গুজৰাটী ব্যক্তি
৩১ প্ৰবন্ধ
-
বল্লভভাই পেটেল
চৰ্দাৰ বল্লভভাই পেটেল (Sardar Vallabhbhai Patel, ) (১৮৭৫-১৯৫০) ভাৰতৰ স্বাধীনতা আন্দোলনৰ এজন সক্ৰিয় যুঁজাৰু, ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন নেতা আৰু ভাৰতীয় গণতন্ত্ৰৰ এজন অন্যতম প্ৰতিষ্ঠাপক আছিল। তেওঁ জৱাহৰলাল নেহৰু মন্ত্ৰীসভাৰ গৃহমন্ত্ৰী আছিল।
-
অমিত শ্বাহ
অমিত অনিলচন্দ্ৰ শ্বাহ (জন্ম ২২ অক্টোবৰ ১৯৬৪) ভাৰতৰ ৰাজনৈতিক নেতা আৰু ভাৰতৰ বৰ্তমান গৃহমন্ত্ৰী। তেওঁ ২০১৪ চনৰপৰা ভাৰতীয় জনতা পাৰ্টিৰ অধ্যক্ষ পদত অধিষ্ঠিত হৈ আছে। তেওঁ ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰত তেওঁ গান্ধীনগৰ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল।
-
নিৰূপা ৰয়
নিৰূপা ৰয় (জন্ম কোকিলা কিশোৰচন্দ্ৰ বুলচাৰা; Nirupa Roy; નિરુપા રોય; ৪ জানুৱাৰী ১৯৩১- ১৩ অক্টোবৰ ২০০৪) হিন্দী ছবিৰ পাৰ্শ্ব চৰিত্ৰত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল।
-
দীনা পাঠক
দীনা পাঠক ( Dina Pathak; জন্ম: গান্ধী, ৪ মাৰ্চ ১৯২২ – ১১ অক্টোবৰ ২০০২) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু মঞ্চ অভিনেত্ৰী তথা গুজৰাটী থিয়েটাৰৰ এগৰাকী পৰিচালক আছিল। তেওঁ নেচনেল ফেডাৰেচন অফ ইণ্ডিয়ান উইমেনৰ (NFIW) কৰ্মী আৰু সভানেত্ৰীও আছিল।
-
ছোহৰাব মোদী
ছোহৰাব মেৰৱানজী মোদী ( Sohrab Merwanji Modi; ২ নৱেম্বৰ ১৮৯৭ – ২৮ জানুৱাৰী ১৯৮৪) এজন ভাৰতীয় মঞ্চাভিনেতা, চলচ্চিত্ৰাভিনেতা, পৰিচালক আৰু প্ৰযোজক আছিল। তেওঁৰ ছবিসমূহৰ ভিতৰত উল্লেখযোগ্য- শ্বেইক্সপীয়েৰৰ হেলমেটৰ চলচ্চিত্ৰীয় সংস্কৰণ খুন কা খুন, ছিকন্দৰ, পুকাৰ, পৃথ্বীবল্লভ, ঝাঁসী কী ৰাণী, মিৰ্জা গালিব,…
-
ডিম্পল কপাড়িয়া
ডিম্পল কপাড়িয়া (Dimple Kapadia; डिम्पल कपाड़िया; জন্ম: ৮ জুন, ১৯৫৭) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী। ষোল বছৰ বয়সত তেওঁ অভিনয় জগতত ভৰি দিয়ে। ১৯৭৩ চনক এহাল কিশোৰ-কিশোৰীৰ প্ৰেম কাহিনীৰ আধাৰত নিৰ্মিত ববীৰ মূল চৰিত্ৰত অভিনয় কৰে। সেই একে বছৰতে তেওঁ অভিনেতা ৰাজেশ খান্নাৰ সৈতে বিবাহপাশত আবদ্ধ হয়।
-
সুপ্ৰিয়া পাঠক
সুপ্ৰিয়া কাপুৰ ({Supriya Kapoor; জন্ম ৭ জানুৱাৰী ১৯৬১) এগৰাকী হিন্দী চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ ভাৰতীয় অভিনেত্ৰী। তেওঁ খিচড়ি শৃংখলাৰ হংসা পাৰেখৰ চৰিত্ৰত অভিনয় আৰু সঞ্জয় লীলা ভাঞ্চালীৰ গোলিয়োঁ কি ৰাসলীলা ৰাম-লীলাত "ধনকোৰ বা"ৰ বিদ্ৰূপাত্মক অৱতাৰৰ বাবে বিশেষভাবে জনাজাত।
-
টাইগাৰ শ্ৰফ
জয় হেমন্ত শ্ৰফ (জন্ম: ২ মাৰ্চ ১৯৯০), পেছাগতভাৱে টাইগাৰ শ্ৰফ (Tiger Shroff) নামেৰে পৰিচিত, মূলতঃ হিন্দী ছবিত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ একচন ৰোমাঞ্চধৰ্মী ছবি হেৰোপন্তী (২০১৪)ত অভিনয়েৰে চলচ্চিত্ৰ জগতত খোজ দিয়ে।
-
বিনোদিনী নীলকণ্ঠ
বিনোদিনী ৰমনভাই নীলকণ্ঠ (Vinodini Ramanbhai Nilkanth, ৯ ফেব্ৰুৱাৰী ১৯০৭ – ২৯ ছেপ্টেম্বৰ ১৯৮৭) আছিল এগৰাকী গুজৰাটী লেখিকা, অনুবাদিকা আৰু অধ্যাপিকা। তেখেতে উপন্যাস, প্ৰবন্ধ-নিবন্ধ, চুটি গল্প, সাংবাদিক স্তম্ভ, আৰু শিশু সাহিত্য ৰচনা কৰি থৈ গৈছে।
-
মহেশ ভট্ট
মহেশ ভট্ট (জন্ম: ২০ ছেপ্টেম্বৰ ১৯৪৮) এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক আৰু চিত্ৰনাট্যকাৰ যি হিন্দী চলচ্চিত্ৰ তেওঁৰ কামৰ বাবে পৰিচিত। তেওঁ চাৰিটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু তিনিখন ফিল্মফেয়াৰ বঁটা সহ কেইবাটাও প্ৰশংসা লাভ কৰিছে।
-
সাৰদা মেহতা
সাৰদা মেহতা (Sharda Mehta, ২৬ জুন ১৮৮২-১৩ নৱেম্বৰ ১৯৭০) আছিল এগৰাকী ভাৰতীয় সমাজ-সংস্কাৰক, নাৰী শিক্ষাৰ অগ্ৰদূত আৰু গুজৰাটী ভাষাৰ এগৰাকী লেখিকা। তেখেতৰ জন্ম হৈছিল সমাজ-সংস্কাৰকৰ এটা পৰিয়ালত। আধুনিক ভাৰতৰ গুজৰাটত স্নাতক ডিগ্ৰী অৰ্জন কৰা প্ৰথম দুগৰাকী মহিলাৰ ভিতৰত তেখেত অন্যতম।
-
ত্ৰিভুৱনদাস কিশিভাই পেটেল
ত্ৰিভুৱনদাস কিশিভাই পেটেল (Tribhuvandas Kishibhai Patel)(২২ অক্টোবৰ ১৯০৩ - ৩ জুন ১৯৯৪)) আছিল ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু এগৰাকী গান্ধীবাদী।
-
ভাৱিনা পেটেল
ভাৱিনা হাসমুখভাই পেটেল (Bhavina Hasmukhbhai Patel) ভাৰতৰ গুজৰাটৰ মেহছানাৰ এগৰাকী পেৰা টেবুল টেনিছ খেলুৱৈ। তেওঁ ২০২০ টকিঅ' পেৰালিম্পিকত একক চি৪ শাখাত ৰূপৰ পদক লাভ কৰে। তেওঁ ভাৰতৰ হৈ পেৰালিম্পিকত পদকৰ লাভ কৰা প্ৰথম টেবুল টেনিছ খেলুৱৈ আৰু দীপা মালিকৰ পাছত দ্বিতীয়গৰাকী মহিলা খেলুৱৈ।
-
শান্তা গান্ধী
শান্তা কালিদাস গান্ধী ( R. Nagarathnamma; ২০ ডিচেম্বৰ ১৯১৭ – ৬ মে' ২০০২) ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ সাংস্কৃতিক শাখা ভাৰতীয় গণনাট্য সংঘৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত ভাৰতীয় নাট্ পৰিচালক, নৃত্যশিল্পী আৰু নাট্যকাৰ।
-
সৰিতা যোশী
সৰিতা যোশী ( Sarita Joshi; জন্ম: ১৭ অক্টোবৰ, ১৯৪১) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ, মঞ্চ আৰু টিভি অভিনেত্ৰী। গুজৰাটী আৰু মাৰাঠী থিয়েটাৰৰ এগৰাকী আগশাৰীৰ আৰু গুৰুত্বপূ্ৰ্ণ অভিনেত্ৰী বুলি তেওঁক উল্লেখ কৰা হয়। ১৯৭০ দশকত স্বামী প্ৰবীণ যোশীৰ সৈতে কৰা গুজৰাটী নাটকৰ বাবে তেওঁ পৰিচিত।
-
ইৰফান পাঠান
ইৰফান পাঠান (Irfan Pathan); এজন প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ, ক্ৰিড়া বিশ্লেষক,ক্ৰীড়া মন্তব্যকাৰী। তেওঁ গুজৰাটৰ এটি সাধাৰণ পৰিয়ালত জন্ম লাভ কৰে।
-
এলা গান্ধী
এলা গান্ধী (Ela Gandhi; জন্ম: ১ জুলাই ১৯৪০) এগৰাকী দক্ষিণ আফ্ৰিকাৰ শান্তি কৰ্মী আৰু প্ৰাক্তন ৰাজনীতিবিদ। ১৯৯৪ চনৰ পৰা ২০০৪ চনলৈকে দক্ষিণ আফ্ৰিকাত সংসদ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল, য'ত তেওঁ কোৱাজুলু-নাটাল প্ৰদেশৰ ইনাণ্ডাৰ ফিনিক্স অঞ্চলক প্ৰতিনিধিত্ব কৰা আফ্ৰিকান নেচনেল কংগ্ৰেছ (ANC) দলৰ সৈতে…
-
জগদীশ ভাগৱতী
জগদীশ নটৱাৰলাল ভাগৱতী (জন্ম ২৬ জুলাই, ১৯৩৪) এজন ভাৰতীয়-আমেৰিকান অৰ্থনীতিবিদ আৰু তেওঁৰ প্ৰজন্মৰ অন্যতম প্ৰভাৱশালী বাণিজ্য তত্ত্ববিদ। ভাগৱতীয়ে অৰ্ডাৰ অৱ দ্য ৰাইজিং ছান, পদ্ম বিভূষণ, ৰাজনৈতিক অৰ্থনীতিৰ ফ্ৰেংক ছেইডমেন ডিষ্টিংচড বঁটা, ছুইজাৰলেণ্ডৰ ফ্ৰিডম প্ৰাইজকে ধৰি বহুতো সন্মানীয় বঁটা লাভ কৰিছে।
-
শ্বেফালী জাৰিৱালা
শ্বেফালী জাৰিৱালা (Shefali Jariwala; ১৫ ডিচেম্বৰ ১৯৮২ – ২৭ জুন ২০২৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল আছিল। তেওঁ কেইবাখনো হিন্দী সংগীত ভিডিঅʼ, ৰিয়েলিটি শ্ব' আৰু চলচ্চিত্ৰত অভিনয় কৰিছিল। কাঁটা লগা শীৰ্ষক মিউজিক ভিডিঅ’ত অভিনয়ৰ বাবে তেওঁ পৰিচিত।
-
অনসূয়া সাৰাভাই
অনসূয়া সাৰাভাই (Anasuya Sarabhai ১১ নৱেম্বৰ ১৮৮৫ – ১ নৱেম্বৰ ১৯৭২) ভাৰতৰ শ্ৰমিক আন্দোলনৰ এগৰাকী অগ্ৰণী নেত্ৰী আৰু সমাজকৰ্মী আছিল। তেওঁ বিশেষকৈ আহমেদাবাদৰ বস্ত্ৰকলৰ শ্ৰমিকসকলৰ অধিকাৰ আৰু কল্যাণৰ বাবে কাম কৰিছিল।
-
আয়ুষী ঢোলাকীয়া
আয়ুষী ঢোলাকীয়া এগৰাকী ভাৰতীয় সৌন্দৰ্য ৰাণী, যিয়ে ২০১৯ চনৰ ১৯ ডিচেম্বৰত ভাৰতৰ নতুন দিল্লীত অনুষ্ঠিত মিছ টিন ইণ্টাৰনেশ্যনেল ২০১৯-ৰ মুকুট লাভ কৰিছিল। মিছ টিন ইণ্টাৰনেশ্যনেল খিতাপ অৰ্জন কৰা তেওঁ প্ৰথমগৰাকী ভাৰতীয়।
-
ইৰফান হবিব
ইৰফান হবিব এজন ভাৰতীয় বুৰঞ্জীবিদ, ভাৰতীয় পৌৰাণিক আৰু মধ্যযুগীয় ইতিহাসৰ ওপৰত তেওঁৰ দখল আছে তথা এই বিষয়ত অৱদান আগবঢ়াই আহিছে। তেওঁ হিন্দুত্ব আৰু ইছলামী মৌলবাদৰ বিৰুদ্ধে তেওঁৰ শক্তিশালী স্থিতিৰ বাবে জনাজাত।
-
এষা দাদাৱালা
এষা দাদাৱালা (ইংৰাজী: Esha Dadawala; জন্ম: ২ জানুৱাৰী ১৯৮৫) এগৰাকী ভাৰতীয় গুজৰাটী ভাষাৰ কবি আৰু গুজৰাটৰ সাংবাদিক। তেওঁৰ উল্লেখযোগ্য কৰ্মৰাজিৰ ভিতৰত আছে বৰতাৰো (২০০৮), ক্যা গই এই ছোকৰী (২০১১) আৰু জন্মাৰো (২০১৩)। গুজৰাটী সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ ২০১৩ চনৰ যুৱ গৌৰৱ পুৰস্কাৰ লাভ কৰিছে।
-
চেলিম-চুলেমান
চেলিম-চুলেমান (Salim–Sulaiman) হৈছে ভাৰতীয় সুৰকাৰৰ এটি যুটি। এই দুয়ো ককাই-ভাই হ'ল ক্ৰমে চেলিম মাৰ্চেণ্ট আৰু চুলেমান মাৰ্চেণ্ট। দুয়োৱে প্ৰধানকৈ হিন্দী চলচ্চিত্ৰৰ বাবে সংগীত ৰচনা কৰে।
-
ধীৰুবেন গোৰ্ধনভাই পেটেল
ধীৰুবেন গোৰ্ধনভাই পেটেল (Dhiruben Gordhanbhai Patel, ২৯ মে' ১৯২৬ – ১০ মাৰ্চ ২০২৩) এগৰাকী ভাৰতীয় ঔপন্যাসিক, নাট্যকাৰ আৰু অনুবাদক আছিল৷
-
নাকৰ
নাকৰ (Nakar) আছিল এজন ষষ্ঠদশ শতিকাৰ গুজৰাটী কবি, যিয়ে কেইবাখনো আখ্যান লিখিছিল।
-
নীৰা দেশাই
নীৰা দেশাই (Neera Desai; জন্ম:১৯২৫ - মৃত্যু:২৫ জুন ২০০৯) ভাৰতৰ এগৰাকী অধ্যাপক, গৱেষক, শিক্ষাবিদ, ৰাজনৈতিক কৰ্মী আৰু সমাজকৰ্মী। তেওঁ মহিলা অধ্যয়ন ক্ষেত্ৰৰ (ৱুমেনচ ষ্টাডিজ) এগৰাকী অন্যতম নেত্ৰী আছিল।
-
পদ্ম দেশাই
পদ্ম দেশাই ; ছোভিয়েট আৰু ভাৰতীয় ঔদ্যোগিক নীতিৰ বৃত্তিৰ বাবে পৰিচিত পদ্ম দেশাই ২০০৯ চনত পদ্ম ভূষণ বঁটা লাভ কৰে। কলম্বিয়া বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ ট্ৰেঞ্জিচন ইকনমিজৰ সঞ্চালক আছিল।
-
পান্না নাইক
পান্না নাইক (ইংৰাজী: Panna Naik; জন্ম: ২৮ ডিচেম্বৰ ১৯৩৩) এগৰাকী ভাৰতীয় গুজৰাটী ভাষাৰ কবি আৰু গল্পকাৰ, যিয়ে ১৯৬০ চনৰে পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফিলাডেলফিয়াত বাস কৰি আহিছে। স্থানীয় বিশ্ববিদ্যালয়ত কৰ্মৰত অৱস্থাত তেওঁ নিজৰ চৌপাশৰ জগতখনৰ পৰা সমল গোটাই কবিতা লিখিবলৈ আৰম্ভ কৰিছিল।
-
বিশাল জেঠৱা
বিশাল জেঠৱা (Vishal Jethwa; জন্ম ৬ জুলাই ১৯৯৪) এজন ভাৰতীয় অভিনেতা। তেওঁ ভাৰত কা বীৰ পুত্ৰ-মহাৰাণা প্ৰতাপত আকবৰৰ ভূমিকাত অভিনয় কৰি পৰিচিতি লাভ কৰিছিল। ধাৰাবাহিকখন চ’নি টিভিত সম্প্ৰচাৰিত হৈছিল। ইয়াৰ পিছত তেওঁ মৰ্দানী২ (২০১৯) ছবিত অভিনয় কৰে।