ভাৰতীয় অধিবক্তা
১৩ প্ৰবন্ধ
-
দুৰ্গাবাঈ দেশমুখ
দুৰ্গাবাঈ দেশমুখ বা লেডী দেশমুখ (Durgabai Deshmukh, ১৫ জুলাই ১৯০৯ – ৯ মে' ১৯৮১) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী, অধিবক্তা, সমাজকৰ্মী আৰু ৰাজনীতিবিদ আছিল। তেওঁ ভাৰতৰ সংবিধান সভা আৰু ভাৰতৰ পৰিকল্পনা আয়োগৰ সদস্য আছিল। মহিলা সৱলীকৰণৰ বাবে তেওঁ ১৯৩৭ চনত অন্ধ্ৰ মহিলা সভা প্ৰতিষ্ঠা কৰিছিল।
-
ৰিণিকি ভূঞা শৰ্মা
ৰিণিকি ভূঞা শৰ্মা (Riniki Bhuyan Sarma) এগৰাকী অধিবক্তা, উদ্যমী, সমাজকৰ্মী আৰু অসমৰ এগৰাকী ব্যৱসায়ী মহিলা। তেওঁ উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ মিডিয়া হাউচ প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ পৰিচালনা সঞ্চালক।
-
অৰুন্ধতী কাট্জু
অৰুন্ধতী কাট্জু (Arundhati Katju, জন্ম: ১৯ আগষ্ট, ১৯৮২) এগৰাকী ভাৰতীয় অধিবক্তা। তেওঁ ভাৰত আৰু নিউয়ৰ্কত আইনৰ অনুশীলন কৰে। তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয় আৰু দিল্লী উচ্চ ন্যায়ালয়ত বহুতো উল্লেখযোগ্য গোচৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ বাবে জনাজাত।
-
কল্পনা দাশ
কল্পনা দাশ (Kalpana Dash; ৭ জুলাই, ১৯৬৬ - ২৩ মে, ২০১৯) এগৰাকী ভাৰতীয় অধিবক্তা আৰু পৰ্বতাৰোহী আছিল। তেওঁ আছিল মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম গৰাকী ওড়িয়া পৰ্বতাৰোহী।
-
মেনকা গুৰুস্বামী
মেনকা গুৰুস্বামী (Menaka Guruswamy, জন্ম: ২৭ নৱেম্বৰ ১৯৭৪) এগৰাকী ভাৰতীয় অধিবক্তা আৰু এলজিবিটি অধিকাৰ কৰ্মী। তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ এগৰাকী স্বীকৃতিপ্ৰাপ্ত জ্যেষ্ঠ অধিবক্তা। তেওঁ ২০১৭ চনৰ পৰা ২০১৯ লৈ নিউয়ৰ্কৰ কলম্বিয়া ল' স্কুলৰ বি.আৰ. আম্বেদকাৰ গৱেষণা বিদুষী আৰু প্ৰবক্তা আছিল।
-
ৰুমা পাল
ন্যায়াধীশ ৰুমা পাল (Ruma Pal) (জন্ম-৩ জুন ১৯৪১) ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন ন্যায়াধীশ। ২০০৬ চনৰ ৩ জুনত তেওঁ অৱসৰ গ্ৰহণ কৰে৷
-
ইন্দিৰা জয়সিংহ
ইন্দিৰা জয়সিংহ (Indira Jaising, জন্ম: ৩ জুন ১৯৪০) এগৰাকী ভাৰতীয় অধিবক্তা তথা মানৱ অধিকাৰ আৰু লিংগসমতা কৰ্মী। ২০০৯ চনত তেওঁ ভাৰতৰ অতিৰিক্ত চলিছিটৰ জেনেৰেল পদত অধিষ্ঠিত হৈছিল। এই পদত নিযুক্তি লাভ কৰা তেওঁ প্ৰথম গৰাকী মহিলা।
-
নিলয় দত্ত
নিলয় দত্ত (Nilay Dutta; সম্পূৰ্ণ নাম: নিলয়ানন্দ দত্ত) অসমৰ এগৰাকী বিশিষ্ট আইনবিদ, মানৱাধিকাৰ কৰ্মী, জাতীয়তাবাদী গণ সংগ্ৰামী, আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ক্ৰিকেট আম্পায়াৰ, ক্ৰীড়া সংগঠক আৰু সুলেখক আছিল।
-
ফাটিমা বিবি
এম. ফাটিমা বিবি (Fathima Beevi; ৩০ এপ্ৰিল ১৯২৭ - ২৩ নৱেম্বৰ ২০২৩) ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ ন্যায়াধীশ। তেওঁ ১৯৮৯ চনৰ ৬ অক্টোবৰ তাৰিখে তেওঁ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল। উচ্চতম ন্যায়ালয়লৈ নিযুক্তি লাভ কৰা তেওঁ প্ৰথম গৰাকী মহিলা।
-
সবিতা বেহেন
সবিতা বেহেন (১৯১৯-২০০৯) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, সমাজকৰ্মী, শিক্ষাবিদ আৰু দ্বিকক্ষীয় ভাৰতীয় সংসদৰ উচ্চ সদন ৰাজ্যসভাৰ প্ৰাক্তন সদস্য আছিল। তেওঁ মহিলা সৱলীকৰণ আৰু লিংগ সমতাৰ অধিবক্তা হিচাপে পৰিচিত আছিল আৰু ১৯৯০ চনত সমতা গণতন্ত্ৰ পৰিষদে তেওঁক বিশ্বৰ ৩৩০০ বিশিষ্ট জীৱিত মহিলাৰ ভিতৰত তালিকাভুক্ত…
-
বানু মুস্তাক
বানু মুস্তাক (Banu Mushtaq) (জন্ম ১৯৪৮) দক্ষিণৰ কৰ্ণাটক ৰাজ্যৰ এগৰাকী ভাৰতীয় সমাজকৰ্মী, অধিবক্তা আৰু সাহিত্যিক। তেওঁ কানাড়া ভাষাত লিখে৷ তেওঁৰ ৰচনাসমূহ উৰ্দু, হিন্দী, তামিল, মালায়ালম আৰু শেহতীয়াকৈ ইংৰাজী ভাষাতো প্ৰকাশ পাইছে।
-
লতিকা সৰকাৰ
লতিকা সৰকাৰ (Lotika Sarkar, ৪ জানুৱাৰী ১৯২৩ – ২৩ ফেব্ৰুৱাৰী ২০১৩) ভাৰতৰ এগৰাকী উল্লেখনীয় নাৰীবাদী, সমাজকৰ্মী, শিক্ষাবিদ আৰু অধিবক্তা আছিল, যি ভাৰতৰ নাৰী অধ্যয়ন আৰু মহিলাৰ অধিকাৰৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছিল৷ ১৯৮০ চনত স্থাপিত দিল্লীৰ চেণ্টাৰ ফৰ ৱমেনছ ডেভেলপমেণ্ট ষ্টাডিজ (চি ডব্লিউ ডি এছ)…
-
শ্বৰীফা হামিদ আলী
শ্বৰীফা হামিদ আলী (Shareefa Hamid Ali, প্ৰায় ১৮৮৩ – ১৯৭১), বেগম হামিদ আলী নামেৰেও পৰিচিত৷ তেওঁ এগৰাকী ভাৰতীয় নাৰীবাদী, জাতীয়তাবাদী, অধিবক্তা আৰু ৰাজনৈতিক ব্যক্তি আছিল। ১৯৩৫ চনত তেওঁ সৰ্বভাৰতীয় মহিলা সন্মিলনৰ