ভাৰতৰ সংসদ ভৱন (Parliament house of India)ভাৰতৰ সংসদ ভৱন আছে নতুন দিল্লীত। ১৯২১ চনৰ ১২ ফেব্ৰুৱাৰীত এই ভৱনটোৰ আধাৰশিলা স্থাপন কৰা হৈছিল। ছবছৰৰ অন্তত ১৯২৭ চনৰ ১৮ জানুৱাৰীত সেই সময়ৰ ভাৰতৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড আৰউইনে ইয়াক আনুষ্ঠানিকভাৱে মুকলি কৰে। সংসদ ভৱনটোৰ নিৰ্মাণত খৰচ পৰিছিল ৮৩ লাখ টকা। ভৱনৰ নক্সা প্ৰস্তুত কৰিছিল প্ৰখ্যাত ইংৰাজ স্থাপতিবিদ ছাৰ এডুইন লুট্যেনছ আৰু ছাৰ হাৰ্বাট বেকাৰে। হাৰ্বাৰ্ট বেকাৰ নতুন দিল্লী মহানগৰীৰো নক্সা প্ৰস্তুত আৰু নিৰ্মাণৰ স'তেও জড়িত আছিল।
ভৱন
এক বৃত্তকাৰ কলোছিয়ামৰ আৰ্হিত নিৰ্মিত দৃষ্টিনন্দন সংসদ ভৱনটোৰ ব্যাস ১৭০.৬৯ মিটাৰ (৫৬০ ফুট)। ৰঙা শিলেৰে নিৰ্মিত সংসদ ভৱনটোৰ প্ৰথম মহলাত প্ৰশস্ত চক্ৰকাৰ বাৰাণ্ডা আৰু ১৪৪টা স্তম্ভ আছে। স্তম্ভবোৰৰ প্ৰতিটোৰ উচ্চতা ৮.২৩ মিটাৰ (২৭ফুট)। এই বাৰাণ্ডাতে ভাৰতৰ প্ৰখ্যাত শিল্পীসকলৰ দ্বাৰা অংকিত যথেষ্ট সংখ্যক চিত্ৰ প্ৰদৰ্শিত কৰা হৈছে। এই চিত্ৰবোৰত বৈদিক যুগৰ পৰা ব্ৰিটিছ যুগৰ শেষলৈকে ভাৰতৰ কেইবা সহস্ৰাব্দৰ ইতিহাসৰ গুৰুত্বপূৰ্ণ ঘটনাৱলীক চিত্ৰিত কৰা হৈছে। সংসদ ভৱনত তিনিটা অৰ্ধবৃত্তাকাৰ হল বা প্ৰেক্ষাগৃহ আছে। ইয়াৰে দুটা হলত লোকসভা আৰু ৰাজ্যসভাৰ অধিৱেশন অনুষ্ঠিত হয়। তৃতীয়টো হল পুথিভঁৰাল আৰু অধ্যয়ন কক্ষৰূপে ব্যৱহাৰ কৰা হয়। ৰঙীণ মাৰ্বলৰ স্তম্ভ আৰু জালি, ৰাজকীয় জকমকীয়া সামগ্ৰীৰে এই হলটো সুশোভিত।১
ইতিহাস
সংসদ ভৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশটো হ'ল চেণ্ট্ৰেল হল। এই হলটোৰ গম্বুজৰ উচ্চতা ২৮ মিটাৰ। ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ এই হলতে ভাৰতৰ সংবিধানৰ খচৰা প্ৰস্তুত কৰা হৈছিল। তদুপৰি এই চেণ্ট্ৰেল হলতে ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতৰ স্বাধীনতা ঘোষণা কৰা হৈছিল। বৰ্তমান ইয়াত ভাৰতৰ দুয়োখন সদনৰ যুটীয়া অধিৱেশন অনুষ্ঠিত হয়। ১৯২১ চনৰ ১২ ফেব্ৰুৱাৰীত এই ভৱনটোৰ আধাৰশিলা স্থাপন কৰা হৈছিল। ছবছৰৰ অন্তত ১৯২৭ চনৰ ১৮ জানুৱাৰীত সেই সময়ৰ ভাৰতৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড আৰউইনে ইয়াক আনুষ্ঠানিকভাৱে মুকলি কৰে। ২ সংসদ ভৱনটোৰ নিৰ্মাণত খৰচ পৰিছিল ৮৩ লাখ টকা। ভৱনৰ নক্সা প্ৰস্তুত কৰিছিল প্ৰখ্যাত ইংৰাজ স্থাপত্যবিদ ছাৰ এডুইন লুট্যেনছ আৰু ছাৰ হাৰ্বাট বেকাৰে। হাৰ্বাৰ্ট বেকাৰ নতুন দিল্লী মহানগৰীৰ নক্সা প্ৰস্তুত আৰু নিৰ্মাণৰ স'তেও জড়িত আছিল। চেণ্ট্ৰেল হল আৰু সংসদ ভৱনৰ বিভিন্ন ঠাইত ভাৰতৰ ইতিহাসৰ কেইবাজনো গুৰুত্বপূৰ্ণ ব্যক্তিৰ প্ৰতিমূৰ্তি আৰু চিত্ৰ স্থাপন কৰা হৈছে।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (2011-06-07). Parliament House: 144 pillars of pride. Hindustan Times
- ↑ History of the Parliament of Delhi. delhiassembly.nic.in
- ↑ Lessons, My Online. Parliament of India · Indian Polity. myonlinelessons.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতৰ সংসদ ভৱন” প্ৰবন্ধৰ সংশোধন ৫০৮২১৮ (১৩ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।