বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় (Bongaigaon Medical College) অসমৰ বঙাইগাঁও জিলাত অৱস্থিত এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়। ১ ২০২৬ বৰ্ষৰ ২১ আগষ্টত ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে এই মহাবিদ্যালয়খনক ১০০গৰাকী এম.বি.বি.এছ. (MBBS) ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ বাবে আনুষ্ঠানিক অনুমোদন প্ৰদান কৰে।ই অসমৰ ১৫খন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰত অন্যতম। ২ এই মহাবিদ্যালয়খনে নামনি অসমৰ স্বাস্থ্য খণ্ডৰ সৰ্বাংগীণ উন্নয়নত আৰু চিকিৎসা শিক্ষাৰ বিস্তাৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।২
অৱস্থান
বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়খন অসমৰ বঙাইগাঁও জিলাৰ মাজগাঁও অঞ্চলৰ হাতীমুত্ৰাত অৱস্থিত। ৩ ই বঙাইগাঁও চহৰৰ সমীপৱৰ্তী চিলাৰায় পথত অৱস্থিত আৰু নামনি অসমৰ এক অন্যতম কেন্দ্ৰীয় চিকিৎসা প্ৰতিষ্ঠান। ইয়াৰ ভৌগোলিক অৱস্থানে জিলাখনৰ চহৰ আৰু গ্ৰাম্য উভয় অঞ্চলৰ লগতে কাষৰীয়া জিলাসমূহৰ বাবেও চিকিৎসা সেৱা সুচল কৰি তুলিছে।৩
ইতিহাস
২০২২ চনৰ ৫ ডিচেম্বৰত বঙাইগাঁৱৰ উত্তৰ বঙাইগাঁও ষ্টেডিয়াম খেলপথাৰত আয়োজিত এক চৰকাৰী অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা হিমন্ত বিশ্ব শৰ্মাই এই চিকিৎসা মহাবিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰিছিল।৪ প্ৰথম অৱস্থাত ইয়াক এখন ২০০খন বিছনাযুক্ত শিক্ষণ চিকিৎসালয় হিচাপে পৰিকল্পনা কৰি ইয়াৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল।১ এই প্ৰকল্পৰ নিৰ্মাণৰ বাবে প্ৰায় ৫৫৫ কোটি টকা মঞ্জুৰ কৰা হৈছিল।৫ পৰৱৰ্তী সময়ত অসম আন্তঃগাঁথনি বিত্তীয় প্ৰাধিকৰণ (AIFA) আৰু নাৱাৰ্ড (NABARD) আন্তঃগাঁথনি উন্নয়ন সাহায্যৰ অধীনত ইয়াৰ অত্যাধুনিক আন্তঃগাঁথনিৰ কাম সম্পূৰ্ণ কৰা হয়। ৫
২০২৬ চনৰ ২১ আগষ্টত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে ইয়াক আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰে।৪ এই অনুমোদনৰ পাছত অসমৰ মুঠ চৰকাৰী এম.বি.বি.এছ. আসনৰ সংখ্যা ১,৯২৫খনলৈ বৃদ্ধি পায়।৪২ অসমৰ চিকিৎসা শিক্ষাৰ আন্তঃগাঁথনি সম্প্ৰসাৰণৰ লক্ষ্যৰে ২০২৬ বৰ্ষৰ ভিতৰত কাৰ্যক্ষম কৰিবলৈ পৰিকল্পনা কৰা তিনিখন নতুন চিকিৎসা মহাবিদ্যালয়ৰ (বঙাইগাঁও, চৰাইদেউ আৰু বিশ্বনাথ) ভিতৰত ই অন্যতম। ৬
শৈক্ষিক ব্যৱস্থা
বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰম (MBBS) আগবঢ়ায়। ইয়াত বাৰ্ষিক নামভৰ্তিৰ ক্ষমতা হৈছে ১০০খন আসন। মহাবিদ্যালয়খন গুৱাহাটীত অৱস্থিত শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ (SSUHS) সৈতে অনুমোদিত তথা জড়িত।৭ ছাত্ৰ-ছাত্ৰীসকলে ৰাষ্ট্ৰীয় যোগ্যতা তথা প্ৰৱেশ পৰীক্ষা (NEET UG) উত্তীৰ্ণ হৈ সৰ্বভাৰতীয় আৰু ৰাজ্যিক কোটাৰ জৰিয়তে ইয়াত নামভৰ্তি কৰিব পাৰে।২
চিকিৎসালয় আৰু সেৱাসমূহ
মহাবিদ্যালয়খনৰ সৈতে এখন অত্যাধুনিক সুযোগ-সুবিধাযুক্ত ২০০খন বিছনাৰ চিকিৎসালয় সংলগ্ন হৈ আছে। ৭ এই চিকিৎসালয়খনে বঙাইগাঁও জিলাৰ লগতে ইয়াৰ কাষৰীয়া চিৰাং, কোকৰাঝাৰ, বৰপেটা আৰু গোৱালপাৰা জিলাৰ ৰাইজক তৃতীয় পৰ্যায়ৰ স্বাস্থ্যসেৱা প্ৰদান কৰে। ইয়াত ২৪ ঘণ্টাই খোলা থকা জৰুৰীকালীন সেৱা, বহিৰ্বিভাগ (OPD), অন্তৰ্ভাগ সেৱা (IPD), আধুনিক অপাৰেচন থিয়েটাৰ, আই.চি.ইউ. (ICU) আৰু বিভিন্ন বিশেষত্ব থকা বিভাগৰ উন্নত চিকিৎসা সেৱা উপলব্ধ।৮ অসমৰ স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালে ২০২৬ চনৰ আগষ্ট মাহত চিকিৎসালয়খন পৰিদৰ্শন কৰি ইয়াৰ বিনামূলীয়া ঔষধ যোগান আৰু অন্যান্য ৰাজহুৱা স্বাস্থ্য সেৱাৰ পৰ্যালোচনা কৰে।৮
তথ্যসূত্ৰ
- ↑ (August 22, 2026). Bongaigaon Medical College Gets 100 MBBS Seats Approval. Assam Live News
- ↑ (August 22, 2026). Assam: Bongaigaon Medical College gets nod to admit students. EdexLive
- ↑ (August 24, 2026). Bongaigaon Medical College & Hospital Directory Profile. Google Maps
- ↑ (August 22, 2026). Bongaigaon Medical College Gets Approval for 100 MBBS Seats, Assam Total Rises to 1,925. G Plus
- ↑ (June 18, 2026). Bongaigaon Medical College Development Decisions. Bongaigaon Times via Facebook
- ↑ (August 22, 2026). Assam Health Sector Expansion Roadmap. The Guwahati Times via Facebook
- ↑ (August 24, 2026). Bongaigaon Medical College & Hospital Official Website. Government of Assam
- ↑ (August 14, 2026). Assam Health Minister Ashok Singhal reviews medical facilities. Bongaigaon Times via Facebook
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৬৩৪৩৭৩ (৫ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।