সংক্ষিপ্ত অসম বিশ্বকোষ(Hankhipto Asom Biswakosh) হৈছে শান্তনু কৌশিক বৰুৱাৰ পৰিকল্পনা, সংকলন আৰু সম্পাদনাত প্ৰকাশিত এখন অসমীয়া ভাষাত প্ৰকাশিত কেৱল অসম বিষয়ক তথ্যসমৃদ্ধ গ্ৰন্থ। গ্ৰন্থখন পাঁচটা খণ্ডত বিভক্ত। ২০২১ চনৰ আগষ্ট মাহত প্ৰথমটি খণ্ড প্ৰকাশ পায়। অসমৰ অলেখ আপুৰুগীয়া খবৰ, ৰেকৰ্ড, পৰিসংখ্যাৰ সহিতে অসম বিষয়ক ভালেমান স্বল্পালোচিত আৰু অনালোচিত বিষয়ৰ অন্তৰ্ভুক্তি তথা শেহতীয়া তথ্যৰ সংযোজন সংক্ষিপ্ত অসম বিশ্বকোষৰ বৈশিষ্ট্য। ইয়াৰ পঞ্চম তথা অন্তিম খণ্ডত এখন বিস্তৃত নিৰ্ঘণ্ট থাকিব।১
বিৱৰণ
কিতাপখনৰ নাম সম্পৰ্কে লেখকে প্ৰথম খণ্ডৰ নিবেদন শীৰ্ষক কলমত এনেদৰে লিখিছে,"দৰাচলতে ইংৰাজী encyclopaedia বা encyclopedia শব্দৰ অসমীয়া প্ৰতিশব্দ বিশ্বকোষৰ 'বিশ্ব'ৰ অৰ্থ আক্ষৰিক নহয়, মূলতঃ ব্যঞ্জনামূলকহে। ইয়াৰ অৰ্থ সম্যকো আৰু/অথবা ব্যাপকো। কোনো নিৰ্দিষ্ট বিষয় বা প্ৰসংগৰ সম্ভাব্য সকলো দিশ সামৰি নতুবা সম্ভাব্য সকলো বিষয়ৰ এক সম্যক ধাৰণা সন্নিৱিষ্ট কৰি প্ৰস্তুত কৰা আকৰ গ্ৰন্থই বিশ্বকোষ। ...দ্বিতীয়তে, এই বিশ্বকোষ এক নিৰ্দিষ্ট বিষয়কেন্দ্ৰিক বিশ্বকোষ- অসম বিশ্বকোষ। ... এইটো কথাও সঁচা যে অসমকেন্দ্ৰিক সকলো কথা নাইবা বিষয় এই গ্ৰন্থই সামৰিব পৰা নাই। প্ৰৱিষ্টি নিৰ্বাচন আৰু বৰ্ণনা উভয় ক্ষেত্ৰতে ই সংক্ষিপ্ত। ... এই সকলো দিশ সচেতনভাৱে বিবেচনা কৰি ইয়াৰ নাম থোৱা হৈছে সংক্ষিপ্ত অসম বিশ্বকোষ।" ১
প্ৰথম খণ্ড
সংক্ষিপ্ত অসম বিশ্বকোষৰ প্ৰথমটি খণ্ডত অসমীয়া বৰ্ণমালাৰ ক্ৰম অনুসৰি প্ৰায় ১০০০ অসম বিষয়ক প্ৰৱিষ্টি আছে। ইয়াত অৰ পৰা আৰম্ভ হৈ খ্ৰীষ্ট ধৰ্মত শেষ হৈছে। সম্পৰ্ক থকা প্ৰৱিষ্টিসমূহ সহজে বিচাৰি পাবলৈ এখন নিৰ্দেশিকা লগতে চাওক শিৰোনামেৰে আছে। শতাধিক তালিকাৰ লগতে এই খণ্ডত ১০০০-ৰো অধিক আলোকচিত্ৰ, মানচিত্ৰ আৰু ৰেখাচিত্ৰ সন্নিৱিষ্ট কৰা হৈছে।১
সংকলকৰ চমু পৰিচয়
মূল প্ৰবন্ধ: শান্তনু কৌশিক বৰুৱা
তথ্যৰ বৈচিত্ৰ্যময় তথা গতিশীল জগতখনৰ লগত পঢ়ুৱৈক চিনাকি কৰোৱা অসমৰ লেখক, সাংবাদিক, তথ্যসম্ৰাট শান্তনু কৌশিক বৰুৱাৰ পৰিকল্পনাত সংকলিত হৈছে সংক্ষিপ্ত অসম বিশ্বকোষ। কিতাপখনৰ পৰিকল্পনা, প্ৰৱিষ্টি নিৰ্বাচন, সংকলন আৰু সম্পাদনা কৰিছে লেখকে নিজে, সহযোগী সম্পাদক হৈছে প্ৰীতিমা কৌশিক বৰুৱা, সহকাৰী সম্পাদক হৈছে ডাঃ গীতাৰ্থ বৰদলৈব আৰু অনামিকা বড়া। এই কিতাপখনত প্ৰকল্প সহযোগী হিচাপে আছে অভিজিত শৰ্মা বৰুৱা, ড° মৃদুস্মিতা ফুকন, শাংকব কৌশিক বৰুৱা, ড° জয়দীপ বৰুৱা, মনস্বিনী মহন্ত, ড° দেৱজিত বৰুৱা, ঈশান জ্যোতি বৰা আৰু অনিমেষ বৰা। প্ৰৱিষ্টি নিৰ্বাচনৰ সহকাৰী হিচাপে আছে, জ্যোতিৰূপম দত্ত, প্ৰাণজ্যোতি নাথ, নেত্ৰ কমল গোস্বামী, চাণক্য দাস, ভাস্কৰ ভূঞা, বিশ্বজিত বৈশ্য আৰু দীপশিখা দাস। কিতাপখনৰ প্ৰথম খণ্ডত মুঠ ৭৩জন সংকলন সহযোগী আছে।১
তথ্যসূত্ৰ
- ↑ শান্তনু কৌশিক বৰুৱা. (আগষ্ট,২০২১). সংক্ষিপ্ত অসম বিশ্বকোষ ১. সঞ্জীৱন প্ৰকাশন. ISBN 978 81 950015 4 5
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সংক্ষিপ্ত অসম বিশ্বকোষ” প্ৰবন্ধৰ সংশোধন ৩৩৩৯৫৬ (২৮ ছেপ্তেম্বৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।