অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
খেল-ধেমালি

ভাৰতৰ ৰাষ্ট্ৰীয় পুৰুষ ক্ৰিকেট দল

ভাৰতৰ ৰাষ্ট্ৰীয় পুৰুষ ক্ৰিকেট দলটোক "মেন ইন ব্লু" বুলিও জনা যায়। দলটো ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (BCCI) পৰিচালনা কৰে। ই আন্তৰ্জাতিক ক্ৰিকেট পৰিষদৰো (ICC) সদস্য। এই দলটোৱে ভাৰতৰহৈ আন্তৰ্জাতিক স্তৰত এদিনীয়া (ODI), টি-টুৱেণ্টি(T-20) আৰু টেষ্ট ক্ৰিকেট খেলে।

হালনাগাদ: ১৮ আগষ্ট ২০২১ ২৭৮ শব্দ · ২ মিনিট সংগৃহীত ৫৯
সংশোধনৰ পৰামৰ্শ

ভাৰতৰ ৰাষ্ট্ৰীয় পুৰুষ ক্ৰিকেট দলটোক "মেন ইন ব্লু" বুলিও জনা যায়। দলটো ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (BCCI) পৰিচালনা কৰে। ই আন্তৰ্জাতিক ক্ৰিকেট পৰিষদৰো (ICC) সদস্য। এই দলটোৱে ভাৰতৰহৈ আন্তৰ্জাতিক স্তৰত এদিনীয়া (ODI), টি-টুৱেণ্টি(T-20) আৰু টেষ্ট ক্ৰিকেট খেলে।

ভাৰতত ইউৰোপীয়ান ব্যৱসায়ী নাবিক সকলে ক্ৰিকেট খেলৰ আৰম্ভণি কৰিছিল, ১৯৭২ চনত কলিকতাত ভাৰতৰ প্ৰথম ক্ৰিকেট ক্লাব গঠন হৈছিল, আৰু ১৯৩২ চনৰ ২৫ জুন তাৰিখে ল'ৰ্ডছত ভাৰত জাতীয় ক্ৰিকেট দলে প্ৰথম আন্তৰ্জাতিক খেল খেলিছিল। ভাৰতীয় দলটো টেষ্ট ক্ৰিকেট খেলাৰ যোগ্যতা অৰ্জন কৰা ষষ্ঠতম দল। আৰম্ভণিৰ পঞ্চাছ বছৰত দলটো আন্তৰ্জাতিক স্তৰত এটা অতি দুৰ্বল দল আছিল, সেই সময়ছোৱাত খেলা মুঠ ১৯৬খন খেলৰ মাত্ৰৰ ৩৫ খনতহে জয়লাভ কৰিছিল। ১৯৭০ দশকৰ পাছৰ পৰা বেটছমেন সুনীল গাভাস্কাৰ আৰু গুণ্ডাপ্পা বিশ্বনাথ, অল-ৰাউণ্ডাৰ কপিল দেৱ আৰু ভাৰতীয় স্পীনাৰ – ইৰাপল্লী প্ৰসন্ন আৰু শ্ৰীনিৱাস ভেংকটৰাঘৱন (দুয়োজন অফ স্পীনাৰ), ভগৱত চন্দ্ৰশেখৰ (লেগ স্পীনাৰ), আৰু বিষেণ সিং বেদী (বাওঁহতীয়া স্পীনাৰ)ৰ দৰে খেলুৱৈৰ অৱদানত দলটো ক্ৰমে শক্তিশালী হবলৈ আৰম্ভ কৰে। সাধাৰণতে ঘৰুৱা খেলপথাৰত শক্তিশালী কিন্তু বাহিৰত দুৰ্বল দলটোৰ প্ৰদৰ্শন একবিংশ শতিকাৰ পৰাহে, অষ্ট্ৰেলিয়া, ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাত টেষ্ট মেচ জয়েৰে, উন্নত হবলৈ আৰম্ভ কৰে। বৰ্তমানলৈকে দলটোৱে দুবাৰকৈ বিশ্বকাপ ক্ৰিকেটত চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰিছে – ১৯৮৩ চনত কপিল দেৱৰ নেতৃত্বত আৰু ২০১১ চনত মহেন্দ্ৰ সিং ধোনিৰ নেতৃত্বত। ২০১১ চনত বিশ্বকাপ জয়েৰে, ৱেষ্ট ইণ্ডিজ আৰু অষ্ট্ৰেলিয়াৰ পাছত একাধিকবাৰ বিশ্বকাপ জয়ী, আৰু ঘৰতে বিশ্বকাপ জয়কৰা প্ৰথম দলৰূপে পৰিগণিত হয়। ধোনিৰ নেতৃত্বত ভাৰতে ২০০৭ চনত আই চি চি পুৰুষ টুৱেণ্টি২০ বিশ্বকাপ আৰু ২০১৩ চনত আইচিচি চেম্পিয়ঞ্চ ট্ৰফী জয় কৰে। ২০০২ চনত ভাৰতে শ্ৰীলংকাৰ লগত যুটীয়াকৈও আইচিচি চেম্পিয়ন ট্ৰফী জয় কৰিছিল।

২০১৫ চনৰ ১ মাৰ্চত, ভাৰতে ICCৰ তালিকাত টেষ্ট ক্ৰিকেটত সপ্তদশ স্থান আৰু এদিনীয়া তথা টি২০ত দ্বিতীয় স্থান লাভ কৰে। বৰ্তমান ভাৰত জাতীয় ক্ৰিকেট দলৰ টেষ্ট ক্ৰিকেটৰ অধিনায়ক বিৰাট কোহলি আৰু এদিনীয়া ক্ৰিকেটৰ অধিনায়ক হৈছে বিৰাট কোহলি।

সম্পৰ্কিত শ্ৰেণী

ভাৰতত ক্ৰিকেট

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতৰ ৰাষ্ট্ৰীয় পুৰুষ ক্ৰিকেট দল” প্ৰবন্ধৰ সংশোধন ২৯১৭৫০ (১৮ আগষ্ট ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।