কানাডাৰ ব্যক্তি
৪৫ প্ৰবন্ধ
-
অক্ষয় কুমাৰ
অক্ষয় কুমাৰ (Akshay Kumar; জন্ম: ৯ ছেপ্টেম্বৰ ১৯৬৭; জন্ম নাম: ৰাজীৱ হৰি ঔম ভটিয়া) হৈছে এগৰাকী ভাৰতীয় মূলৰ কানাডিয়ান অভিনেতা, প্ৰযোজক, মাৰ্চাল আৰ্টিষ্ট আৰু টেলিভিচন ব্যক্তিত্ব যিয়ে বলিউড ছবিত কাম কৰে। ২৯ বছৰৰ বেছি কেৰিয়াৰত, কুমাৰ ১০০ টাতকৈ বেছি চলচ্চিত্ৰত অভিনয় কৰিছে।
-
দীপা মেহতা
দীপা মেহতা (Deepa Mehta; জন্ম: ১ জানুৱাৰী ১৯৫০) হৈছে এগৰাকী ভাৰতীয় মূলৰ ছবি পৰিচালক। বৰ্তমান কানাডাৰ নাগৰিকত্ব গ্ৰহণ কৰা দীপা মেহতা এগৰাকী চিত্ৰনাট্যকাৰ আৰু প্ৰযোজকো। তেখেতে সৰ্বাধিক পৰিচিতি লাভ কৰে 'উপাদান ত্ৰয়ী' বা 'Elements Trilogy'ৰ নিৰ্মাণৰ বাবে।
-
কাদেৰ খান
কাদেৰ খান (Kader Khan; ২২ অক্টোবৰ ১৯৩৭ — ৩১ ডিচেম্বৰ ২০১৮) এজন ভাৰতীয়-কানাডিয়ান অভিনেতা, চিত্ৰনাট্যকাৰ, কমেডিয়ান আৰু বোলছবি পৰিচালক। অভিনেতা হিচাপে তেওঁ ৩০০ তকৈও বেছি বোলছবিত অভিনয় কৰিছে। তেওঁ ৰাজেশ খান্না অভিনীত ছবি "দাগ"ৰ জৰিয়তে বলিউডত অভিনয়ৰ পাতনি মেলিছিল।
-
ইলন মাস্ক্
ইলন ৰিভ্ মাস্ক্ (জন্ম: ২৮ জুন ১৯৭১) এগৰাকী পুঁজিপতি, বিনিয়োগকাৰী আৰু সমাজহিতৈষী লোক। দক্ষিণ আফ্ৰিকা, কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকত্ব থকা ইলন মাস্ক্ স্পেছ্এক্সৰ (SpaceX) প্ৰতিষ্ঠাপক, মুখ্য কাৰ্যবাহী বিষয়া আৰু মূল পৰিকল্পনাকাৰী।
-
ছানী লিয়নি
কৰেনজিৎ কৌৰ ভোহৰা (Karenjit Kaur Vohra জন্ম: ১৩ মে', ১৯৮১), জনপ্ৰিয় নাম ছানী লিয়নি (Sunny Leone), এগৰাকী মডেল তথা আমেৰিকান আৰু ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ এগৰাকী অভিনেত্ৰী। তেওঁ এগৰাকী প্ৰাক্তন পৰ্ণ তাৰকা। কানাডাৰ এটা ভাৰতীয় শিখ পৰিয়ালত লিয়নিয়ে জন্মগ্ৰহণ কৰিছিল।
-
ডনা ষ্ট্ৰিকলেণ্ড
ডনা থিয় ষ্ট্ৰিকলেণ্ড (জন্ম: ২৭ মে', ১৯৫৯) এগৰাকী কানাডিয়ান পদাৰ্থবিদ। লেজাৰ বিষয়ে গৱেষণা কৰি তেওঁ লেজাৰৰ উন্নতি সাধন কৰাৰ বাবে তেওঁ বিখ্যাত। পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰা তেওঁ তৃতীয় গৰাকী মহিলা।
