কপাহ (Cotton) হৈছে বিশ্বৰ ক্ৰান্তীয় আৰু উপ-ক্ৰান্তীয় অঞ্চলত স্থানীয়ভাবে দেখা পোৱা এবিধ উদ্ভিদৰ প্ৰজাতি। ই প্ৰধানকৈ আমেৰিকা যুক্তৰাষ্ট্ৰ, আফ্ৰিকা আৰু ভাৰতত বিস্তৃত হৈ আছে। বনৰীয়া কপাহৰ আটাইতকৈ বেছি বৈচিত্ৰ্য মেক্সিকো ত দেখা পোৱা যায়।১
প্ৰকাৰ

ভাৰতত সচৰাচৰ তিনিবিধ কপাহ পোৱা যায়।
- দীঘল অঁহীয়া (৪-৬ ছে:মি:)
- মজলীয়া অঁহীয়া (২.৫ ছে:মি:তকৈ বেছি)
- চুটি অঁহীয়া (২.৫ ছে:মি:তকৈ কম)
মধ্যমীয়া আঁহৰ কপাহ প্ৰায়বিলাক ৰাজ্যতে উৎপাদন কৰা হয়। মহাৰাষ্ট্ৰ, তামিলনাডু আৰু গুজৰাটে দীঘল অঁহীয়া কপাহ উৎপাদন কৰে। ভাৰতৰ কপাহ প্ৰধানকৈ চুটি অঁহীয়া আৰু পৃথিৱীত ইয়াৰ মূল্য কম। মধ্য প্ৰদেশৰ দক্ষিণাংশ, মহাৰাষ্ট্ৰ, তামিলনাডু, অন্ধ্ৰপ্ৰদেশৰ পশ্চিমাঞ্চল, ৰাজস্থান আৰু পঞ্জাবত চুটি আঁহযুক্ত কপাহ উৎপাদন হয়। ইয়াৰ উপৰিও মেঘালয়ৰ গাৰো পাহাৰ, অসমৰ মিকিৰ পাহাৰ আৰু ৰেংমা পাহাৰ, পশ্চিমবংগৰ পুৰুলিয়া জিলা আৰু ওড়িশাৰ কোনো কোনো ঠাইত চুটি অঁহীয়া কপাহ উৎপাদন হয়। বৰ্তমান জলসিঞ্চনৰ দ্বাৰা পানীৰ যোগান ধৰি পঞ্জাব, ৰাজস্থান আৰু কৰ্ণাটকত মজলীয়াৰ পৰা দীঘল অঁহীয়া কপাহ উৎপন্ন কৰা হয়।২
উৎপাদন
ভাৰতবৰ্ষই পৃথিৱীৰ উৎপাদনৰ শতকৰা ১০ ভাগ কপাহ উৎপাদন কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন আৰু ৰাছিয়াৰ পিছতেই ভাৰতৰ স্থান। ভাৰতত ৫০০০ বছৰ আগৰে পৰাই কপাহী কাপোৰৰ প্ৰচলন আছিল বুলি জনা যায়। ভাৰতবৰ্ষৰ দাক্ষিণাত্যতেই কপাহ খেতি ভাল হয়। বৰ্তমান প্ৰায় ৭ নিযুত হেক্টৰ মাটিত কপাহ খেতি কৰা হয় আৰু পঞ্জাব, গুজৰাট আৰু মহাৰাষ্ট্ৰই আটাইতকৈ বেছি উৎপাদন কৰে। এই তিনিখন ৰাজ্যই ভাৰতৰ আধাতকৈ বেছি কপাহ উৎপাদন কৰে।২
কপাহ খেতি
কপাহ খেতিৰ বাবে সাৰুৱা বা ভালদৰে কৃত্ৰিম সাৰ দিয়া মাটিৰ প্ৰয়োজন। কপাহ খেতিৰ বাবে মধ্যমীয়া বৰষুণ লাগে ৫০ ৰ পৰা ১০০ ছেণ্টিমিটাৰ বৰষুণ হ'লে কপাহ খেতি ভাল হয়। কপাহ খেতিৰ বাবে ২১° ছেণ্টিগ্ৰেড উত্তাপ আৰু ২০০ দিন নিয়ৰমুক্ত দিনৰ প্ৰয়োজন। ইয়াক উপক্ৰান্তীয় শস্য বুলি কোৱা হয়। কপাহ বৃক্ষ গজিবৰ সময়ত বৰষুণৰ প্ৰয়োজন। কিন্তু গুটি পকিবৰ সময়ত বৰষুণ দিলে কপাহবোৰ নষ্ট হৈ যায়। সেই সময়ত বতৰ খৰাং আৰু উত্তাপ মধ্যমীয়া হ'ব লাগে। কপাহৰ কাৰণে সাৰুৱা মাটিৰ দৰকাৰ। কপাহ খেতি কৰা মাটিত পানী জমা হৈ থাকিব নালাগে, কিন্তু মাটিখিনি জিপাল হৈ থাকিব লাগে। ভাৰতৰ দাক্ষিণাত্যৰ লাভাজাত চাৰ্নজেম বা ৰেগুৰ মাটি কপাহ খেতিৰ বাবে উপযুক্ত। গছৰ বাঢ়ন কালত মাজে মাজে বৰষুণ লাগে।২
আন্তঃৰাষ্ট্ৰীয় বাণিজ্য
ভাৰতবৰ্ষই দীঘল আঁহযুক্ত কপাহ কেনিয়া, সংযুক্ত আৰব গণৰাজ্য আদিৰপৰা আমদানি কৰে যদিও চুটি অঁহীয়া কপাহ ৰপ্তানি কৰি বছৰি প্ৰায় ৪০ কোটিৰো অধিক টকাৰ বৈদেশিক মুদ্ৰা অৰ্জন কৰে। ভাৰতৰ কপাহৰ মূল্য কম হোৱা কাৰণে ব্ৰিটিছ দ্বীপপুঞ্জ আৰু জাপানে অধিক পৰিমাণে ভাৰতৰ পৰা ক্ৰয় কৰে।
তথ্যসূত্ৰ
- ↑ The Biology of Gossypium hirsutum L. and Gossypium barbadense L. (cotton). ogtr.gov.au
- ↑ উচ্চতৰ মাধ্যমিক ভূগোল বিজ্ঞান" দ্বিতীয় খণ্ড (দ্বিতীয় বাৰ্ষিকৰ বাবে), লেখকদ্বয় - ড॰ লোকেশ্বৰ নাথ আৰু ড॰ চাৰু চহৰীয়া নাথ। প্ৰকাশক - স্বস্ত্যয়ন বুক ষ্টল, খাৰুপেটীয়া (দৰং)।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কপাহ” প্ৰবন্ধৰ সংশোধন ৩৮০৩৫১ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।