ভাৰতীয় চলচ্চিত্ৰ সংগীতকাৰ
১৪ প্ৰবন্ধ
-
সলিল চৌধুৰী
সলিল চৌধুৰী এজন ভাৰতীয় সংগীত পৰিচালক। তেওঁ মূলতঃ বঙালী, হিন্দী আৰু মালয়ালম চলচ্চিত্ৰত আদিকে ধৰি অন্যান্য আঞ্চলিক ভাষাৰ কথাছবি সমূহতো সংগীত পৰিচালনা কৰিছিল। ইয়াৰ বাদেও তেওঁ এজন কবি আৰু চিত্ৰনাট্যকাৰ আছিল। তেখেতৰ গুনগ্ৰাহীসকলৰ ওচৰত তেওঁ সলিলদা নামেৰে পৰিচিত আছিল।
-
নৌশাদ
নৌশাদ আলী (( Naushad Ali; ২৫ ডিচেম্বৰ ১৯১৯ – ৫ মে' ২০০৬) হিন্দী চলচ্চিত্ৰৰ এজন সুৰকাৰ আছিল। তেওঁক হিন্দী চলচ্চিত্ৰ জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু অগ্ৰণী সংগীত পৰিচালক হিচাপে গণ্য কৰা হয়। তেওঁ চলচ্চিত্ৰত শাস্ত্ৰীয় সংগীতক জনপ্ৰিয় কৰাৰ বাবে বহুতভাবে পৰিচিত।
-
অমিত ত্ৰিবেদী
অমিত ত্ৰিবেদী (અમિત ત્રિવેદી) এজন ভাৰতীয় চলচ্চিত্ৰ সংগীত পৰিচালক, সুৰকাৰ, গায়ক আৰু গীতিকাৰ। নাটক আৰু জিংগোল সুৰকাৰ হিচাপে কাম কৰাৰ পাছত বিভিন্ন এলবামত সংগীত পৰিচালনা কৰে। 'আমিৰ' চলচ্চিত্ৰৰ সংগীত পৰিচালক হিচাপে ২০০৮ চনত তেওঁ আত্মপ্ৰকাশ কৰিছিল।
-
জীতু-তপন
জীতু-তপন (Jitu-Tapan) ভাৰতীয় চলচ্চিত্ৰৰ, বিশেষকৈ বলিউডী আৰু অসমীয়া ছবিৰ জনপ্ৰিয় সঙ্গীতকাৰ যুটী। ১৯৭১ চনত মানৱ আৰু দানৱ ছবিৰ যোগেদি প্ৰথম চলচ্চিত্ৰৰ সঙ্গীত পৰিচালনা কৰা এই যুটীটোৱে ১৯৭২ চনত মুম্বাইলৈ যায় আৰু হিন্দী ছবিৰ সৈতে জড়িত হৈ পৰে।
-
ৰবীন্দ্ৰ জৈন
ৰবীন্দ্ৰ জৈন (Ravindra Jain, रवीन्द्र जैन, ২৮ ফেব্ৰুৱাৰী ১৯৪৪ – ৯ অক্টোবৰ ২০১৫) এগৰাকী ভাৰতীয় সংগীত পৰিচালক, গীতিকাৰ, নেপথ্য কণ্ঠশিল্পী। ১৯৭০ৰ দশকৰ পৰা তেওঁ কেৰিয়াৰ আৰম্ভ কৰিছিল, তেওঁ কম্পোজ কৰা জনপ্ৰিয় ছবিসমূহ হৈছে- 'ছোৰ মাচায়ে শোৰ' (১৯৭৪), 'গীত গাতা চল' (১৯৭৫), 'চিচোৰ' (১৯৭৬) আৰু 'আঁখিওঁ কে…
-
জদ্দনবাঈ
জদ্দনবাঈ হুছেইন ( Jaddanbai Hussain, ১৯৯২-৮ এপ্ৰিল ১৯৪৯, বৃত্তিগত নাম জদ্দনবাঈ) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী, সঙ্গীত পৰিচালক, অভিনেত্ৰী, ছবি নিৰ্মাতা আৰু ভাৰতীয় চলচ্চিত্ৰৰ অন্যতম অগ্ৰদূত। সৰস্বতী দেৱীৰ সৈতে তেওঁক একেলগে ভাৰতীয় চলচ্চিত্ৰৰ প্ৰথম মহিলা সঙ্গীত পৰিচালক বুলি গণ্য কৰা হয়।
-
পংকজ মল্লিক
পংকজ কুমাৰ মল্লিক ( Pankaj Kumar Mullick; ১০ মে' ১৯০৫ – ১৯ ফেব্ৰুৱাৰী ১৯৭৮) এজন ভাৰতীয় সুৰকাৰ, নেপথ্য তথা ৰবীন্দ্ৰ সংগীতৰ কণ্ঠশিল্পী আৰু অভিনেতা। ১৯৭০ চনত তেওঁক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয়। ১৯৭২ চনত ভাৰতীয় চলচ্চিত্ৰলৈ সমগ্ৰ জীৱন জুৰি আগবঢ়োৱা অৱদানৰ বাবে লাভ কৰে দাদাচাহেব ফাল্কে বঁটা।
