সুৰকাৰ
২৬ প্ৰবন্ধ
-
চৈয়দ ছাদুল্লা
চৈয়দ ছাদুল্লা (Syed Sadullah) অসমৰ এগৰাকী কণ্ঠশিল্পী, গীতিকাৰ, অভিনেতা, আবৃত্তিকাৰ,সুৰকাৰ তথা অনাতাঁৰ ঘোষক। ১৯৪৮ চনৰ ১ ফেব্ৰুৱাৰীত ডিব্ৰুগড় জিলাত তেওঁ জন্মগ্ৰহণ কৰে। তেওঁ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ এগৰাকী ঘোষক আছিল।
-
নন্দ বেনাৰ্জী
নন্দ বেনাৰ্জী (Nanda Banerjee) অসমৰ এগৰাকী সুৰকাৰ, বাদ্যযন্ত্ৰী, সংগীতশিল্পী আৰু সংগীত পৰিচালক আছিল৷ একাধিক তথ্যচিত্ৰ, ধাৰাবাহিক, গীত সংকলনৰ লগতে তেখেতে 'স্নেহবন্ধন', 'জনকনন্দিনী' আদি অসমীয়া চলচ্চিত্ৰত সংগীত পৰিচালক হিচাপে কাম কৰিছিল ৷ শাস্ত্ৰীয় আৰু পাশ্চাত্য সংগীতত বিশেষভাৱে বিচৰণ কৰা…
-
ৰিচাৰ্ড ৱেগনাৰ
উইলহেম ৰিচাৰ্ড ৱেগনাৰ ( /ˈvɑːɡnər/ ভাগ্নাৰ; Wilhelm Richard Wagner [ˈʁɪçaʁt ˈvaːɡnɐ]; ২২ মে' ১৮১৩ – ১৩ ফেব্ৰুৱাৰী ১৮৮৩) এজন জাৰ্মান সুৰকাৰ, নাট্য পৰিচালক, ৰচনাকাৰ আৰু পৰিচালক আছিল, যি মূলতঃ তেওঁৰ অপেৰা (বা, পিছলৈ তেওঁৰ কিছুমান পৰিপক্ব ৰচনাৰ ক্ষেত্ৰত "সংগীত নাটক")ৰ বাবে পৰিচিত।
-
ইগ'ৰ ষ্ট্ৰাভিন্সকি
ইগ'ৰ ফ্য'ড'ৰভিচ ষ্ট্ৰাভিন্সকি (Игорь Фёдорович Стравинский; ১৭ জুন [অ' এছ ৫ জুন] ১৮৮২ – ৬ এপ্ৰিল ১৯৭১) আছিল এজন ৰাছিয়ান সুৰকাৰ, পৰিচালক আৰু পিয়ানোবাদক, যিয়ে পিছলৈ ফ্ৰান্স (১৯৩৪ চনৰ পৰা) আৰু আমেৰিকাৰ (১৯৪৫ চনৰ পৰা) নাগৰিকত্ব গ্ৰহণ কৰিছিল।
-
ইভেলিন গ্লেনি
ডেম ইভেলিন এলিজাবেথ এন গ্লেনি, (জন্ম ১৯ জুলাই ১৯৬৫) এগৰাকী স্কটলেণ্ডৰ পাৰ্কাচন সংগীতজ্ঞ। ২০১৫ চনত মেৰু সংগীত বঁটা লাভ কৰা দুগৰাকী বিজয়ীৰ ভিতৰত তেওঁ অন্যতম আছিল।
-
এণ্টোনিয়' ভিভাল্ডি
এণ্টোনিয়' লুচিঅ' ভিভাল্ডি (Antonio Lucio Vivaldi; ৪ মাৰ্চ ১৬৭৮ – ২৮ জুলাই ১৭৪১) আছিল এজন ইটালীয়ান বাৰোক যুগৰ সংগীত ৰচয়িতা, বেহালাবাদক, আৰু কেথলিক ধৰ্মগুৰু। তেওঁক বেহালাৰ কনচাৰ্টো বিকাশ কৰাৰ বাবে বিশ্বজুৰি জনা যায়, বিশেষকৈ তেওঁৰ অমৰ সৃষ্টি The Four Seasons ৰ বাবে।
-
গুস্তাভ মাহলাৰ
গুস্তাভ মাহলাৰ (জাৰ্মান: [ˈɡʊstaf ˈmaːlɐ]; ৭ জুলাই ১৮৬০ – ১৮ মে' ১৯১১) আছিল এজন অষ্ট্ৰিয়া-বোহেমিয়ান ৰোমাণ্টিক সুৰকাৰ আৰু তেওঁৰ প্ৰজন্মৰ অন্যতম আগশাৰীৰ সংগীত পৰিচালক।
