বকুল কায়স্থ (জন্ম ১৪০০ শতাব্দী) কামৰূপৰ এগৰাকী গণিতজ্ঞ আছিল৷ তেওঁ প্ৰধানকৈ ১৪৩৪ চনতে ৰচনা কৰা গণিত বিষয়ক গ্ৰন্থ ’কিতাপত মঞ্জৰী’ আৰু ’লীলাৱতী’ৰ বাবে প্ৰসিদ্ধ৷১
অৱদান
বকুল কায়স্থই ৰচনা কৰা কিতাপত মঞ্জৰী গ্ৰন্থ পাটীগণিত (arithmetic), জৰীপ (surveying) আৰু হিচাপ-পত্ৰ ৰখা (bookkeeping) সম্পৰ্কে কাব্য গ্ৰন্থ৷ গ্ৰন্থখনত হিচাপ-নিকাচ পৰিপাটীকৈ কেনেদৰে ৰাখিব লাগে আৰু নিৰ্দিষ্ট খটত ৰাজকীয় পুঁজিৰ সা-সামগ্ৰীৰ শ্ৰেণী বিভাজন কেনেকৈ কৰা উচিত তাৰ বিশদ বিৱৰণ আছে৷ বকুল কায়স্থই সৃষ্টি কৰা নীতি-নিৰ্দেশনাকে ৰাজকীয় হিচাপ-নিকাচ ৰখাৰ ক্ষেত্ৰত অন্য কায়স্থ সম্প্ৰদায়ৰ বিষয়াসকলে অনুসৰণ কৰিছিল৷২
লগতে চাওক
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বকুল কায়স্থ” প্ৰবন্ধৰ সংশোধন ৩৪৪৮৭৬ (৮ ফেব্ৰুৱাৰী ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।