ওস্তাদ গোলাম মুস্তাফা খান (Ustad Ghulam Mustafa Khan, ৩ মাৰ্চ ১৯৩১ – ১৭ জানুৱাৰী ২০২১)১ এগৰাকী ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ হিন্দুস্তানী শাস্ত্ৰীয় সংগীত পৰম্পৰাৰ সংগীতজ্ঞ। তেওঁ হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ ৰামপুৰ সহসৱান ঘৰাণাৰ শিল্পী।২ ২০০৩ চনত তেওঁ সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল। ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ ক্ষেত্ৰখনলৈ তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে তেওঁক ১৯৯১ চনত পদ্মশ্ৰী, ২০০৬ চনত পদ্মভূষণ আৰু ২০১৮ চনত পদ্মবিভূষণ বঁটা প্ৰদান কৰে।
২০২১ চনৰ ১৭ জানুৱাৰী তাৰিখে মুম্বাইৰ নিজা বাসভৱনত তেওঁৰ ৮৯ বছৰ বয়সত মৃত্যু হয়।
প্ৰাৰম্ভিক জীৱন
১৯৩১ চনৰ ৩ মাৰ্চ তাৰিখে ব্ৰিটিছ ভাৰতৰ অন্তৰ্ভুক্ত ইউনাইটেড প্ৰভিন্সেছ অফ আগ্ৰা এণ্ড অৱধৰ বাদায়ুনত (বৰ্তমান উত্তৰ প্ৰদেশ) জন্ম হৈছিল। তেওঁৰ মাতৃ ওস্তাদ ইনায়াত হুছেইন খানৰ কন্যা আছিল। ৱাজিদ আলী শ্বাহৰ শাসনকালত ইনায়াত হুছেইন খান তেওঁৰ দৰবাৰৰ শিল্পী আছিল। ইয়াৰ লগতে তেওঁ গুৱালিয়ৰ ঘৰানাৰ সংগীতজ্ঞ হাদু খানৰ জোঁৱাই আছিল।
যিহেতু ওস্তাদ গোলাম মুস্তাফা খানৰ পিতৃ-মাতৃয়ে তেওঁক গায়ক হোৱাটো বিচাৰিছিল, সেয়ে সৰুকালৰ পৰা সংগীতত তেওঁৰ প্ৰশিক্ষণ আৰম্ভ হৈছিল। সেইসময়ত তেওঁ সুৰটো মনত ৰাখিব পাৰিছিল কিন্তু সংগীতৰ কথাবোৰ বুজি পোৱা নাছিল। পিতৃৰ পিছত তেওঁক ওস্তাদ ফিদা হুছেইন খানে সংগীতৰ প্ৰশিক্ষণ দিছিল। তেওঁ তেতিয়া বৰোদাৰ ৰাজকীয় 'দৰবাৰ'ত গায়ক আছিল। তাৰ পিছত তেওঁ নিচাৰ হুছেইন খানৰ ওচৰত সংগীতৰ প্ৰশিক্ষণ লাভ কৰে। ৰামপুৰ, গুৱালিয়ৰ আৰু সহসৱান ঘৰানাৰ পাৰম্পৰিক সংগীতৰ শৈলীবোৰ সেয়েহে তেওঁৰ প্ৰদৰ্শনৰ অংশ।
সেই সময়ত প্ৰতিখন চহৰত ভিক্টোৰিয়া গাৰ্ডেন আছিল আৰু ই এক স্বনিৰ্বাচিত নিয়ম আছিল যে জন্মাষ্টমীত ইয়াত সংগীতৰ আগ্ৰহীসকলে প্ৰথম ৰাজহুৱা প্ৰদৰ্শন কৰা হয়। পৌৰসভাৰ অধ্যক্ষ আলি মকচুদে জন্মাষ্টমীৰ বছৰেকীয়া কাৰ্য্যসূচী ৰূপায়ণৰ বাবে ৮ বছৰ বয়সত গোলাম মুস্তাফা খানক ৰাজহুৱাকৈ সংগীত পৰিবেশন কৰিবলৈ নিমন্ত্ৰণ জনাইছিল।
কৰ্মজীৱন
তেওঁ গান গোৱা প্ৰথমখন ছবি আছিল মাৰাঠী ভাষাৰ 'চান্দ প্ৰেটিছা'। ১৯৫৭ চনৰ পৰা তেওঁ মাৰাঠী আৰু গুজৰাটী ছবিৰ বাবে পাৰ্শ্ব গায়ক হিচাপে কাম আৰম্ভ কৰিছিল। তেওঁ মৃণাল সেনৰ 'ভুৱন শ্বমে' ৰ সৈতে কাম আৰম্ভ কৰিছিল আৰু 'সজনা কাহে নেহি আয়ে...' গাইছিল। একেসংগীত পৰিচালক বিজয় ৰাঘৱ ৰাওৰ 'বাদনাম বস্তি'ত তেওঁ কণ্ঠদান কৰিছিল। তেওঁ জয়পুৰত দৃশ্যগ্ৰহণ কৰা এখন জাৰ্মান তথ্যচিত্ৰ "ৰেইন মেকাৰ"ত বেইজু বাৱৰাৰ চৰিত্ৰত অভিনয় কৰিছিল লগতে একেখন ছবিতে তেওঁ মূল গায়ক আছিল। তেওঁ চলচ্চিত্ৰ বিভাগৰ দ্বাৰা নিৰ্মিত ৭০ খনতকৈও অধিক তথ্যচিত্ৰত কণ্ঠদান কৰিছে। তেওঁ সমগ্ৰ ভাৰত আৰু ইউৰোপীয় দেশসমূহত শাস্ত্ৰীয় সংগীত প্ৰদৰ্শন কৰিছে।