-
চিয়াৰা মাৰ্গাৰিটা ক’জ’লানি
চিয়াৰা মাৰ্গাৰিটা ক'জ'লানি (জন্ম: ২৭ নৱেম্বৰ ১৬০২ – মৃত্যু: সম্ভৱতঃ ১৬৭৬–১৬৭৮), এগৰাকী বেৰক সংগীত সুৰকাৰ, গায়িকা আৰু বেনেডিক্টাইন নান আছিল। তেওঁ প্ৰাপ্তবয়স্ক জীৱন মিলানৰ চাণ্টা ৰাডেগোণ্ডাৰ কনভেণ্টত ক্লষ্টাৰ কৰি কটায়, য'ত তেওঁ প্ৰাইৰেছ (Prior (ecclesiastical)) আৰু এবেছ (Abbess) হিচাপে কাম কৰিছিল…
-
চো জেন মাৰ্চিং
চো জেন মাৰ্চিং (ইংৰাজী: Soe Tjen Marching; জন্ম: ২৩ এপ্ৰিল ১৯৭১) হৈছে ইণ্ডোনেছিয়াৰ এগৰাকী লেখিকা, শিক্ষাবিদ, সক্ৰিয় কৰ্মী আৰু এভাণ্ট-গাৰ্ড সংগীতৰ এগৰাকী সুৰকাৰ। ১৯৯৮ চনত তেওঁ জাৰ্মান দূতাবাসে আয়োজন কৰা ইণ্ডোনেছিয়ান সমসাময়িক সুৰকাৰৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত জয়লাভ কৰিছিল।
-
ছামিম নাজলী
ছামিম নাজলী ( Shamim Nazli; ১৯৪০ - ২৭ নৱেম্বৰ, ২০১০) আছিল এজন পাকিস্তানী সংগীত পৰিচালক। তেওঁ বাহাৰেইঁ ফিৰ ভি আয়েঁ গি (১৯৬৯) আৰু বিন বাদল বৰছাত (১৯৭৫) আদি চিনেমাৰ বাবে প্লেবেক সংগীত ৰচনা কৰিছিল। তেওঁ প্লেবেক গায়িকা মালাৰ জ্যেষ্ঠ ভগ্নী আছিল।
-
জেমছ পিচ
কেনেথ জেমছ পিচ (ইংৰাজী ভাষা: Kenneth James Peace) ১৯৬৩ চনৰ ২৮ ছেপ্টেম্বৰত পেইছলীত জন্মগ্ৰহণ কৰিছিল। তেওঁ এজন স্কটিছ সুৰকাৰ, সংগীতানুষ্ঠানৰ পিয়ানোবাদক আৰু দৃশ্যশিল্পী।
-
দিগেন মহন্ত
দিগেন মহন্ত( Digen Mahanta) অসমৰ এগৰাকী কণ্ঠশিল্পী। তেওঁ আধুনিক গীত আৰু লোকসংগীতত কণ্ঠদান কৰাৰ উপৰি সুৰাৰোপ কৰাৰ লগতে কথাছবিৰ গীততো কণ্ঠদান কৰিছিল। তেওঁ অসমৰ বিভিন্ন শিক্ষানুষ্ঠানৰ শীৰ্ষগীত প্ৰযোজনা কৰিছিল। তেওঁক “কলংপৰীয়া সংগীত কণ্ঠ’’ উপাধি প্ৰদান কৰা হৈছিল।
-
পিওটাৰ ইলিচ চালইকভস্কি
পিওটাৰ ইলিচ চালইকভস্কি (ইংৰাজী: Pyotr Ilyich Tchaikovsky; ৰাছিয়ান: Пётр Ильи́ч Чайко́вский; জন্ম: ৭ মে ১৮৪০ – মৃত্যু: ৬ নৱেম্বৰ ১৮৯৩) এজন খ্যাতনামা ৰাছিয়ান সংগীতজ্ঞ আৰু ৰোমাণ্টিক যুগৰ অন্যতম মহান গীতিকাৰ আছিল। তেওঁৰ ৰচনাবোৰত গভীৰ আবেগ, অলংকৃত সংগীতবিন্যাস আৰু ৰাছিয়ান লোকধ্বনিৰ সংমিশ্ৰণ দেখা যায়।
-
প্ৰদীপ দহোতীয়া
