন্ধৰ সংশোধন ৬১৩৫৫৫ (২২ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।