পৰ্বতঝোৰা বিধানসভা সমষ্টি (Parbatjhora Assembly constituency) ভাৰতৰ উত্তৰ-পূব ৰাজ্য অসমৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ অধীনত এই সমষ্টিটো নতুনকৈ গঠন কৰা হয়। ই অসম বিধানসভাৰ ৫ নম্বৰ সমষ্টি।
ভৌগোলিক অৱস্থিতি আৰু প্ৰশাসন
পৰ্বতঝোৰা বিধানসভা সমষ্টি অসমৰ নামনি অসম বিভাগৰ কোকৰাঝাৰ জিলাৰ অন্তৰ্গত। এই সমষ্টিটো কোকৰাঝাৰ লোকসভা সমষ্টিৰ এক অংশ। ই এটা সংৰক্ষণবিহীন মুক্ত আসন, অৰ্থাৎ এই সমষ্টিটো অনুসূচিত জাতি বা অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত নহয়।
ইতিহাস
ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশনাত ২০২৩ চনত অসমৰ সংসদীয় আৰু বিধানসভা সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰণ কৰা হৈছিল। সেই অনুসারে পূৰ্বৰ কিছুমান অঞ্চল পুনৰাই সামৰি ৫ নম্বৰ সমষ্টি হিচাপে এই পৰ্বতঝোৰা বিধানসভা সমষ্টিটোৰ সৃষ্টি কৰা হয়। ২০২৬ চনত এই সমষ্টিটোত প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয়।
নিৰ্বাচনী ফলাফল
এই নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী মহম্মদ আশ্ৰাফুল ইছলাম শ্বেখে তেওঁৰ নিকটতম প্ৰতিদ্বন্দী বড়োলেণ্ড পিপলছ ফ্ৰণ্টৰ ৰেজাউল কৰিমক ৯,০২২ টা ভোটৰ ব্যৱধানত পৰাজিত কৰি পৰ্বতঝোৰা সমষ্টিৰ প্ৰথমজন বিধায়ক হিচাপে নিৰ্বাচিত হয়।
লগতে চাওক
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পৰ্বতঝোৰা বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩৩২৯৯ (২৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।