বাদ্যযন্ত্ৰী
২৫ প্ৰবন্ধ
-
ৰবি শংকৰ
ৰবি শংকৰ (Ravi Shankar; ৭ এপ্ৰিল, ১৯২০ – ১১ ডিচেম্বৰ, ২০১২) এজন ভাৰতীয় বঙালী সঙ্গীতজ্ঞ যিজন চেতাৰবাদনত কিংবদন্তীতুল্য শ্ৰেষ্ঠত্বৰ বাবে বিশ্বব্যাপী সুপৰিচিত।
-
প্ৰভাত শৰ্মা
প্ৰভাত শৰ্মা ( Prabhat Sarma; ৭ জুলাই ১৯৩৫ - ২ মাৰ্চ ২০২১) এগৰাকী ভাৰতীয় সংগীতজ্ঞ, বাঁহী বাদক আৰু লোকসংগীতৰ সাধক। তেওঁ ১৯৬০ৰ দশকৰ পৰা ১৯৯০ৰ দশকৰ শেষচোৱালৈকে অসম চৰকাৰৰ তথ্য আৰু গণসংযোগ বিভাগত ষ্টাফ আৰ্টিষ্ট আছিল।
-
অমিত ত্ৰিবেদী
অমিত ত্ৰিবেদী (અમિત ત્રિવેદી) এজন ভাৰতীয় চলচ্চিত্ৰ সংগীত পৰিচালক, সুৰকাৰ, গায়ক আৰু গীতিকাৰ। নাটক আৰু জিংগোল সুৰকাৰ হিচাপে কাম কৰাৰ পাছত বিভিন্ন এলবামত সংগীত পৰিচালনা কৰে। 'আমিৰ' চলচ্চিত্ৰৰ সংগীত পৰিচালক হিচাপে ২০০৮ চনত তেওঁ আত্মপ্ৰকাশ কৰিছিল।
-
বিছমিল্লাহ খান
বিছমিল্লা খান (Bismillah Khan,; ১৯১৬-২০০৬) এগৰাকী ভাৰতীয় সংগীতজ্ঞ যি চেহনাইৰ জনপ্ৰিয়কৰণত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। পৰম্পৰাগত ভাৰতীয় অনুষ্ঠানত চেহনাই বাদন পূৰ্বৰ পৰা কৰি অহা হৈছিল যদিও বিছমিল্লা খানে ইয়াৰ মান উচ্চ কৰি মঞ্চলৈ অনাত সহায় কৰিছিল।
-
পণ্ডিত যশৰাজ
পণ্ডিত যশৰাজ (২৮ জানুৱাৰী ১৯৩০ – ১৭ আগষ্ট ২০২০) প্ৰায় আঠ দশক জোৰা তেওঁৰ সাংগীতিক জীৱনত বহুতো ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। তেওঁ মূলতঃ শাস্ত্ৰীয় আৰু অৰ্ধ শাস্ত্ৰীয় গীতসমূহ বহুতো এলবাম আৰু চলচ্চিত্ৰত সিঁচৰতি হৈ আছে।
-
মঘাই ওজা
মঘাই ওজা (Moghai Ojah; ১৯১৬-১৯৭৮) অসমৰ এজন ঢোল বাদক, লোকশিল্পী তথা সাংস্কৃতিক কৰ্মী আছিল। জন্মসূত্ৰে মঘাই বৰুৱা নাম হ'লেও ঢোল বিদ্যাত তেখেতৰ পাৰদৰ্শিতাৰ বাবে "গণশিল্পী", "মঘাই ওজা" বা "ঢোলৰ যাদুকৰ" নামেৰে প্ৰখ্যাত হৈ পৰে।
-
প্ৰীতম চক্ৰৱৰ্তী
