তথ্যচিত্ৰ নিৰ্মাতা
১৩ প্ৰবন্ধ
-
দীপা মেহতা
দীপা মেহতা (Deepa Mehta; জন্ম: ১ জানুৱাৰী ১৯৫০) হৈছে এগৰাকী ভাৰতীয় মূলৰ ছবি পৰিচালক। বৰ্তমান কানাডাৰ নাগৰিকত্ব গ্ৰহণ কৰা দীপা মেহতা এগৰাকী চিত্ৰনাট্যকাৰ আৰু প্ৰযোজকো। তেখেতে সৰ্বাধিক পৰিচিতি লাভ কৰে 'উপাদান ত্ৰয়ী' বা 'Elements Trilogy'ৰ নিৰ্মাণৰ বাবে।
-
শ্যাম বেনেগাল
শ্যাম বেনেগাল (Shyam Benegal; জন্ম: ১৪ ডিচেম্বৰ ১৯৩৪) এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ আৰু তথ্যচিত্ৰ নিৰ্মাতা। তেওঁক সমান্তৰাল চলচ্চিত্ৰৰ এজন অন্যতম পথ প্ৰদৰ্শক আৰু ১৯৭০-ৰ দশকৰ পৰৱৰ্তী কালৰ অন্যতম শ্ৰেষ্ঠ চলচ্চিত্ৰ নিৰ্মাতা হিচাপে বহুলভাৱে গণ্য কৰা হয়।
-
বুদ্ধদেৱ দাসগুপ্ত
বুদ্ধদেৱ দাসগুপ্ত (Buddhadeb Dasgupta; ১১ ফেব্ৰুৱাৰী ১৯৪৪ – ১০ জুন ২০২১) আছিল এগৰাকী বঙালী কবি, চিত্ৰনাট্যকাৰ আৰু চলচ্চিত্ৰ-নিৰ্মাতা। 'বাঘ বাহাদুৰ', 'তাহাদেৰ কথা', 'চৰাচৰ' আৰু 'উত্তৰা' আদি ছবিৰ বাবে দাসগুপ্তই সমাদৰ লাভ কৰিছিল।
-
ৰবীন বেনাৰ্জী
ৰবীন বেনাৰ্জী (Robin Banerjee; ১২ আগষ্ট, ১৯০৮ – ৬ আগষ্ট, ২০০৩) অসমৰ এগৰাকী বিশিষ্ট প্ৰকৃতিবিদ, চিত্ৰশিল্পী, ফটোগ্ৰাফাৰ তথা তথ্যচিত্ৰ নিৰ্মাতা।
-
উৎপল বৰপূজাৰী
উৎপল বৰপূজাৰীএগৰাকী ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী চলচ্চিত্ৰ সমালোচক আৰু পৰিচালক। তেওঁৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ ঈশ্বুয়ে অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৬৫তম ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। তেওঁ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, ৰুৰকীৰ পৰা প্ৰায়োগিক ভূবিদ্যা বিষয়ত এম.টেক. ডিগ্ৰী লাভ কৰিছিল।
-
পায়ল কাপাদিয়া
পায়ল কাপাদিয়া (Payal Kapadia; জন্ম: ১৯৮৬) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা। ২০২১ চনৰ কান চলচ্চিত্ৰ মহোৎসৱত তেওঁ এ নাইট অৱ ন'ইং নথিং ছবিৰ বাবে শ্ৰেষ্ঠ তথ্যচিত্ৰৰ গোল্ডেন আই বঁটা লাভ কৰে ২০১৭ চনত তেওঁৰ চুটি ছবি আফটাৰনুন ক্লাউডছ আছিল ৭০ সংখ্যক কান চলচ্চিত্ৰ মহোৎসৱৰ বাবে নিৰ্বাচিত একমাত্ৰ ভাৰতীয়…
-
তিমথি দাস হান্সে