-
আইৰিন পাৰ্লবি
মেৰী আইৰিন পাৰ্লবি; ১৯২১ চনৰ পৰা ১৯৩৫ চনলৈকে ইউনাইটেড ফাৰ্মাৰ্ছ অৱ আলবাৰ্টা চৰকাৰত বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল, সেই সময়ছোৱাত আলবাৰ্টাৰ কেবিনেটত পৰ্টফলিঅ’ বিহীন মন্ত্ৰী হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।
-
এমিলি মাৰ্ফি
এমিলি মাৰ্ফি (জন্ম এমিলি গ'ৱান ফাৰ্গুচন; ১৪ মাৰ্চ ১৮৬৮ – ২৭ অক্টোবৰ ১৯৩৩) এগৰাকী কানাডাৰ মহিলা অধিকাৰ কৰ্মী আৰু লেখিকা। ১৯১৬ চনত কানাডা আৰু ব্ৰিটিছ সাম্ৰাজ্যৰ প্ৰথম মহিলা দণ্ডাধীশ হিচাপে পৰিগণিত হয়।
-
জিম পিবলছ্
ফিলিপ জেমছ্ এডৱিন পিবলছ্ (Philip James "Jim" Edwin Peebles; জন্ম-এপ্ৰিল ২৫, ১৯৩৫) হৈছে এগৰাকী কানাডিয়ান-আমেৰিকান জ্যোতিপদাৰ্থবিজ্ঞানী, জ্যোতিৰ্বিদ আৰু এজন তাত্ত্বিক ব্ৰহ্মাণ্ডতত্ত্ববিদ।
-
নেলী মেকক্লুং
নেলী লেটিচিয়া মেকক্লুং ( ইংৰাজী: Nellie Letitia McClung; জন্ম: ২০ অক্টোবৰ ১৮৭৩ – ১ ছেপ্টেম্বৰ ১৯৫১) আছিল এগৰাকী কানাডাৰ লেখিকা, ৰাজনীতিবিদ আৰু সমাজ কৰ্মী, যাক কানাডাৰ অন্যতম বিশিষ্ট ভোটাধিকাৰী হিচাপে গণ্য কৰা হয়।
-
নোৰা ফটেহী
নোৰা ফটেহী ( Nora Fatehi) (জন্ম: ৬ ফেব্ৰুৱাৰী ১৯৯২) ভাৰতত বাস কৰা এগৰাকী কানাডিয়ান নৃত্যশিল্পী আৰু অভিনেত্ৰী। তেওঁ হিন্দী, তেলেগু আৰু মালয়ালম ছবিত অভিনয় কৰিছে। ফটেহীয়ে হিন্দী ছবি ৰ'ৰ: টাইগাৰছ অৱ দ্য সুন্দৰবনছৰ যোগেদি ছবি অভিনয়ত আত্মপ্ৰকাশ কৰে।
-
ভাৰতী মুখাৰ্জী
ভাৰতী মুখাৰ্জী (Bharati Mukherjee; জুলাই ২৭, ১৯৪০ - জানুৱাৰী ২৮, ২০১৭) হ'ল এগৰাকী ভাৰতীয় আমেৰিকান লেখক আৰু বাৰ্কলেৰ কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক। তেওঁ কেইবাখনো উপন্যাস, চুটি গল্প সংকলন আৰু তথ্যভিত্তিক সাহিত্য লিখিছে।
-
মাইকেল হাউটন
