অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

তুলসী

তুলসী হৈছে লেমীয়াছী (Lamiaceae) পৰিয়ালৰ এবিধ সুগন্ধী ঔষধি উদ্ভিদ। ইয়াক ভাৰত উপমহাদেশীয় অঞ্চলত থলুৱাভাৱে দেখিবলৈ পোৱা যায়। তুলসীৰ বৈজ্ঞানিক নাম হ'ল ওছিমাম তেনুইফ্লোৰাম (Ocimum tenuiflorum) বা ওছিমাম ছেংকটাম (Ocimum Sanctum)। তুলসীক ইংৰাজীত 'হোলী বেছিল' (Holy Basil) বুলি জনা যায়।

হালনাগাদ: ১ অক্টোবৰ ২০২৫ ২০৭ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

তুলসী হৈছে লেমীয়াছী (Lamiaceae) পৰিয়ালৰ এবিধ সুগন্ধী ঔষধি উদ্ভিদ। ইয়াক ভাৰত উপমহাদেশীয় অঞ্চলত থলুৱাভাৱে দেখিবলৈ পোৱা যায়। তুলসীৰ বৈজ্ঞানিক নাম হ'ল ওছিমাম তেনুইফ্লোৰাম (Ocimum tenuiflorum) বা ওছিমাম ছেংকটাম (Ocimum Sanctum)। তুলসীক ইংৰাজীত 'হোলী বেছিল' (Holy Basil) বুলি জনা যায়। সৰু সৰু সেউজীয়া নাইবা বেঙুনীয়া পাত আৰু ক্ষুদ্ৰ ক্ষুদ্ৰ নোমেৰে আৱৰা ডালেৰে সৈতে তুলসী গছ প্ৰায় ৩০ ৰ পৰা ৬০ ছে.মি. ওখ হোৱা দেখা যায়।১২

তুলসীৰ পাত উপবৃত্তকাৰ, প্ৰায় ৫ ছে.মি. দীঘল। ফুল বেঙুনীয়া, ৰেছিমী (Raceme) গঠনৰ। ভাৰত আৰু নেপালত তুলসীৰ দুটা উপ-প্ৰজাতিৰ খেতি কৰা হয়-সেউজীয়া পাতৰ শ্ৰী বা লক্ষ্মী তুলসী আৰু বেঙুনীয়া পাতৰ কৃষ্ণ তুলসী।২৩

তুলসীক এক পৱিত্ৰ উদ্ভিদ হিচাপে ধৰ্মীয় আৰু ঔষধি গুণগত কাৰণত ৰোপণ কৰা হয়। তুলসীৰ পৰা এবিধ সুগন্ধী তেলো (essential oil) নিষ্কাষণ কৰা হয়। ভাৰত উপমহাদেশীয় অঞ্চলত তুলসীক বনদৰব হিচাপে বহুলভাৱে ব্যৱহাৰ কৰা হয়। তুলসীৰ পাতৰ পৰা এবিধ বিশেষ হাৰ্বেল চাহো (herbal tea) প্ৰস্তুত কৰা হয়। হিন্দু ধৰ্মৰ বৈষ্ণৱ পৰম্পৰাত তুলসীৰ এক বিশেষ স্থান আছে। ইয়াক সততে পূজাৰ সামগ্ৰী হিচাপে বিভিন্ন ধৰণে ব্যৱহাৰ কৰা হয়।

ওছিমাম টেনুইফ্লোৰামৰ এবিধ উপ-প্ৰজাতিৰ তুলসীক শ্যামদেশীয় ৰন্ধন প্ৰকৰণত (Thai cuisine) ব্যৱহাৰ কৰা হয়। ইয়াক ইংৰাজীত থাই হোলী বেছিল (Thai holy basil) বুলি জনা যায়। ইয়াৰ বাহিৰেও থাই বেছিল (Thai basil) বুলি এবিধ বুলি অন্য এবিধ তুলসীৰ উপপ্ৰজাতিও আছে, ই পিছে ওছিয়াম বেছিলিকাম (Ocimum basilicum) নামৰ তুলসী প্ৰজাতিৰহে উপপ্ৰজাতি।১

তথ্যসূত্ৰ

  1. ↑ Staples, George; Michael S. Kristiansen. (1999). Ethnic Culinary Herbs. University of Hawaii Press. পৃ. 73. ISBN 978-0-8248-2094-7
  2. ↑ Staples, George; Michael S. Kristiansen. (1999). Ethnic Culinary Herbs. University of Hawaii Press. পৃ. 73. ISBN 978-0-8248-2094-7
  3. ↑ Staples, George; Michael S. Kristiansen. (1999). Ethnic Culinary Herbs. University of Hawaii Press. পৃ. 73. ISBN 978-0-8248-2094-7

সম্পৰ্কিত শ্ৰেণী

গুল্মঔষধি উদ্ভিদঅসমৰ উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তুলসী” প্ৰবন্ধৰ সংশোধন ৫৪০৯৪৮ (১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।