ভাৰতীয় গীতিকাৰ
২১ প্ৰবন্ধ
-
গুলজাৰ
সম্পূৰণ সিং কাল্ৰা (জন্ম ১৮ আগষ্ট ১৯৩৪), গুলজাৰ ছদ্মনামেৰে বিখ্যাত এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, গীতিকাৰ, চিত্ৰনাট্যকাৰ, প্ৰযোজক, কবি আৰু সাহিত্যিক। ব্ৰিটিছ ভাৰতৰ ঝিলাম জিলাত (বৰ্তমান পাকিস্তান) জন্মগ্ৰহণ কৰা গুলজাৰৰ পৰিয়ালে দেশ বিভাজনৰ পিছত ভাৰতলৈ গুচি আহে।
-
জাভেদ আখতাৰ
জাভেদ আখতাৰ (; জন্ম: ১৭ জানুৱাৰী ১৯৪৫) একেধাৰে কবি, গীতিকাৰ আৰু চিত্ৰনাট্যকাৰ। ১৯৭১ চনৰ পৰা ১৯৮২ চনৰ ভিতৰত তেওঁ চেলিম খানৰ সৈতে লগ লাগি একেলগে চিত্ৰনাট্য ৰচনা কৰিছিল আৰু দুয়োজন সেইসময়ত চেলিম–জাভেদ হিচাপে বিখ্যাত হৈ পৰিছিল।
-
হেমাঙ্গ বিশ্বাস
হেমাঙ্গ বিশ্বাস (Hemanga Biswas; ১৪ ডিচেম্বৰ ১৯১২ - ২২ নৱেম্বৰ ১৯৮৭) এগৰাকী গীতিকাৰ, কবি, কণ্ঠশিল্পী আৰু নিবন্ধকাৰ হিচাপে জনাজাত যিজনে মূলতঃ অসমীয়া আৰু বাংলা সাহিত্য ৰচনাৰে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। তেখেত অসমৰ গণনাট্য সংঘৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল।
-
আনন্দ বক্সী
আনন্দ বক্সী (২১ জুলাই ১৯৩০ — ৩০ মাৰ্চ ২০০২) জনপ্ৰিয় ভাৰতীয় কবি আৰু হিন্দী চলচ্চিত্ৰৰ গীতিকাৰ আছিল। ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ সময়ত পঞ্জাৱ প্ৰদেশৰ ৰাৱালপিণ্ডি (বৰ্তমানৰ পাকিস্তান)ত এখেতৰ জন্ম হৈছিল। ১৯৪৭ চনত ভাৰত বিভাজনৰ সময়ত পৰিয়ালৰ সৈতে লক্ষ্ণৌলৈ আহি থাকিবলৈ লয়।
-
ৰবীন্দ্ৰ জৈন
ৰবীন্দ্ৰ জৈন (Ravindra Jain, रवीन्द्र जैन, ২৮ ফেব্ৰুৱাৰী ১৯৪৪ – ৯ অক্টোবৰ ২০১৫) এগৰাকী ভাৰতীয় সংগীত পৰিচালক, গীতিকাৰ, নেপথ্য কণ্ঠশিল্পী। ১৯৭০ৰ দশকৰ পৰা তেওঁ কেৰিয়াৰ আৰম্ভ কৰিছিল, তেওঁ কম্পোজ কৰা জনপ্ৰিয় ছবিসমূহ হৈছে- 'ছোৰ মাচায়ে শোৰ' (১৯৭৪), 'গীত গাতা চল' (১৯৭৫), 'চিচোৰ' (১৯৭৬) আৰু 'আঁখিওঁ কে…
-
অনুষ্কা শংকৰ
অনুষ্কা শংকাৰ (জন্ম ১৯৮১ চনৰ ৯ জুন) এগৰাকী ভাৰতীয় চেতাৰবাদক আৰু গীতিকাৰ। তেওঁ পণ্ডিত ৰবি শংকৰৰ জী।
-
কবি প্ৰদীপ
কবি প্ৰদীপ (জন্ম:ৰামচন্দ্ৰ নাৰায়ণজী দ্বিবেদী; Kavi Pradeep; ৬ ফ্ৰেব্ৰুৱাৰী ১৯১৫-১১ ডিচেম্বৰ ১৯৯৮) এজন ভাৰতীয় কবি। চীন-ভাৰত যুদ্ধত মৃত্যুবৰণ কৰা ভাৰতীয় সৈনিকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই লিখা য়ে মেৰে ৱতন কে লোগো নামৰ দেশপ্ৰেমমূলক গীতটোৰ বাবে কবি প্ৰদীপ বিশেষভাৱে জনাজাত।
-
চাহিৰ লুধিয়ানবী
