অসম
অসমৰ ইতিহাস, ভূগোল, সংস্কৃতি, ব্যক্তিত্ব আৰু প্ৰকৃতি বিষয়ক প্ৰবন্ধ। · ৫,২৭৯ প্ৰবন্ধ
-
শ্বেৰমান আলী আহমেদ
শ্বেৰমান আলী আহমেদ (ইংৰাজী: Sherman Ali Ahmed; জন্ম: ১ মাৰ্চ ১৯৬৭) হৈছে এজন ভাৰতীয় ৰাজনীতিবিদ তথা অসম বিধানসভাৰ এজন বৰ্তমানৰ সদস্য। তেওঁ ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত বৰপেটা জিলাৰ মন্দিয়া সমষ্টি পূৰ্বৰ বাঘবৰ বিধানসভা সমষ্টিৰ অংশৰ পৰা সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে বিধায়ক নিৰ্বাচিত…
-
শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব গুৰুদ্বাৰা
শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব গুৰুদ্বাৰা (Gurdwara Sri Guru Tegh Bahadur Sahib) অসমৰ ধুবুৰী জিলাৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত এখন শিখ সকলৰ গুৰুদ্বাৰা। শিখ সকলৰ প্ৰথম গুৰু, গুৰু নানক দেৱ ১৫০৫ খ্ৰীষ্টাব্দত ঢাকাৰ পৰা অসমলৈ আহোঁতে এই স্থানত তেওঁ শ্ৰীমন্ত শংকৰদেৱক লগ পাইছিল।
-
শ্ৰী সূৰ্য পাহাৰ
শ্ৰী সূৰ্য পাহাৰ (Sri Surya Pahar) গোৱালপাৰা নগৰৰ পৰা প্ৰায় ১২ কিলোমিটাৰ দক্ষিণ-পূব আৰু ইয়াৰ ওচৰতে বঙাইগাঁও জিলা। গুৱাহাটীৰ পৰা প্ৰায় ১৩২ কিলোমিটাৰ উত্তৰ-পশ্চিমত, ভাৰতৰ অসমৰ এখন উল্লেখযোগ্য স্থান।
-
শ্ৰী ৰঘুপতি
শ্ৰী ৰঘুপতি (Sri Raghupati) ২০২৩ চনত মুক্তি লাভ কৰা এখন অপৰাধভিত্তিক-একশ্যনধৰ্মী অসমীয়া চলচ্চিত্ৰ। মণিৰত্ন এণ্টাৰটেইনমেণ্টে নিবেদন কৰা এই চিনেমাখনৰ চিত্ৰনাট্য আৰু পৰিচালনা সুব্ৰত কাকতিৰ। ছবিখন শৈলেন শৰ্মাই প্ৰযোজনা কৰিছে। ছবিখনৰ মুখ্য চৰিত্ৰত ৰবি শৰ্মায়ে অভিনয় কৰিছে।
-
শ্ৰীমদ্ লীলানন্দ ঠাকুৰ আশ্ৰম
শ্ৰীমদ্ লীলানন্দ ঠাকুৰ আশ্ৰম (পাগলবাবা আশ্ৰম বা পাগলবাবা মন্দিৰ বুলিও কোৱা হয়) অসম ৰাজ্যৰ ধুবুৰী জিলাৰ সাপটগ্ৰাম চহৰৰ পাৰ্শ্বৱৰ্তী শান্তিপুৰ গাঁৱত অৱস্থিত এটা প্ৰসিদ্ধ হিন্দু ধৰ্মীয় স্থান। সাপটগ্ৰাম অঞ্চল এই আশ্ৰমৰ বাবে বিশেষভাৱে পৰিচিত।
-
শ্ৰীৰাম আতা
শ্ৰীৰাম আতা অসমৰ মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্মৰ সেৱক আৰু ভবানীপুৰীয়া গোপাল আতাৰ প্ৰধান শিষ্য। গোপাল আতাৰ উত্তৰাধিকাৰী হিচাপে তেওঁ কালঝাৰ সত্ৰৰ দ্বিতীয়জনা সত্ৰাধিকাৰ হৈছিল। তেওঁ কালঝাৰৰ লগতে ভবানীপুৰ,পোৰাভৰাঁল,জোৱাৰা আদি সত্ৰৰো দায়িত্ব বহন কৰিছিল।
-
শৰণীয়া কছাৰী
