বড়ো পিপুলছ প্ৰগ্ৰেছিভ ফ্ৰণ্ট (চমুকৈ বি পি পি এফ-BPPF) ২০০৫ চনৰ ১২ এপ্ৰিলত গঠন হোৱা এটা আঞ্চলিক ৰাজনৈতিক দল। ২০০৫ চনত প্ৰথমবাৰৰ বাবে হোৱা বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়াজ ডিষ্ট্ৰিক্টৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ উদ্দেশ্য এই দলটো গঠন কৰা হৈছিল।
বিভাজন
এই দলটোৰ উলম্ব বিভাজন ঘটি দুটা গোটৰ গঠন হৈছিল। ৰবিৰাম নাৰ্জাৰীৰ নেতৃত্বত বি পি পি এফ(ৰ) আৰু হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বি পি পি এফ(হ) এই দুটা দল গঠন হয়। .
বি পি পি এফ(হ)
২০০৬ চনৰ এপ্ৰিলত অসম বিধানসভাৰ নিৰ্বাচনত হাগ্ৰামা নেতৃত্বাধীন বি পি পি এফ-এ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে জোঁট গঠন কৰি ১১ জন বিধায়ক নিৰ্বাচিত কৰিবলৈ সক্ষম হয়। কংগ্ৰেছৰ সৈতে ই অসম চৰকাৰৰ শাসনভাৰ গ্ৰহণ কৰে।
বি পি পি এফ(ৰ)
ৰবিৰাম নেতৃত্বাধীন বি পি পি এফ-এ অসম গণ পৰিষদৰ সৈতে মিত্ৰতা কৰি বিধানসভাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল যদিও এখনো অসন লাভ কৰিবলৈ সক্ষম নহ'ল।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বড়ো পিপুলছ প্ৰগ্ৰেছিভ ফ্ৰণ্ট” প্ৰবন্ধৰ সংশোধন ৫৩৪৬৬০ (২৪ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।