আব্দুল হায়ে (৮ মাৰ্চ ১৯২১ – ২৫ অক্টোবৰ ১৯৮০) হ’ল চাহিৰ লুধিয়ানবী নামেৰে জনাজাত এগৰাকী জনপ্ৰিয় পাকিস্তানী/ভাৰতীয় কবি। বিভাজনৰ পিছত তেওঁ ভাৰত ত্যাগ কৰিছিল। তেওঁ লাহোৰৰ চৰকাৰী মহাবিদ্যালয়ৰ ছাত্ৰ আছিল আৰু ১৯৪৯ চনত পাকিস্তান এৰি পুনৰ ভাৰতলৈ উভতি আহিছিল।
-
মজৰূহ চুলতানপুৰী
আসৰাৰ-উল-হাছান খান ( Asrar Ul Hassan Khan; ১ অক্টোবৰ ১৯১৯ − ২৪ মে' ২০০০) হিন্দী চলচ্চিত্ৰ উদ্যোগৰ এজন উৰ্দু কবি আৰু গীতিকাৰ আছিল, যি মজৰূহ চুলতানপুৰী নামেৰে অধিক পৰিচিত। তেওঁ অসংখ্য হিন্দী চলচ্চিত্ৰৰ বাবে হিন্দুস্তানী গীত লিখিছিল।
-
দেৱী শ্ৰী প্ৰসাদ
দেৱী শ্ৰী প্ৰসাদ (దేవిశ్రీ ప్రసాద్, தேவி ஸ்ரீ பிரசாத்) (জন্ম: আগষ্ট ২, ১৯৭৯) এজন ভাৰতীয় সংগীত গীতিকাৰ, কণ্ঠশিল্পী আৰু পৰিচালক। তেওঁ মূলতঃ তেলেগু, আৰু তামিল ভাষাৰ বোলছবিৰ গীততো কণ্ঠ নিগৰাইছে।
-
ৰাহত ইন্দোৰী
ৰাহত কুৰেশ্বি জন্মপ্ৰিয়ভাবে ৰাহত ইন্দোৰী (১ জানুৱাৰী ১৯৫০ – ১১ আগষ্ট ২০২০) এগৰাকী উৰ্দু কবি, শ্বায়েৰ আৰু হিন্দী চলচ্চিত্ৰৰ গীতিকাৰ। তেওঁ উৰ্দু ভাষাৰ শিক্ষাবিদ আৰু এগৰাকী চিত্ৰশিল্পী হিচাপেও বিখ্যাত আছিল। তেওঁ মধ্য প্ৰদেশৰ ইন্দোৰত অৱস্থিত দেৱী অহল্যা বিশ্ববিদ্যালয়ৰ উৰ্দু সাহিত্যৰ অধ্যাপক আছিল।
-
ৱাজিদা তাবাচ্চুম
ৱাজিদা তাবাচ্চুম (; ১৬ মাৰ্চ ১৯৩৫ – ৭ ডিচেম্বৰ ২০১১) এগৰাকী ভাৰতীয় উৰ্দু ভাষাৰ লেখিকা, কবি আৰু গীতিকাৰ। তেওঁৰ জীৱনকালত তেখেতে ২৭খন কিতাপ লিখিছিল। এইসমূহৰ কিছুমান চলচ্চিত্ৰ আৰু ভাৰতীয় দূৰদৰ্শনত ধাৰাবাহিক হিচাপে প্ৰদৰ্শিত হৈছে।
-
ইৰশ্বাদ কামিল
ড° ইৰশ্বাদ কামিল (Irshad Kamil; জন্ম: ৫ ছেপ্টেম্বৰ ১৯৭১) এগৰাকী ভাৰতীয় কবি আৰু গীতিকাৰ। তেওঁৰ ৰচিত গীতসমূহ ওৱান্স আপন এ টাইম ইন মুম্বাই, জব উই মেট, চামেলি, লাভ আজ কাল, ৰকষ্টাৰ, লায়লা মজনু, আছিকি ২, ৰাঞ্ঝনা, হাইৱে, তামাছা, জব হেৰী মেট চেজল, কবীৰ সিং, ডাংকী আৰু লাভ আজ কালকে ধৰি বলীউডৰ বহুতো ছবিত…
-
কবিতা লংকেশ
কবিতা লংকেশ (ಕವಿತಾ ಲಂಕೇಶ್) হৈছে এগৰাকী ভাৰতীয় ছবি পৰিচালক, চিত্ৰনাট্যকাৰ আৰু গীতিকাৰ। তেখেত কন্নড় ভাষাৰ ছবি উদ্যোগৰ লগত জড়িত। ১৯৯৯ চনত 'ডেৱিৰি' নামৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি নিৰ্মাণ কৰিবলৈ যোৱাৰ আগত তেখেতে এগৰাকী তথ্যচিত্ৰনিৰ্মাতা হিচাপে কৰ্মজীৱনৰ পাতনি মেলে।
-
নচিকেতা চক্ৰৱৰ্তী