শৰণীয়া কছাৰী অসমৰ চীনা-তিব্বতীয় ভাষা পৰিয়ালৰ কছাৰী ঠালৰ এটা জনগোষ্ঠী। ১৮৮১ আৰু ১৮৯১ চনৰ লোকপিয়লত সুকীয়াকৈ জনজাতি শ্ৰেণীত বিভক্ত কৰা শৰণীয়াসকল নামনি অসমত শৰণীয়া কছাৰী বুলি পৰিচিত।
-
সংক্ষিপ্ত অসম বিশ্বকোষ
সংক্ষিপ্ত অসম বিশ্বকোষ(Hankhipto Asom Biswakosh) হৈছে শান্তনু কৌশিক বৰুৱাৰ পৰিকল্পনা, সংকলন আৰু সম্পাদনাত প্ৰকাশিত এখন অসমীয়া ভাষাত প্ৰকাশিত কেৱল অসম বিষয়ক তথ্যসমৃদ্ধ গ্ৰন্থ। গ্ৰন্থখন পাঁচটা খণ্ডত বিভক্ত। ২০২১ চনৰ আগষ্ট মাহত প্ৰথমটি খণ্ড প্ৰকাশ পায়।
-
সখিয়তী
সখিয়তী বা পাটমাদৈ(Black-hooded Oriole, বৈজ্ঞানিক নাম-Oriolus xanthornus) 'Oriole' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ চৰাইৰ প্ৰজাতি৷ ই বিষুৱীয় অঞ্চলৰ দক্ষিণ এছিয়াৰ ভাৰতৰ পৰা শ্ৰীলংকা, ইণ্ডোনেছিয়া পৰ্যন্ত স্থানীয়ভাৱে প্ৰজনন কৰে৷
-
সদৌ অসম কবি সন্মিলন
সদৌ অসম কবি সন্মিলন (All Assam Poets Association) অসম সাহিত্য সভাৰ পিছতে উত্তৰ-পূৰ্বাঞ্চলৰ এক বৃহৎ কাব্য সংগঠন। আধুনিক কাব্যধাৰাক গতিশীল কৰি ৰাখিবলৈ এখন মুকলি মঞ্চৰ প্ৰযোজন অনুভৱ কৰি নামৰূপৰ ‘সমলয় কবি চক্ৰ’ৰ উদ্যোগত জনতাৰ কবি ৰাম গগৈ প্ৰমুখ্যে বহুকেইজন বৰেণ্য কবিৰ যৌথ প্ৰচেষ্টাত ১৯৮৭ চনৰ ৬…
-
সমুদ্ৰ বৰ্মা
সমুদ্ৰ বৰ্মা (Samudra Varman) কামৰূপ ৰাজ্যৰ বৰ্মণ ৰাজবংশৰ দ্বিতীয়জন ৰজা আছিল। এওঁ বৰ্মণ ৰাজবংশৰ প্ৰতিষ্ঠাপক পুষ্য বৰ্মাৰ পুত্ৰ আছিল। এওঁ ৩৭৪ খ্ৰীষ্টাব্দৰ পৰা ৩৯৮ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। তেওঁৰ পিছত তেওঁৰ পুত্ৰ বল বৰ্মা উত্তৰাসুৰী হিচাপে ৰাজ সিংহাসনত বহিছিল। তেওঁ দত্তদেৱীক বিয়া কৰাইছিল।
-
সুধালতা দুৱৰা
সুধালতা দুৱৰা (জন্ম: ১৮৯৬ মৃত্যু: ১৯২৮) হ’ল প্ৰথম গৰাকী অসমীয়া মহিলা স্নাতক।।
-
সুবাসনা দত্ত
সুবাসনা দত্ত (Subasana Dutta) অসমৰ এগৰাকী কণ্ঠশিল্পী। মুনিন বৰুৱা পৰিচালিত ৰং নামৰ চলচ্চিত্ৰত জুবিন গাৰ্গৰ সহিত কণ্ঠদান কৰি তেওঁ সঙ্গীত জগতত প্ৰথম প্ৰবেশ কৰে। তেওঁ বিহু এলবাম আৰু অসমীয়া চলচ্চিত্ৰত কণ্ঠদান কৰিছে। অপ্সৰা আৰু পখিলা নামৰ গানৰ এলবামৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।
-
সুস্থিত বৰ্মা
সুস্থিত বৰ্মা (Susthita Varman) কামৰূপ ৰাজ্যৰ বৰ্মণ ৰাজবংশৰ একাদশতম ৰজা আছিল। তেওঁক শ্ৰী-মৃগাঙ্ক নামেৰেও জনা গৈছিল। এওঁ স্থিত বৰ্মা আৰু নয়নাদেৱীৰ পুত্ৰ আছিল। এওঁ ৫৯০ খ্ৰীষ্টাব্দৰ পৰা ৫৯৫ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। তেওঁৰ পিছত সুপ্ৰতিষ্ঠিত বৰ্মা উত্তৰাসুৰী হিচাপে ৰাজ সিংহাসনত বহিছিল।