প্ৰদীপ দহোতীয়া (Pradip Dohutia) হ'ল অসমৰ এগৰাকী গীতিকাৰ, সুৰকাৰ,কণ্ঠশিল্পী,সংগীত পৰিচালক আৰু শাস্ত্ৰীয় সংগীতৰ প্ৰশিক্ষক। লগতে এগৰাকী ভাল বাদ্যশিল্পী তথা গীটাৰ বাদক। সংগীতৰ ক্ষেত্ৰত থকা বিশেষ অৱদানৰ বাবে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ ফালৰ পৰা ২০২৪-২৫ বৰ্ষত নিয়মীয়া শিল্পী পেন্সন লাভ কৰে।
-
ফ্ৰান্জ সুবৰ্ট
ফ্ৰান্জ সুবৰ্ট (Franz Peter Schubert; ৩১ জানুৱাৰী ১৭৯৭ – ১৯ নৱেম্বৰ ১৮২৮) আছিল এগৰাকী অষ্ট্ৰিয়ান সুৰকাৰ। তেওঁ ৰোমান্টিক যুগৰ আৰম্ভণিৰ অন্যতম গুৰুত্বপূৰ্ণ ব্যক্তিত্ব আছিল। তেওঁৰ জীৱনকাল স্বল্প হ'লেও, তেওঁ প্ৰায় ১,৫০০ ৰচনাৰে সংগীতজগত সমৃদ্ধ কৰিছিল।
-
বিয়াট্ৰিচ লুৱেংগো
বিয়াট্ৰিচ লুৱেংগো গঞ্জালেজ (ইংৰাজী: Beatriz Luengo González; জন্ম: ২৩ ডিচেম্বৰ ১৯৮২) এগৰাকী স্পেনিছ সংগীতজ্ঞ, সুৰকাৰ, অভিনেত্ৰী, নৃত্যশিল্পী, গায়িকা আৰু মিয়ামীত থকা এগৰাকী উদ্যমী।
-
বেনিয়ামিন বাহাদোৰী
বেনিয়ামিন বাহাদোৰী হৈছে ইৰানৰ তেহৰাণৰ এগৰাকী ইৰানী পপ কণ্ঠশিল্পী, সুৰকাৰ, গীতিকাৰ আৰু অভিনেতা। তেওঁৰ প্ৰথমটো এলবাম ৮৫ ২০০৬ চনত মুক্তি পাইছিল আৰু ই ইৰানৰ ভিতৰত তথা বিদেশত থকা ইৰানী প্ৰব্ৰজনকাৰীসকলৰ মাজত এক বিশাল ব্যাৱসায়িক সফলতা লাভ কৰিছিল।
-
মোৎজাৰ্ট
উল্ফগাং আমাডেউছ মোৎজাৰ্ট (Wolfgang Amadeus Mozart; ২৭ জানুৱাৰী ১৭৫৬ – ৫ ডিচেম্বৰ ১৭৯১) এজন অষ্ট্ৰিয়ান সংগীতজ্ঞ আৰু গীতিকাৰ আছিল। তেওঁ ধ্ৰুপদী যুগৰ অন্যতম মহান সংগীতকাৰ হিচাপে পৰিগণিত। তেওঁৰ সংগীতৰ প্ৰভাৱ পশ্চিমী সংগীতৰ ইতিহাসত গভীৰভাৱে পৰিলক্ষিত হয়। তেওঁ ৮০০ৰো অধিক গীত ৰচনাৰ কৰিছিল।
-
মৰিয়ম মিৰবাগেৰী
মৰিয়ম মিৰবাগেৰী (ফাৰ্চী: مریم میرباقری; জন্ম ১৮ ফেব্ৰুৱাৰী), তেওঁৰ পেছাদাৰী নাম মাৰিয়ামা হিচাপে বেছি জনাজাত। তেওঁ লছ এঞ্জেলছত বসবাস কৰা এগৰাকী ইৰানী-আমেৰিকান সংগীতজ্ঞ, সংগীত প্ৰবন্ধক আৰু উদ্যোগী।
-
লেডী মেৰী ডেৰিং
লেডী মেৰী ডেৰিং ওৰফে মেৰী হাৰ্ভি, এগৰাকী ব্যাপ্তিষ্ট আৰু তেওঁৰ ৩ ছেপ্টেম্বৰ ১৬২৯ চনত জন্ম আৰু ৭ ফেব্ৰুৱাৰী ১৭০৪ চনত মৃত্যু হৈছিল; তেওঁ আছিল বেৰক যুগৰ এগৰাকী ইংৰাজ সুৰকাৰ। ডেৰিঙৰ শিক্ষক হেনৰী লৱেছে প্ৰকাশ কৰা সংকলন চিলেক্ট আয়াৰ্ছ এণ্ড ডাইলগছ (১৬৫৫)ত তেওঁৰ তিনিটা গীত অন্তৰ্ভুক্ত কৰা হৈছিল।
