পৰেশ বৰুৱা, পৰেশ অসম বা কামৰুজ জামান খান১ হৈছে এজন অসমীয়া বিদ্ৰোহী যোদ্ধা। তেওঁ ভাৰতীয় সংঘৰ পৰা অসমৰ বাবে স্বাধীনতা বিচৰা অলফাৰ সেনা প্ৰধান।২৩ তেওঁ ইউনাইটেড্ লিবাৰেচন ফ্ৰণ্ট অৱ আসাম – ইণ্ডিপেণ্ডেণ্ট (আলফা – আই)ৰ উপাধ্যক্ষ আৰু মুখ্য সেনাধ্যক্ষ।৪ তেওঁলোকৰ সংগঠনটো চীনৰ ইউনানত থাকি এম এছ এছৰ পৰা ধন আৰু পৃষ্ঠপোষকতা লাভ কৰে। তেওঁৰমতে হান চীনাসকল অসমীয়াৰ বন্ধু আৰু তেওঁলোকক স্বাধীন হোৱাত সহায় কৰিব বিচাৰে। বৰ্তমান তেওঁৰ প্ৰভাৱ বহু পৰিমাণে কমি গৈছে বুলি জনা গৈছে।৫
শেহতীয়াকৈ তেওঁ ম্যানমাৰ-চীন সীমান্তৰ ওচৰৰ চীনৰ নিৰাপদ আশ্ৰয়স্থলত থকাৰ তথ্য পোৱা যায়।৬৭
প্ৰাথমিক জীৱন আৰু পৰিয়াল
১৯৫৬ চনত অসমৰ বীৰপাৰা (কেম্পো)ৰ এটা মটক পৰিয়ালত পৰেশ বৰুৱাৰ জন্ম হৈছিল।
২০১০ চনৰ ডিচেম্বৰ মাহত ভাৰত-এছিয়ান নিউজ চাৰ্ভিচক ই-মেইল যোগে এক বাৰ্তা দি তেওঁ লিখিছিল যে- "তেওঁৰ পৰিয়ালৰ ওপৰত মানসিক চাপ প্ৰয়োগ কৰি তেওঁক আত্মসমৰ্পণৰ বাবে বাধ্য কৰাবলৈ" তেওঁৰ ডাঙৰ পুত্ৰ (১৯)ক বাংলাদেশত অপহৰণ কৰা হৈছে।৮ পিছলৈ তেওঁ কয় যে তেওঁৰ পুত্ৰক অপহৰণকাৰীয়ে যথেষ্ট প্ৰহাৰ কৰিছিল "পিতৃৰ অৱস্থান, আয়ৰ উৎস আৰু ব্যৱসায়ৰ বিষয়ে প্ৰকাশ কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল", অৱশ্যে এক কষ্টকৰ জেৰাৰ অন্তত তেওঁক যাবলৈ দিয়া হৈছিল।৯ সংগঠনটোৱে লগতে দাবী কৰে যে বৰুৱাৰ পুত্ৰই তেওঁৰ অপহৰণৰ বিষয়টো গোপনে ৰখাৰ ক্ষেত্ৰত আতংকিত হৈছিল।১০ ই-মেইলত বৰুৱাই লগতে লিখিছে:
"মোৰ ল'ৰাটো, মোৰ মানুহ আৰু যিটো কামৰ বাবে আমি সংগ্ৰাম কৰি আছো তাতকৈ গুৰুত্বপূৰ্ণ বা ডাঙৰ নহয়। মোৰ ল'ৰাটোক অপহৰণ কৰা বুলিয়েই মোক বা মোৰ পৰিয়ালটোক কোনেও দুৰ্বল কৰি তুলিব নোৱাৰে আৰু প্ৰয়োজনত আমি আমাৰ পুত্ৰক দেশৰ বাবে বলিদান দিবলৈ সাজু। কিন্তু কোনো মূল্যৰ বিনিময়ত মই আত্মপক্ষৰ পৰা বিচলিত নহওঁ।" ৮
তেওঁ এই কাণ্ডক ভাৰতীয় বিষয়াসকলৰ কৌশল বুলি অভিহিত কৰিছিল যদিও তেওঁলোকে এই অভিযোগ অস্বীকাৰ কৰে।১১
টাইমছ অৱ আছাম-এ দাবী কৰা মতে ভাৰতীয় চোৰাংচোৱা সংস্থাই হয়তো ছানলীক সূক্ষ্মভাৱে নিৰীক্ষণ কৰি বৰুৱাক সন্ধানৰ চেষ্টা কৰিছিল। কাকতখনে লগতে দাবী কৰে যে ২০১২ চনৰ আৰম্ভণিতে চোৰাংচোৱা সংস্থাসমূহে ছানলীৰ অসংখ্য ছবি সংগ্ৰহ কৰিছিল।১২ ভাৰতৰ কেন্দ্ৰীয় গৃহ সচিবৰ মতে বৰুৱাৰ পৰিয়ালে ভাৰতলৈ ঘূৰি অহাৰ আকাংক্ষা ৰখা নাই, তেওঁলোক কঠোৰ মনোভাৱৰ। বৰুৱাৰ এজন সহযোগীৰ ভাষ্য মতে আৰবিন্দ ৰাজখোৱাৰ দুজন সহায়কক পৰেশ বৰুৱা আৰু অনুপ চেতিয়াৰ পৰিয়ালক ভাৰতলৈ উভতি আহিবলৈ পতিয়ন নিয়োৱাৰ উদ্দেশ্যে বাংলাদেশলৈ পঠিওৱা হৈছিল।১২
ভাৰতত মাওবাদী আন্দোলন সম্পৰ্কে বৰুৱাৰ মতামত
বৰুৱাৰ নক্সালবাদীসকলৰ প্ৰতি সহানুভূতি আছে। এক সাক্ষাৎকাৰত তেওঁ কয় যে আলফা আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাওবাদী)ৰ মাজত "কৌশলগত বুজাবুজি" আছে।১৩ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা ই-মেইলত তেওঁ এই সম্পৰ্কত আন এক উদ্ধৃতি দি কয় যে:
"ভাৰতত মাওবাদৰ জন্ম হৈছে চৰকাৰে সাধাৰণ মানুহৰ ন্যূনতম প্ৰয়োজনীয়তা পূৰণ কৰাত ব্যৰ্থ হোৱাৰ বাবে। আমাৰ মতাদৰ্শ বেলেগ হ'ব পাৰে কিন্তু আমাৰ এক উমৈহতীয়া অভিযান হৈছে – বৰ্তমানৰ সামাজিক ব্যৱস্থাটোক ওফৰাই নতুন ব্যৱস্থাৰে সলনি কৰা। আমাৰ শত্ৰু সাধাৰণ আৰু এই হিচাপত মাওবাদীসকলৰ বাবে আমাৰ সম্পূৰ্ণ নৈতিক সমৰ্থন আছে।" ১৪
ভাৰতীয় ৰাজনীতিক কিষেনজীৰ মতে আলফাৰ "পথ" মাওবাদীৰ পৰা পৃথক। "বিশেষজ্ঞ"সকলৰ মতে মাওবাদী আৰু আলফাৰ মাজৰ সম্পৰ্ক "বিশুদ্ধ কৌশলগত পৰ্যায়তহে থাকিব।" ১৫
বিতৰ্ক
২০১৩ চনৰ এপ্ৰিল মাহত সংবাদ মাধ্যমে এক অভিযোগ আনিছিল যে ১০ এপ্ৰিলত বৰুৱাই ৰঙালী বিহু উদযাপনৰ সময়ত শিল্পীসকলক হিন্দী গীত পৰিৱেশনৰ বাবে চহী কৰা আৰু পৰিবেশনৰ পৰা বিৰত থাকিবলৈয় আক্ৰমণাত্মকভাৱে সকীয়াই দিছিল, আৰু তেওঁলোকৰ কথা অনুসৰণ নকৰাৰ বাবে জুবিন গাৰ্গক হত্যা কৰাৰ ভাবুকি দিছিল। তৰুণ গগৈয়েও আলফাৰ কথা নুশুনাৰ বাবে গাৰ্গৰ শলাগ লৈছিল। কিন্তু, অসমীয়া টেলিভিছন চেনেল এটাৰ সাক্ষাৎকাৰ লোৱাৰ সময়ত বৰুৱাই স্পষ্ট কৰি দিলে যে আলফাই "বিহু অনুষ্ঠানত সকলো শিল্পীকে হিন্দী গান নাগাবলৈ মাথোঁ আহ্বানহে জনাইছিল" আৰু তেওঁলোকৰ "আহ্বান"ক সতৰ্কবাণী হিচাপে ভুল ধাৰণা কৰা হৈছে। তেওঁ লগতে কয় যে সংগঠনটোৰ আবেদনক লৈ কৰা মন্তব্যৰ বাবে গাৰ্গে নিজৰ ভুল উপলব্ধি কৰা উচিত।১৬
তথ্যসূত্ৰ
- ↑ (15 July 2017). NIA files chargesheet against ULFA anti-talk faction officials
- ↑ 'Paresh Baruah in Kachin area of Myanmar'
- ↑ {{cite web | url=https://www.newindianexpress.com/nation/2009/dec/05/paresh-baruah-in-myanmar-110102.html | title='Paresh Baruah in Myanmar'' }}
- ↑ M Rama Rao. (23 January 2007). India: Tackling the ULFA Monster. Asian Tribune
- ↑ Sentinel, Asia. Beijing Said to Fund Separatist India Movement. www.asiasentinel.com
- ↑ (8 May 2019). ULFA-I chief Paresh Baruah faces his outfit crumbling: Intel. asianage.com
- ↑ MONITOR., WHOLE SKY. URL.
- ↑ (23 December 2010). Son kidnapped to force my surrender: ULFA chief. The New Indian Express. Indo-Asian News Service
- ↑ Sushanta Talukdar. (26 December 2010). ULFA claims clues to Barua son's kidnappers. দ্য হিন্দু
- ↑ Paresh Barua's son tortured before release: ULFA. Zee News
- ↑ Subir Bhaumik. (23 December 2010). India's Ulfa rebel leader: Son abducted in Bangladesh. BBC News
- ↑ (23 February 2012). Family of Paresh Baruah isn't interested to return. Times of Assam
- ↑ Rahul Pandita. (16 May 2013). Red Shadow over Assam. OPEN
- ↑ (10 May 2010). Paresh Baruah extends moral support to Maoists. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Mandal, Caesar. Green Hunt forces Red brigade into N-E territory. The Times of India
- ↑ (20 April 2013). Zubeen defies 'life threat' by Paresh Baruah. দ্য টাইম্ছ অৱ ইণ্ডিয়া
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পৰেশ বৰুৱা” প্ৰবন্ধৰ সংশোধন ৫১০২১২ (১৯ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।