প্ৰীতম চক্ৰৱৰ্তী (Pritam Chakraborty; জন্ম: ১৪ জুন ১৯৭১) জনপ্ৰিয়ভাৱে প্ৰীতম নামেৰেও পৰিচিত৷ তেওঁ এজন ৰাষ্ট্ৰীয় বঁটা বিজয়ী ভাৰতীয় সুৰকাৰ, বাদ্যযন্ত্ৰবাদক, সংগীত প্ৰযোজক আৰু গায়ক।
-
ভূপেন উজীৰ
ভূপেন উজীৰ (Bhupen Uzir) হৈছে অসম, ভাৰতৰ এগৰাকী সংগীত শিল্পী, সুৰকাৰ, বাদ্যযন্ত্ৰী আৰু সংগীত পৰিচালক৷ তেখেতে জীৱন সুৰভি, ব’হাগৰ দুপৰীয়া, প্ৰতিদান, বুকুৰ মাজত জ্বলে, যৌৱনে আমনি কৰে, এই মৰম তোমাৰ বাবেকে ধৰি বিশখনৰো অধিক অসমীয়া ছবিৰ বাবে সংগীত পৰিচালনা কৰিছে৷ ২০২৩ চনত তেখেতক জীৱনজোৰা সাধনাৰ বঁটা…
-
জিতুল সোণোৱাল
জিতুল সোণোৱাল (Jitul Sonowal) এগৰাকী অসমীয়া সংগীত জগতৰ এগৰাকী প্ৰসিদ্ধ গায়ক, গীতিকাৰ, সুৰকাৰ আৰু সংগীত পৰিচালক। তেখেতে বৰ্তমানলৈ বহুকেইটা অসমীয়া জনপ্ৰিয় গীতত নিজৰ কণ্ঠদান কৰিছে। গান গোৱাৰ উপৰিও তেখেতে বিভিন্ন বাদ্যযন্ত্ৰ যেনে গীটাৰ, কীবৰ্ড আদি বজাব পাৰে।
-
দীপক শৰ্মা
দীপক শৰ্মা (Dipak Sarma, ২৩ আগষ্ট, ১৯৬৮ – ৩ নৱেম্বৰ, ২০২৫) অসম, ভাৰতৰ এগৰাকী বাঁহী বাদক। তেওঁ ২০১৩ চনলৈ ৩খন অসমীয়া চলচ্চিত্ৰৰ সংগীত পৰিচালনা কৰাৰ লগতে জী টিভিত সম্প্ৰচাৰিত হোৱা কৰ্ম এণ্ড ৱাজিৰৰ সংগীত পৰিচালনা কৰিছিল।
-
মোহন ভাৱৰীয়া
মোহন ভাইৰা আছিল অসমৰ এজন ঢোল বাদক, লোকশিল্পী তথা সাংস্কৃতিক কৰ্মী। কামৰূপী ঢুলীয়া সংস্কৃতিৰ তেওঁ আছিল এগৰাকী পুৰোধা ব্যক্তি। থিতাতে সংলাপ যুগুত কৰি ব্যংগাত্মক অভিনয়েৰে সমাজৰ বিভিন্ন দিশ উন্মোচন কৰি মনোৰঞ্জন দিয়াৰ লগতে জনসচেতনতাৰ সৃষ্টি কৰাত বিশেষ ভূমিকা লোৱা কামৰূপী ঢুলীয়াৰ চং লোকসমাজত অতি…
-
অনুষ্কা শংকৰ
অনুষ্কা শংকাৰ (জন্ম ১৯৮১ চনৰ ৯ জুন) এগৰাকী ভাৰতীয় চেতাৰবাদক আৰু গীতিকাৰ। তেওঁ পণ্ডিত ৰবি শংকৰৰ জী।
-
ইন্দ্ৰেশ্বৰ শৰ্মা
ইন্দ্ৰেশ্বৰ শৰ্মা (১০ জানুৱাৰী ১৯৩০ - ৯ জুন ২০২০) এগৰাকী ভাৰতীয় সংগীতজ্ঞ, বেহেলাবাদক আৰু সংগীত পৰিচালক আছিল। তেওঁ লক্ষ্ণৌৰ ভাটখাণ্ডে সংগীত মহাবিদ্যালয়ৰ পৰা বেহেলা বাদ্য বিশাৰদ উপাধিৰে বিভূষিত হোৱা প্ৰথমজন অসমীয়া। তেওঁ যোৰহাট সংগীত মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ আছিল।