পঞ্চাশৰ দশকৰ পৰা পৰা তেওঁ সংগীতৰ শিক্ষাদানত ব্ৰতী হয়।৩ তেওঁ আশা ভোছলে, মান্না দে, কমল বাৰত, ৱাহীদা ৰহমান, ৰানু মুখাৰ্জী, গীতা দত্ত, এ. আৰ. ৰহমান৪৫ হৰিহৰণ,৬৭ শ্বান, চনু নিগম,৮৯ চনাহ মইদুতী,১০ সাগৰিকা, আলিশ্বা চিনয়, শিল্পা ৰাও,১১১২ আৰু কল্পনা পাটোৱাৰীৰ শাস্ত্ৰীয় সংগীৰ গুৰু আছিল।১৩
কোক ষ্টুডিঅ'ত সুৰকাৰ এ. আৰ. ৰহমানে তেওঁৰ ৮২ বছৰীয়া গুৰুৰ সৈতে একেখন মঞ্চত পদৰ্পন কৰিছিল। ইয়াত তেওঁৰ চাৰিজন পুত্ৰ- মুৰ্তুজা, কাদিৰ, ৰবৱানী আৰু হাছান- আৰু তেওঁৰ ১২ বছৰীয়া নাতি ফৈজ আছিল। সকলো পাঁচজন সংগীতশিল্পী আৰু ৰহমানে দুটা সংখ্যাত সহযোগিতা কৰিছিল যিটো গোলাম মুস্তাফা খানৰ ৩ প্ৰজন্মৰ প্ৰদৰ্শনৰ অংশ আছিল।১৪
ব্যক্তিগত জীৱন
পদ্মভূষণ মুস্তাক হুছেইন খানৰ নাতিনী আমিনা বেগামৰ সৈতে গোলাম মুস্তাফা খানৰ বিয়া হৈছিল। তেওঁলোকৰ চাৰিজন পুত্ৰ হৈছে মুৰ্তুজা মুস্তাফা, কাদিৰ মুস্তাফা, ৰবৱানী মুস্তাফা আৰু হাছান মুস্তাফা। তেওঁ শাস্ত্ৰীয় গায়ক ৰচিদ খানৰ গুৰু আৰু মোমায়েক।১৫ তেওঁ তেওঁৰ পৰিয়ালৰ সৈতে মহাৰাষ্ট্ৰৰ মুম্বাইত বাস কৰিছিল।
মৃত্যু
২০২১ চনৰ ১৭ জানুৱাৰী তাৰিখে ৮৯ বছৰ বয়সত মুম্বাইৰ নিজা বাসগৃহত তেওঁৰ মৃত্যু হয়।১৬
বঁটা আৰু সন্মান
সংগীতক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে গোলাম মুস্তাফা খানে বহুতো ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় বঁটা আৰু সন্মান লাভ কৰিছে। ইয়াৰে উল্লেখযোগ্যসমূহ হ'ল:
ৰাষ্ট্ৰীয় সন্মান
- পদ্মশ্ৰী, ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান (১৯৯১)
- সংগীত নাটক একাডেমী বঁটা (২০০৩)
- পদ্মভূষণ, ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান (২০০৬)
- পদ্মবিভূষণ, ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান (২০১৮)
অন্যান্য সন্মান
- ৰাষ্ট্ৰীয় তানসেন সন্মান, মধ্য প্ৰদেশ চৰকাৰ, (২০০৮)
- পণ্ডিত দীননাথ মংগেশকাৰ বঁটা (২০১১)১৭
- উত্তম ভাগ গায়কাৰ জীয়ালাল বসন্ত বঁটা (২০১৪)১৮১৯
- যশ ভাৰতী বঁটা (২০১৬)২০
- ওস্তাদ হাফিজ আলি খান বঁটা (২০০৩)
- ওস্তাদ চান্দ খান বঁটা
- পণ্ডিত বাসভৰাজ ৰাজগুৰু ৰাষ্ট্ৰীয় স্মৃতি বঁটা (২০১৬)২১২২২৩
- সন্মানীয় নাগৰিকত্ব, মেৰিলেণ্ডৰ গভৰ্ণৰ, (১৯৮৬)
- বাল্টিমূৰে চহৰৰ সন্মানীয় নাগৰিকত্ব
- মহাৰাষ্ট্ৰ সংস্কৃতিক পুৰস্কাৰ
- ঠাকুৰ ৰত্ন (২০১১)
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Ustad Ghulam Mustafa Khan ·
- ↑ Rampur -Sahaswan Gharana. Sangeet Gram
