অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

বকুল ফুলৰ দৰে (গ্ৰন্থ)

বকুল ফুলৰ দৰে হৈছে ড॰ মৃণাল কলিতাৰ দ্বাৰা ৰচিত প্ৰথমখন উপন্যাস। ২০১৫ চনৰ নৱেম্বৰ মাহত বান্ধৱ প্ৰকাশনে এই উপন্যাসখন প্ৰকাশ কৰে। উপন্যাসখন ধাৰাবাহিকভাৱে প্ৰথমে কিশোৰ-কিশোৰীৰ বাবে উপযোগী মাহেকীয়া আলোচনী বাৰ ওঠৰত প্ৰকাশ পায়।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ১৩৭ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

বকুল ফুলৰ দৰে হৈছে ড॰ মৃণাল কলিতাৰ দ্বাৰা ৰচিত প্ৰথমখন উপন্যাস। ২০১৫ চনৰ নৱেম্বৰ মাহত বান্ধৱ প্ৰকাশনে এই উপন্যাসখন প্ৰকাশ কৰে।১ উপন্যাসখন ধাৰাবাহিকভাৱে প্ৰথমে কিশোৰ-কিশোৰীৰ বাবে উপযোগী মাহেকীয়া আলোচনী বাৰ ওঠৰত প্ৰকাশ পায়। উপন্যাসখন ৯২.৭ বিগ এফ এমৰ আজিৰ পৃষ্ঠা নামৰ অনুষ্ঠানটিৰ যোগেদি আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যোগেদিও প্ৰচাৰ কৰা হৈছে।২৩ ২০২১ চনৰ ডিচেম্বৰ মাহৰ ৩০ তাৰিখে এই গ্ৰন্থখনৰ বাবে মৃণাল কলিতাই সাহিত্য অকাডেমিৰ ‘শিশু সাহিত্য বঁটা’ লাভ কৰে।৪

লেখক পৰিচিতি

মূল প্ৰবন্ধ: মৃণাল কলিতাবকুল ফুলৰ দৰে উপন্যাসখনৰ ৰচক মৃণাল কলিতা অসমৰ এগৰাকী শিশু-সাহিত্যিক, গল্পকাৰ, ঔপন্যাসিক আৰু নিৱন্ধকাৰ।৫ তেওঁ গুৱাহাটীৰ পাণ্ডু মহাবিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক।

লেখকৰ অন্যান্য গ্ৰন্থ

  • অনুশীলন (গল্প সংকলন)
  • অযান্ত্ৰিক অনুশীলন (গল্প সংকলন)
  • গডফাদাৰৰ হাত আৰু চয়তানৰ মগজু (ৰচনা সংকলন)
  • গণিতৰ বৰ্ণিল জগত (জনপ্ৰিয় গণিতৰ পুথি)
  • ৰিব্‌ৰিব্‌, মুনমীহঁতৰ শেষ নোহোৱা কাহিনী (কাহিনী সংকলন)
  • অভিমন্যু (উপন্যাস)
  • কাঠ হোৱা চকুলোৰ গান (উপন্যাস সংকলন)
  • মৃত্যুৰ সিপাৰে (গল্প সমগ্ৰ)

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ বকুল ফুলৰ দৰে, লেখক-মৃণাল কলিতা, প্ৰকাশ, ২০১৭, পৰিমাৰ্জিত দ্বিতীয় প্ৰকাশ, বান্ধৱ প্ৰকাশন
  2. ↑ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নৱ বৰ্ষৰ উপহাৰ, এতিয়াৰে পৰা দৈনিক শ্ৰোতাই শুনিবলৈ পাব নাটক. অসমীয়া প্ৰতিদিন
  3. ↑ BOKUL FULOR DORE, All India Radio Guwahati. ইউটিউব
  4. ↑ ভালখবৰ! অনুৰাধা শৰ্মা পূজাৰীলৈ সাহিত্য অকাডেমী বঁটা. News18 Assam-NorthEast
  5. ↑ মৃণাল কলিতা. (২০১৯). অসমীয়া সাহিত্য চয়নিকা. অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ণ আৰু প্ৰকাশন নিগম লিমিটেড. পৃ. ৬৯-৭০

সম্পৰ্কিত শ্ৰেণী

সাহিত্য অকাডেমি শিশু সাহিত্য বঁটা বিজয়ীঅসমীয়া উপন্যাস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বকুল ফুলৰ দৰে (গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ৬৩৭৮৬৬ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।