-
শ্বাহৰখ (গায়ক)
শ্বাহৰখ শ্বাহিদ (ফাৰ্চী: شاهرخ شاهید; ২৭ নৱেম্বৰ ১৯৪৯ — ৩ ডিচেম্বৰ ২০২৩), তেওঁ মঞ্চ নাম শ্বাহৰখ নামেৰে পৰিচিত, এগৰাকী ইৰানী গায়ক, গীতিকাৰ আৰু ফাৰ্চী শাস্ত্ৰীয় আৰু পপ সংগীতৰ সুৰকাৰ আছিল। তেওঁৰ মূল ভাষা আছিল ফাৰ্চী। ২০২৩ চনৰ ৩ ডিচেম্বৰত ৭৪ বছৰ বয়সত কৰ্কট ৰোগত আক্ৰান্ত হৈ শ্বাহৰখৰ মৃত্যু হয়।
-
সাহাৰ আজদমসানি
সাহাৰ আজদমসানি (ফাৰ্চী:سحر اژدم ثانی; জন্ম ২৬ মাৰ্চ ১৯৯৬) হৈছে এগৰাকী ইৰানী গায়িকা, সুৰকাৰ, কবি, গীতিকাৰ, লেখিকা আৰু ফটোগ্ৰাফাৰ।
-
সুচিত্ৰা মিত্ৰ
সুচিত্ৰা মিত্ৰ (জন্ম:১৯ ছেপ্টেম্বৰ ১৯২৪ – মৃত্যু: ৩ জানুৱাৰী ২০১১) এগৰাকী ভাৰতীয় গায়িকা, সুৰকাৰ, ৰবীন্দ্ৰ সংগীতৰ শিল্পী, অধ্যাপিকা আৰু কলকাতাৰ প্ৰথম মহিলা শ্বেৰিফৰ আছিল। এগৰাকী শিক্ষাবিদ হিচাপে তেওঁ ১৯৮৪ চনলৈকে ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা আৰু ৰবীন্দ্ৰ সংগীত বিভাগৰ মুৰব্বী আছিল।
-
হান্স জিমাৰ
হান্স ফ্লৰিয়ান জিমাৰ (Hans Zimmer, জন্ম-১২ ছেপ্টেম্বৰ ১৯৫৭)এজন জাৰ্মান চলচ্চিত্ৰ সুৰকাৰ আৰু সংগীত প্ৰযোজক। জিমাৰে দুটা একাডেমী বঁটা, এটা বাফটা বঁটা, পাঁচটা গ্ৰেমী বঁটা লাভ কৰাৰ লগতে ৭টা এমি বঁটা আৰু এটা টনি বঁটাৰ বাবে মনোনীত হৈছে।
-
হিলাৰী ডু প্ৰে
হিলাৰী এন্নে ডু প্ৰে (জন্ম ২৫ এপ্ৰিল ১৯৪২) এগৰাকী ইংৰাজী ফ্লাউটিষ্ট আৰু স্মৃতিগ্ৰন্থকাৰ যি এ জিনিয়াছ ইন দ্য ফেমিলি (১৯৯৭) নামৰ কিতাপখনৰ সহ-লেখক হিচাপে আৰু ১৯৯৮ চনৰ হিলাৰী এণ্ড জেকি ছবিখনত অৱদান আগবঢ়োৱাৰ বাবে বেছিকৈ পৰিচিত, যি দুয়োখন ছবিয়ে তেওঁৰ ভগ্নী চেলিষ্ট জেকলিন ডু প্ৰেৰ কাহিনীৰ সৈতে জড়িত।
-
ৰেণ্ডী ভ্যানৱাৰ্মাৰ
ৰেণ্ডী ভ্যানৱাৰ্মাৰ (Randy VanWarmer)(জন্ম ৩০ মাৰ্চ, ১৯৫৫ –মৃত্যু ১২ জানুৱাৰী, ২০০৪)আছিল এজন আমেৰিকাৰ কণ্ঠশিল্পী,গীতিকাৰ তথা গীটাৰবাদক। তেওঁৰ আটাইতকৈ জনপ্ৰিয় গীত আছিল জাষ্ট হোৱেন আই নীডেদ ইউ মষ্ট (“Just When I Needed You Most”)এই গীতটোৱে ১৯৭৯ চনৰ ছেপ্টেম্বৰ মাহত ইউ কে একক চাৰ্টত (UK Singles Chart)…