অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰেজা ডৰমিচিয়ান

ৰেজা ডৰমিচিয়ান (ফাৰ্চী: رضا درمیشیان; জন্ম ৬ নৱেম্বৰ, ১৯৮১) এজন ইৰানী চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ আৰু চলচ্চিত্ৰ প্ৰযোজক। তেওঁ দাৰিউচ মেহৰ্জুই, ফেৰেইডুন জেৰানী আৰু আলীৰেজা ডাভুদ নেজাদৰ দৰে বিশিষ্ট পৰিচালকসকলৰ সৈতে সহকাৰী পৰিচালক হিচাপে কাম কৰিছে।

হালনাগাদ: ৩১ মে’ ২০২৬ ৩৭৩ শব্দ · ২ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

ৰেজা ডৰমিচিয়ান (ফাৰ্চী ভাষা: رضا درمیشیان; জন্ম ৬ নৱেম্বৰ, ১৯৮১) এজন ইৰানী চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ আৰু চলচ্চিত্ৰ প্ৰযোজক। তেওঁ দাৰিউচ মেহৰ্জুই, ফেৰেইডুন জেৰানী আৰু আলীৰেজা ডাভুদ নেজাদৰ দৰে বিশিষ্ট পৰিচালকসকলৰ সৈতে সহকাৰী পৰিচালক হিচাপে কাম কৰিছে।১

কৰ্মজীৱন

তেওঁ ১৯৯৭ চনত কেইবাখনো বাতৰি কাকতত চলচ্চিত্ৰ সমালোচক হিচাপে লিখা-মেলা আৰম্ভ কৰিছিল। পিছলৈ তেওঁ চিনেমাৰ কিতাপ আৰু আলোচনীবোৰৰ কাৰ্যবাহী সম্পাদক হিচাপে কাম কৰে। তেওঁ দাৰিউচ মেহৰ্জুই আৰু আলীৰেজা ডাভুদ নেজাদকে ধৰি একাংশ প্ৰতিষ্ঠিত ইৰানী চলচ্চিত্ৰ নিৰ্মাতাৰ সহকাৰী আছিল। তেওঁ চিত্ৰনাট্যকাৰ হিচাপেও কাম কৰিছে। ২০০২ চনত তেওঁ চুটি ছবি আৰু তথ্যচিত্ৰ নিৰ্মাণ কৰিবলৈ লয়।

হেট্ৰেড আছিল তেওঁৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্য ছবি, যিখন ইস্তাম্বুলত স্বতন্ত্ৰভাৱে প্ৰযোজনা কৰা হৈছিল। হেট্ৰেড ছবিত তুৰস্কৰ ইস্তাম্বুলত এগৰাকী ইৰানী শৰণাৰ্থী দম্পতীৰ জীৱনৰ দুটা পৰ্যায়ৰ উন্মাদ প্ৰেম আৰু ঘৃণা প্ৰদৰ্শিত হৈছে। চলচ্চিত্ৰখন সমালোচক আৰু চিনেমা লেখকসকলে ভালদৰে গ্ৰহণ কৰিছিল আৰু ইৰানী সমালোচকসকলে ইয়াক তিনিটা বঁটা (শ্ৰেষ্ঠ পৰিচালনা, শ্ৰেষ্ঠ চিনেমাটোগ্ৰাফী আৰু শ্ৰেষ্ঠ সম্পাদনা) প্ৰদান কৰিছিল। যদিও হেট্ৰেড ইৰানত প্ৰদৰ্শনৰ বাবে চেঞ্চৰ কৰা হৈছিল, তথাপি কানাডাৰ ৩৬সংখ্যক মণ্ট্ৰিয়েল ৱৰ্ল্ড ফিল্ম ফেষ্টিভেলৰ প্ৰতিযোগিতা শাখা, পোলেণ্ডৰ ২৮সংখ্যক ৱাৰ্ছ ফিল্ম ফেষ্টিভেলৰ প্ৰতিযোগিতা শাখা আৰু পোলেণ্ডৰে কেমেৰিমেজ ফিল্ম ফেষ্টিভেলৰ প্ৰতিযোগিতা শাখাৰ দৰে বিভিন্ন মহোৎসৱত ই প্ৰদৰ্শিত আৰু প্ৰশংসিত হৈছিল।

