অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

স্বায়ত্ব শাসিত ৰাজ্য দাবী সমিতি

স্বায়ত্ব শাসিত ৰাজ্য দাবী সমিতি (ইংৰাজী:Autonomous State Demand Committee), (পূৰ্বতে Peoples Democratic Front) ভাৰতৰ অসম ৰাজ্যৰ কাৰ্বি আংলং জিলাক সুকীয়া ৰাজ্য হিচাপে প্ৰতিস্থা কৰাৰ দাবীৰে গঢ় লৈ উঠা কমিউনিষ্ট পাৰ্টী অৱ ইণ্ডিয়া(মাৰ্ক্সিষ্ট-লেনিনিষ্ট) লিবাৰেচন (Communist Party of India…

হালনাগাদ: ৭ জুলাই ২০২৩ ১৪০ শব্দ · ১ মিনিট সংগৃহীত ৫৪
সংশোধনৰ পৰামৰ্শ

স্বায়ত্ব শাসিত ৰাজ্য দাবী সমিতি (ইংৰাজী ভাষা:Autonomous State Demand Committee), (পূৰ্বতে Peoples Democratic Front) ভাৰতৰ অসম ৰাজ্যৰ কাৰ্বি আংলং জিলাক সুকীয়া ৰাজ্য হিচাপে প্ৰতিস্থা কৰাৰ দাবীৰে গঢ় লৈ উঠা কমিউনিষ্ট পাৰ্টী অৱ ইণ্ডিয়া(মাৰ্ক্সিষ্ট-লেনিনিষ্ট) লিবাৰেচন (Communist Party of India (Marxist-Leninist) Liberation)ৰ এটা গণ সংগঠন আছিল। স্বায়ত্ব শাসিত ৰাজ্য দাবী সমিতি(চমুকৈ ASDC)ৰ অধীনত কেইবাটাও লোকসভা নিৰ্বাচন আৰু স্বায়ত্বশাসিত জিলা পৰিষদৰ নিৰ্বাচনত প্ৰাৰ্থীয়ে জয়লাভ কৰিছিল। ড° জয়ন্ত ৰংপি ১৯৯১, ১৯৯৬ আৰু ১৯৯৮ চনৰ লোকসভা নিৰ্বাচনত কাৰ্বি আংলঙৰ পৰা লোকসভালৈ ASDC ৰ পৰা নিৰ্বাচিত হৈছিল।

পিছত ASDC ত বিভাজন হৈ স্বায়ত্ব শাসিত ৰাজ্য দাবী সমিতিৰ এটা অংশ চিপিআই(এম-এল)ৰ পৰা আতঁৰি আহি ভাৰতীয় জনতা পাৰ্টীৰ সৈতে জোঁট বান্ধে। চিপিআই(এম-এল)ৰ প্ৰতি অনুগত আনটো গোটে নিজকে স্বায়ত্ব শাসিত ৰাজ্য দাবী সমিতি(প্ৰগতিশীল)(Autonomous State Demand Committee (Progressive)) হিচাপে পৰিচয় দিয়ে। ১৯৯৯ চনৰ পৰা স্বায়ত্ব শাসিত ৰাজ্য দাবী সমিতি(প্ৰগতিশীল)ৰ প্ৰাৰ্থীয়ে নিৰ্বাচনত কমিউনিষ্ট পাৰ্টী অৱ ইণ্ডিয়া(মাৰ্ক্সিষ্ট-লেনিনিষ্ট) লিবাৰেচনৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈ আহিছে।

সম্পৰ্কিত শ্ৰেণী

অসমৰ ৰাজনৈতিক দল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্বায়ত্ব শাসিত ৰাজ্য দাবী সমিতি” প্ৰবন্ধৰ সংশোধন ৩৭১১৬৬ (৭ জুলাই ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।