প্ৰভাত বৰা অসমীয়া সাহিত্যজগতৰ এগৰাকী আগশাৰীৰ সমালোচক। অসমীয়া সাহিত্য-সমালোচনাৰ ক্ষেত্ৰখনলৈ বিশিষ্ট বৰঙণি যোগোৱা সমালোচক প্ৰভাত বৰাই স্কুলীয়া আৰু কলেজীয়া শিক্ষা শিৱসাগৰত সম্পন্ন কৰি পৰৱৰ্তীসময়ত উচ্চশিক্ষাৰ বাবে এলাহাবাদ বিশ্ববিদ্যালয়লৈ যায় আৰু প্ৰফেছৰ বি. ডি. এন. সাহায়, প্ৰফেছৰ ৱাই. পি. সাহায় আদি প্ৰসিদ্ধ শিক্ষাগুৰুৰ সান্নিধ্যত গুৰুমন্ত্ৰ লাভ কৰে। অধ্যয়নৰ বিস্তাৰ আৰু গভীৰতাৰ সত্ত্বেও স্বভাৱজাত আলস্যৰ বাবেই প্ৰভাত বৰাৰ প্ৰকাশিত ৰচনাৰ সংখ্যা যথেষ্ট কম। তথাপি সাহিত্য-সমালোচনামূলক ৰচনাসমূহৰ ফালৰ পৰা প্ৰভাত বৰা অসমীয়া আধুনিক সাহিত্যৰ যুগত হীৰেন গোহাঁইৰ পাছতে এখন গুৰুত্বপূৰ্ণ স্থান পাবলগীয়া সমালোচক। যথাৰীতি (গ্ৰন্থ) তেওঁৰ একমাত্ৰ সমালোচনামূলক গ্ৰন্থ।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰভাত বৰা” প্ৰবন্ধৰ সংশোধন ৫৬৭২২০ (১ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।