অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

হাতেলিখা আলোচনী

হাতেলিখা আলোচনী (Handwritten Magazine) হৈছে মানুহে হাতেৰে লিখি প্ৰকাশ কৰা আলোচনী। ইয়াত আলোচনীৰ বাবে সংগ্ৰহ কৰা বিষয়সমূহ হাতেৰে লিখাৰ লগতে ইয়াৰ বাবে প্ৰয়োজনীয় অলংকৰণৰ বাবে চিত্ৰ অংকন কৰা আৰু আলোচনীখন বন্ধোৱা আদি সকলো কাম হাতেৰে কৰা হয়। অসমীয়া আলোচনীৰ ইতিহাস আৰম্ভ হয়, ১৮৪৬ চনৰ পৰা।

হালনাগাদ: ২ নৱেম্বৰ ২০২৫ ৩৯৫ শব্দ · ২ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

হাতেলিখা আলোচনী (Handwritten Magazine) হৈছে মানুহে হাতেৰে লিখি প্ৰকাশ কৰা আলোচনী। ইয়াত আলোচনীৰ বাবে সংগ্ৰহ কৰা বিষয়সমূহ হাতেৰে লিখাৰ লগতে ইয়াৰ বাবে প্ৰয়োজনীয় অলংকৰণৰ বাবে চিত্ৰ অংকন কৰা আৰু আলোচনীখন বন্ধোৱা আদি সকলো কাম হাতেৰে কৰা হয়। অসমীয়া আলোচনীৰ ইতিহাস আৰম্ভ হয়, ১৮৪৬ চনৰ পৰা। খৃষ্টধৰ্ম প্ৰচাৰ কৰিবলৈ আমেৰিকাৰ পৰা অহা ব্যপ্তিষ্ট মিছনেৰী চাহাবসকলৰ প্ৰচেষ্টাত প্ৰকাশিত "অৰুণোদই"য়ে অসমীয়া সংবাদপত্ৰ আলোচনীৰ ভেটি স্থাপন কৰে।১

প্ৰায়বোৰ সাহিত্যিকৰে ছাত্ৰাৱস্থাতে সাহিত্য চৰ্চাৰ উকমুকনি দেখা দিয়ে। তাৰ ফলশ্ৰুতিত বহুত শিক্ষানুষ্ঠানত হাতেলিখা আলোচনীৰ সৃষ্টি হয়। শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষয়ো এনে কামক সৃষ্টিশীল কৰ্ম হিচাপে বিবেচনা কৰি উৎসাহিত কৰা দেখা যায়। সাহিত্যিক, চিন্তাবিদ ড° হীৰেন গোহাঁইৰো সাহিত্যিক জীৱন আৰম্ভ হৈছিল কলেজিয়েট স্কুলৰ সপ্তম শ্ৰেণীৰ হাতেলিখা আলোচনীত৷২ সেউতী (আলোচনী) আছিল অসমীয়া ভাষাত যুগুত কৰা অসমৰ প্ৰথমখন হাতেলিখা আলোচনী৷৩ অসমৰ কটন কলেজৰ কেইগৰাকীমান শিক্ষাৰ্থীৰ উমৈহতীয়া প্ৰচেষ্টাত ১৯০৭ চনত এই হাতেলিখা আলোচনীখন পোনপ্ৰথমবাৰৰ বাবে মুকলি কৰা হৈছিল৷ 'সেউতী'ৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল সৰ্বেশ্বৰ বৰুৱা৷ আলোচনীখন প্ৰায় আঠবছৰ ধৰি প্ৰকাশ পাইছিল৷ তেনেদৰেই যোৰহাট চৰকাৰী হাইস্কুলৰ প্ৰধান শিক্ষক প্ৰফুল্ল চেটাৰ্জীৰ কাৰ্যকালত বিদ্যালয়ৰ আলোচনী “জেউতি’’১৯২৪ চনত হাতেলিখা অৱস্থাত প্ৰকাশ পাইছিল। জেউতিৰ বাহিৰেও ছাত্ৰসকলে নিজা নিজা শ্ৰেণীৰ পৰা একোখনকৈ আলোচনী হাতেলিখি উলিয়াইছিল। অষ্টম শ্ৰেণীৰ ’ক শাখা’ৰ পৰা “চেনেহী’’ নামৰ হাতেলিখা তিনিমহীয়া আলোচনী ওলাইছিল। এইখনৰ সম্পাদক আছিল অজিত শৰ্মা। কবি অমূল্য বৰুৱাৰ উদ্যোগত “কবিতা মালঞ্চ’’ নামৰ হাতেলিখা কবিতা পুথি প্ৰকাশ কৰিছিল। যোৰহাটৰ ৰ’দালি সভা সাহিত্য চৰ্চাৰ কেন্দ্ৰ আছিল। যোৰহাট চৰকাৰী হাইস্কুলৰ বিভিন্ন ক্লাছৰ দুই এক উদ্যোগী ছাত্ৰই “দৈনিক বাতৰি’’ কাকত হাতেলিখা অৱস্থাত চাৰিকপিকৈ উলিয়াইছিল।৪ নগাঁৱৰ কলিয়াবৰতো হাতেলিখা আলোচনীৰে সাহিত্য চৰ্চা কৰা হৈছিল। ১৯৪০ চনমানত যতীন্দ্ৰনাথ ভূঞা আৰু সহপাঠী কিছুমানৰ সহযোগত হাতেলিখা আলোচনী “মলয়া’’ প্ৰকাশ পায়। ইয়াৰ বাহিৰে কলিয়াবৰৰ পৰা প্ৰকাশিত হাতেলিখা আলোচনী অকণ, আভা, কুমলীয়া মন, পোহৰ আদি। ৫