-
কল্যাণ বৰুৱা
কল্যাণ বৰুৱা অসমৰ এজন গীটাৰবাদক। কল্যাণ বৰুৱাৰ জন্ম ডিব্ৰুগড় জিলাত। বৰুৱাই ১৫০ খনৰো অধিক জনপ্ৰিয় হিন্দী ভাষাৰ বোলছবিত গীটাৰবাদক হিচাপে কাম কৰাৰ লগতে এম টিভিৰ ক’ক ষ্টুডিঅ’, আনপ্লাগ্ড্ৰ দৰে অনুষ্ঠানত গীটাৰবাদন কৰি আহিছে।
-
দ্বিজেন গগৈ
দ্বিজেন গগৈ অসমৰ এজন লোকশিল্পী আৰু লোকবাদ্য নিৰ্মাতা। বিদ্যালয়ত পঢ়ি থকা কালৰ পৰাই ঢোল, পেঁপা আদি বাদ্যবযন্ত্ৰ তৈয়াৰ কৰিবলৈ আৰম্ভ কৰা গগৈয়ে নিজৰ প্ৰচেষ্টাৰে এইপৰ্যন্ত অসমৰ বিভিন্ন জনগোষ্ঠীৰ পয়ষষ্ঠিবিধ লোকবাদ্য বাণিজ্যিকভাৱে তৈয়াৰ কৰি উলিয়াইছে।
-
নন্দ বেনাৰ্জী
নন্দ বেনাৰ্জী (Nanda Banerjee) অসমৰ এগৰাকী সুৰকাৰ, বাদ্যযন্ত্ৰী, সংগীতশিল্পী আৰু সংগীত পৰিচালক আছিল৷ একাধিক তথ্যচিত্ৰ, ধাৰাবাহিক, গীত সংকলনৰ লগতে তেখেতে 'স্নেহবন্ধন', 'জনকনন্দিনী' আদি অসমীয়া চলচ্চিত্ৰত সংগীত পৰিচালক হিচাপে কাম কৰিছিল ৷ শাস্ত্ৰীয় আৰু পাশ্চাত্য সংগীতত বিশেষভাৱে বিচৰণ কৰা…
-
সুনীতা ভূঞা
সুনীতা খাউণ্ড ভূঞা (জন্ম: ২৩ মে' ১৯৭০) এগৰাকী ভাৰতীয় সংগীতশিল্পী আৰু বেহেলাবাদক। তেওঁ বিশেষকৈ বেহেলাত লোক-সংগীত আৰু শাস্ত্ৰীয় সংগীতৰ লগত পাশ্চাত্য সংগীৰ লগত যুক্ত কৰাৰ বাবে বিখ্যাত। তেওঁ সংগীত চিকিৎসা বা মিউজিক থেৰাপীৰ লগতো জড়িত।
-
ই. গায়ত্ৰী
ইছাম্পতি গায়ত্ৰী (Echampati Gayathri) হৈছে পৰম্পৰাগত কৰ্ণাটকী সংগীতৰ এগৰাকী স্বনামধন্য বীণাবাদক, যাক বীণা গায়ত্ৰী বুলিও জনা যায়। তেখেতৰ জন্ম হৈছিল ১৯৫৯ চনৰ ৯ নৱেম্বৰত।
-
ঘনকান্ত বৰা বৰবায়ন
ঘনকান্ত বৰা বৰবায়ন (১৯৫০-) অসমৰ সত্ৰীয়া নৃত্যৰ এগৰাকী প্ৰসিদ্ধ গুৰু। তদুপৰি তেওঁ এগৰাকী বাদক (instrumentalist), কৰিঅ’গ্ৰাফাৰ আৰু লেখক। বৰবায়নে ২০০১ চনত সংগীত নাটক একাডেমী বঁটা আৰু ২০১৩ চনত পদ্মশ্ৰী বঁটা লাভ কৰে।
-
নিদুমোলু সুমথি
