অসমৰ ৰাজ্যিক প্ৰতীক
৯ প্ৰবন্ধ
-
অসম সাহিত্য সভা
অসম সাহিত্য সভা হৈছে অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ সৰ্বাংগীণ উন্নতিৰ লক্ষ্যৰে ১৯১৭ চনত গঠিত এক শীৰ্ষস্থানীয় সাহিত্য-সাংস্কৃতিক সংস্থা। ইয়াৰ মুখ্য কাৰ্যালয় যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনত অৱস্থিত আৰু অসম তথা অসমবাহিৰতো ইয়াৰ হাজাৰো অধিক শাখা আছে।
-
বিহু
বিহু অসমৰ জাতীয় উৎসৱ আৰু অসমৰ জনজীৱনৰ কৃষিভিত্তিক বাৰ্ষিক ঋতুচক্ৰৰ সৈতে ঘনিষ্ঠভাৱে জড়িত। জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে একেলগে উদযাপন কৰিব পৰা এই উৎসৱে অসমৰ সাংস্কৃতিক ঐক্য, লোকাচাৰ আৰু সংগীত-নৃত্য পৰম্পৰাৰ এক প্ৰধান বাহক ৰূপে পৰিচয় দিয়ে।
-
এশিঙীয়া গঁড়
এশিঙীয়া গঁড় (Rhinoceros unicornis) দক্ষিণ এছিয়াৰ ঘাঁহনি-জলাভূমি পৰিবেশৰ এক বিশেষ বৃহৎ স্তন্যপায়ী, যাৰ কপালত এটা খড়্গ থাকে। বৰ্তমান ই সীমিত অঞ্চলতহে পোৱা যায় আৰু সংৰক্ষণৰ দিশত ইয়াৰ অৱস্থা আই ইউ চি এন ৰঙা তালিকাত VU হিচাপে চিহ্নিত।
-
বিহু নৃত্য
বিহু নৃত্য(bihu dance) হৈছে ভাৰতৰ উত্তৰ-পূৱ দিশৰ অসম ৰাজ্যৰ এক থলুৱা লোকনৃত্য যি ৰাজ্যখনৰ প্ৰধান উৎসৱ বিহু আৰু অসমীয়া সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংশ। পৰম্পৰাগতভাৱে খাটী অসমীয়া ৰঙীন মুগাৰ সাজ পিন্ধি হাত-ভৰিৰ সুকীয়া মুদ্ৰাৰে এই নৃত্য কৰা হয়।
-
অসমৰ জাতীয় গীত
অ’ মোৰ আপোনাৰ দেশ অসমৰ জাতীয় সংগীত। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা কবিতাসমূহৰ ভিতৰত ই এক অন্যতম কবিতা। অসমৰ জাতীয় সংগীতটোৰ মূল কথাখিনি "মোৰ দেশ" নামেৰে ১৯১০ চনৰ মে' মাহৰ বাঁহীত (শ্ৰী কৃপাবৰ বৰুৱা ছদ্মনামত) আৰু ১৯১৩ চনত 'কদমকলি' পুথিত লক্ষ্মীনাথ বেজবৰুৱাই প্ৰকাশ কৰিছিল।
-
কপৌ ফুল
কপৌ ফুল অসমৰ জাতীয় ফুল | কপৌ ফুল (Foxtail Orchid, বৈজ্ঞানিক নাম: Rhynchostylis retusa) হৈছে এবিধ ভান্দা গোটৰ আকৰ্ষক অৰ্কিড প্ৰজাতি। এই অৰ্কিডৰ ফুল বিলাক প্ৰায় এশতকৈয়ো অধিক বগা ৰঙৰ ওপৰত গুলপীয়া ফুট ফুট থকা ফুলৰ এক সমষ্টিৰ ৰূপত পোৱা যায়।
-
হোলোং
হোলোং ( বৈজ্ঞানিক নাম:Dipterocarpus retusus) এক সাধাৰণ মধ্যম বৰ্গৰ কঠিন কাঠৰ বৃক্ষ। এই ডাঙৰ আকাৰৰ গছজোপা ডিপ্টেৰ'কাৰ্পাছ প্ৰজাতিৰ আটাইতকৈ পৰিচিত প্ৰজাতি। ই চীন, ভিয়েটনাম, ফিলিপাইনছ, লাওছ, কম্বোডিয়া, মালয়েছিয়া, ইণ্ডোনেছিয়া, ম্যানমাৰ আৰু ভাৰতৰ মূল বাসিন্দা।
-
দেওহাঁহ
দেওহাঁহ ( White-winged Wood Duck )' (Asarcornis scutulata) এবিধ ডাঙৰ আকাৰৰ হাহঁৰ প্ৰজাতি। দেওহাঁহক অসমৰ জাতীয় চৰাই ৰূপে অভিহিত কৰা হয়। এই প্ৰজাতিৰ হাঁহৰ বিশেষ ধৰণৰ বিকট মাতৰ বাবে অসমীয়াত ইয়াক ‘দেওহাঁহ’ বুলি কোৱা হয়।
-
অসমৰ ৰাজ্যিক প্ৰতীকসমূহ
অসম চৰকাৰৰ দ্বাৰা স্বীকৃতীপ্ৰাপ্ত চৰকাৰী প্ৰতীকসমূহ তলত উল্লেখ কৰা হ’ল:-