-
সুৰজাপুৰী ভাষা
সুৰজাপুৰী এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি অসমীয়া-বাঙালী উপ-গোটৰ অন্তৰ্গত। এই ভাষা মুখ্যতঃ ভাৰতৰ পূব দিশে ব্যৱহাৰ কৰা হয়, উত্তৰ বংগ, পশ্চিমবংগ আৰু বিহাৰৰ পূব ভাগৰ বংগাঞ্চল বা পূৰ্ণিয়াত। তদুপৰি, নেপালৰ ঝাপা জিলা আৰু অসমৰ গোৱালপাৰা জিলাতো এই ভাষা কোৱা হয়।
-
সুৰেশ শৰ্মা
সুৰেশ শৰ্মা (Suresh Sharma) হৈছে অসমৰ এগৰাকী লেখক, সাহিত্যিক আৰু কবি।
-
সেউতী ফুল
সেউতী হৈছে গোলাপৰ এটা প্ৰজাতি। ইয়াক ইংৰাজীত মাস্ক ৰ’জ (musk rose), বুলি কয়। হিমালয়ৰ বনাঞ্চলত ইয়াৰ আদি প্ৰজাতি পোৱা গৈছিল বুলি অনুমান কৰা হয়। নেপালী ভাষাত ইয়াক কস্তুৰী গুলাব বুলি কোৱা হয়।
-
সোণ বাঢ়ৈটোকা
সোণ বাঢ়ৈটোকা (Black-rumped Flameback, বৈজ্ঞানিক নাম-Dinopium benghalense) ভাৰত উপমহাদেশত বহুলভাৱে বিস্তৃত হৈ থকা এবিধ বাঢ়ৈটোকা চৰাইৰ প্ৰজাতি৷ নগৰ অঞ্চলতো দেখা পোৱা বাঢ়ৈটোকাৰ প্ৰজাতিসমূহৰ ভিতৰত ই উল্লেখযোগ্য৷ ইয়াৰ প্ৰধান বৈশিষ্ট্যপূৰ্ণ বিশেষত্ব হৈছে 'rattling-whinnying' ধৰণৰ বিশেষ ধৰণৰ মাত আৰু…
-
সোণ বিল
সোণবিল( হ্ৰদ ) এছিয়া মহাদেশৰ দ্বিতীয় বৃহত্তম জলাহভূমি৷ এই হ্ৰদটো অসমৰ কৰিমগঞ্জ জিলাত অৱস্থিত আৰু ই ভাৰত তথা দক্ষিণ অসমৰ বৃহত্তম জলাভূমি৷ এই হ্ৰদটোৰ বিশেষত্ব হ’ল শীত কালত এটি সম্পূৰ্ণ কৃষি ভূমিলৈ পৰিণত হয় আৰু ইয়াত ধান খেতি (বৰো ধান) কৰা হয়৷ শীতকালৰ পিছত মাৰ্চ মাহৰ পৰা এই কৃষি ভূমিত লাহে লাহে…
-
সোণাৰি বিধানসভা সমষ্টি
সোণাৰি বিধানসভা সমষ্টি (ইংৰাজী: Sonari Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫১ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও চৰাইদেউ জিলাৰ অন্তৰ্গত এই সমষ্টিটো বাহাল ৰখা হয়।
-
সোণাৰি মহাবিদ্যালয়
সোনাৰি মহাবিদ্যালয় এখন সাধাৰণ ডিগ্ৰী মহাবিদ্যালয়। এই মহাবিদ্যালয়খন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সৈতে জড়িত। ১৯৭০ চনত স্থাপিত মহাবিদ্যালয়খন অসমৰ চৰাইদেউ জিলাৰ সোনাৰিত অৱস্থিত।
-
সোণেশ্বৰ বৰা
সোণেশ্বৰ বৰা (Soneswar Borah) অসমৰ এজন স্বাধীনতা সংগ্ৰামী,ৰাজনীতিবিদ আৰু সমাজকৰ্মী। তেওঁ গোলাঘাট বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল আৰু ১৯৭৮ চনত তেওঁ জনতা দলৰ পৰা বিধায়ক নিৰ্বাচিত হৈ অসমৰ কৃষি আৰু সমবায় বিভাগৰ মন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