তিমথি দাস হান্সে (Timothy Das Hanse) অসম, ভাৰতৰ এজন চলচ্চিত্ৰ পৰিচালক, তথ্যচিত্ৰ-নিৰ্মাতা, চলচ্চিত্ৰ প্ৰযোজক আৰু গীতিকাৰ। তেখেতে মূলত: অসমীয়া আৰু কাৰ্বি ছবিজগতত কাম কৰিছিল৷ ১৯৮৫ চনত অসমীয়া ছবিজগতৰ লগত জড়িত হৈ পৰা তিমথি দাস হান্সে পৰৱৰ্তী সময়ত পাহাৰী কন্যা, ৰঙা মদাৰ আৰু ২০০৯ চনত অসম চৰকাৰৰ…
-
হীৰালাল সেন
হীৰালাল সেনক (Hiralal Sen; ২ আগষ্ট ১৮৬৮-২৬ অক্টোবৰ ১৯১৭) সাধাৰণতে ভাৰতীয় চলচ্চিত্ৰৰ প্ৰাৰম্ভিক কালৰ অন্যতম চলচ্চিত্ৰ নিৰ্মাতা বুলি গণ্য কৰা হয়। ১৯০৩ চনত তেওঁ প্ৰথম ভাৰতীয় পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ, জনপ্ৰিয় আলিবাবা আৰু চল্লিশ চোৰৰ চিত্ৰায়ণ কৰিছিল। তেওঁ আছিল এজন উল্লেখনীয় ফটোগ্ৰাফাৰ।
-
টাং ডানহং
টাং ডানহং (চীনা: 唐丹鸿; জন্ম ১৯৬৫) এগৰাকী চীনা কবি আৰু স্বতন্ত্ৰ তথ্যচিত্ৰ চলচ্চিত্ৰ পৰিচালক। তেওঁ চীনৰ সংখ্যালঘু জনগোষ্ঠীৰ জীৱন, বিশেষকৈ তিব্বতী আৰু উইঘুৰ সমাজ-সংস্কৃতি আৰু ৰাজনৈতিক বাস্তৱতা বিষয়ক চলচ্চিত্ৰ নিৰ্মাণৰ বাবে পৰিচিত। ২০০৫ চনৰ পৰা তেওঁ ইজৰাইলত বসবাস কৰি আহিছে।
-
পামেলা ৰুক্ছ
পামেলা ৰুক্ছ (Pamela Rooks, ১৯৫৮ – ১ অক্টোবৰ ২০১০) আছিল এগৰাকী ভাৰতীয় ছবি পৰিচালক আৰু চিত্ৰনাট্যকাৰ। ১৯৯৮ চনত মুক্তিলাভ কৰা 'ট্ৰেইন টু পাকিস্তান' শীৰ্ষক ছবিখনৰ বাবে তেখেত সুপৰিচিত। এই ছবিখনৰ পটভূমি আছিল ভাৰতৰ বিভাজন আৰু ছবিখনৰ আধাৰগ্ৰন্থ আছিল খুছৱন্ত সিঙৰ একে নামৰ উপন্যাস।
-
ফাতহুল্লা আমিৰী
ফাতহুল্লা আমিৰী (ফাৰ্চী:فتح الله امیری; জন্ম: ১৯৮১) এগৰাকী ইৰানী তথ্যচিত্ৰ নিৰ্মাতা, যাৰ কৰ্মজীৱন মূলতঃ ইৰানৰ পৰিৱেশ আৰু বন্যপ্ৰাণীৰ ওপৰত কেন্দ্ৰিত। তেওঁৰ পৰিচালিত তথ্যচিত্ৰ ৰেঞ্জাৰ এণ্ড লিপাৰ্ড-এ ২০১৮ চনত জাৰ্মানীত গ্ৰীণ স্ক্ৰীণ চলচ্চিত্ৰ উৎসৱ বঁটা লাভ কৰিছিল।
-
ৰেজা ডৰমিচিয়ান
ৰেজা ডৰমিচিয়ান (ফাৰ্চী: رضا درمیشیان; জন্ম ৬ নৱেম্বৰ, ১৯৮১) এজন ইৰানী চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ আৰু চলচ্চিত্ৰ প্ৰযোজক। তেওঁ দাৰিউচ মেহৰ্জুই, ফেৰেইডুন জেৰানী আৰু আলীৰেজা ডাভুদ নেজাদৰ দৰে বিশিষ্ট পৰিচালকসকলৰ সৈতে সহকাৰী পৰিচালক হিচাপে কাম কৰিছে।
-
ৱেই টিংটিং
ৱেই টিংটিং (Wei Tingting; জন্ম: ১৯৮৯) এগৰাকী চীনা LGBTI+ আৰু নাৰীবাদী কৰ্মী, লেখিকা আৰু তথ্যচিত্ৰ নিৰ্মাতা। তেওঁ 'ফেমিনিষ্ট ফাইভ'ৰ ভিতৰত অন্যতম।