নচিকেতা চক্ৰৱৰ্তী (Nachiketa Chakraborty) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী, সংগীতকাৰ, সুৰকাৰ, গীতিকাৰ আৰু নেপথ্য কণ্ঠশিল্পী, যাক চমুকৈ নচিকেতা নামেৰে জনা যায়। নচিকেতা আধুনিক বাংলা গীতৰ বাবে জনাজাত। তেওঁ ১৯৯০ ৰ দশকৰ আৰম্ভণিতে তেওঁৰ প্ৰথম এলবাম “এই বেশ ভালো আছি” মুক্তিৰ পাছত জনপ্ৰিয়তা অৰ্জন কৰে।
-
পীয়ূষ মিশ্ৰ
পীয়ূষ মিশ্ৰ (Piyush Mishra) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু থিয়েটাৰ অভিনেতা। তেওঁ গীতিকাৰ, কণ্ঠশিল্পী, সংগীত পৰিচালক আৰু চিত্ৰনাট্যকাৰ হিচাপেও সুপৰিচিত। তেওঁ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, দিল্লীৰ ১৯৮৬ চনৰ এজন স্নাতক।
-
বছেন মুৰ্মু
বছেন মুৰ্মু (৯ এপ্ৰিল ১৯৮৭ - ৮ জুন ২০২০) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী আৰু গীতিকাৰ। তেওঁ ঘাইকৈ চাঁওতালি ভাষাত সংগীতচৰ্চা কৰিছিল। তেওঁ চাঁওতালি চলচ্চিত্ৰ আৰু এলবামৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীত পৰিগণিত হৈছিল। ২০২০ চনৰ ৮ জুন তাৰিখে মাত্ৰ ৩৩ বছৰ বয়সত বছেন মুৰ্মুৰ মৃত্যু হয়।
-
পাৰ্ল মানে
পাৰ্ল মানে (ইংৰাজী: Pearle Maaney; জন্ম: ২৮ মে' ১৯৮৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী, গীতিকাৰ, ইউটিউবাৰ আৰু টেলিভিছন উপস্থাপিকা। তেওঁ মূলতঃ মালয়ালম অনুষ্ঠানসমূহত কাৰ্যনিৰ্বাহ কৰে। মালয়ালম নৃত্যভিত্তিক ৰিয়েলিটি শ্ব’ ডি ৪ ডান্সৰ তিনিটা ছিজনৰ সহ-উপস্থাপনা কৰাৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।
-
পি ভি আৰ ৰাজা
পি ভি আৰ ৰাজা (PVR Raja,పివిఆర్ రాజా, பி. வி. ஆர். ராஜா) (জন্ম: জুন ১, ১৯৮৫) এজন ভাৰতীয় সুৰকাৰ, সংগীত পৰিচালক আৰু গীটাৰিষ্ট। তেওঁ মূলতঃ তেলেগু ছবিত কাম কৰি আছে। তেলেগু চুটি ছবিৰ সৰ্বাধিক স্ক'ৰ কৰাৰ বাবে তেওঁ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত স্থান লাভ কৰে। তেওঁ চুটি ছবিৰ ইলাইয়াৰাজা হিচাপে স্বীকৃতি লাভ কৰে।
-
পুলক বন্দ্যোপাধ্যায়
পুলক বন্দ্যোপাধ্যায় (২ মে ১৯৩১ – ৭ চেপ্তেম্বৰ ১৯৯৯) এজন ভাৰতীয় বাঙালী গীতিকাৰ, সুৰকাৰ আৰু চাৰি হাজাৰৰো অধিক গীতৰ স্ৰষ্টা।
-
শিৱদাস বন্দ্যোপাধ্যায়
শিৱদাস বন্দ্যোপাধ্যায় (২৭ ডিচেম্বৰ ১৯৩২ – ০৮ আগষ্ট ২০০৯) এজন বিশিষ্ট বাঙালী গীতিকাৰ আৰু কবি। গীত ৰচনাৰে কুৰি শতিকাৰ দ্বিতীয়াৰ্ধত বাংলা চিনেমা আৰু আধুনিক সংগীতকাৰসকলৰ ভিতৰত শিৱদাস বন্দ্যোপাধ্যায় আছিল অন্যতম।