মাইকেল হাউটন (Michael Houghton)(জন্ম ১৯৪৯) এগৰাকী ব্ৰিটিছ-কানাডীয়ান অণুজীৱবিদ আৰু ভাইৰাছবিদ। তেওঁ কিউ লিম চু, জৰ্জ কুও আৰু ডেনিয়েল ডব্লিউ. ব্ৰডলেৰ সৈতে ১৯৮৯ চনত হেপাটাইটিছ চিৰ আৱিষ্কাৰ কৰিছিল। তেওঁ ১৯৮৬ চনত হেপাটাইটিছ ডিৰ জিনম সহ-আবিষ্কাৰ কৰিছিল।
-
লুইজ মেককিনি
লুইজ মেককিনি ( ইংৰাজী: Louise McKinney; জন্ম: ২২ ছেপ্টেম্বৰ ১৮৬৮ – ১০ জুলাই ১৯৩১) আছিল এগৰাকী কানাডাৰ ৰাজনীতিবিদ, সংযমৰ সমৰ্থক আৰু মহিলা অধিকাৰ কৰ্মী। আলবাৰ্টাৰ বিধানসভালৈ নিৰ্বাচিত হোৱা প্ৰথমগৰাকী মহিলা আৰু ব্ৰিটিছ সাম্ৰাজ্যৰ বিধানসভাত কাৰ্যনিৰ্বাহ কৰা প্ৰথমগৰাকী মহিলা।
-
এপি ঢিল্লোঁ
অমৃতপাল সিং "এপি" ঢিল্লোঁ (Amritpal Singh Dhillon) হৈছে পঞ্জাবী সংগীতৰ সৈতে জড়িত এগৰাকী ইণ্ডো-কানাডীয় ৰেপাৰ, কণ্ঠশিল্পী, আৰু ৰেকৰ্ড প্ৰযোজক। তেওঁৰ পাঁচটা একক গীতে অফিচিয়েল চাৰ্টছ কোম্পানী ইউ কে এছিয়ান আৰু পঞ্জাবী চাৰ্টত শীৰ্ষস্থান দখল কৰে।
-
এলবাৰ্ট বান্দুৰা
এলবাৰ্ট বান্দুৰা (Albert Bandura, জন্ম-৪ ডিচেম্বৰ ১৯২৫) হৈছে এগৰাকী কানাডীয়-আমেৰিকান মনোবিজ্ঞানী। তেখেত ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞান বিভাগত ডেভিড ষ্টাৰ জৰ্ডান প্ৰফেচাৰ এমিৰেটাছ। মনোবিজ্ঞান আৰু শৈক্ষিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা একাধিক উল্লেখযোগ্য বৰঙণিৰ বাবে বান্দুৰা জনাজাত।
-
জাষ্টিন বিবাৰ
জাষ্টিন ড্ৰ' বিবাৰ (; জন্ম ১ মাৰ্চ, ১৯৯৪) এজন কানাডিয়ান গায়ক, সুবাদক আৰু বহু-বান্ত্ৰবিদ। বিবাৰক ২০০৮ চনত আৰবিএমজি ৰেকৰ্ডত স্বাক্ষৰ কৰা হৈছিল। ২০০৯ চনৰ শেষভাগত মুক্তি পোৱা বিবাৰৰ প্ৰথম খণ্ড "মায় ওৱাৰ্ল্ড"ৰ সৈতে, বিবাৰ বিলবোৰ্ড হট ১০০ ত এটা প্ৰথম ৰেকৰ্ড তালিকাৰ পৰা সাতটা গান গোৱা প্ৰথম শিল্পী…
-
হেনৰিটা এডৱাৰ্ডছ
হেনৰিটা মুইৰ এডৱাৰ্ডছ ( ইংৰাজী: Henrietta Muir Edwards; ১৮ ডিচেম্বৰ ১৮৪৯ – ১০ নৱেম্বৰ ১৯৩১) আছিল এগৰাকী কানাডাৰ মহিলা অধিকাৰ কৰ্মী, লেখিকা আৰু সংস্কাৰক।