সৌম্যদ্বীপ দত্ত
সৌম্যদ্বীপ দত্ত (Soumyadeep Datta) অসমৰ এগৰাকী প্ৰকৃতিবিদ, ভ্ৰমণ-কাহিনীৰ লেখক আৰু তেওঁ বৌদ্ধ-সংস্কৃতিৰ গৱেষকো। ১৯৬৭ চনত অসমৰ এক জমিদাৰী পৰিয়ালত তেওঁৰ জন্ম হয়।
-
স্বায়ত্ব শাসিত ৰাজ্য দাবী সমিতি
স্বায়ত্ব শাসিত ৰাজ্য দাবী সমিতি (ইংৰাজী:Autonomous State Demand Committee), (পূৰ্বতে Peoples Democratic Front) ভাৰতৰ অসম ৰাজ্যৰ কাৰ্বি আংলং জিলাক সুকীয়া ৰাজ্য হিচাপে প্ৰতিস্থা কৰাৰ দাবীৰে গঢ় লৈ উঠা কমিউনিষ্ট পাৰ্টী অৱ ইণ্ডিয়া(মাৰ্ক্সিষ্ট-লেনিনিষ্ট) লিবাৰেচন (Communist Party of India…
-
স্বৰ্গজ্যোতি বৰুৱা
স্বৰ্গজ্যোতি বৰুৱা (Swargajyoti Barooah), বিয়াৰ আগত স্বৰ্গজ্যোতি দত্ত, এগৰাকী অসমীয়া অভিনেত্ৰী। ১৯৩৫ চনত মুক্তিপ্ৰাপ্ত প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীত তেওঁ শিশুশিল্পী হিচাপে অভিনয় কৰিছিল।
-
সৰুপথাৰ
সৰুপথাৰ (Sarupathar) অসমৰ গোলাঘাট জিলাৰ অন্তৰ্ভুক্ত এখন নগৰ৷
-
হয়বৰগাঁও
হয়বৰগাঁও হৈছে অসমৰ নগাঁও জিলাৰ এখন জনবহুল অঞ্চল। সংস্কৃত ভাষাত 'হয়' মানে 'ঘোঁৰা' আৰু 'বৰ'ৰ অৰ্থ 'ডাঙৰ'। তাৰ নামেৰেই ঠাইখন পৰৱৰ্তী কালত হয়বৰগাঁও বুলি জনাজাত হ'ল। ব্ৰহ্মপুত্ৰ নদীৰ এখন উপনৈ কলং নদীৰ পাৰত চহৰখন অৱস্থিত। কলং নদীয়ে নগৰখনক দুটা অংশত বিভক্ত কৰিছে: নগাঁও আৰু হয়বৰগাঁও।
-
হলিচৰণ নাৰ্জাৰী
হলিচৰণ নাৰ্জাৰী (Halicharan Narzary; জন্ম: ১০ মে', ১৯৯৪) এজন অসমীয়া ফুটবল খেলুৱৈ। তেওঁ ভাৰতৰ ক্লাব ফুটবলৰ সৰ্বোচ্চ পেছাদাৰী প্ৰতিযোগিতা ইণ্ডিয়ান ছুপাৰ লীগত বেংগালুৰু এফ চিৰ হৈ ফৰৱাৰ্ড স্থানত খেলে।
-
হাঁচতি
হাঁচতি বা হাঁচটি এখন ক্ষুদ্ৰ বস্ত্ৰ৷ হাঁচতি অসমীয়া গীতিসাহিত্যৰ সমল আৰু লোক-সংস্কৃতিৰ অংগ স্বৰূপ। আগৰ দিনত তামোল-পাণ বান্ধি নিবলৈ হাঁচতি ব্যৱহাৰ কৰা হৈছিল৷ সোণোৱাল জনগোষ্ঠীৰ লোকে পছন্দ হোৱা ছোৱালী খোজা-বঢ়া কৰিবলৈ দৰাৰ মাক-বাপেক আৰু গাঁৱৰ বয়সীয়াল লোক এজনে ডেৰফুট দৈৰ্ঘ আৰু একফুট বহল…
-
হাতেলিখা আলোচনী
হাতেলিখা আলোচনী (Handwritten Magazine) হৈছে মানুহে হাতেৰে লিখি প্ৰকাশ কৰা আলোচনী। ইয়াত আলোচনীৰ বাবে সংগ্ৰহ কৰা বিষয়সমূহ হাতেৰে লিখাৰ লগতে ইয়াৰ বাবে প্ৰয়োজনীয় অলংকৰণৰ বাবে চিত্ৰ অংকন কৰা আৰু আলোচনীখন বন্ধোৱা আদি সকলো কাম হাতেৰে কৰা হয়। অসমীয়া আলোচনীৰ ইতিহাস আৰম্ভ হয়, ১৮৪৬ চনৰ পৰা।