১৯৬৩ বৰ্ষৰ চলচ্চিত্ৰ
৮ প্ৰবন্ধ
-
তেজীমলা (চলচ্চিত্ৰ)
তেজীমলা (Tezimola) ১৯৬৩ চনত মুক্তি পোৱা লক্ষ্মীনাথ বেজবৰুৱাৰ তেজীমলা সাধু আধাৰিত এখন নাৰীকেন্দ্ৰিক ছবি। ছবিৰ পৰিচালক আছিল আনোৱাৰ হুছেইন। তেৱেঁই গুৱাহাটী কুমাৰপাৰৰ আনোৱাৰ ফিল্মচৰ বেনাৰত ছবিখন প্ৰযোজনাও কৰিছিল।
-
ইটো সিটো বহুতো
ইটো সিটো বহুতো ( Ito Sito Bahuto) ২২ নৱেম্বৰ ১৯৬৩ চনত মুক্তি পোৱা প্ৰথম অসমীয়া পূৰ্ণাঙ্গ হাস্যৰসাত্মক কথাছবি। ছবিৰ পৰিচালনা, চিত্ৰনাট্য আৰু সঙ্গীত ব্ৰজেন বৰুৱাৰ। জে পি চিনে আৰ্টৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছিল পৰিচালক বৰুৱাৰ মাতৃ জোনপ্ৰভা বৰুৱানীয়ে। এটা বিদেশী গল্পৰ আধাৰত ছবিৰ কাহিনী ৰচনা কৰা হৈছিল।
-
মহানগৰ
মহানগৰ Mahanagar) ১৯৬৩ চনত সত্যজিৎ ৰায়ৰ দ্বাৰা ৰচিত আৰু পৰিচালিত এখন ভাৰতীয় বাংলা ভাষাৰ নাট্যধৰ্মী ছবি; মুখ্য চৰিত্ৰত অভিনয় কৰিছিল মাধৱী মুখাৰ্জীয়ে।
-
মাটিৰ স্বৰ্গ
মাটিৰ স্বৰ্গ ( Matir Swarga) ১৯৬৩ চনৰ ১ মাৰ্চত মুক্তি পোৱা এখন অসমীয়া কথাছবি। পৰিচালক অনিল চৌধুৰী। চৌধুৰী চিত্ৰায়নৰ বেনাৰত গিৰিশ চৌধুৰীয়ে ছবিখনৰ প্ৰযোজনা কৰাৰ উপৰিও কাহিনী আৰু সংলাপো লিখিছিল। সঙ্গীত জিতেন দেৱ আৰু বীৰেন্দ্ৰ কুমাৰৰ।
-
উত্তৰ ফাল্গুনী
উত্তৰ ফাল্গুনী ( Uttar Falguni ) ১৯৬৩ চনৰ অসিত সেনৰ পৰিচালনা আৰু উত্তম কুমাৰৰ প্ৰযোজনাত নিৰ্মিত এখন ভাৰতীয় বাংলা ভাষাৰ নাট্যধৰ্মী ছবি, য'ত সুচিত্ৰ সেনে দ্বৈত চৰিত্ৰত অভিনয় কৰিছে। অন্য মুখ্য চৰিত্ৰত আছে বিকাশ ৰায় আৰু দিলীপ মুখাৰ্জী।
-
চহৰ ঔৰ স্বপ্না
চহৰ ঔৰ স্বপ্না ( Shehar Aur Sapna ) ১৯৬৩ চনত মুক্তি পোৱা খাজা আহমদ আব্বাছ পৰিচালিত এখন হিন্দী চলচ্চিত্ৰ। ছবিখনত দ্ৰুত উন্নয়নশীল মহানগৰ এখনত নিজৰ ঘৰ বিচাৰি বৃথা চেষ্টা চলোৱা এহাল যুৱ দম্পতীৰ কাহিনী চিত্ৰিত হৈছে, যিসকল এক উন্নত জীৱনৰ সন্ধানত মহানগৰীত ভীৰ কৰিছিল।
-
নিৰ্জন চৈকতে
নিৰ্জন চৈকতে ( The Desolate Beach ) তপন সিনহাৰ পৰিচালনাত নিৰ্মিত এখন বাংলা ছবি। ১৯৬৩ চনত মুক্তি পোৱা এই ছবিখন কালকূট ছদ্মনামৰে সাহিত্য ৰচনা কৰা বিশিষ্ট বাংলা লেখক সমৰেশ বসুৰ একে নামৰ উপন্যাসৰ অভিযোজন।
-
বন্দিনী (চলচ্চিত্ৰ)
বন্দিনী ( Bandini) ১৯৬৩ চনৰ বিমল ৰায়ৰ পৰিচালনা আৰু প্ৰযোজনাত নিৰ্মিত এখন হিন্দী নাট্যধৰ্মী ছবি। ইয়াত নূতন, অশোক কুমাৰ আৰু ধৰ্মেন্দ্ৰই অভিনয় কৰিছে। হত্যাৰ অপৰাধত যাৱজ্জীৱন কাৰাদণ্ড ভুগি থকা ছবিখনত কাৰাবন্দী হৈ থকা এগৰাকী সৰ্বদুখী, নিস্বাৰ্থ, ত্যাগী আৰু শক্তিশালী, অথচ দুৰ্বল ভাৰতীয় মহিলাৰ কাহিনী…