নিদুমোলু সুমথি (Nidumolu Sumathi, জন্ম: ১৬ অক্টোবৰ ১৯৫০) বা দণ্ডমুদি সুমথি ৰাম মোহন ৰাও এগৰাকী ভাৰতীয় আনদ্ধ বাদ্যযন্ত্ৰ বাদক। তেওঁ মৃদংগ বাদক হিচাপে বিশেষ পাৰদৰ্শিতা অৰ্জন কৰিছে। তেওঁ মৃদংগ গুৰু শ্ৰী দণ্ডমুদি ৰাম মোহন ৰাওৰ পত্নী।
-
ৰাগিনী ত্ৰিবেদী
ৰাগিনী ত্ৰিবেদী (Ragini Trivedi; জন্ম: ২২ মাৰ্চ ১৯৬০) হৈছে ভাৰতৰ এগৰাকী ধ্ৰুপদী সংগীতশিল্পী। তেখেতে বিচিত্ৰ বীণা, চিতাৰ আৰু জল তৰংগ পৰিৱেশন কৰে। তেখেত মিশ্ৰবাণীৰ এগৰাকী অগ্ৰণী আৰু ওম স্বৰলিপি নামৰ ডিজিটেল স্বৰলিপি প্ৰণালীৰ উদ্ভাৱক।
-
এমিলি আৰ্মষ্ট্ৰং
এমিলি মাৰ্চিয়া আৰ্মষ্ট্ৰং (Emily Marcia Armstrong; জন্ম: ৬ মে', ১৯৮৬) এগৰাকী আমেৰিকান গায়িকা আৰু গীটাৰিষ্ট। তেওঁ ডেড ছাৰাৰ সহ-প্ৰতিষ্ঠাপক আছিল৷ ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত লিংকিন পাৰ্ক পুনৰ সংঘবদ্ধ হোৱা মুহূৰ্তত তেওঁ মুখ্য গায়িকা হিচাপে পৰিচিত হয়৷ বেণ্ডটোৰ এই পুনৰ্মিলন তেওঁলোকৰ দীৰ্ঘদিনীয়া মুখ্য…
-
জ্যোৎস্না শ্ৰীকান্ত
জ্যোৎস্না শ্ৰীকান্ত (Jyotsna Srikanth) এগৰাকী ভাৰতীয় বেহালা বাদক আৰু সুৰকাৰ, কৰ্ণাটকী সংগীত আৰু পাশ্চাত্য শাস্ত্ৰীয় সংগীতৰ এগৰাকী পৰিৱেশক।
-
মনোজ কুমাৰ দাস
মনোজ কুমাৰ দাস (জন্ম ২১ আগষ্ট ১৯৯০) এগৰাকী ভাৰতীয় সংঙ্গীতজ্ঞ। তেওঁ অসমৰ বৰপেটাৰ ঘোৰামাৰাহাটীৰ নিবাসী এগৰাকী আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন খোলবাদক। ২০১৮ চনত অসমৰ পৰম্পৰাগত সংগীত খোলবাদ্যত মনোজ কুমাৰ দাসে বাবে সংগীত নাটক একাডেমীৰ ওস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰ লাভ কৰে।
-
শশীকলা দানী
বিদূষী শশীকলা দানী (ವಿದೂಷಿ ಶಶಿಕಲಾ ದಾನಿ, Vidushi Shashikala Dani) হৈছে ভাৰতীয় হিন্দুস্তানী ধ্ৰুপদী সংগীতৰ এগৰাকী জলতৰংগ বাদক। অল ইণ্ডিয়া ৰেডিঅ'-য়ে এ-গ্ৰেড সন্মান প্ৰদান কৰা ভাৰতৰ খুব কমসংখ্যক জলতৰংগ বাদকসকলৰ ভিতৰত শশীকলা দানী হৈছে অন্যতম।