১৯৬০ দশকৰ অসমীয়া চলচ্চিত্ৰ
১৫ প্ৰবন্ধ
-
ডক্তৰ বেজবৰুৱা (চলচ্চিত্ৰ)
ডক্তৰ বেজবৰুৱা (Doctor Bezbaruah) ১৯৬৯ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া চলচ্চিত্ৰ। ব্ৰজেন বৰুৱাৰ দ্বাৰা পৰিচালিত আৰু ৰংঘৰ চিনে প্ৰডাকছন্ছৰ বেনাৰত নিৰ্মিত এইখন প্ৰথম অসমীয়া থ্ৰিলাৰধৰ্মী চিনেমা আছিল। ব্যৱসায়িক ভাৱে ডক্তৰ বেজবৰুৱা আছিল অত্যন্ত সফল অসমীয়া কথাছবি।
-
মণিৰাম দেৱান (চলচ্চিত্ৰ)
মণিৰাম দেৱান (Maniram Dewan) ১৯৬৪ চনৰ ১০ জানুৱাৰীত মুক্তি পোৱা এখন বুৰঞ্জীমূলক ক'লা-বগা অসমীয়া চলচ্চিত্ৰ। পৰিচালনাত আছিল সৰ্বেশ্বৰ চক্ৰৱৰ্তী। নাম ভূমিকাত অভিনয় কৰিছিল ফণী শৰ্মাই। ছবিখনৰ নিৰ্মাণত খৰচ হৈছিল ২,০৫,০০০ টকা। 'চৌধুৰী চলচ্চিত্ৰ প্ৰতিষ্ঠান'ৰ হৈ অপূৰ্ব চৌধুৰীয়ে চলচ্চিত্ৰখন প্ৰযোজনা কৰিছিল।
-
চিকমিক বিজুলী
চিকমিক বিজুলী ( Chikmik Bijuli) ১৯৬৯ চনত মুক্তি পোৱা এখন অসমীয়া কথাছবি। ছবিৰ পৰিচালনা, সঙ্গীত, কাহিনী, চিত্ৰনাট্য আৰু গীত ৰচনা ভূপেন হাজৰিকাৰ। ছবিখন ৰাজশ্ৰী প্ৰডাকচনৰ তাৰাচান্দ বৰজাত্য আৰু কামৰূপ চিত্ৰৰ ভূপেন হাজৰিকাই যৌথভাবে প্ৰযোজনা কৰিছিল। ছবিখনৰ গীতৰ লং প্লেয়িং ৰেকৰ্ড উলিওৱা হৈছিল।
-
লটিঘটি
লটিঘটি (Lotighoti) হৈছে ড॰ ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত আৰু প্ৰযোজিত এখন সঙ্গীতপ্ৰধান হাস্য-ব্যংগ কথাছবি। কামৰূপ চিত্ৰৰ বেনাৰত নিৰ্মিত ছবিখনে ১৯৬৬ চনত মুক্তিলাভ কৰিছিল।
-
লাচিত বৰফুকন (চলচ্চিত্ৰ)
লাচিত বৰফুকন (Lachit Borphukan) ১৯৬১ চনত মুক্তিলাভ কৰা এখন বুৰঞ্জীমূলক অসমীয়া চলচ্চিত্ৰ। পৰিচালনাত আছিল লক্ষ্যধৰ চৌধুৰী আৰু প্ৰবীণ ফুকন। সমবায় ভিত্তিত গঠিত 'প্ৰাগজ্যোতি কলা মন্দিৰ'ৰ বেনাৰত ছবিখন নিৰ্মাণ কৰা হৈছিল। নাম ভূমিকাত অভিনয় কৰিছিল সৰ্বেশ্বৰ চক্ৰৱৰ্তীয়ে।
-
প্ৰতিধ্বনি (চলচ্চিত্ৰ)
প্ৰতিধ্বনি ( Pratidhwani) ১৯৬৪ত মুক্তিলাভ কৰা এখন ক’লা-বগা অসমীয়া ছবি। সঙ্গীতমধুৰ এই ছবিখনৰ পৰিচালনা, প্ৰযোজনা আৰু সঙ্গীত আছিল ড° ভূপেন হাজৰিকাৰ। মূল চৰিত্ৰত অভিনয় কৰিছিল পবিত্ৰ বৰকটকী আৰু ইভা আচাৱে। এই ছবিখনক ইভা আচাওৰ অভিনয় জীৱনৰ মাইলৰ খুটি বুলি গণ্য কৰা হয়।
-
তেজীমলা (চলচ্চিত্ৰ)
তেজীমলা (Tezimola) ১৯৬৩ চনত মুক্তি পোৱা লক্ষ্মীনাথ বেজবৰুৱাৰ তেজীমলা সাধু আধাৰিত এখন নাৰীকেন্দ্ৰিক ছবি। ছবিৰ পৰিচালক আছিল আনোৱাৰ হুছেইন। তেৱেঁই গুৱাহাটী কুমাৰপাৰৰ আনোৱাৰ ফিল্মচৰ বেনাৰত ছবিখন প্ৰযোজনাও কৰিছিল।
-
নৰকাসুৰ (চলচ্চিত্ৰ)