-
ধ্ৰুৱজ্যোতি ফুকন
ধ্ৰুৱজ্যোতি ফুকন এগৰাকী ভাৰতীয় সংগীত পৰিচালক, সংগীত প্ৰযোজক, সংগীত ব্যৱস্থাপক, সংগীত পৰিদৰ্শক, আৱহ সংগীত পৰিচালক আৰু সংগীত প্ৰগ্ৰেমাৰ। তেওঁ ঘাইকৈ হিন্দী আৰু অসমীয়া চলচ্চিত্ৰ জগতৰ লগত জড়িত। তেওঁক ডিজে ফুকন হিচাপে জনাজাত ধ্ৰুৱজ্যোতি ফুকনে বহুতো বঁটা আৰু সন্মান লাভ কৰিছে।
-
গোলাম মুস্তাফা খান
ওস্তাদ গোলাম মুস্তাফা খান (Ustad Ghulam Mustafa Khan, ৩ মাৰ্চ ১৯৩১ – ১৭ জানুৱাৰী ২০২১) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ হিন্দুস্তানী শাস্ত্ৰীয় সংগীত পৰম্পৰাৰ সংগীতজ্ঞ। তেওঁ হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ ৰামপুৰ সহসৱান ঘৰাণাৰ শিল্পী। ২০০৩ চনত তেওঁ সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল।
-
লক্ষ্মীকান্ত-প্যাৰেলাল
লক্ষ্মীকান্ত-প্যাৰেলাল (Laxmikant–Pyarelal) হৈছে এটি জনপ্ৰিয় ভাৰতীয় সংগীতজ্ঞ যুটি। সুকীয়াকৈ তেওঁলোকৰ নাম হ’ল; লক্ষ্মীকান্ত শান্তাৰাম কুদলকাৰ (১৯৩৭-১৯৯৮) আৰু প্যাৰেলাল ৰামপ্ৰসাদ শৰ্মা (জন্ম ১৯৪০)।
-
সৰস্বতী দেৱী (সঙ্গীত পৰিচালক)
সৰস্বতী দেৱী, (Saraswati Devi, জন্ম: খুৰচিদ মানেকশ্ব মিনোচেৰ হোমজী, ১৯১২ – ৯ আগষ্ট ১৯৮০) ১৯৩০ আৰু ১৯৪০ৰ দশকৰ হিন্দী চলচ্চিত্ৰৰ এগৰাকী সঙ্গীত পৰিচালক আৰু সুৰকাৰ আছিল।
-
ৰাইচাঁদ বড়াল
ৰাইচাঁদ বড়াল ( Rai Chand Boral; ১৯ অক্টোবৰ ১৯০৩ – ২৫ নৱেম্বৰ ১৯৮১) এজন ভাৰতীয় সংগীতকাৰ। সংগীতৰ ৰসিকসকলে তেওঁক ভাৰতৰ চলচ্চিত্ৰীয় সংগীতৰ পিতৃ ভীষ্ম পিতামহ বুলি গণ্য কৰে। ১৯৭৮ চনত ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ বঁটা দাদাচাহেব ফাল্কে বঁটা আৰু একে বছৰতে সংগীত নাটক একাডেমী বঁটাও লাভ কৰে।
-
ৰূপ কুমাৰ ৰাথোৰ
ৰূপ কুমাৰ ৰাথোৰ (Roop Kumar Rathod) এগৰাকী ভাৰতীয় সংগীত পৰিচালক আৰু নেপথ্য কণ্ঠশিল্পী৷ তেওঁ হিন্দী, গুজৰাটী, মাৰাঠী, তামিল, তেলেগু, বঙালী, উড়িয়া, অসমীয়া, নেপালী, ভোজপুৰী আৰু কন্নড় ভাষাৰ চলচ্চিত্ৰত কণ্ঠদান কৰিছে৷
-
পীয়ূষ মিশ্ৰ
পীয়ূষ মিশ্ৰ (Piyush Mishra) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু থিয়েটাৰ অভিনেতা। তেওঁ গীতিকাৰ, কণ্ঠশিল্পী, সংগীত পৰিচালক আৰু চিত্ৰনাট্যকাৰ হিচাপেও সুপৰিচিত। তেওঁ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, দিল্লীৰ ১৯৮৬ চনৰ এজন স্নাতক।