-
ৰুপি কৌৰ
ৰুপি কৌৰ (Rupi Kaur; জন্ম: ৪ অক্টোবৰ, ১৯৯২) হ'ল এগৰাকী ভাৰতীয় মূলৰ কানাডিয়ান কবি, ইলাষ্ট্ৰেটৰ আৰু লেখক। ইনষ্টাগ্ৰাম আৰু টাম্বলাৰৰ যোগেদি নিজৰ দৃশ্যমান চুটি কবিতাসমূহ প্ৰকাশ কৰি কৌৰ লোকচক্ষুলৈ আহে। ২০১৪ চনত, তেওঁৰ প্ৰথমখন কিতাপ 'মিল্ক এণ্ড হনি' প্ৰকাশৰ পাছতে তেওঁ অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰে।
-
অনিতা আৰণচ্
অনিতা আৰনচ্ ( Anita Aarons; ৬ নৱেম্বৰ ১৯১২ – ৩ জানুৱাৰী ২০০০) আছিল এগৰাকী অষ্ট্ৰেলিয়ান-কানাডিয়ান ভাস্কৰ্য শিল্পী।
-
ইংগ্ৰিড জেন পিকাৰিং
ইংগ্ৰিড জেন পিকাৰিং এফ আৰ এছ চি এগৰাকী ভূ-বিজ্ঞানী। তেওঁ এগৰাকী অধ্যাপিকা আৰু ছাস্কাচেৱান বিশ্ববিদ্যালয়ত কানাডা আণৱিক পৰিৱেশ বিজ্ঞানৰ গৱেষণা অধ্যক্ষ। ২০১৮ চনত পিকাৰিং আছিল কানাডা ফাউণ্ডেশ্যন ফৰ ইনোভেচন ব’ৰ্ড অৱ ডাইৰেক্টৰৰ অধ্যক্ষ নিযুক্তিপ্ৰাপ্ত প্ৰথমগৰাকী মহিলা।
-
ইন্দ্ৰাণী পাল-চৌধুৰী
ইন্দ্ৰাণী পাল-চৌধুৰী (ইংৰাজী: Indrani Pal-Chaudhuri) এগৰাকী ভাৰতীয়-কানাডিয়ান প্ৰতিষ্ঠাপক, ভৱিষ্যতদ্ৰষ্টা, চলচ্চিত্ৰ পৰিচালক আৰু শিল্পী। তেওঁ লেডী গাগা, বিয়ন্স, জেনিফাৰ লোপেজ, আলিচিয়া কিজ, জয়-জি আৰু কান্যে ৱেষ্টৰ সৈতে কাম কৰিছে।
-
এলিছা কাথবাৰ্ট
এলিছা এন কাথবাৰ্ট (জন্ম: ৩০ নৱেম্বৰ, ১৯৮২) এগৰাকী কানাডিয়ান অভিনেত্ৰী। শিশু অভিনেত্ৰী হিচাপে তেওঁ প্ৰথমবাৰৰ বাবে টেলিভিছনত এক্সট্ৰা হিচাপে অভিনয় কৰিছিল আৰ ইউ এফ্ৰেইড অৱ দ্য ডাৰ্ক? অনুষ্ঠানত আৰু জনপ্ৰিয় মেকানিক্স ফৰ কিডছ অনুষ্ঠানৰ সহ-উপস্থাপক আছিল।
-
কেৰোলিন ফাৰ্ণকম্ব
কেৰোলিন ফাৰ্ণকম্ব ( Caroline Farncomb) এগৰাকী কানাডিয়ান পেইণ্টাৰ। তেওঁৰ জন্ম ১২ জানুৱাৰী, ১৮৫৯ আৰু মৃত্যু ১৩ নৱেম্বৰ ১৯৫১ চন। তেওঁ অণ্টাৰিঅ'ৰ লণ্ডনত বাস কৰিছিল য'ত তেওঁ মহিলা কলা সংস্থাৰ সম্পাদিকা আছিল আৰু এখন আৰ্ট গেলেৰী আৰম্ভ কৰিবলৈ শ্ৰম দান কৰিছিল, যিটো এতিয়া লণ্ডন মিউজিয়াম হৈ আছে।
-
ক্ৰিষ্টিন ক্ৰুক
ক্ৰিষ্টিন ল’ৰা ক্ৰুক (জন্ম ৩০ ডিচেম্বৰ ১৯৮২) এগৰাকী কানাডিয়ান অভিনেত্ৰী। কিশোৰ ড্ৰামা ধাৰাবাহিক এজমেণ্টৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলা ক্ৰুক মূলতঃ চুপাৰহিৰো টেলিভিছন ধাৰাবাহিক স্মলভিলত (২০০১–২০০৯) লানা লেং, দ্য চি-ডব্লিউৰ কল্পবিজ্ঞান ধাৰাবাহিক বিউটি এণ্ড দ্য বিষ্টত (২০১২–২০১৬) কেথেৰিন চেণ্ডলাৰ…
-
চাৰ্লট ই কিন
চাৰ্লট ই কিন (জন্ম নাম: ডেভিডছন) এগৰাকী কানাডাৰ ভূ-তত্ত্ববিদ আৰু কানাডাৰ ভূ-তাত্ত্বিক জৰীপৰ অধ্যাপক এমেৰিটাছ। তেওঁৰ কামে ভূ-ভৌতিক প্ৰতিচ্ছবি আৰু চুম্বকীয় জোখ-মাখ ব্যৱহাৰ কৰি পৃথিৱীৰ খোলা আৰু ওপৰৰ আৱৰণৰ গঠনৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কানাডাৰ জৰীপ জাহাজত যোৱা তেওঁ প্ৰথম মহিলা।
-
চেলিন দিয়ঁ
চেলিন মাৰী ক্ল'দেৎ দিয়ঁ (Céline Marie Claudette Dion,; জন্ম ৩০ মাৰ্চ ১৯৬৮) এগৰাকী কানাডীয় গায়িকা, উদ্যোক্তা আৰু সমাজহিতৈষী। "পাৱাৰ বেলাডৰ ৰাণী" বুলি অভিহিত দিয়ঁ তেওঁৰ শক্তিশালী, প্ৰযুক্তিগতভাৱে দক্ষ কণ্ঠ আৰু ব্যৱসায়িকভাৱে সফল কৰ্মৰাজীৰ বাবে পৰিচিত, যিবোৰে জনপ্ৰিয় সংগীতৰ ওপৰত এক গুৰুত্বপূৰ্ণ…
-
ছফী লেবেল
ছফী লেবেল ( Sophie Labelle; জন্ম: ২২ এপ্ৰিল ১৯৮৮) এগৰাকী কানাডিয়ান কাৰ্টুনকাৰ, ৰাজহুৱা বক্তা আৰু লেখিকা। তেওঁ ৱেবকমিক এচাইনড মেল তৈয়াৰ কৰিছিল, যিয়ে তেওঁৰ তৃতীয় লিংগৰ শিশু হিচাপে পোৱা অভিজ্ঞতাৰ ওপৰত আধাৰিত।
-
জুলি ডেলপৰ্ট
জুলি ডেলপৰ্ট ( Julie Delporte; জন্ম: ১৯৮৩) এগৰাকী ফৰাচী-কানাডিয়ান কাৰ্টুনকাৰ আৰু চিত্ৰকৰ। তেওঁ কানাডাৰ ক্যুবেকৰ মণ্ট্ৰিয়েলত বাস কৰে।
-
ড'ৰিছ স্লেটাৰ
ড’ৰিছ স্লেটাৰ টাইটাছ ( Doris Slater Titus; জন্ম: ৬ মাৰ্চ, ১৯১৭ – মৃত্যু: ২৬ জুন, ১৯৬৪) এগৰাকী কানাডাৰ কাৰ্টুনকাৰ, চিত্ৰশিল্পী আৰু শিল্প শিক্ষয়িত্ৰী আছিল। তেওঁ কানাডাৰ কমিক বুক উদ্যোগৰ প্ৰথম মহিলা কাৰ্টুনকাৰ।