অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গুলজাৰ

সম্পূৰণ সিং কাল্‌ৰা (জন্ম ১৮ আগষ্ট ১৯৩৪), গুলজাৰ ছদ্মনামেৰে বিখ্যাত এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, গীতিকাৰ, চিত্ৰনাট্যকাৰ, প্ৰযোজক, কবি আৰু সাহিত্যিক। ব্ৰিটিছ ভাৰতৰ ঝিলাম জিলাত (বৰ্তমান পাকিস্তান) জন্মগ্ৰহণ কৰা গুলজাৰৰ পৰিয়ালে দেশ বিভাজনৰ পিছত ভাৰতলৈ গুচি আহে।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ২৮৯ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

সম্পূৰণ সিং কাল্‌ৰা (জন্ম ১৮ আগষ্ট ১৯৩৪), গুলজাৰ ছদ্মনামেৰে বিখ্যাত এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, গীতিকাৰ, চিত্ৰনাট্যকাৰ, প্ৰযোজক, কবি আৰু সাহিত্যিক।১ ব্ৰিটিছ ৰাজৰ ঝিলাম জিলাত (বৰ্তমান পাকিস্তান) জন্মগ্ৰহণ কৰা গুলজাৰৰ পৰিয়ালে দেশ বিভাজনৰ পিছত ভাৰতলৈ গুচি আহে। সংগীত পৰিচালক এছ.ডি.বৰ্মনৰ লগত ১৯৬৩ চনত মুক্তি লাভ কৰা ছবি বন্দীনীত গীতিকাৰ হিচাপে তেওঁ কৰ্মজীৱনৰ পাতনি মেলিছিল। তাৰপিছত তেওঁ আৰ.ডি.বৰ্মন, সলিল চৌধুৰী, বিশাল ভাৰদ্বাজ, এ. আৰ. ৰহমান আদিৰ দৰে বিখ্যাত সংগীত পৰিচালকৰ লগত কাম কৰিছিল। তেওঁ বৰ্তমানলৈকে ৪টা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ২১টা ফিল্মফেয়াৰ বঁটা, এটা অস্কাৰ বঁটা আৰু এটা গ্ৰেমী বঁটা লাভ কৰিছে।২৩ ২০০৪ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে।৪ চলচ্চিত্ৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে তেওঁ ২০১৩ চনত ভাৰতৰ চলচ্চিত্ৰৰ সৰ্বোচ্চ বঁটা দাদাচাহেব ফাল্কে বঁটা প্ৰদান কৰা হয়।

গুলজাৰ এজন বিখ্যাত কবি, সংকলাপ লিখক আৰু চিত্ৰ্যনাট্যকাৰ। তেওঁৰ সাহিত্যকীৰ্তিৰ বাবে ২০০২ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। তেওঁ ১৯৭০ৰ দশকত আন্ধি আৰু মৌচম আদিৰ দৰে বিখ্যাত ছবিৰ পৰিচালনা কৰিছিল। তেওঁ ১৯৮০ৰ দশকত টেলিভিছন ধাৰাবাহিক মিৰ্জা গালিব পৰিচালনা কৰিছিল।

২০১৩ চনৰ এপ্ৰিল মাহত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁক অসম বিশ্ববিদ্যালয় আচাৰ্য পদত নিযুক্ত কৰে।৫

প্ৰাৰম্ভিক জীৱন

১৯৩৪ চনৰ ১৮ আগষ্ট তাৰিখে ব্ৰিটিছ ভাৰতৰ ঝিলাম জিলাৰ দিনাত গুলজাৰৰ জন্ম হৈছিল। তেওঁৰ পিতৃ মাখান সিং কাল্‌ৰা আৰু মাতৃ সুজান কৌৰ। বিদ্যালয়ত তেওঁ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ অনূদিত ৰচনা পঢ়িছিল আৰু পিছলৈ ই তেওঁৰ জীৱনত গভীৰ ভাৱে প্ৰভাৱ পেলাইছিল। ১৯৪৭ চনত দেশ বিভাজনৰ পিছত তেওঁৰ পৰিয়াল বিভক্ত হয় আৰু তেওঁ পৰিয়ালক সহায় কৰিবলৈ পঢ়া-শুনা আধাতে সামৰি বোম্বেলৈ গুচি আহে। তাৰপিছত তেওঁ বোম্বেত জীৱিকাৰ বাবে বহু সৰু সৰু কাম কৰে। সেইসময়ত তেওঁ বেলাছিছ পথত অৱস্থিতবিচাৰে মটৰছ নামৰ গেৰাজতো কাম কৰিছিল।৬ তাত তেওঁ দুৰ্ঘটনাত পতিত গাড়ী সমূহ ৰং কৰিছিল। প্ৰথমতে তেওঁৰ পিতৃয়ে তেওঁ লেখক হবলৈ বিচৰাত সন্মতি জনোৱা নাছিল। পিছলৈ তেওঁ গুলজাৰ দীনভি নামেৰে সাহিত্য ৰচনা কৰিবলৈ ধৰিছিল। পিছলৈ তেওঁ কেৱল গুলজাৰ নাম ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে।৭১৮৯

তথ্যসূত্ৰ

  1. ↑ Amar Chandel. (4 January 2004). The poet as the father. The Tribune
  2. ↑ (12 April 2014). Gulzar to get Dadasaheb Phalke award. Indiatoday.in. India Today Group
  3. ↑ (13 April 2014). Gulzar selected for Dadasaheb Phalke Award. The Indian Express
  4. ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India
  5. ↑ (30 April 2013). Lyricist-writer Gulzar appointed chancellor of Assam University. India Today. IAN
  6. ↑ (31 July 2012). Guftagoo - Interview with Gulzar. YouTube. Rajyasabha TV
  7. ↑ Meghna Gulzar. (2004). Because he is. Rupa & Co
  8. ↑ (15 March 2009). A life in music. The Tribune
  9. ↑ (9 August 2015). The Anupam Kher show

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় গীতিকাৰভাৰতৰ চলচ্চিত্ৰ পৰিচালকহিন্দী ভাষাৰ চলচ্চিত্ৰ পৰিচালকপদ্মভূষণ বঁটা বিজয়ীশ্ৰেষ্ঠ চিত্ৰনাট্যৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ীউৰ্দু ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ীদাদাচাহেব ফাল্কে বঁটা বিজয়ীএকাডেমী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুলজাৰ” প্ৰবন্ধৰ সংশোধন ৩৮০৬৭৮ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।