নৰকাসুৰ নিপ বৰুৱা পৰিচালিত আৰু ১৯৬২ চনত মুক্তি পোৱা এখন পৌৰাণিক কথাছবি। অতুলচন্দ্ৰ হাজৰিকাৰ নাটক 'নৰকাসুৰ'ৰ ওপৰত ভিত্তি কৰি এই চলচ্চিত্ৰৰ চিত্ৰনাট্য লিখা হৈছিল। ছবিখনত প্ৰাগজ্যোতিষপুৰৰ অসুৰ ৰজা নৰকাসুৰৰ উপৰিও বীৰ ঘটোৎকচ আৰু বাণৰজাৰ কথাও আছে।
-
শকুন্তলা (চলচ্চিত্ৰ)
শকুন্তলা (Sakuntala) ভূপেন হাজৰিকা পৰিচালিত কালিদাসৰ অভিজ্ঞানম শকুন্তলম নাটৰ ওপৰত আধাৰিত এখন পৌৰাণিক বিষয়ক অসমীয়া কথাছবি। সঙ্গীত ভূপেন হাজৰিকাৰ। ছবিখনে মুক্তি পাইছিল ১৯৬১ৰ ১১ নবেম্বৰৰ দিনা। প্ৰয়োজক আছিল কলকাতাৰ কামৰুপ চিত্ৰ।
-
মৰম তৃষ্ণা
মৰম তৃষ্ণা (Maram Trishna) ১৯৬৮ চনৰ ৫ জানুৱাৰীৰ দিনা মুক্তি পোৱা এখন ক'লা-বগা অসমীয়া কথাছবি। ছবিখন পৰিচালনা কৰিছিল আব্দুল মজিদে। সঙ্গীত বিবেকানন্দ ভট্টাচাৰ্যৰ। গীত লিখিছিল নিহাৰেন্দ্ৰ ভট্টাচাৰ্য আৰু ইউচুফ হাজৰিকাই। অভিনয়ত আছিল দীনেশ দাস, ৰোহিনী বৰুৱা, তাৰা, ৰেখা বৰা আদি।
-
সংগ্ৰাম
সংগ্ৰাম ( Sangram) ১৯৬৮ চনত মুক্তি পোৱা এখন অসমীয়া কথাছবি। পৰিচালনা অমৰ পাঠকৰ। আই কে চিনে এণ্টাৰপ্ৰাইজৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছে ইজৰাইল খানে। মুখ্য ভূমিকাত আছে নিপন গোস্বামী আৰু বিদ্যা ৰাও এইখন নিপন গোস্বামীৰ নায়কৰ ৰূপত প্ৰথম ছবি।
-
ইটো সিটো বহুতো
ইটো সিটো বহুতো ( Ito Sito Bahuto) ২২ নৱেম্বৰ ১৯৬৩ চনত মুক্তি পোৱা প্ৰথম অসমীয়া পূৰ্ণাঙ্গ হাস্যৰসাত্মক কথাছবি। ছবিৰ পৰিচালনা, চিত্ৰনাট্য আৰু সঙ্গীত ব্ৰজেন বৰুৱাৰ। জে পি চিনে আৰ্টৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছিল পৰিচালক বৰুৱাৰ মাতৃ জোনপ্ৰভা বৰুৱানীয়ে। এটা বিদেশী গল্পৰ আধাৰত ছবিৰ কাহিনী ৰচনা কৰা হৈছিল।
-
ভাগ্য (চলচ্চিত্ৰ)
ভাগ্য (Bhagya) প্ৰথম অসমীয়া ডাবিং চলচ্চিত্ৰ। ১৯৬৭ত মুক্তি পোৱা ৰাজশ্ৰী প্ৰডাকচনৰ জনপ্ৰিয় হিন্দী ছবি তকদীৰক সাতটা ভাষাত ডাবিং কৰা হৈছিল। ভাগ্য শিৰোনামেৰ কৰা তকদীৰৰ অসমীয়া ডাবিং ১৯৬৮ চনৰ ১২ এপ্ৰিলত গুৱাহাটীৰ মেঘদূত চিত্ৰগৃহত মুক্তি পায়।ছবিখনৰ ডাবিঙত অসমৰ সাংস্কৃতিক জগতৰ পুৰোধা ব্যক্তি কুলদা…
-
মাটিৰ স্বৰ্গ
মাটিৰ স্বৰ্গ ( Matir Swarga) ১৯৬৩ চনৰ ১ মাৰ্চত মুক্তি পোৱা এখন অসমীয়া কথাছবি। পৰিচালক অনিল চৌধুৰী। চৌধুৰী চিত্ৰায়নৰ বেনাৰত গিৰিশ চৌধুৰীয়ে ছবিখনৰ প্ৰযোজনা কৰাৰ উপৰিও কাহিনী আৰু সংলাপো লিখিছিল। সঙ্গীত জিতেন দেৱ আৰু বীৰেন্দ্ৰ কুমাৰৰ।
-
১৯৬০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
১৯৭০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা