কোকৰাঝাৰ জিলা
১৮ প্ৰবন্ধ
-
কোকৰাঝাৰ জিলা
কোকৰাঝাৰ জিলা অসমৰ এখন গুৰুত্বপূৰ্ণ সীমান্তৱৰ্তী জিলা, যি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত। ই বড়োলেণ্ড স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যালয় থকা স্থান হিচাপে আৰু উত্তৰ-পূৰ্বাঞ্চললৈ এক প্ৰৱেশদ্বাৰস্বৰূপ অঞ্চল হিচাপে বিশেষ পৰিচিত।
-
কোকৰাঝাৰ
কোকৰাঝাৰ অসমৰ পশ্চিমাংশত অৱস্থিত কোকৰাঝাৰ জিলাৰ মুখ্য নগৰ আৰু এক গুৰুত্বপূৰ্ণ প্ৰশাসনিক কেন্দ্ৰ। বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ মুখ্য কাৰ্যালয় ইয়াত থাকিলেও নগৰখন যোগাযোগ, শিক্ষা আৰু বহু-ভাষিক সামাজিক বিন্যাসৰ বাবেও পৰিচিত।
-
কোকৰাঝাৰ লোকসভা সমষ্টি
কোকৰাঝাৰ লোকসভা সমষ্টি (Kokrajhar Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা। এই সমষ্টিটো অনুসূচিত জনজাতিৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত।
-
বড়োলেণ্ড বিশ্ববিদ্যালয়
বড়োলেণ্ড বিশ্ববিদ্যালয় ( Bodoland University) অসমৰ কোকৰাঝাৰ জিলাৰ দেৱৰগাৱত অৱস্থিত। বড়োলেণ্ড বিশ্ববিদ্যালয় হৈছে অসম বিধানসভাৰ বডোলেণ্ড বিশ্ববিদ্যালয় আইন, ২০০৯ৰ অধীনত ২০০৯ চনৰ ২৮ ফেব্ৰুৱাৰীত প্ৰতিষ্ঠা কৰা এখন ৰাজ্যিক বিশ্ববিদ্যালয়।
-
ৰূপসী বিমানবন্দৰ
ৰূপসী বিমানবন্দৰ অসমৰ কোকৰাঝাৰ জিলাত অৱস্থিত এটা বিমানবন্দৰ। বিমানবন্দৰটো ধুবুৰী চহৰৰ পৰা প্ৰায় ২৩ কিঃমিঃ দূৰত্বত অৱস্থিত। এই বিমানবন্দৰটোত এটা একক অন্তঃদেশীয় টাৰ্মিনেল (domestic terminal) আছে। বিমানবন্দৰটোৰ ব্যস্ততম সময়ত যাত্ৰী পৰিচালনাৰ সক্ষমতা কম।
-
গোসাঁইগাঁও
গোসাঁইগাঁও (Gossaigaon)অসমৰ কোকৰাঝাৰ জিলাত অৱস্থিত এখন ঠাই। ই জিলাখনৰ এটা মহকুমা।
-
কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, কোকৰাঝাৰ
কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান কোকৰাঝাৰ (Central Institute of Technology Kokrajhar) কোকৰাঝাৰ জিলাত অৱস্থিত। এই ৰাজহুৱা অভিযান্ত্ৰিক প্ৰতিষ্ঠানখন ২০০৬ চনত ভাৰত চৰকাৰে স্থাপন কৰে। ই উত্তৰ-পূৰ্বাঞ্চলৰ অসমত অৱস্থিত।
-
কোকৰাঝাৰ বিধানসভা সমষ্টি
কোকৰাঝাৰ বিধানসভা সমষ্টি ভাৰতৰ উত্তৰ-পূব ৰাজ্য অসমৰ ১২৬ খন বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ভাৰতীয় নিৰ্বাচন আয়োগৰ ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ অধীনত এই সমষ্টিটো নতুনকৈ গঠন কৰা হয়। এই সমষ্টিটো অনুসূচিত জনজাতি ৰ বাবে সংৰক্ষিত।
-
দোতমা বিধানসভা সমষ্টি
দোতমা বিধানসভা সমষ্টি (Dotma Assembly constituency) হৈছে অসম বিধানসভাৰ ১২৬টা সমষ্টিৰ ভিতৰত অন্যতম এটা সমষ্টি। এই সমষ্টিটো ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ত নতুনকৈ গঠন কৰা হৈছিল। ই অসমৰ কোকৰাঝাৰ জিলাত অৱস্থিত আৰু ই কোকৰাঝাৰ লোকসভা সমষ্টিৰ অংশ। সমষ্টিটো অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত।
