অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
অৰ্থনীতি আৰু উদ্যোগ

ৰেচম

ৰেচম এক প্ৰকাৰৰ প্ৰাকৃতিক প্ৰ'টিন তন্তু, যাক বহু ধৰণৰ বস্ত্ৰশিল্প বয়নৰ বাবে ব্যৱহাৰ কৰা হয়। ৰেচমৰ সৰ্বাধিক পৰিচিত প্ৰকাৰ বম্বেক্স মৰি‍ নামৰ ৰেচম পলুৰ বাহ বা খোলাৰ পৰা সংগ্ৰহ কৰা হয়। ভিন্ন প্ৰজাতিৰ ৰেচম পলুৰ পৰা ভিন ভিন সূতা পোৱা যায়।

হালনাগাদ: ১৯ ডিচেম্বৰ ২০২৪ ১৮৩ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ৰেচম এক প্ৰকাৰৰ প্ৰাকৃতিক মাংসসাৰ তন্তু, যাক বহু ধৰণৰ বস্ত্ৰশিল্প বয়নৰ বাবে ব্যৱহাৰ কৰা হয়। ৰেচমৰ সৰ্বাধিক পৰিচিত প্ৰকাৰ বম্বেক্স মৰি‍ নামৰ ৰেচম পলুৰ বাহ বা খোলাৰ পৰা সংগ্ৰহ কৰা হয়। ভিন্ন প্ৰজাতিৰ ৰেচম পলুৰ পৰা ভিন ভিন সূতা পোৱা যায়। বিশেষ ব্যৱস্থাৰ জৰিয়তে ৰেচম পলুৰ কৃষিৰ দ্বাৰা বাণিজ্যিকভাৱে এই সূতা প্ৰস্তুত কৰা হয়। এই পদ্ধতিক ৰেচম শিল্প বোলে।

ইতিহাস

চীন

প্ৰাচীনকালত চীনত সৰ্বপ্ৰথম ৰেচমৰ উৎপাদন কৰা হৈছিল।১ ৰেচমৰ ক্ষেত্ৰত চীনৰ সম্ৰাটৰ স্ত্ৰী লেই চুৰ (চীনা: 嫘祖 ফিনিন: Léi Zǔ লেইৎচু) অনেক ভূমিকা আছিল। সম্ভৱতঃ খ্ৰীষ্টপূৰ্ব ৩,৫০০ বছৰ আগৰে পৰাই চীনত ৰেচমৰ ব্যৱহাৰ কৰা হৈছিল।২ আদিতে চীনা সম্ৰাটৰ বাবে ৰেচম সংৰক্ষণ কৰা হৈছিল। পিছত ইয়াক সেই সময়ৰ সমাজৰ ধনীক শ্ৰেণীৰ অতিথিগৃহত স্থান পায় আৰু ইয়াৰ সৌন্দৰ্য তথা নৰম গুণগত মানে চীনা ব্যৱসায়ীসকলৰ দৃষ্টি আকৰ্ষণ কৰে। ৰেচমৰ ব্যৱহাৰ বঢ়াৰ লগে লগে ই এক আন্তৰ্জাতিক ব্যৱসায়ত পৰিণত হয় আৰু ইয়াৰ বাণিজ্যিকভাৱে উৎপাদন আৰম্ভ হয়। চীনা সম্ৰাটে ৰেচম পলুৰ লেটা গুটি উৎপাদন পদ্ধতি গোপন ৰখাৰ বাবে অনেক সতৰ্কতা অৱলম্বন কৰিছিল, কিন্তু পিছলৈ এই শিল্প জাপান, কোৰিয়া আৰু ভাৰতলৈ বিস্তাৰ লাভ কৰে।

ৰেচম বাণিজ্যৰ প্ৰথম প্ৰমাণ পোৱা যায় ইজিপ্তৰ ২১তম ৰাজবংশৰ (খ্ৰীষ্টপূৰ্ব ১০৭০) এটা মামীৰ চোলাত পোৱা ৰেচমৰ জৰিয়তে।৩

তথ্যসূত্ৰ

  1. ↑ Silk: History. Columbia Encyclopedia Sixth Edition
  2. ↑ Textile Exhibition: Introduction. Asian art
  3. ↑ Lubec, G. (1993-03-04). Use of silk in ancient Egypt. Nature. পৃ. 25 (also available here)

সম্পৰ্কিত শ্ৰেণী

বয়ন শিল্প

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেচম” প্ৰবন্ধৰ সংশোধন ৪৫৬২৯১ (১৯ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।