তেওঁৰ দ্বিতীয়খন পূৰ্ণদৈৰ্ঘ্য ছবি আই এম নট এংগ্ৰী! ২০১৪ চনত ইৰানী চিনেমাৰ আটাইতকৈ বিতৰ্কিত ছবি আছিল। এই সামাজিক নাট্যধৰ্মী ছবিখনে আহমদিনেজাদৰ যুগক সমালোচনা কৰিছিল আৰু ৬৪সংখ্যক বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ পান'ৰামা শাখাত উপস্থিত থকা ই একমাত্ৰ ইৰানী ছবি আছিল।২ আই এম নট এংগ্ৰী! ছবিখন ৩২সংখ্যক ফাজ্ৰ ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শন কৰা হৈছিল যদিও ইয়াৰ ১৫ মিনিটৰ অংশ চেঞ্চৰ কৰা হৈছিল। ছবিখনে দৰ্শকৰ উষ্ম আদৰণি লাভ কৰাৰ বিপৰীতে চৰমপন্থী গোটবোৰৰ তীব্ৰ বিৰোধিতাৰ সন্মুখীন হৈছিল, যাৰ ফলত চিনেমা কৰ্তৃপক্ষই ইয়াৰ প্ৰদৰ্শন বন্ধ কৰি দিছিল। যিহেতু কট্টৰপন্থী আৰু চৰমপন্থীসকলে তেওঁলোকৰ মানুহৰ ১৫খন বাছেৰে উৎসৱৰ সামৰণি অনুষ্ঠানত আক্ৰমণ কৰিবলৈ ওলাইছিল, গতিকে মহোৎসৱ কৰ্তৃপক্ষই ৰেজা ডৰমিচিয়ানক তেওঁৰ বঁটা গ্ৰহণ নকৰিবলৈ আৰু মহোৎসৱৰপৰা তেওঁৰ ছবিখন প্ৰত্যাহাৰ কৰিবলৈ বাধ্য কৰাইছিল। তেওঁলোকে সামৰণি অনুষ্ঠানত ঘোষণা কৰিছিল যে ৰেজা ডৰমিচিয়ানে ইৰানী চিনামাত শান্তি বজায় ৰাখিবলৈ তেওঁৰ বঁটা ত্যাগ কৰিছে। অৱশ্যে পাছদিনা জুৰীৰ সদস্যসকলে প্ৰকাশ কৰে যে বঁটাসমূহ প্ৰকৃততে আই এম নট এংগ্ৰী! ছবিখনৰ বাবেই আছিল আৰু ডৰমিচিয়ানে চাপৰ বশৱৰ্তী হৈহে পদত্যাগ কৰিবলৈ সন্মত হৈছিল।

তেতিয়াৰেপৰা ইৰানত আই এম নট এংগ্ৰী! প্ৰদৰ্শন নিষিদ্ধ কৰা হৈছে।

২০২৬ চনৰ ৩ ফেব্ৰুৱাৰীত ডৰমিচিয়ান ইৰানী চলচ্চিত্ৰ উদ্যোগৰ কেইবাজনো ব্যক্তিত্বৰ ভিতৰত আছিল যিসকলে ২০২৫–২০২৬ চনৰ ইৰানী প্ৰতিবাদক সমৰ্থন কৰি আৰু সেইবোৰৰ প্ৰতি চৰকাৰৰ সঁহাৰিক গৰিহণা দি এক বিবৃতিত স্বাক্ষৰ কৰিছিল।৩

তথ্যসূত্ৰ

  1. ↑ Reza Dormishian
  2. ↑ Asabani Nistam!
  3. ↑ iranintl.com

সম্পৰ্কিত শ্ৰেণী

ইৰানৰ ব্যক্তিচলচ্চিত্ৰ পৰিচালকচিত্ৰনাট্য লেখকতথ্যচিত্ৰ নিৰ্মাতাচলচ্চিত্ৰ প্ৰযোজক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেজা ডৰমিচিয়ান” প্ৰবন্ধৰ সংশোধন ৬১০৫৬৫ (৩১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।