কিছুমান শিক্ষানুষ্ঠানে আৰ্থিক অভাৱৰ বাবে প্ৰথমে হাতেলিখা আলোচনী উলিয়ায়। কটন কলেজৰ পৰা প্ৰকাশিত আৰু দণ্ডীনাথ কলিতা আৰু তাৰক চন্দ্ৰ গোস্বামী সম্পাদিত হাতেলিখা আলোচনী “সেউতী’’ ওলাইছিল। গোবিন্দ চন্দ্ৰ পৈৰা, হৰিপ্ৰসাদ ৰাই, আৰু ধনবাহাদুৰ সোণাৰে ক’হিমাত থাকোঁতে, ছাত্ৰাৱস্থাতে “কমলিনী’’, “সৰস্বতী’’ আৰু “পশুপতি’’ নামে তিনিখন হাতেলিখা আলোচনী উলিয়াই ছাত্ৰসকলৰ মাজত সাহিত্য চৰ্চাৰ পৰিৱেশ তৈয়াৰ কৰিছিল। নগাঁও প্ৰশিক্ষণ মহাবিদ্যালয়ৰ আলোচনী “অংকুৰ’’ হাতেলিখা অৱস্থাত প্ৰকাশ পাইছিল। ঢেকীয়াজুলি চৰকাৰী সাহায্যপ্ৰাপ্ত হাইস্কুলত ১৯৬৩ চনত একেলগে নখন হাতেলিখা আলোচনী উলিওৱা হৈছিল। যোৰহাটৰ পৰা “ভোগদৈ’’ নামৰ চাৰিপৃষ্ঠাৰ অসমীয়া হাতেলিখা বাতৰি কাকত অজিত কুমাৰ শৰ্মাই আৰু Hotnews নামৰ ইংৰাজী কাকত যতি নাৰায়ণ শৰ্মাই সম্পাদনা কৰি উলিয়াইছিল। যোৰহাট নৰ্মাল স্কুলৰ “ছাত্ৰ’’ নামে এখন হাতেলিখা আলোচনী আৰু হাউলী প্ৰশিক্ষণ বিদ্যালয়ৰো “ছাত্ৰ’’ নামেৰে এখন হাতেলিখা আলোচনী প্ৰকাশ পায়। সেইসময়ত কাশী বিশ্ববিদ্যালয়ত পঢ়িবলৈ যোৱা অসমৰ ছাত্ৰসকলৰ সংগঠন ’কাশী আসাম ছাত্ৰ সংঘ’ৰ দ্বাৰাও “জাহ্নৱী’’ নামৰ এখন হাতেলিখা আলোচনী প্ৰকাশ পাইছিল। ৬

তথ্যসূত্ৰ

  1. ↑ অসমীয়া সাহিত্যত দৃষ্টিপাত, ড° হেমন্ত কুমাৰ শৰ্মা, পৃ:নং;,৩৬৯, বীণা লাইব্ৰেৰী, ২০০৫
  2. ↑ বতাহত ক’ৰ গধূলি গোপাল, ড° হীৰেন গোহাঁই, পৃ: নং; ২৫১, বনলতা, প্ৰথম প্ৰকাশ: ২০০৫, তৃতীয় প্ৰকাশ: ২০১৭
  3. ↑ বৈশ্য, পৰেশ. (২০ ডিচেম্বৰ, ২০২১). অসমৰ হাতেলিখা আলোচনীৰ এক দীঘলীয়া ইতিহাস. দৈনিক অসম. পৃ. ৪
  4. ↑ কবি অমূল্য বৰুৱাৰ জীৱন আৰু সমকালীন সময়, গুণীন হাজৰিকা, পৃ:নং; ১৬, ৩৬, ৩৮, চিৰন্তন প্ৰকাশন, ২০২০
  5. ↑ কলিয়াবৰৰ সংবাদ সেৱা: অতীত আৰু বৰ্তমানৰ ৰূপৰেখা, তৰুণ মুক্তিয়াৰ, পৃ:নং; ২৩৯, মনপুৰ মৌচন্দা, অসম সাহিত্য সভাৰ কলিয়াবৰ অধিৱেশনৰ স্মাৰক গ্ৰন্থ
  6. ↑ অসমৰ সংবাদপত্ৰৰ সমীক্ষাত্মক অধ্যয়ন, প্ৰসন্ন কুমাৰ ফুকন, পৃ: নং; ২৫-২৬, প্ৰকাশক: অশ্বিনীকুমাৰ বৰঠাকুৰ, মধু প্ৰকাশ, ১৯৯৪

সম্পৰ্কিত শ্ৰেণী

আলোচনীসাহিত্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাতেলিখা আলোচনী” প্ৰবন্ধৰ সংশোধন ৫৪৬৭৬৭ (২ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।