-
পৰ্বতঝোৰা বিধানসভা সমষ্টি
পৰ্বতঝোৰা বিধানসভা সমষ্টি (Parbatjhora Assembly constituency) ভাৰতৰ উত্তৰ-পূব ৰাজ্য অসমৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ অধীনত এই সমষ্টিটো নতুনকৈ গঠন কৰা হয়। ই অসম বিধানসভাৰ ৫ নম্বৰ সমষ্টি।
-
বাওখুংৰি বিধানসভা সমষ্টি
বাওখুংৰি বিধানসভা সমষ্টি উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬খন বিধানসভা উপত্যকা বা সমষ্টিৰ ভিতৰত অন্যতম। ২০২৩ চনত অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ জৰিয়তে এই সমষ্টিটো নতুনকৈ গঠন কৰা হৈছিল। ই কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত।
-
মহামায়া ধাম
মহামায়া ধাম অসমৰ কোকৰাঝাৰ জিলাৰ পৰ্বতযোৰা মহকুমাৰ বগৰীবাৰীত অৱস্থিত হিন্দু ধৰ্মৰ এক প্ৰাচীন মন্দিৰ। মহামায়া দেৱীলৈ সমৰ্পিত দেই মন্দিৰ উল্লেখযোগ্য শক্তি পীঠ হিচাপে গণ্য কৰা হয়। মহালয়া দেৱী পাৰ্বতী, দুৰ্গা, কালি, কামাখ্যা আদি দেৱীৰে অন্য ৰূপ।
-
উল্টাপানী সংৰক্ষিত বনাঞ্চল
উল্টাপানী সংৰক্ষিত বনাঞ্চল অসমৰ কোকৰাঝাৰ জিলাত অৱস্থিত এখন সংৰক্ষিত বনাঞ্চল॥ ই মানস জৈৱমণ্ডল সংৰক্ষিত অঞ্চলৰ হলটুগাওঁ বন বিভাগৰ অধীনত। এই সংৰক্ষিত অঞ্চল চিৰাং সংৰক্ষিত বনাঞ্চলৰ এটা অংশ। বিভিন্ন প্ৰকাৰৰ উদ্ভিদ আৰু বন্যপ্ৰাণীৰ লগতে এই বনাঞ্চল 'পখিলা অঞ্চল' হিচাপে বিখ্যাত।
-
কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়
কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় ( Kokrajhar Medical College and Hospital) অসমৰ কোকৰাঝাৰ জিলাৰ কোকৰাঝাৰত অৱস্থিত এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়। ২০২৩ চনত চিকিৎসা মহাবিদ্যালয়খন কাৰ্যক্ষম হয়।
-
অবিভক্ত গোৱালপাৰা জিলা
অবিভক্ত গোৱালপাৰা জিলা (পূৰ্বতে: উত্তৰ-পূব ৰংপুৰ জিলা) বৰ্তমান ভাৰতৰ অসম ৰাজ্যৰ এখন পুৰণি জিলা। ব্ৰিটিছ ঔপনিৱেশিক অসমৰ শাসকসকলে ইয়াক ব্ৰিটিছ শাসিত বংগৰ বৃহত্তৰ ৰংপুৰ জিলাৰ পৰা পৃথক কৰি অসমৰ লগত সংযুক্ত কৰি এই জিলাখন গঠন কৰিছিল।
-
গৌৰাং
গৌৰাং (ইংৰাজী: Gwrang) হৈছে ৯৮ কিলোমিটাৰ দীঘল এখন নদী, যিখন ভূটানত উৎপত্তিলাভ কৰি দক্ষিণলৈ ভাৰত অভিমুখে বৈ আহিছে। এই নদীখনে প্ৰথমে অসমৰ চিৰাং জিলাত প্ৰৱেশ কৰে, য’ত ইয়াৰ নাম স্বৰ্মাঙ্গা (Swrmanga) হয়।
-
দোতমা
দোতমা হৈছে উত্তৰ-পূবৰ ভাৰতৰ অসম ৰাজ্যৰ বিটিএডিৰ অন্তৰ্গত কোকৰাঝাৰ জিলাৰ এখন নগৰ। এই ঠাইখন জিলা আয়ক, বিকাশমূলক ব্লক আৰু চৰকাৰী দপ্তৰৰ বাবে মুখ্য কেন্দ্ৰ।
-
সৰলপাৰা
সৰলপাৰা এফ.ভি (Saralpara) অসমৰ কোকৰাঝাৰ জিলাত অৱস্থিত এখন গাঁও। এই গাঁওখন কোকৰাঝাৰ চহৰৰ পৰা ৫৬ কিলোমিটাৰ (৩৫ মাইল) দূৰৈত, ভাৰত-ভূটান সীমান্তৰ ওচৰত অৱস্থিত। সৰলপাৰা ইয়াৰ প্ৰাকৃতিক পৰিৱেশ আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বাবে পৰিচিত।