- ↑ (4 March 2012). Celebs wish Ustad Gulam Mustafa Khan on b'day. The Times of India. Times Group
- ↑ Singh, Nirmika. (17 August 2013). AR Rahman teams up with guru. Hindustan Times
- ↑ Nivas, Namita. (14 April 2011). Mani Ratnam releases A.R. Rahman's biography. The Indian Express
- ↑ (20 January 2016). Mumbai reaches out to Chennai flood victims. The Hindu
- ↑ Pawar, Yogesh. (23 February 2014). Seven years on, tabla hazir for ghazal. DNA India
- ↑ Ali Khan, Ujala. (9 September 2015). A look at the rise and careers of Sonu Nigam and Atif Aslam ahead of their concert tomorrow. The National
- ↑ Sonu and Shaan wish Ustaad Ghulam Mustafa Khansaab on his birthday. radioandmusic
- ↑ (16 July 2016). Meeting AR Rahman was a dream: Sanah Moidutty. Deccan Chronicle
- ↑ Mehta, Sejal. (20 December 2013). A life told in tune. DNA India
- ↑ Ali Khan, Ujala. (22 January 2013). MTV India unplugged comes to Dubai this weekend. The National
- ↑ (18 November 2014). A rare raga himself. The Hindu
- ↑ AR Rahman teams up with guru. Hindustan Times
- ↑ Mathur, P N. (1 July 2015). The ‘Albela’ Rashid Khan, India's Most Popular Classical Vocalist. The Quint
- ↑ (17 January 2021). Legendary classical musician Ustad Ghul Mustafa Khan dies at 89. The Hindu
- ↑ Niwas, Namita. (21 April 2011). Master Dinanath Mangeshkar Award for Dharmendra. The Indian Express. The Indian Express Ltd
- ↑ (12 March 2014). Ustad Ghulam Mustafa Khan felicitated at Vasantotsav. The Indian Express. The Indian Express P Ltd
- ↑ TNN, Times News Network. (1 March 2014). Ustad Ghulam Mustafa Khan honoured in Mumbai. The Times of India. Times Group
- ↑ (15 July 2015). यश भारती से सम्मानित होंगे गायक उस्ताद गुलाम मुस्तफा, मिल चुका है पद्मभूषण. Dainik Bhaskar
- ↑ TNN, Times News Network. (25 August 2016). Ustad Ghulam Mustafa Khan feted. The Times of India. The Times Group
- ↑ TNN, Times News Network. (24 August 2016). Pandit Basavaraj Rajguru award to Mustafa Khan. The Times of India. Times Group
- ↑ (25 August 2016). Basavaraj Rajguru award presented to Ghulam Mustafa Khan. The Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গোলাম মুস্তাফা খান” প্ৰবন্ধৰ সংশোধন ৬৩৯৫৮৬ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।